Logo
image

পুনৰ দুজন এচিএছ বিষয়া নিলম্বিত

আমাৰ অসম, ১৬ডিচেম্বৰঃ গাঁওবুঢ়া কেলেংকাৰি গোচৰত কাৰাবন্দী হৈ থকা দুই এ চি এছ বিষয়া আবুল খাইৰ ইলিয়াছ নাছিম আহমেদ আৰু বিক্ৰম আদিত্য বৰাক আজি এক নিৰ্দেশযোগে ৰাজ্য চৰকাৰৰ পাৰ্চনেল বিভাগৰ প্ৰধান সচিবে নিলম্বন কৰে৷ অসম সেৱা আইনৰ ১৯৬৪ চনৰ ধাৰাৰ ৬[২] নম্বৰৰ অধীনত গ্ৰেপ্তাৰ হোৱা দিনৰে পৰা ৰাজ্য চৰকাৰৰ পাৰ্চনেল বিভাগৰ মুখ্য সচিবে বি টি আৰৰ উপ-সচিব বিক্ৰম আদিত্য বৰা আৰু পৰিবহণ বিভাগৰ উপ-সচিব আবুল খাইৰ ইলিয়াছ নাছিম আহমেদক নিলম্বন কৰে৷ উল্লেখ্য, দক্ষিণ শালমাৰা মানকাছৰ জিলাত বিক্ৰম আদিত্য বৰা আৰু আবুল খাইৰ ইলিয়াছ নাছিম আহমেদ চক্ৰ বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সময়ত জিলাখনত ৯০টা গাঁওবুঢ়া পদত বৃহৎ কেলেংকাৰি সংঘটিত হৈছিল৷ এই কেলেংকাৰিত চক্ৰ বিষয়া বিক্ৰম আদিত্য বৰা আৰু আবুল খাইৰ ইলিয়াছ নাছিম আহমেদৰ নাম সাঙোৰ খাইছিল৷ ঘটনা সন্দৰ্ভত বঞ্চিত গাঁওবুঢ়া প্ৰাৰ্থীয়ে মুখ্যমন্ত্ৰী তদাৰকী বিশেষ কোষত এজাহাৰ দাখিল কৰিছিল৷ এজাহাৰৰ ভিত্তিত ভিজিলেন্সে থানাত ৫/২১ নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত চলাই গাঁওবুঢ়া কেলেংকাৰিত দুই চক্ৰ বিষয়া জড়িত থকাৰ তথ্য লাভ কৰে৷ এই তথ্যৰ ভিত্তিত চি এম ভিজিলেন্সে যোৱা চাৰি ডিচেম্বৰত দুই এ চি এছ বিষয়া ক্ৰমে বিক্ৰম আদিত্য বৰা আৰু আবুল খাইৰ আলিয়াছ নাছিম আহমেদক গ্ৰেপ্তাৰ কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰিছিল৷

নিলম্বিত এডিচি ছইবৰ পুনৰ জে’ললৈ

আমাৰ অসমঃ কামৰূপ জিলাৰ বিশেষ আদালতে আজি নিলম্বিত এ ডি চি ছইবৰ ৰহমানক পুনৰ জেললৈ প্ৰেৰণ কৰে৷ চি এম ভিজিলেঞ্চৰ তিনিদিনীয়া জিম্মাৰ ম্যাদ উকলি যোৱাৰ পিছত ভিজিলেঞ্চে আজি এ ডি চি ছইবৰ ৰহমানক কামৰূপ জিলাৰ বিশেষ আদালতত হাজিৰ কৰায়৷ আদালতে দুয়ো পক্ষৰ অধিবক্তাৰ যুক্তি তৰ্ক শুনি ছইবৰ ৰহমানক জেল হাজোতলৈ প্ৰেৰণ কৰে৷  ইতিমধ্যে ভিজিলেঞ্চৰ জেৰাত বহু কথা স্বীকাৰ কৰিছে যদিও তদন্তৰ খাতিৰত মুখ্য মন্ত্ৰী তদাৰকী বিশেষ কোষে তথ্য প্ৰকাশৰ পৰা বিৰত আছে৷ উল্লেখ্য যে মুখ্য মন্ত্ৰী তদাৰকী বিশেষ কোষে সোমবাৰে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰতে পুনৰ নিলম্বিত এ ডি চি ছইবৰ ৰহমানক গ্ৰেপ্তাৰ কৰিছিল৷  দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ গাওঁবুঢ়া কেলেংকাৰীৰ গোচৰত নিলম্বিত এ ডি চি ছইবৰ ৰহমানক ভিজিলেঞ্চে গ্ৰেপ্তাৰ কৰিছিল৷ চি এম ভিজিলেঞ্চে ধৃত ছইবৰ ৰহমানক কামৰূপ জিলাৰ বিশেষ আদালতত হাজিৰ কৰায়৷ আদালতে ছইবৰ ৰহমানক ৩ দিনৰ বাবে ভিজিলেঞ্চৰ জিম্মালৈ প্ৰেৰণ কৰিছে৷ উল্লেখ্য যে, আয়তকৈ সামঞ্জস্যহীন সম্পত্তি গঢ়ি তোলাৰ অভিযোগত চি এম ভিজিলেঞ্চে নিলম্বিত এ ডি চি ছইবৰ ৰহমানক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছিল৷ ইপিনে, মানকাচৰৰ গাওঁবুঢ়া কেলেংকাৰীত নিলম্বিত এ ডি চি ছইবৰ ৰহমান জড়িত থকাৰ তথ্য লাভ কৰিছিল ভিজিলেঞ্চে৷ এই তথ্যৰ ভিত্তিত ভিজিলেঞ্চে নিলম্বিত এ ডি চি ৰহমানক গ্ৰেপ্তাৰ কৰে৷ এই গোচৰতে তদানীন্তন উপায়ুক্ত আতিকা চুলতানাও গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে৷ এজনৰ পিছত আন এজন ৰাজপত্ৰিত বিষয়া জালত পৰিছে৷ উল্লেখ্য যে কিছুদিন পূৰ্বে দক্ষিণ শালমাৰা- মানকাচৰ জিলাৰ মানকাচৰত ৭০টা গাওঁবুঢ়া আৰু দক্ষিণ শালমাৰাত ২৪টা গাওঁবুঢ়া পদ মিলি মুঠ ৯৪টা গাঁওবুঢ়া পদৰ নিযুক্তিত কেলেংকাৰীৰ অভিযোগ উত্থাপন কৰিছিল বঞ্চিত গাওঁবুঢ়া প্ৰাৰ্থীসকলে৷ এই অভিযোগৰ পিছতে জিলাখনত তদন্ত আৰম্ভ কৰিছিল মুখ্যমন্ত্ৰী বিশেষ তদাৰকী শাখাই৷ গাওঁবুঢ়া নিযুক্তি কেলেংকাৰীৰ তদন্তৰ বাবে মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ কোষৰ এটা তিনিজনীয়া দলে দক্ষিণ শালমাৰা মানকাচৰ জিলাত দুবাৰকৈ অভিযান চলাই চৰকাৰী গাওঁ বুঢ়া সকলক জেৰা কৰাৰ লগতে হাটশিঙিমাৰী উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা কিছু নথি পত্ৰ সংগ্ৰহ কৰিছিল তদন্তকাৰী দলটোৱে৷ চৰকাৰী গাওঁবুঢ়া সকলক জেৰা কৰাৰ সমান্তৰালকৈ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ তদানীন্তন উপায়ুক্ত আতিকা চুলতানা আৰু দক্ষিণ শালমাৰা আৰু মানকাচৰৰ দুই চক্ৰ বিষয়াক চমন জাৰি কৰিছিল মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ কোষে৷ ইতিমধ্যে তদানীন্তন উপায়ুক্ত আতিকা চুলতানাক মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ কোষে তলব কৰিছিল যদিও শাৰীৰিক অসুস্থতাৰ বাবে তদানীন্তন উপায়ুক্ত গৰাকীক তদন্ত সম্পূৰ্ণ কৰিব পৰা নাই তদন্তকাৰী দলে৷ ছাইবৰ ৰহমানক কিছুদিন পূৰ্বে আয়তকৈ অধিক সম্পত্তি আহৰণ কৰাৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল৷ ইফালে গাওঁবুঢ়া কেলেংকাৰীৰ সমান্তৰালকৈ দক্ষিণ শালমাৰা মানকাচৰ জিলাত ভূমি আৱণ্টন কেলেংকাৰী লগতো জড়িত থকাৰ অভিযোগ আতিকা চুলতানা আৰু ছাইবৰ ৰহমানৰ বিৰুদ্ধে৷