Logo
image

অসম ক্ৰিকেটৰ দুৰ্নীতিৰ স্ক’ৰব’ৰ্ডত ৫০ কোটি টকা

আমাৰ অসম, ১৬ ডিচেম্বৰঃ সীমাহীন দুৰ্নীতি আৰু অনিয়মৰ অভিযোগৰ বাবে অসম ক্ৰিকেট সন্থাৰ [এ চি এ] সম্পাদকৰ পদ হেৰুৱাবলগীয়া হৈছিল বিকাশ বৰুৱাই৷ শেহতীয়াকৈ একেই অভিযোগত বিপদত পৰাৰ আশংকা দেখা গৈছে আন এজন প্ৰাক্তন সম্পাদক৷ এ চি এৰ বৰ্তমানৰ কমিটীখনে ২০১৯ চনৰ ১২ ডিচেম্বৰত কাৰ্যভাৰ লোৱাৰ পূবে প্ৰায় আঢ়ৈ বছৰ সন্থাৰ সম্পাদকৰ দায়িত্বত আছিল প্ৰদীপ বুঢ়াগোহাঁই৷ এইজন প্ৰাক্তন সম্পাদকৰ বিৰুদ্ধে প্ৰায় ৫০ কোটি টকাৰ বিত্তীয় খেলিমেলিৰ অভিযোগত সন্থাৰ বৰ্তমানৰ কমিটীখনে দাখিল কৰা এজাহাৰৰ ভিত্তিত ফটাশিল থানাই এক গোচৰ ৰুজু কৰিছে৷ জানিব পৰা মতে, বুঢ়াগোহাঁইৰ বিৰুদ্ধে কেইবাটাও জামিনবিহীন ধাৰা সন্নিৱিষ্ট কৰা হৈছে৷ উল্লেখ্য, ৰাজ্যৰ সবাতোকৈ চহকী ক্ৰীড়া সংগঠনটোৰ সম্পাদক হৈ থকা অৱস্থাত ব্যাপক অনিয়মেৰে বুঢ়াগোহাঁয়ে সন্থাৰ ধন অপব্যৱহাৰ কৰাৰ অভিযোগ উঠিছিল৷ আনকি ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ [বি চি চি আই] পৰা পোৱা ধনো চাতুৰীৰে আত্মসাৎ কৰিছিল তেওঁ৷ আনহাতে, বৰ্ষাপাৰাত এ চি এৰ ষ্টেডিয়ামখন নিৰ্মাণৰ ক্ষেত্ৰতো সেই সময়ৰ সম্পাদকজন ব্যাপক দুৰ্নীতিত লিপ্ত আছিল৷ নিবিদা অবিহনে ষ্টেডিয়ামৰ বিভিন্ন কাম ঘনিষ্ঠ ঠিকাদাৰ আৰু পৰিয়ালৰ সদস্যক প্ৰদান কৰাৰো অভিযোগ উঠিছিল তেওঁৰ বিৰুদ্ধে৷ কেৱল সেয়াই নহয়, এ চি এৰ ধনেৰেই বুঢ়াগোহাঁইৰ পুত্ৰৰ লগতে পৰিয়ালৰ আন সদস্যই নিয়মিতভাৱে বহিঃৰাজ্য ভ্ৰমণ কৰিছিল৷ এই বিয়াগোম দুৰ্নিতিৰ তদন্তৰ বাবে এ চি এৰ বৰ্তমানৰ কমিটীখনে জামছেদ খানৰ নেতৃত্বত সাতজনীয়া হিচাপ পৰীক্ষক কমিটী এখন গঠন কৰি দিছিল আৰু কমিটীখনৰ ২০ পৃষ্ঠাৰ প্ৰতিবেদনতো স্পষ্ট হৈ পৰিছিল বুঢ়াগোহাঁইৰ বৃহৎ দুৰ্নীতি৷ কেইমাহমান পূৰ্বে ডিব্ৰুগড়ত অনুষ্ঠিত এ চি এৰ গুৰুত্বপূৰ্ণ সভা এখনত বুঢ়াগোহাঁইক আত্মসাৎ অথবা অপব্যৱহাৰ কৰা ধন ঘূৰাই দিয়াৰ নিৰ্দেশ দিয়া হৈছিল৷  কিন্তু এই নিৰ্দেশৰ প্ৰতি বুঢ়াগোহাঁয়ে কোনো সঁহাৰি নজনোৱাৰ বাবে তেওঁৰ বিৰুদ্ধে আইনী ব্যৱস্থা লয় ক্ৰিকেট সন্থাই৷ আইনে বিতৰ্কিত প্ৰাক্তন সম্পাদকজনৰ বিৰুদ্ধে কি ব্যৱস্থা লয়, সেয়া হ’ব লক্ষ্যণীয়৷