Logo
image

কলডিলে হৃদৰোগ, কেঞ্চাৰৰ আশংকা কমায়

কল সকলোৰে প্ৰিয়৷ বহুতে দৈনিক খাদ্য তালিকাত কল ৰাখে৷ বহুতে কল খায় যদিও কলডিল কিন্তু খাবলৈ টান পায়৷ কিন্তু জানি আচৰিত হ’ব যে কলতকৈ কলডিল স্বাস্থ্যৰ বাবে বেছি উপকাৰী৷ গ্ৰামাঞ্চলতো কলডিলৰ পাচলিৰ প্ৰচলন আটাইতকৈ বেছি৷ কলডিলত প্ৰচুৰ পৰিমাণে কাৰ্ব-হাইড্ৰেট, প্ৰ’টিন, ফেট্‌ছ, ফাইবাৰ, কেলছিয়াম, ফছফৰাচ, আইৰণ, ক’পাৰ, মেগনেছিয়াম আৰু ভিটামিন-ই থাকে৷ সেয়ে কলডিলে প্ৰাকৃতিক ঔষধৰ দৰে কাম কৰে৷

কলত যিবোৰ পুষ্টিকৰ উপাদান থাকে সেই সকলোবোৰেই কলডিলতো থাকে৷ কলডিলত শক্তিশালী এণ্টিঅক্সিডেণ্ট থাকে৷ তদুপৰি থাকে ভিটামিন-বি৬, ভিটামিন-চি আৰু আঁহযুক্ত উপাদান৷ সুস্বাস্থ্যৰ বাবে অতি প্ৰয়োজনীয় ভিটামিন-ই আৰু প্ৰ’টিনো পাব পৰা যায় কলডিলত৷ সেয়ে বিশেষজ্ঞসকলে কলডিলক প্ৰাকৃতিক ঔষধ বুলি বিবেচনা কৰে৷ উল্লেখ কৰা হ’ল কলডিলৰ উপকাৰিতা–

[ৰ] ইনফেকছন প্ৰতিৰোধ কৰে ঃ কলডিলত থকা উপাদানে জীৱাণুৰ সৈতে যুঁজ দিয়াৰ শক্তি বঢ়ায়৷ ই মেলেৰিয়াৰ বেক্টেৰিয়া ধবংস কৰে৷ কলডিলে দেহত কোনো ধৰণৰ পৰজীৱী জন্ম ল’বলৈ নিদিয়ে৷ ফলত শৰীৰ সুস্থ থাকে৷

[২] কৰ্কট ৰোগৰ আশংকা কমায় ঃ দেহত বিভিন্ন ৰোগৰ বাবে ফ্ৰি ৰেডিকেল্‌ছৰ সৃষ্টি হ’ব পাৰে৷ কলডিলৰ গোন্ধে এণ্টিঅক্সিডেণ্ট হিচাপে কাম কৰে৷ কৰ্কট ৰোগৰ দৰে মাৰাত্মক ব্যাধি দূৰত ৰখাত সহায় কৰে কলফুলে৷ বয়স হ’লে ছালত দেখা দিয়া বলিৰেখা আঁতৰোৱাত সহায় কৰে কলডিলে৷

[৩] মহিলাৰ বিভিন্ন সমস্যা আঁতৰায় ঃ কলডিলে ঋতুস্ৰাৱৰ সময়ত হোৱা বিষ কমায়৷ ৰক্তহীনতা আঁতৰ কৰাত সহায় কৰে কলডিলে৷ যিসকলৰ ৰক্তহীনতাৰ সমস্যা আছে তেওঁলোকে দৈনিক কলডিলৰ পাচলি খাব পাৰে৷ কলডিলে মাতৃ দুগ্ধ বঢ়ায়৷

[৪] মধুমেহ নিয়ন্ত্ৰণ কৰে ঃ মধুমেহ আৰু মহিলাসকলৰ এনিমিয়া প্ৰতিৰোধ কৰাত কলডিলৰ উপকাৰিতা অপৰিসীম৷ তেজত শৰ্কৰা কমোৱাৰ ক্ষেত্ৰতো কলডিলে কাম কৰে৷

[৫] উদ্বেগ আঁতৰায় ঃ এণ্টি ডিপ্ৰেছনৰ সমস্যা হ’লে অইন দৰৱ নাখাই কলডিল খাব পাৰে৷

[৬] পেটৰ সমস্যা দূৰ কৰে ঃ কোষ্ঠকাঠিন্য, পেটফুলা ভাব নিয়ন্ত্ৰণত ৰাখে কলডিলে৷

[৭] হৃদৰোগৰ আশংকা কমায় ঃ কলডিলত থকা এণ্টিঅক্সিডেণ্টে উন্মুক্ত ৰেডিকেল্‌ছৰ বিৰুদ্ধে কাম কৰে৷ ইয়াত থকা ফেনালিক এচিড আৰু অন্যান্য বায়’এক্টিভ্‌ উপাদানসমূহে তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে৷ ফলত হৃদৰোগৰ আশংকা কমে৷