Logo
image

অনিমেষক কোনেও হত্যা কৰা নাই! আৰক্ষীয়ে পোৱা নাই সাক্ষী

আৱেগতে অসমীয়াৰ সকলো ‘বিপ্লৱ’ শেষ

আমাৰ অসম, ১৬ ডিচেম্বৰ ঃ দেৰগাঁৱৰ সুদৰ্শন ছাত্ৰ নেতা অনিমেষ ভূঞা কি দ্বিতীয়বাৰলৈ হত্যাৰ বলি হ’ল যোৰহাটবাসীৰ হাতত? অনিমেষ ভূঞাৰ নিৰ্দয় হত্যাৰ বিৰুদ্ধে উঠা যোৰহাটবাসীৰ দুদিনৰ আবেগ সাগৰৰ শক্তিহীন ঢৌৰ দৰে নিলগতে মাৰ গ’ল৷ কিয়নো দেশ কঁপোৱা সেই হত্যাকাণ্ডই এপষেক অতিক্ৰম কৰোঁ-নকৰোঁতে ভীৰুৰ দৰে হেৰাই গ’ল প্ৰকাশ্য দিবালোকত সংঘটিত হত্যাৰ ঘটনা ‘উপভোগ’ কৰা বহুজন প্ৰত্যক্ষদৰ্শী৷ ঘটনাৰ সময়ত নিষ্ঠুৰতাৰ আনন্দ লৈ খোজে খোজে আগবাঢ়ি ম’বাইলত ভিডিঅ’গ্ৰাফী কৰা ‘ছেডিষ্ট’সকলো হেৰাই গ’ল৷ এপলক ৰৈ কি হৈছেনো বুলি চাই ভীৰুৰ দৰে সেইদিনাই আঁতৰি পৰা পথচাৰী যোৰহাটবাসী ঘৰত লুকাই গ’ল৷ যেন যোৱা ২৯ নৱেম্বৰত যোৰহাট নগৰৰ মাজমজিয়াত এদল ৰক্তপিপাসুৰ প্ৰচণ্ড প্ৰহাৰত মৃত্যু হোৱা নাছিল দেৰগাঁৱৰ খকন্দগুৰিৰ ছাত্ৰ নেতা অনিমেষ ভূঞাৰ৷ কাপুৰুষালিৰ পৰিচয় দিয়া যোৰহাটবাসীৰ বাবে তেওঁলোকৰ সন্মুখত সেইদিনা নিকৰুণ মৃত্যুৰ সন্মুখীন হোৱা নাছিল অনিমেষ ভূঞা৷হয়, সেইদিনা অনিমেষ ভূঞাৰ যোৰহাট নগৰৰ মাজমজিয়াত মৃত্যু হোৱা নাছিল, নহয় সুদৰ্শন যুৱকজন আকৌ দ্বিতীয়বাৰলৈ যোৰহাটবাসীৰ হত্যাৰ বলি হ’ল৷ ইয়াৰ কাৰণ এটাই আৰু সেই কাৰণ অতি ‘ভাইটেল’ বা অভাৱনীয়ভাৱে গুৰুত্বপূৰ্ণ৷ কাৰণ– যোৰহাট নগৰত ২৯ নৱেম্বৰত প্ৰকাশ্য দিবালোকত গণপ্ৰহাৰত অনিমেষ ভূঞাই মৃত্যুবৰণ কৰা ঘটনাটোৰ এজনো সাক্ষী নাই৷ প্ৰত্যক্ষদৰ্শী হিচাপে সেই হত্যাকাণ্ড দেখা বুলি দাবী কৰি ওলাই অহা এজনো খামিডাঠ যোৰহাটবাসী নাই৷ ২৯ নৱেম্বৰৰ বিয়লিৰ পৰা ৩০ নৱেম্বৰ আৰু ৰ ডিচেম্বৰলৈকে যোৰহাট নগৰত অনিমেষৰ হত্যাৰ ন্যায় বিচাৰৰ দাবীত স্বতঃস্ফূৰ্তভাৱে যি জনতা ওলাই আহিছিল, সেই বিপ্লৱী যোৰহাটবাসী এতিয়া এজন এজনকৈ সকলো হেৰাল৷ দুদিনৰ বাবে হোৱা জনজাগৰণ ধানখেৰৰ জুইৰ দৰে এপষেকত দপকৈ নিৰ্বাপিত হ’ল৷ ফুচকৈ নুমাই থাকিল যোৰহাটবাসীৰ গণ আন্দোলন৷ সেই কাৰণতে এতিয়া তদন্তকাৰী যোৰহাট আৰক্ষীয়ে এজন জোৰদাৰ সাক্ষী বিচাৰি হাবাথুৰি খাইছে, যি গোপনে আহি হ’লেও আৰক্ষীক ক’ব পাৰে– হয়, মই সেই নিদাৰুণ ঘটনাটোৰ চাক্ষুস সাক্ষী৷ তেনে এজন, দুজন বা তিনিজন প্ৰত্যক্ষদৰ্শী সাক্ষীৰ অভাৱৰ বাবে গণপ্ৰহাৰত হত্যাৰ ঘটনাটোৰ শক্তিশালী চাৰ্জশ্বিট তৈয়াৰ কৰিবলৈ গৈ থমকি ৰৈছে তদন্তকাৰী যোৰহাট আৰক্ষী৷ কোৱা বাহুল্য মাথোঁ, তেনে দুই-তিনিজন সাক্ষীৰ অভাৱত অবলীলাক্ৰমে আইনৰ কৱলৰ পৰা ওলাই যাব এতিয়ালৈকে অভিযুক্ত হিচাপে গ্ৰেপ্তাৰ কৰি ৰখা সন্দেহযুক্ত ১৪ অপৰাধী৷ অনিমেষ ভূঞাৰ হত্যাৰ তদন্তৰ বাবে যোৰহাট আৰক্ষীক বান্ধি দিয়া হৈছে এমাহ সময়৷ 

অনিমেষৰ হত্যাৰ ‘ফাষ্টট্ৰেক’ বিচাৰ বিচাৰি দুদিন ধৰি আক্ষৰিক অৰ্থতে জনজাগৰণৰ সৃষ্টি কৰিছিল যোৰহাটৰ বাসিন্দাই৷ ফেচবুক বিপ্লৱীৰ কথাই নাই৷ সম্ভৱতঃ মাৰ্ক জুকেৰবাৰ্গৰ ফেচবুকৰ মুখ্য কাৰ্যালয়লৈকে জোকাৰণি তুলিছিল হত্যাৰ বিচাৰ, দ্ৰুত বিচাৰ দাবী কৰা অসমৰ, যোৰহাটৰ ফেচবুকৰ বিপ্লৱীয়ে৷ এতিয়া ফেচবুক বিপ্লৱীয়ে নিতাল মাৰিলে, যোৰহাটত জনজাগৰণ তোলা নগৰৰ নাগৰিকেও বিদ্ৰোহ এৰি পলাই পত্ৰং দিলে৷ কিয়নো যোৰহাট আৰক্ষীৰ বাৰম্বাৰ আহ৩ান আওকান কৰি ঘটনাটোৰ সাক্ষী হিচাপে আগবাঢ়ি অহাৰ পৰা বিৰত আছে সেই সময়ত ঘটনাস্থলীত উপস্থিত থকা ভীৰু যোৰহাটৰ বাসিন্দা৷

এই ঘটনাৰ তদন্তকাৰী এজন বিষয়াই যথেষ্ট বিৰক্তিৰে জনালে তদন্তৰ এই স্থিতি৷ তেওঁৰ বক্তব্যত স্পষ্ট নিৰাশা আৰু খং৷ আৰক্ষী বিষয়াজনে ক’লে– ঘটনাৰ সময়ত অনেক লোক উপস্থিত আছিল৷ তাৰ বহুতেই সেই অঞ্চলৰ স্থায়ী লোক, অৰ্থাৎ দোকানৰ স্বত্বাধিকাৰী, কৰ্মচাৰী৷ আন বহুতেই সেই স্থানত বজাৰ কৰিবলৈ আহিছিল৷ সেই সময়ত সেই স্থানেৰে পাৰ হৈ যোৱা বহুতেই ঘটনাটো ৰৈ ৰৈ চাইছিল৷ বৃহৎ এটা অংশই ম’বাইলত ভিডিঅ’গ্ৰাফী কৰিছিল৷ আনকি ঘৰৰ ওপৰৰ পৰাও ভিডিঅ’ কৰিছিল৷ আমি বিচাৰিছোঁ, তাৰে ২-৩জন লোক আগবাঢ়ি আহক আৰু স্পষ্টভাৱে কওক যে ঘটনাটো তেওঁ স্বচক্ষে দেখিছিল৷ তেনে ২-৩জন সাক্ষীৰ অভাৱে সম্পূৰ্ণ ঘটনাটোৰ ‘চাৰ্জ’ ‘ফ্ৰেম’ কৰোঁতে দুৰ্বল কৰি পেলাব পাৰে সম্পূৰ্ণ চাৰ্জশ্বিট৷ তাৰ ফলাফল হ’ব অপৰাধীৰ ৰেহাই কিম্বা লঘূ দণ্ড৷ আমি অঞ্চলটোৰ অনেককে থানালৈ মাতি আনিছোঁ৷ তেওঁলোকৰ বক্তব্য তেনেই গুৰুত্বহীন৷ কোনোৱে কৈছে, ঘটনাৰ সময়ত তেওঁলোক গ্ৰাহকৰ সৈতে ব্যস্ত আছিল৷ কোনোৱে কৈছে, তেওঁ সেই সময়ত ভাত খাবলৈ ঘৰলৈ গৈছিল৷ তেনে বক্তব্যই আমাক তদন্তত সহায় কৰা নাই৷ অথচ আমি জানো, তেওঁলোকে ঘটনাটো ভালদৰেই দেখি আছিল৷ সেই অঞ্চলৰ স্থায়ী নোহোৱা কিন্তু প্ৰত্যক্ষদৰ্শী কাৰো সঁহাৰি নাই৷ অথচ তেওঁলোকে মৰ্মান্তিক ঘটনাটোৰ বাবে আমাক কাঠগড়াত তুলিছিল৷ কিন্তু আমি তৎপৰতাৰে অভিযুক্তক গ্ৰেপ্তাৰ কৰিলোঁ৷ পিছে অভিযুক্তক দোষী সাব্যস্ত কৰিবলৈ আমাক শক্তিশালী সাক্ষীৰ প্ৰয়োজন, যাৰ অভাৱে সম্পূৰ্ণ গোচৰটোক দুৰ্বল কৰি পেলাব পাৰে৷ আমাৰ হাতত ঘটনাটোৰ বহু ভিডিঅ’ আছে৷ কিন্তু সেয়াই প্ৰমাণ হিচাপে যথেষ্ট নহয়৷ কিছুমান ভিডিঅ’ৰ ৰিজলিউশ্বন কম, ফলত ডাঙৰ কৰি চাবলৈ ল’লে ‘ব্লাৰ’ হৈ যায়৷ আমি সাক্ষীৰ নাম, পৰিচয় গোপন কৰি ৰাখিম৷ তেওঁক কেৱল এজন তদন্তকাৰী বিষয়া আৰু বিচাৰকেহে দেখিব৷ সেই দায়িত্ব লৈ কেইজনমান সাক্ষী ওলাই নাহিলে সকলোৱে বিচৰা দৃষ্টান্তমূলক শাস্তিৰ পৰা হত্যাকাৰী সাৰি যাব৷অসমৰ বাসিন্দাক আবেগিক বুলি কোৱা হয়৷ সেয়ে হেনো একো নজনাকৈয়ে অসমীয়া যিকোনো আন্দোলনত জঁপিয়াই পৰে৷ কোৱা হয়, যোৰহাটবাসী ততোধিক আবেগিক৷ কিন্তু অনিমেষৰ হত্যাকাণ্ডই সকলোকে দেখুৱাই দিলে যোৰহাটবাসী নিৰ্দয়, নিৰ্মমো৷ এতিয়া সেই বদনাম আঁতৰোৱাৰ বাবে যোৰহাটবাসীৰ হাতত আছিল ডাঙৰ সুযোগ৷ কিন্তু তেওঁলোকে সেই সুযোগো হেৰুৱাই এতিয়া নিজকে ভীৰু হিচাপে প্ৰমাণ কৰিবলৈ আগবাঢ়িছে আৰু তাৰ ফলতে দ্বিতীয়বাৰলৈ হত্যাৰ বলি হৈছে অনিমেষ ভূঞা৷ নে সেইদিনা অনিমেষৰ হত্যা হোৱাই নাছিল? তাকেই প্ৰমাণ কৰিব খুজিছে যোৰহাটৰ বাসিন্দাই?