Logo
image

ডিব্ৰুগড়ৰ এক লাখ টকীয়া চাহ

আমাৰ অসম,১৫ ডিচেম্বৰ ঃ ৰাজ্যৰ চাহ উদ্যোগলৈ আহিছে আন এক ভাল খবৰ৷ চাহ নিলাম কেন্দ্ৰত পুনৰ অভিলেখ গঢ়িলে ডিব্ৰুগড়ৰ মনোহাৰী চাহ বাগিচাই৷ এশ-দুশ নহয় প্ৰতিকেজিত ৯৯,৯৯৯ হাজাৰ টকাত চাহ বিক্ৰী কৰি বিশ্ব অভিলেখ গঢ়ি অসমৰ চাহ  উদ্যোগলৈ আশাৰ ৰেঙণি কঢ়িয়াই আনিলে মনোহাৰী চাহ বাগিচাই৷ পূৰ্বৰ তিনিটাকৈ নিজৰ অভিলেখ ভংগ কৰি চতুৰ্থবাৰলৈ মনোহাৰী চাহ বাগিচাই গ’ল্ড চাহ ৯৯, ৯৯৯ হাজাৰ টকাত বিক্ৰী কৰিলে নিলামত৷ আঁচৰিত যেন লাগিলেও স্বাভাৱিকতে সেয়াই নিৰ্ঘাত সত্য৷ উল্লেখ্য যে, চাহৰ নিলাম বজাৰত চাহৰ সৰ্বোচ্ছ নিলাম ৭৫ হাজাৰ টকাহে নিৰ্ধাৰণ কৰা আছে৷ আজি এই সৰ্বোচ্ছ পৰিমাণত নিলাম কৰিবলৈ সক্ষম হয় পূৰ্বে তিনিবাৰকৈ অভিলেখ গঢ়া ডিব্ৰুগড়ৰ মনোহাৰী চাহ বাগিচাই৷ ডিব্ৰুগড়ৰ এই মনোহাৰী চাহ বাগিচাই চাহ নিলামৰ ক্ষেত্ৰত পূৰ্বে বিগত ২০১৮চনত এক কেজি গ’ল্ড চাহত ৩৯,০০১টকাত নিলাম কৰি অভিলেখ গঢ়িছিল৷ পুনৰ ২০১৯ চনত নিজৰেই ৰেৰ্কড ভংগ কৰি এক কেজি গ’ল্ড চাহ নিলাম হৈছিল ৫০হাজাৰ টকাত৷ সেইদৰে ২০২০ চনত ৭৫ হাজাৰ টকাত নিলাম হৈছিল গ’ল্ড চাহ৷ মন কৰিবলগীয়া যে, পূৰ্বে নিলাম হোৱা মনোহাৰী চাহ বাগিচাৰ গ’ল্ড টি ক্ৰয় কৰিছিল গুৱাহাটীৰ সৌৰভ টি ট্ৰেডাৰ্ছে৷ সেই একেটা চাহকে এটা বছৰৰ পাছত সৌৰভ টি ট্ৰেডাৰ্ছে পুনৰ চাহ নিলাম কেন্দ্ৰৰ পৰা এই চাহ ক্ৰয় কৰাৰ কথা জানিবলৈ দিছে মনোহাৰী চাহ বাগিচাৰ স্বত্বাধিকাৰী ৰাজেন লোহিয়াই৷ তেওঁ লগতে জানিবলৈ দিয়া মতে, মনোহাৰী চাহ বাগিচাই চলিত বছৰত মাত্ৰ ২ কেজি গ’ল্ড টি তৈয়াৰ কৰিছিল৷ প্ৰতি বছৰে দহ কেজি গ’ল্ড চাহ উৎপাদনৰ লক্ষ্য গ্ৰহণ কৰি অহা চাহ বাগিচা কতৃৰ্পক্ষই এইবাৰ বতৰৰ বাবে কম পৰিমাণত চাহ উৎপাদনৰ কথা প্ৰকাশ কৰিছে৷ ইফালে বাগিচাখনৰ শ্ৰমিক-কৰ্মচাৰীসকলৰ আশুসুধীয়া প্ৰচেষ্টাৰ বাবে এনেদৰে চাহ নিলাম কেন্দ্ৰই বান্ধি দিয়া সৰ্বোচ্ছ দৰত বিক্ৰী কৰি অভিলেখ গঢ়িবলৈ সক্ষম হোৱা বুলি জানিবলৈ দিছে মনোহাৰী চাহ বাগিচা কতৃৰ্পক্ষই৷ উল্লেখ্য যে, গুণগত আৰু বিশেষ চাহৰ বাবে গুৱাহাটী চাহ নিলাম কেন্দ্ৰ পৃথিৱীৰ গুৰুত্বপূৰ্ণ নিলামকেন্দ্ৰত পৰিণত হোৱাৰ লগতে চাহ বিক্ৰেতাসকলক উচিত মূল্যত উৎপাদিত চাহ বিক্ৰী কৰাৰ সুবিধা প্ৰদান কৰি আহিছে৷