Logo
image

সুৰা বিপণীৰ বিৰুদ্ধে প্ৰতিবাদ ছাত্ৰ-ছাত্ৰীক আৰক্ষীৰ লাঠীচাৰ্জ

আমাৰ অসম, ১৬ ডিচেম্বৰঃ জননেতা শৰৎ চন্দ্ৰ সিংহৰ আদৰ্শক জলাঞ্জলি দি অসম চৰকাৰে ধুবুৰী জিলাৰ চাপৰ-শালকোছাত প্ৰদান কৰা সুৰাৰ বিপণী বাতিলৰ দাবীত আজি আছু, আক্ৰাছু, গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ, নাথ-যোগী ছাত্ৰ সন্থা, মহিলা সমিতিকে ধৰি বিভিন্ন দল-সংগঠনৰ লগতে শ শ কণ কণ স্কুলীয়া ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ৰাইজে অঞ্চলটোৰ  ১৭নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷ সুৰাৰ বিপণী বন্ধ কৰক, অসম চৰকাৰ হায় হায় আবকাৰী বিভাগ হায় হায় আদি বিভিন্ন শ্লোগানেৰে প্ৰতিবাদকাৰীসকলে সাব্যস্ত কৰা ঘাইপথ অৱৰোধ কাৰ্যসূচীৰ ফলত অঞ্চলটোৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে শ শ যান-বাহন আৱদ্ধ হৈ পৰে৷ ইয়াৰ মাজতে আৰক্ষীয়ে অৱৰোধ প্ৰত্যাহাৰ কৰাৰ বাবে প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীসকলক আৰক্ষীয়ে বৰ্বৰভাৱে লাঠীচালনা কৰাৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় কেইবাজনো ছাত্ৰ-ছাত্ৰী৷ তাৰ পাছতে পৰিস্থিতি অধিক উত্তেজনাপূৰ্ণ হৈ পৰে আৰু প্ৰশাসন যন্ত্ৰ সন্মুখতে প্ৰতিবাদকাৰীয়ে আৰক্ষীক ভয় নকৰি ছাত্ৰ-ছাত্ৰী আৰু ৰাইজে ভাঙি দিয়ে চৰকাৰে সম্প্ৰতি অনুমতি দিয়া অবৈধ সুৰাৰ বিপণীখন৷ বৰ্তমানেও ঘটনাটোক লৈ অঞ্চলটোত চেপা উত্তেজনা বিৰাজ কৰিছে৷ আনহাতে, অতিশীঘ্ৰে সেই সুৰাৰ বিপণীখন বন্ধ নকৰিলে ইয়াতকৈ আৰু অধিক জংগী আন্দোলন গঢ়ি তুলিব বুলিও হুংকাৰ প্ৰদান কৰিছে প্ৰতিবাদকাৰীসকলে৷