Logo
image

কৰ’নাৰ তৃতীয় ঢৌৰ আশংকা

খবৰ অনুসৰি আমাৰ দেশত প্ৰায়  ৭৫ শতাংশ মানুহে এপালি ভেকচিন লৈছে আৰু ৩০ শতাংশই দুয়োপালি লৈছে৷ আনহাতে, অনেক লোকেও কৰ’নাত ভুগিছে৷ সেয়েহে এতিয়ালৈ বহু লোকে ইমিউনিটী লাভ কৰিছে৷ বিশেষজ্ঞসকলে কৈছে যে ভেকচিন ল’লে বা ক’ভিড হৈ ইমিউনিটী হ’লেও কৰ’না হ’ব পাৰে৷ আগৰ এটা প্ৰবন্ধত মই সেই কথা উল্লেখ কৰিছিলোঁ৷ এইটোও কোৱা হৈছিল যে ভেকচিন লোৱাৰ পাছত বেমাৰ হ’লেও বেছিকৈ হোৱাৰ পৰা বা মৃত্যুৰ পৰা ৰক্ষা পৰিব৷ ক’ভিড হোৱাৰ পাছত ৯০ দিনলৈ আৰু ভেকচিন লোৱাৰ পাছত বা তাতকৈ অলপ বেছিদিনলৈ এণ্টিব’ডী ভালদৰে থাকিব, বেমাৰৰ আশংকা কমিব৷ পিছলৈ লাহে লাহে অৱশ্যে প্ৰটেকশ্বন কমি যাব৷ সেয়েহে তৃতীয় পালি বা বুষ্টাৰ ড’জ লাগিব নে নাই আলোচনা চলি আছে৷ তাৰ মাজতে কিছুমান মানুহে ক’বলৈ ধৰিছে যে ‘বয়স্ক লোক, প্ৰায় ৬০ বছৰৰ ওপৰৰ বা আন কিবা আনুষংগিক বেমাৰ থাকিলে ৪৫ বছৰৰ ওপৰৰ লোককো তৃতীয় পালি দিয়া ভাল৷ যিহেতু প্ৰায় ৩০ শতাংশই এতিয়ালৈ দুয়োপালি ভেকচিন লৈছে আৰু কিছুমানে বেমাৰত ভুগিছে, গতিকে তৃতীয় ঢৌ আহিলেও বৰ প্ৰবল নহ’ব বুলি বহতে কৈছে৷ যদি তৃতীয় ঢৌৰ আশংকাৰ কথা আলোচনা কৰা হয়, তেতিয়া প্ৰথমে মানুহৰ ওপৰতে দোষখিনি দিব লাগিব৷ কিয়নো কিছুদিনৰ পৰা দেখা যায় যে সকলো দোকান-পোহাৰ, বজাৰ-সমাৰ খোলা, ৰাস্তাঘাট-বজাৰত ভিৰ, বিয়া-বাৰু, সভা-সমিতি চলি আছে৷ আকৌ হ’ল নিৰ্বাচন, ৰেলী, সভা হ’ল৷ মুখত মাস্ক নিপিন্ধাই হ’ল বহুতে৷ সামাজিক দূৰত্বত থাকক৷ অলপ ফেশ্বন জনা এজনী-দুজনীয়ে বেগত ছেনিটাইজাৰৰ সৰু বটল এটা লৈয়ে ফুৰিছে৷ বহুতে মাস্ক নাকৰ তলত পিন্ধিছে বা পকেটতে ৰাখিছে৷ পুলিচ দেখিলেহে পিন্ধিব৷ এতিয়ালৈ এনেবোৰ পৰিৱেশ আৰু পৰিস্থিতি ভাৰতত ২৪ ঘণ্টাত ৪৪৬জন ৰোগীয়ে ক’ভিডত প্ৰাণ হেৰুৱাইছে৷

কেইদিনমান আগতে টাইমছ অৱ ইণ্ডিয়াত ওলোৱা খবৰ অনুসৰি নতুন প্ৰজাতিৰ ভাইৰাছ তেনেকৈ অহা নাই কাৰণে তৃতীয় ঢৌ নহ’ব পাৰে৷ ইণ্ডিয়া ডটকমত লিখিছিল যে এতিয়া ৪.৫-৫ লাখ মানুহে দিনে বেমাৰটোত আক্ৰান্ত হৈ আছে৷ গতিকে অক্টোবৰ-ডিচেম্বৰ মাহ দুটা সংকটজনক সময়৷ ৰইটাৰৰ মতে, ভাৰত চৰকাৰে তৃতীয় ঢৌৰ কাৰণে প্ৰস্তুতি হ’বলৈ ধৰিছে৷ ইণ্ডিয়ান এক্সপ্ৰেছত লিখিছে যে তৃতীয় ঢৌৰ এটা পৃথক সম্ভাৱনাৰ থল আছে৷ ইক’নমিক টাইমছৰ মতে, ক’ভিডে ভাৰতত এনডেমিচিটী হ’বলৈ আগবাঢ়ি আছে আৰু ঠাইবিশেষে ফ্লেয়াৰআপ কৰিব৷ ডাঃ গগনদীপ কং, প্ৰখ্যাত ভেকচিন বিশেষজ্ঞৰ মতে, ই ফ্লু ভাইৰাছৰ নিচিনা এনডেমিক হৈ থাকিব৷ প্ৰফেছৰ হলমিছয়ে কেইদিনমান আগতে কৈছিল যে 'It will remain as permanent albeit more manageable, Part of our life'৷ মুৰল বেনাৰ্জীৰ [Middlesex University হু.K.] যিজনে ভাৰতৰ ক’ভিডৰ বিষয়ে যথেষ্ট চৰ্চা কৰি আছে, তেওঁ কৈছে যে এতিয়ালৈ আমি নাজানো কিমানৰ ভেকচিন লোৱা বা ক’ভিড হোৱাৰ পাছত আকৌ ইনফেকচন হৈছে৷

ইউৰোপত আকৌ ক’ভিডৰ সংখ্যা বাঢ়িছে৷ ছাহিদ জামেলৰ মতে, দৈনিক ৩০,০০০১ পৰা [জুলাইত] এতিয়া ৫০,০০০ হৈছে৷ মৃত্যুৰ হাৰ দুই শতাংশৰ পৰা নামি .২ শতাংশ হৈছে৷ ডেল্টা প্লাছ ‘এ’, ৱাই-৪ প্ৰজাতিৰ ভাইৰাছ ইউৰোপ, ব্ৰিটেইন, ৰাছিয়াত উদ্বেগৰ কাৰণ হৈ পৰিছে৷ ভাৰততো সংক্ৰমণৰ হাত পেলাইছে৷ আমেৰিকাত ছেপ্টেম্বৰৰ আৰম্ভণিতে দৈনিক ২,০০,০০০১ পৰা কমি এতিয়া দৈনিক ৮০,০০০ হৈছে৷ তথাপি মৃত্যুৰ হাৰ আগৰ নিচিনা আছে৷ চীনত আকৌ কিছুমান ঠাইত বাঢ়িবলৈ ধৰিছে৷ দুই-এঠাইত লকডাউন দিবলগা হৈছে৷ প্ৰায় ৪০,০০০ লোক গৃহবন্দী হৈছে৷ তাতে এটা স্থানীয় প্ৰজাতিৰ ভাইৰাছে দেখা দিছে৷ অষ্টে˜লিয়াতো ঠাইবিশেষে কমা-বঢ়া হৈ আছে৷

ভাইৰ’লজিষ্ট ছাহিদ জামেলে আকৌ কৈছে যে ভাৰত ভেকচিনৰ দিশত উন্নত হৈছে যদিও আকৌ হ’ব লাগিব৷ দৈনিক ক’ভিড ৰোগীৰ সংখ্যা কমিছে যদিও মৃত্যুৰ হাৰ ১.২ শতাংশ হৈ আছে৷ এপিডেমিঅ’লজিষ্ট ৰমানান লক্ষ্মী নাৰায়ণে কৈছে– ‘মাজে-সময়ে ক’ৰবাত ক’ৰবাত ক’ভিড হৈ থাকিব৷’

তৃতীয় ঢৌৰ আশংকা কম যদিহে নতুন প্ৰজাতিৰ [ডাবল মিউটেণ্ট ইত্যাদি] ভাইৰাছে গা কৰি নুঠে আৰু ভেকচিন ইনফেকচনৰ পৰা হোৱা ইমিউনিটী ভেদ কৰি প্ৰখৰতাৰে বিয়পি নপৰে৷ তথাপি মাত্ৰ অঞ্চলবিশেষেহে হ’ব বুলি ধাৰণা কৰে৷ বৰ্তমান পৰিস্থিতিৰ ওপৰত বিচাৰ কৰি সকলো কাম বন্ধ কৰি ৰখা বা লকডাউন দি সকলো স্তব্ধ কৰি দিয়া সমীচীন নহ’ব৷ বহুদিনৰ বন্ধৰ ফলত অনেক দুখীয়া মানুহৰ জীৱনত ভাবিব নোৱৰা আচোৰ পৰিছিল৷ বহু সাধাৰণ ব্যৱসায় বা খাটিখোৱা লোকৰ যোৱা প্ৰায় দুটা বছৰত চলিব নোৱৰা অৱস্থা হৈছে৷ ডাঙৰ ডাঙৰ ব্যৱসায়তো প্ৰভাৱ পৰিছে৷ কৰ’নাৰ আচোৰে অকল মানুহৰ শৰীৰতে নহয়, মানুহৰ পকেটতো হাত সুমুৱাইছে৷ বহু লোকক সৰ্বনাশৰ ফালে ঠেলি দিছে৷ গতিকে জীৱন-যাপনত অলপ সহজ কৰা বা কিছু নিয়ম শিথিল কৰাও দৰকাৰ হৈ পৰিছে৷ দৰকাৰ বুলিলে সকলো পাহৰি হাবিৰ হৰিণ পোৱালিটোৰ দৰে ‘মোক কোনে পায়’ বুলি সাত জাঁপ মৰা শুদ্ধ নহ’ব৷ সাৱধান হৈ থাকিব লাগিব৷ এতিয়ালৈ বান্ধি দিয়া নিয়মখিনি নি(য় বৰ কঠোৰ নহয়৷ মানি চলাত আপত্তি থাকিব নালাগে৷ যিমানে ঢৌ আহে আহক৷ যিহেতু প্ৰকাণ্ড এটা তৃতীয় বা চতুৰ্থ ঢৌৰ আশা নাই বুলিয়ে প্ৰায়বোৰে ভাবে, আমি অলপ সাৱধান হৈ থাকিলে হ’ব৷ ফ্লুৰ নিচিনা আহি থাকিব পাৰে বুলি ভাবিব লাগিব৷ তাৰ মাজতে আশা ৰাখিছোঁ অনতিপলমে ক’ভিডৰ বছৰেকীয়া হিচাপত ভেকচিনো উপলব্ধ হ’ব৷

ফোন ঃ ৯৪৩৫১-০৪১৯৯