Logo
image

ভৰিৰ পেশী টানি ধৰিলে এইখিনি কৰক

শীতকালৰ নিশা কেতিয়াবা অকস্মাতে ভৰিৰ পেশী টানি ধৰিলে টোপনি ভাগি যায়৷ সাধাৰণ যেন লাগিলেও এইদৰে ভৰিৰ পেশী টানি ধৰা সমস্যাই যথেষ্ট কষ্ট দিয়ে৷ কেতিয়াবা বহুসময়লৈকে ইয়াৰ ফলত বিষ অনুভৱ কৰাৰ লগতে ভৰি লৰচৰ কৰিব নোৱাৰা হৈ পৰে৷ এনে সমস্যাৰ সৃষ্টি হ’লে কি কৰিব?

১/শীতকালত সাধাৰণতে পানী খোৱাৰ পৰিমাণ কমি যায়৷ শৰীৰত পানীৰ পৰিমাণ কমি যোৱাৰ ফলত  পেশী টানি ধৰাৰ দৰে সমস্যাৰ সৃষ্টি হaয়৷ 

২/ শৰীৰত কেলছিয়াম, মেগনিছিয়াম আৰু পটাছিয়ামৰ মাত্ৰা হ্ৰাস পালেও ভৰিৰ পেশী টানি ধৰাৰ দৰে সমস্যাৰ সৃষ্টি হয়৷ 

৩/ তাৎক্ষণিক উপশমৰ উপায় ঃ এইদৰে শীতকালত হঠাৎ পেশী টানি ধৰিলে যিখিনিত যন্ত্ৰণা অনুভৱ হয় তাত মাছাজ কৰাৰ প্ৰয়োজন৷ 

৪/ তদুপৰি শীতকালত শৰীৰ গৰম কৰাৰ ৰখাৰ বাবে চেষ্টা কৰাৰ উপৰি শোৱাৰ আগে আগে পাৰিলে গৰম পানীৰে ভৰি ধোৱাৰ অভ্যাস কৰিলে এই সমস্যাৰ পৰা মুক্ত হ’ব পাৰে৷

৫/ পুষ্টিকৰ খাদ্যৰ উপৰি বতৰৰ ফলমূল এই সময়ছোৱাত নিয়মীয়াকৈ খালে এনেধৰণৰ সমস্যাৰ পৰা মুক্ত হ’ব পাৰি৷ 

৫/ শীতকালত পৰাপক্ষত স্নান কৰোতে গৰমপানী ব্যৱহাৰ কৰিলে পেশীৰ যন্ত্ৰণাৰ লগতে বহু ব্যাধিৰ পৰা মুক্ত হ’ব পাৰি৷

৬/ পেশীৰ যন্ত্ৰণা কমাবৰ বাবে হিটিং পেড ব্যৱহাৰ কৰিব পাৰি৷ পেশী টানি ধৰিলে যন্ত্ৰণা অনুভৱ হোৱা ঠাইত  হিটিং পেড বা হট ৱাটাৰৰ বটলো ব্যৱহাৰ কৰিব পাৰি৷

৭/ পেশীৰ যন্ত্ৰণা হ্ৰাস কৰিবৰ বাবে বিশ্ৰাম লোৱাটো প্ৰয়োজন৷ 

৮/ পেশীৰ এনেধৰণৰ বিষ একেৰাহে কেইবাদিনো হৈ থাকিলে চিকিৎসকৰ পৰামৰ্শ লোৱাটো জৰুৰী৷