Logo
image

বিদাইৰ বিয়া

আমাৰ অসম, ১৬ ডিচেম্বৰ ঃ একালৰ সশস্ত্ৰ সংগ্ৰামী তথা দুৰ্ধৰ্ষ এনডিএফবি নেতা জি বিদাই ওৰফে বিষ্ণু গয়াৰী আবদ্ধ হ’ল বিবাহপাশত৷ বিটিআৰ শান্তি চুক্তিৰ দ্বাৰা মূলসুঁতিলৈ উভতি আহি এক সময়ৰ দুৰ্ধৰ্ষ এনডিএফবি নেতাজনে সাধাৰণ ৰাইজৰ দৰে জীৱন-যাপন কৰি আজি বৈবাহিক জীৱনৰ পাতনি মেলে৷ হাতত অস্ত্ৰ তুলি এটা সময়ত সন্ত্ৰাস চলোৱা জি বিদাই ওৰফে বিষ্ণু গয়াৰীক সোমবাৰে দৰাৰ সাজত বিবাহস্থলীত দেখি আনন্দিত হৈ পৰে গাঁওবাসীৰ লগতে পৰিয়াল তথা বিদাইৰ সতীৰ্থসকল৷ বাগসাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত লাৱদাংগুৰিৰ অক্সিগুৰি মইনামাতা গাঁৱৰ জন্মগৃহত একে গাঁৱৰে কল্পনা নামৰ এগৰাকী যুৱতীৰ সৈতে বিবাহপাশত আবদ্ধ হয় বিদাই৷ সোমবাৰে এই শুভ দিনটোত দৰাৰ সাজত থকা বিদাই আৰু কইনাক আৰ্শীবাদ দিবলৈ হাজাৰ হাজাৰ লোকৰ সমাগম  হোৱা পৰিলক্ষিত হয়৷ জি বিদাইৰ শুভ বিবাহৰ এই ক্ষণত বিটিআৰৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাসৰ লগতে বিটিআৰৰ কেইবাজনো জনপ্ৰতিনিধি উপস্থিত থাকি বিদাইক বৈবাহিক জীৱনৰ শুভকামনা জ্ঞাপন কৰে৷