Logo
image

কিয় অপবাদ দিলে? ছেমৰ পৰিয়ালৰ খেদ

আমাৰ অসম, ১৬ডিচেম্বৰঃ ‘কা’বিৰোধী আন্দোলনৰ শ্বহীদ ছেম ষ্টেফ’ৰ্ডক লৈ ৰাজ্যত অযথা হৈছে বিতৰ্ক৷ ছেমৰ হত্যাৰ গোচৰৰ তদন্ত বন্ধ হোৱাক কেন্দ্ৰ কৰি ছেমৰ ভিনিহিয়েক চাদেক আলীয়ে অনা অভিযোগৰ পাছতে বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে বিষয়টো৷ ছেমৰ হত্যাৰ গোচৰৰ তদন্ত বন্ধ হোৱাৰ সমূদায় দোষ অসম জাতীয় পৰিষদৰ ওপৰত জাপি দিয়াৰ পৰিপ্ৰেক্ষিততে বিষয়টো বিশেষ চৰ্চালৈ আহিছে৷ অসম জাতীয় পৰিষদৰ মুখপাত্ৰ জিয়াউৰ ৰহমানে ছেমৰ হত্যাৰ গোচৰৰ তদন্ত অসম জাতীয় পৰিষদৰ বাবে বন্ধ হোৱা বুলি অনা অভিযোগ নস্যাৎ কৰাৰ উপৰি ৰাজ্যিক মানৱ অধিকাৰ আয়োগৰ উদ্ধৃতিৰে উক্ত গোচৰৰ শুনানিত ছেমৰ আত্মীয়ই সাক্ষ্যদান নকৰা বাবেহে গোচৰটোৰ তদন্ত বন্ধ হোৱা বুলি সদৰি কৰে৷ তদুপৰি অসম জাতীয়  পৰিষদৰ মুখপাত্ৰজনে এটা ফেচবুক পোষ্টত সদৰি কৰে যে অসম জাতীয় পৰিষদৰ নেতৃত্বই ছেমৰ ভিনিহিয়েক চাদেক আলীক মাজে সময়ে ধন দি সহায় কৰি আহিছে৷ ছেমৰ মাতৃৰ চিকিৎসাৰ সময়তো আৰ্থিকভাৱে সহায় কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই৷ জিয়াউৰ ৰহমানৰ এনে পোষ্ট ৰাজহুৱা হোৱাৰ পাছত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ছেমৰ ভিনিহিয়েক চাদেক আলীয়ে৷ তেওঁ বুধবাৰে দিছপুৰ প্ৰেছ ক্লাবত এখন সংবাদমেল আয়োজন কৰি জিয়াউৰ ৰহমানৰ অভিযোগ নস্যাৎ কৰিছে৷ তেওঁৰ অভিযোগ সন্দৰ্ভত তথ্য ৰাজহুৱা কৰিবলৈ দাবী জনায় অন্যথা ৪৮ ঘণ্টাৰ ভিতৰত ৰাজহুৱাভাৱে ক্ষমা খুজিব লাগিব বুলি কয়৷ তেওঁ সংবাদমেলত কয়– আমি দুখীয়া মানুহ৷ কিন্তু পথৰ ভিক্ষাৰী নহয়৷ আপোনালোকে আমাক সহায় কৰাৰ সময়ত আমাৰ চকুত ভাহি আহে ৰাজপথত ছেমৰ তেজ৷ জিয়াউৰ ৰহমানে মোক জনমানসত হেয় প্ৰতিপন্ন কৰি অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ পৰা মাহেকত ১০-১২ হাজাৰ টকা লৈ অহা বুলি মন্তব্য কৰিছে৷ এই সন্দৰ্ভত লুৰীণজ্যোতি গগৈক প্ৰশ্ন কৰাত তেওঁ অৱগত নহয় বুলি কৈছে৷ তেওঁ ধন দি থকাৰ কথা অস্বীকাৰ কৰিছে৷ যদি আমাক ধন দি সহায় কৰি থকা নাই তেতিয়াহ’লে আমাক কিয় অপবাদ দিলে? এনে বক্তব্য জিয়াউৰ ৰহমানৰ ব্যক্তিগত মন্তব্য বুলি কৈছে লুৰীণজ্যোতি গগৈয়ে৷ যদি জিয়াউৰ ৰহমানৰ মন্তব্য ব্যক্তিগত তেতিয়াহ’লে দলে কৰিবলগীয়া একো নাই নেকি? লুৰীণজ্যোতি গগৈয়ে স্থিতি স্পষ্ট কৰক৷