Logo
image

কাছাৰত ‘নিউটন’ ক’লৈ গ’ল? চীন সীমান্ততো নাই কিয়

 জি পি সিঙক কটাক্ষ কংগ্ৰেছৰ

আমাৰ অসম, ১৬ডিচেম্বৰঃ ৰাজ্যৰ ৰাজনীতিত চলিছে এতিয়া কাৰ্যতঃ নিউটনৰ গতিৰ তৃতীয় সূত্ৰ৷ নিউটনৰ গতিৰ তৃতীয় সূত্ৰই তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰিছে ৰাজ্যৰ ৰাজনীতি৷ অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালকপ্ৰধান জি পি সিঙে অসমৰ মাটিত এতিয়াৰে পৰা ‘নিউটনৰ গতিৰ তৃতীয় সূত্ৰ’ বলৱৎ কৰা হ’ব বুলি কৰা মন্তব্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয়– অসমীয়া জাতিক উপলুঙা কৰি এজন প্ৰশাসনিক বিষয়াই কয় যে অসমত এতিয়া নিউটনৰ গতিৰ তৃতীয় সূত্ৰ বলৱৎ হ’ব৷ নিউটনৰ কাছাৰত ‘নিউটন’ ক’লৈ গ’ল?গতিৰ তৃতীয় সূত্ৰটো হৈছে প্ৰত্যেক ক্ৰিয়াৰে সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে৷ অৰ্থাৎ যদি আপুনি বেৰ এখনত ঘোচা মাৰি দিয়ে আপুনি দুখ পাব, বেৰখনেও দুখ পাব৷ কিন্তু কাছাৰত মিজোৰাম সীমান্তত যেতিয়া অসম আৰক্ষীৰ ছজন জোৱানে বুকুত গুলী পাতি লৈ শ্বহীদ হ’ল তেতিয়া ‘নিউটন’ ক’লৈ গ’ল? যেতিয়া মেঘালয়-নাগালেণ্ডৰ সীমান্তৰ পৰা যেতিয়া আমাৰ মানুহখিনি পিছুৱাই আহিবলগীয়া হ’ল, চীনা সীমান্তত আমাৰ সামৰিক বাহিনীয়ে ঠেলা-হেঁচা কৰিবলগীয়া হ’ল তেতিয়া ক’লৈ গৈছিল ‘নিউটনৰ গতিৰ তৃতীয় সূত্ৰ’? তেতিয়া আমি দেখা নাছিলোঁ নিউটনৰ গতিৰ তৃতীয় সূত্ৰ৷ উল্লেখ্য, গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অসম প্ৰদেশ কংগ্ৰেছৰ উদ্যোগত তিনিদিনীয়া বিশেষ প্ৰশিক্ষণ শিৱিৰৰ আজি পুৱা পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই৷ ৰাজ্যখনৰ প্ৰায় সাত শতাধিক কংগ্ৰেছ নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰা ‘আকৌ নতুন প্ৰভাত হ’ব’ শীৰ্ষক এই প্ৰশিক্ষণ শিৱিৰৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা অসমৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং৷ পুৱা দলীয় পতাকা উত্তোলন কৰি সভাপতি ভূপেন কুমাৰ বৰাই ৰাজ্যখনৰ বিভিন্ন জিলাৰ লগতে কংগ্ৰেছ পৰিয়ালৰ সমূহ প্ৰতিনিধিক শিৱিৰলৈ আদৰণি জনায় আৰু ঐক্যবদ্ধ হৈ অনাগত দিনত পুনৰ দলৰ ভেটি অধিক শক্তিশালী কৰিবলৈ দলীয় নেতা-কৰ্মীসকলৰ প্ৰতি আহ৩ান জনায়৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ পৌৰোহিত্যত অনুষ্ঠিত উদ্বোধনী সভাত মুখ্য অতিথি হিচাপে বক্তব্য দাঙি ধৰি নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা অসমৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙে কয় কংগ্ৰেছৰ সমুখত আজি যি প্ৰত্যাহ৩ান আহি পৰিছে তাক আমি সাহসেৰে মোকাবিলা কৰিব লাগিব আৰু তৃণমূল পৰ্যায়ৰ পৰা দলটোক অধিক শক্তিশালী কৰিব লাগিব৷ অসমৰ বিগত নিৰ্বাচনত কংগ্ৰেছ পৰাজিত হৈছে যদিও প্ৰতিগৰাকী প্ৰাৰ্থীয়ে ভাল ফল দেখুৱাবলৈ সক্ষম হৈছিল৷ ‘আমি হাৰিও জিকিছোঁ’৷ সেই নিৰ্বাচনত যি পটভূমি তৈয়াৰ হ’ল তাক মূলধন হিচাপে লৈ আগন্তুক দিনবোৰত কংগ্ৰেছ আগবাঢ়ি যাব লাগিব৷ ‘জয় আমাৰ অৱশ্যম্ভাৱী৷’ ইয়াৰ আগেয়ে উদ্বোধনী সভাত আদৰণি বক্তব্য দাঙি ধৰি সভাপতি ভূপেন কুমাৰ বৰাই কয়– ‘মই বা দলৰ যিকোনো বিষয়ববীয়াই সংবাদ মাধ্যমৰ আগত কথা কওঁতে দলৰ নীতি আদৰ্শৰ উৰ্ধত কথা কোৱা উচিত নহয়৷’ বিষয়ববীয়াই নিজা বক্তব্য বুলি কৈ কোনো বিতৰ্কিত মন্তব্য আগবঢ়াব নোৱাৰিব৷ কংগ্ৰেছ দলে ‘কা’ৰ বিৰোধিতা কৰি হোৱা আন্দোলনক সমৰ্থন কৰিছিল আৰু ভৱিষ্যতেও ‘কা’ আইনখনৰ বিৰোধ কৰি যাব৷ অসমৰ বি জে পি নেতৃত্বাধীন চৰকাৰখনৰ অপশাসনৰ তীব্ৰ সমালোচনা কৰি কয় যে মৃত্যুদণ্ড আদালতৰ বিচাৰকেহে দিব পাৰে, কিন্তু অসমৰ মুখ্যমন্ত্ৰীজনে আজি মৃত্যদণ্ড দিবলৈ আৰম্ভ কৰিছে৷ তেওঁৰ এই অনাধিকাৰ আৰু অসাংবিধানিক কাৰ্যক আমি মিলিজুলি প্ৰতিহত কৰিবই লাগিব৷ ৰাজ্যখনৰ ভয়াভহ নিবনুৱা সমস্য সমাধান কৰাত অসম চৰকাৰখন সম্পূৰ্ণ বিফল হৈছে ৷ বিজেপি চৰকাৰৰ মিথ্যাচাৰৰ স্বৰূপ উদঙাই দিয়ে৷ বিৰোধী দলপতি তথা কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই বিজেপি চৰকাৰক কঠোৰ সমালোচনা কৰে আৰু কংগ্ৰেছ দলৰ গৌৰৱোজ্জ্বল ইতিহাস দাঙি ধৰে৷ সভাত বক্তব্য দাঙি ধৰি অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি পৱনসিং ঘাটোৱাৰে কয়– ২০২৬ চনত অসমত আকৌ নতুন প্ৰভাত হ’ব৷ নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদক তথা অসমৰ তত্ত্বাৱধায়ক পৃথ্বিৰাজ সাথেই কয়– কংগ্ৰেছৰ আদৰ্শৰ মৃত্যু নহয়৷ গতিকে কংগ্ৰেছ দলৰ উত্থান আকৌ হ’বই৷ উদ্বোধনী সভাখনত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকী বিধায়িনী দলৰ উপ-দলপতি ৰকিবুল হুছেইন, কাৰ্যকৰী সভাপতিত্ৰয় ৰাণা গোস্বামী, কমলাক্ষ দে’ পুৰকায়স্থ আৰু জাকিৰ হুছেইন শিকদাৰ, যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্ত, এন এছ ইউ আইৰ সভাপতি কৃশাণু বৰুৱা প্ৰমুখ্যে কংগ্ৰেছৰ বিভিন্ন পৰ্যায়ৰ নেতাই সভাত বক্তব্য দাঙি ধৰে৷ দুপৰীয়া আহাৰ বিৰতিৰ পিছত প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ হয়৷ আজি তিনিটা অধিৱেশনত প্ৰশিক্ষণ সম্পন্ন কৰা হয়৷ প্ৰথম অধিৱেশনত সমল ব্যক্তি আছিল নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ প্ৰশিক্ষণ বিভাগৰ প্ৰতিষ্ঠাপক সভাপতি তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা ডি পি ৰয়, দ্বিতীয় অধিৱেশনত সমল ব্যক্তি আছিল নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ প্ৰশিক্ষণ বিভাগৰ সমন্বয়ক সুমন লস্কৰ আৰু তৃতীয় অধিৱেশনত প্ৰশিক্ষণ বিভাগৰ তত্ত্বাৱধায়ক শচীন ৰাও৷ এই প্ৰশিক্ষণ অহা ১৭ ডিচেম্বৰত সামৰণী পৰিব৷