Logo
image

আজি অযোধ্যাত মুখ্যমন্ত্ৰীৰ পূজা

আমাৰ অসম, ১৫ ডিচেম্বৰ ঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাশী ভ্ৰমণত সকলো কাৰ্যসূচীতে সংগ প্ৰদান কৰাৰ পাছত প্ৰধানমন্ত্ৰীৰ পৰামৰ্শ অনুসৰিয়েই মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে অযোধ্যাৰ ৰামজন্মভূমিত থকা অস্থায়ী ৰাম মন্দিৰত ভগৱান শ্ৰীৰামচন্দ্ৰৰ প্ৰতি পূজা আগবঢ়াব৷ ইতিমধ্যে কাইলৈ পূজাদানৰ উদ্দেশ্যে আজি মঙলবাৰেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা গৈ উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্মৌত উপস্থিত হৈছে৷ কাইলৈ পুৱাৰভাগতে তেওঁ অযোধ্যালৈ যাব আৰু দিনৰ এঘাৰ বজাত হনুমানগঢ়ীত থকা ৰামলালাৰ মূৰ্তিত পূজা আগবঢ়াব৷ উল্লেখ্য, নৰেন্দ্ৰ মোদী চৰকাৰৰ নেতৃত্বত ৰামৰ জন্মভূমি অযোধ্যাত ৰামমন্দিৰ নিৰ্মাণৰ কাম চলি আছে৷ এতিয়াও নতুনকৈ নিৰ্মাণ কৰিবলৈ লোৱা ৰামমন্দিৰত পূজা-অৰ্চনা কৰিব পৰা হোৱাগৈ নাই৷ সেয়ে বিগত বহুবছৰৰ দৰে শ্ৰীৰামচন্দ্ৰৰ জন্মভূমি অযোধ্যাত ৰামলালাৰ মূৰ্তি স্থাপন কৰি ৰখা হনুমানগঢ়ীতে ৰামৰ পূজা-অৰ্চনা এতিয়াও অব্যাহত আছে৷ বুধবাৰে সেই মন্দিৰতে হিমন্ত বিশ্ব শৰ্মাই সপৰিয়ালে ৰামক উদ্দেশ্যি এভাগ পূজা আগবঢ়াব৷ অৱশ্যে কেৱল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নহয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত দুদিনত তেওঁৰ সমষ্টি বাৰাণসীত সংগদান কৰা দেশৰ এঘাৰখন বিজেপি শাসিত ৰাজ্যৰ প্ৰত্যেকগৰাকী মুখ্যমন্ত্ৰীকে অযোধ্যাত পূজাদান কৰিবলৈ পৰামৰ্শ দিছে৷ সেয়ে হিমন্ত বিশ্ব শৰ্মাৰ লগতে বুধবাৰে দেশৰ বিজেপি শাসিত ৰাজ্য ক্ৰমে হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, অৰুণাচল প্ৰদেশ, মধ্যপ্ৰদেশ, নাগালেণ্ড, মণিপুৰ, ত্ৰিপুৰা, গুজৰাট, হাৰিয়ানা আৰু গোৱাৰ মুখ্যমন্ত্ৰীয়ে অযোধ্যাত পূজা আগবঢ়াব৷ তেওঁলোকৰ উপৰি বিহাৰ আৰু অৰুণাচল প্ৰদেশৰ দুয়োজন উপ-মুখ্যমন্ত্ৰীয়েও অযোধ্যাত পূজা আগবঢ়োৱাৰ কথা৷ প্ৰধানমন্ত্ৰীৰ পৰামৰ্শ অনুসৰি ৰামজন্মভূমিত বুধবাৰে হ’বলগীয়া ৰামৰ এই পূজাৰ বাবে উত্তৰ প্ৰদেশ চৰকাৰে নিখুঁত আৰু সুৰক্ষিতভাৱে সকলো আয়োজন সম্পূৰ্ণ কৰি তুলিছে৷

ইপিনে দুদিনীয়াকৈ উত্তৰ প্ৰদেশ ভ্ৰমণ কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে দেশৰ বিজেপি শাসিত ৰাজ্যকেইখনৰ মুখ্যমন্ত্ৰীৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰে৷ সেই বৈঠকত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাও উপস্থিত আছিল৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিজেপি শাসিত ৰাজ্যকেইখনৰ মুখ্যমন্ত্ৰীসকলৰ পৰা ৰাজ্যৰ উন্নয়ন সন্দৰ্ভত তন্ন তন্নকৈ খবৰ লয় আৰু নিকট ভৱিষ্যতত তেওঁলোকৰ পৰিকল্পনাৰ বিষয়েও জানি লয়৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আয়োজন কৰা এই বৈঠক অতিশয় গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে৷ বিজেপি শাসিত ৰাজ্যকেইখনত দলে প্ৰতিশ্ৰুতি প্ৰদান কৰা অনুসৰি কাম-কাজ কেনেদৰে আগবাঢ়িছে আৰু ভৱিষ্যতৰ কামৰ ৰূপৰেখা কেনে হ’ব সেই সন্দৰ্ভত বৈঠকখনত বিস্তৃতভাৱে আলোচনা কৰা হয়৷ উল্লেখযোগ্য যে, সোমবাৰে পুৱা বাৰাণসী বা কাশীত উপস্থিত হোৱা প্ৰধানমন্ত্ৰীয়ে দুদিন ধৰি অতিশয় ব্যস্ত কাৰ্যসূচীত ভাগ লয়৷ কালি তেওঁ পুৱাই কালভৈৰৱ মন্দিৰত পূজা আগবঢ়োৱাৰ পাছত গংগাৰ ললিতাঘাটত বুৰ মাৰি পৱিত্ৰ গংগাত পূজাদান কৰে৷ তাৰ পাছতে কাশীৰ বিশ্বনাথ মন্দিৰলৈ গৈ কাশী-বিশ্বনাথ ক’ৰিডৰ মুকলি কৰে৷ ৩৩৯ কোটি টকা ব্যয়সাপেক্ষ এই ক’ৰিডৰ আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্ব›Ÿৰ প্ৰকল্প৷ ২০১৯ চনত নিজ হাতে আধাৰশিলা স্থাপন কৰা কাশী-বিশ্বনাথ ক’ৰিডৰৰ নিৰ্মাণ যথা সময়ত সম্পূৰ্ণ কৰি উত্তৰ প্ৰদেশৰ বহু চৰ্চিত বিধানসভা নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে নিজেই উদ্বোধন কৰাটো ৰাজ্যখনৰ প্ৰাক্‌-নিৰ্বাচনী পৰিৱেশত তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে৷ সোমবাৰৰ দিনটোত উপৰ্যুপৰি পাঁচটা কাৰ্যসূচীত ভাগ লোৱাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বামী বিবেকানন্দ নামৰ ক্ৰুজত উঠি স্বামী ৰবিদাস ঘাটলৈ গৈ বাৰাণসীৰ সন্ধিয়াৰ আৰতি বিলাসী নৌকাখনৰ পৰাই উপভোগ কৰে৷ সেই সময়ত এঘাৰ লাখ বন্তি প্ৰজ্বলনে গংগাৰ পৱিত্ৰ পানীত সাত্বিক আৰু মায়াবী পৰিৱেশৰ সৃষ্টি কৰিছিল৷ নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আচম্বিতে তেওঁৰ সমষ্টিত চলি থকা আৰু ইতিমধ্যে সম্পাদন হোৱা উন্নয়নমূলক কাম-কাজ পৰিদৰ্শন কৰিবলৈ ওলাই আহে৷ প্ৰধানমন্ত্ৰীৰ সেই আচম্বিত কাৰ্যসূচীত সংগদান কৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে৷ তাৎপৰ্যপূৰ্ণভাৱে এতিয়াৰ পৰা এশ বছৰ পূৰ্বে ১৯২১ চনৰ ডিচেম্বৰত পৰাধীন ভাৰতৰ কাশীলৈ আহিছিল ব্ৰিটেইনৰ ৰাজকুমাৰ প্ৰিন্স অব্‌ ৱেল্‌ছ৷ ৱেল্‌ছৰ ৰাজকুমাৰৰ কাশী ভ্ৰমণৰ এশ বছৰীয়া জয়ন্তী উদ্‌যাপনৰ সময়তে প্ৰধানমন্ত্ৰী মোদীৰো কাশী ভ্ৰমণ কাকতালীয়ভাৱে মিলি যোৱা বুলি চৰ্চা হৈছে৷