Logo
image

অযোধ্যাৰ ৰাম মন্দিৰত সপত্নীক মুখ্যমন্ত্ৰীৰ পূজা

আমাৰ অসম, ১৬ ডিচেম্বৰঃ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে অযোধ্যাৰ ঐতিহাসিক ৰাম মন্দিৰত ৰাজ্যবাসীৰ মংগলৰ উদ্দেশ্যে এভাগ পূজা আগবঢ়ায়৷ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ সৈতে একেলগে হিমন্ত বিশ্ব শৰ্মাই অযোধ্যাৰ ৰাম মন্দিৰৰ অস্থায়ী পূজা প্ৰাঙ্গন ৰামলালা বিৰাজমানত ভগৱান শ্ৰীৰামচন্দ্ৰক উদ্দেশ্যি পূজা কৰে৷ হিমন্ত বিশ্ব শৰ্মাৰ পূজাৰ সময়ত ৰাম মন্দিৰৰ মুখ্য পুৰোহিত আচাৰ্য সত্যেন্দ্ৰ দাস উপস্থিত আছিল৷ কেইবাজনো পুৰোহিতে একেলগে কৰা মন্ত্ৰোচ্ছাৰণৰ মাজত হিমন্ত বিশ্ব শৰ্মা আৰু পত্নী ৰিণিকী ভূঞা শৰ্মাই পূজা আগবঢ়ায়৷ উল্লেখ্য, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ  দুদিনীয়া কাশী ভ্ৰমণৰ সকলো কাৰ্যসূচীতে সংগ প্ৰদান কৰাৰ পাছত প্ৰধানমন্ত্ৰীৰ পৰামৰ্শ অনুসৰিয়েই মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে সপত্নীক অযোধ্যাৰ ৰামজন্মভূমিত থকা অস্থায়ী ৰাম মন্দিৰত ভগৱান শ্ৰীৰামচন্দ্ৰৰ প্ৰতি পূজা আগবঢ়ায়৷ তাৰবাবে মঙলবাৰেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্মৌত উপস্থিত হৈছিল আৰু আজি পুৱাৰভাগতে তেওঁ অযোধ্যালৈ যায় আৰু দিনৰ এঘাৰ বজাত হনুমানগঢ়ীত থকা ৰামলালাৰ মূৰ্তিত পূজা আগবঢ়ায়৷ উল্লেখ্য, ২০২০ চনৰ ২৫ মাৰ্চত পূৰ্বৰ অস্থায়ী মন্দিৰৰ পৰা ৰামলালাক এতিয়াৰ এই মন্দিৰলৈ স্থানান্তৰ কৰা হৈছিল৷ এই অংশক ৰামলালা বিৰাজমান বুলি অভিহিত কৰা হয়৷ প্ৰসংগতঃ, নৰেন্দ্ৰ মোদী চৰকাৰৰ নেতৃত্বত ৰামৰ জন্মভূমি অযোধ্যাত ৰামমন্দিৰ নিৰ্মাণৰ কাম চলি আছে বাবে এতিয়াও নতুনকৈ নিৰ্মাণ কৰিবলৈ লোৱা ৰামমন্দিৰত পূজা-অৰ্চনা আৰম্ভ কৰা হোৱা নাই৷ ১৯৯২ চনৰ ৬ ডিচেম্বৰৰ পৰা ২০২০ চনৰ ২৫ মাৰ্চলৈ শ্ৰীৰামচন্দ্ৰৰ জন্মভূমি অযোধ্যাত ৰামলালাৰ মূৰ্তি সেই প্ৰাঙ্গনৰে আন এক স্থানত স্থাপন কৰি ৰখা হৈছিল৷ এতিয়া তাৰপৰা সেই মূৰ্তি হনুমানগঢ়ীলৈ স্থানান্তৰ কৰা হয় আৰু তাতে ৰামৰ পূজা-অৰ্চনা অব্যাহত আছে৷ বুধবাৰে সেই মন্দিৰতে হিমন্ত বিশ্ব শৰ্মাৰ উপৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বিগত দুদিনত তেওঁৰ সমষ্টি বাৰাণসীত সংগদান কৰা দেশৰ এঘাৰখন বিজেপি শাসিত ৰাজ্যৰ প্ৰত্যেকগৰাকী মুখ্যমন্ত্ৰীয়েই পূজাদান কৰে৷ হিমন্ত বিশ্ব শৰ্মাৰ লগতে দেশৰ বিজেপি শাসিত ৰাজ্য ক্ৰমে হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, অৰুণাচল প্ৰদেশ, মধ্যপ্ৰদেশ, নাগালেণ্ড, মণিপুৰ, ত্ৰিপুৰা, গুজৰাট, হাৰিয়ানা আৰু গোৱাৰ মুখ্যমন্ত্ৰীয়ে অযোধ্যাত পূজা আগবঢ়ায়৷ তেওঁলোকৰ উপৰি বিহাৰ আৰু অৰুণাচল প্ৰদেশৰ দুয়োজন উপ-মুখ্যমন্ত্ৰীয়েও অযোধ্যাত পূজা আগবঢ়ায়৷ উল্লেখ্য, অযোধ্যাত বিজেপিৰ ৰাষ্ট˜ীয় সভাপতি জে পি নড্ডায়ো আজি ভগৱান শ্ৰীৰামক পূজ-অৰ্চনা কৰে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২০২০ চনৰ প্ত আগষ্টত অযোধ্যাত স্থায়ী ৰাম মন্দিৰৰ শিলান্যাস কৰিছিল৷ সম্প্ৰতি ৰাম মন্দিৰৰ নিৰ্মাণৰ কাম পূৰ্ণগতিত চলি আছে৷ সেই কাম পৰিচালনা কৰিছে ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ন্যাসে৷