Logo
image

শিক্ষানীতিত অনুমোদন দিছপুৰৰ

থৰহৰি কম্পমান শিক্ষাক্ষেত্ৰ

আমাৰ অসম, ১৫ডিচেম্বৰঃঅসম চৰকাৰে মঙলবাৰে ‘ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০’ অনুসৰি ব্যাপকভাৱে বিদ্যালয় শিক্ষাৰ গাঁথনিগত পৰিৱৰ্তনত অনুমোদন জনাইছে৷ কিন্তু ৰাষ্ট্ৰীয় শিক্ষানীতিত প্ৰকৃততে কি আছে ইয়াক লৈ এতিয়াও উদ্বিগ্ন, বিভ্ৰান্ত শিক্ষকসমাজ, শিক্ষানুৰাগী৷ উল্লেখ্য, যোৱা ২৪ নৱেম্বৰত অনুষ্ঠিত বঙাইগাঁও কেবিনেটত লোৱা সিদ্ধান্ত অনুসৰি ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে আজি ‘ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০’ অনুসৰি বিদ্যালয় শিক্ষা ১০+২ আৰ্হিৰ পৰিৱৰ্তে ৫+৩+৩+৪ কৰাত অনুমোদন জনাইছে৷ সেই অনুসৰি ৰাজ্যত  বিদ্যালয় শিক্ষা শিশুৰ তিনি বছৰ বয়সৰ পৰাই আৰম্ভ হ’ব৷ ইয়াক প্ৰিস্কুল বুলি কোৱা হ’ব৷ প্ৰিস্কুল, প্ৰথম আৰু দ্বিতীয়মান হ’ব স্কুলীয়া শিক্ষাৰ আৰম্ভণি পৰ্যায়৷ ইয়াক বুনিয়াদী শিক্ষা বুলি জনা যাব৷ তৃতীয়মানৰ পৰা পঞ্চমান পৰ্যন্ত প্ৰাথমিক শিক্ষাৰ অন্তৰ্ভুক্ত হ’ব৷ ইয়াক প্ৰস্তুতি বুলি কোৱা হ’ব৷ ষষ্ঠ, সপ্তম আৰু অষ্টম শ্ৰেণীত মধ্যমীয় শিক্ষা ব্যৱস্থাৰ অন্তৰ্ভুক্ত হ’ব৷ ইয়াক নতুনকৈ মাধ্যমিক নামেৰে জনা যাব৷ নৱম, দশম, একাদশ আৰু দ্বাদশ শ্ৰেণী মাধ্যমিক শিক্ষাৰ অন্তৰ্ভুক্ত হ’ব আৰু মাধ্যমিক শিক্ষাক ‘ডাইৰেক্টৰেট অব স্কুল এডুকেশ্বন’ নামেৰে জনা যাব৷ ইয়াক উচ্ছ মাধ্যমিক নামেৰে জনা যাব৷ এই ৫+৩+৩+৪ নতুন শিক্ষা ব্যৱস্থা পহিলা জানুৱাৰী ২০২২ চনৰ পৰাই প্ৰশাসনিক কাম-কাজৰ বাবে কাৰ্যকৰী হ’ব আৰু ২০২২-২৩ শৈক্ষিক বৰ্ষৰ পৰা ৰাজ্যত ৫+৩+৩+৪ স্তৰৰ বিদ্যালয় শিক্ষা বলৱৎ হ’ব৷ ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ প্ৰধান সচিব বি কল্যাণ চক্ৰৱৰ্তীয়ে মঙলবাৰে প্ৰকাশ কৰা জাননীত ৰাজ্যৰ অংগনৱাড়ী কেন্দ্ৰসমূহক প্ৰাথমিক বিদ্যালয়ৰ সৈতে সংলগ্ন কৰিবৰ বাবে বিভিন্ন দিশসমূহ চোৱাৰ বাবে শিক্ষা, স্বাস্থ্য আৰু সমাজকল্যাণ বিভাগক লৈ এখন কমিটী গঠন কৰাৰ কথাও কোৱা হৈছে৷ লক্ষণীয় যে যি সময়ত ৰাজ্য চৰকাৰে ততাতৈয়াকৈ ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ অনুসৰি বিদ্যালয় শিক্ষা ব্যৱস্থাৰ গাঁথনিগত পৰিৱৰ্তনৰ বাবে অনুমোদন জনাইছে, সেই সময়তে নতুন শিক্ষানীতিক লৈ থৰহৰি কম্পমান হৈছে শিক্ষাক্ষেত্ৰ৷ শিক্ষক, অভিভাৱক, শিক্ষানুৰাগী প্ৰায় সকলোৱেই এতিয়া উদ্বিগ্ন– কোন দিশেৰে গৈ আছে ৰাজ্যৰ শিক্ষা ব্যৱস্থা৷ উল্লেখ্য, নানা প্ৰতিবন্ধকতাৰ মাজতো ৰাজ্যৰ পুৰণি শিক্ষা ব্যৱস্থাত অধ্যয়ন কৰিয়েই দেশে-বিদেশে বহুসংখ্যক প্ৰতিভাধৰে জগতসভা উজ্বলাবলৈ সক্ষম হৈছে৷ পুৰণি শিক্ষা ব্যৱস্থাৰে শিক্ষিত-দীক্ষিত হৈ ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয়স্তৰত অনেক সফলতা কঢ়িয়াই আনিবলৈ সক্ষম হৈছে অসমৰ কৃতিমানে৷ কিন্তু নতুন শিক্ষানীতি সময় উত্তীৰ্ণ হ’বনে, ইয়াৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক ভৱিষ্যৎ সুৰক্ষিত হ’ব নে নহয়, ইয়াক লৈ চলি আছে অনেক বিতৰ্ক৷ ‘ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০’ৰ খচৰাতে সন্নিৱিষ্ট কেতবোৰ বিষয়ে উদ্বিগ্ন কৰি তুলিছে বহুতকে৷ এই শিক্ষানীতিৰ দ্বাৰা যিমান পাৰে শিক্ষাৰ বাণিজ্যিকীকৰণ কৰি চৰকাৰৰ ৰাজহ আদায় তথা খৰচৰ মাত্ৰা হ্ৰাস কৰাৰ লক্ষ্য বান্ধিছে নেকি মোদী চৰকাৰে– প্ৰশ্ন উঠিছে৷ ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০১ খচৰাৰ ৩৪নং পৃষ্ঠাত যি প্ৰতিষ্ঠানিক ৰিষ্ট˜াকছাৰ আৰু কনচলিডেশ্বনৰ কথা কোৱা হৈছে ইয়াক লৈ ৰাজ্যত এক প্ৰতিবাদমুখৰ পৰিৱেশ সৃষ্টি হৈছে৷ সামাজিক মাধ্যমত ‘ৰিজেক্ট নিউ এডুকেশ্বন পলিচী’ শীৰ্ষক ব্যাপক কেম্পেইন আৰম্ভ হৈছে৷ নতুন শিক্ষানীতিৰ ফলত ১৫ বছৰৰ ভিতৰত এফিলিয়েটেড কলেজ ব্যৱস্থা নাইকীয়া হ’ব বুলি ব্যাপক চৰ্চা চলিছে৷ ২০৩০ চনৰ ভিতৰত ৩০০০ ছাত্ৰ-ছাত্ৰী নথকা কলেজবোৰ বন্ধ কৰি বেলেগ কলেজৰ সৈতে একত্ৰীকৰণ কৰা হ’ব বুলিও চৰ্চা হৈছে৷ একেদৰে পঞ্চমমান শ্ৰেণীলৈকে শিশুক নিজ মাতৃভাষাত বাধ্যতামূলক শিক্ষাদানৰ ব্যৱস্থা কৰা, মেডিকেল, ইঞ্জিনিয়াৰিং কলেজৰ পাঠ্যক্ৰম অসমীয়া ভাষাতে পঢ়া আদি বিষয়ক লৈয়ো সৃষ্টি হৈছে এশ এবুৰি বিভ্ৰান্তি৷ ইয়াৰ মাজতে অৱশ্যে আজি ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে অভয়দান কৰি ঘোষণা কৰিছে যে ৩০০০ কম ছাত্ৰ-ছাত্ৰী থাকিলেও বন্ধ নহয় মহাবিদ্যালয়৷ নতুন শিক্ষানীতিৰ আধাৰত হ’ব সদ্যহতে বিদ্যালয়সমূহৰ একত্ৰীকৰণ৷ বন্ধ নহয় অংগনৱাড়ী কেন্দ্ৰ৷ ইফালে, ২০২২ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে আজি ছেবা কতৃৰ্পক্ষই প্ৰকাশ কৰিছে গাইডলাইন৷