Logo
image

যুৱতীৰ ডিঙিত ৰেপি মৃতদেহ লৈ পলোৱাৰ চেষ্টা প্ৰেমিকৰ

আন্ধাৰলৈ বাট চোৱা নাই অপৰাধীয়ে, দুপৰতে হত্যা-লুটপাত

আমাৰ অসম, ১৬ ডিচেম্বৰঃ গুৱাহাটী মহানগৰী সম্প্ৰতি অপৰাধীৰ ৰম্যভূমিত পৰিণত হৈছে৷ ধাৰাবাহিকভাৱে হত্যাকাণ্ড সংঘটিত হৈ থকা গুৱাহাটী মহানগৰীত আজি পুনৰ চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছে৷ প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ বাবেই মাতৃৰ সন্মুখত মাছ কটা দাৰে ডিঙিত ঘপিয়াই প্ৰেমিকে এগৰাকী কলেজীয়া ছাত্ৰীক নৃশংসভাৱে হত্যা কৰে৷ এই হিংসাত্মক ঘটনাটো সংঘটিত হয় গুৱাহাটীৰ সাতগাঁও থানাৰ অন্তৰ্গত আমচিং যোৰাবাটত৷ আৰক্ষী সূত্ৰই জনোৱা মতে, আমচিং যোৰাবাটৰ ১০ মাইলৰ বাসিন্দা গণেশ তাঁতীৰ কন্যা মৰমী তাঁতীয়ে [২২] গীতানগৰৰ কন্যা মহাবিদ্যালয়ত স্নাতকৰ দ্বিতীয় ষন্মাষিকত অধ্যয়ন কৰি আছিল৷ ওচৰ-চুবুৰীয়া যুৱক সঞ্জয় লালুং ওৰফে ৰাৱণে দীৰ্ঘদিন ধৰি মৰমী তাঁতীক প্ৰেমৰ প্ৰস্তাৱ দি আহিছিল যদিও বাৰম্বাৰ মৰমী তাঁতীয়ে সঞ্জয় লালুঙৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰি আহিছিল৷ আজি দুপৰীয়া মৰমী তাঁতীয়ে মাতৃক লগত লৈ নিজৰ এ এছ-০১ ই জে-৭২১২ নম্বৰৰ চাৰিচকীয়া বাহনখনেৰে লৈ আমচিং যোৰবাটত বজাৰ কৰিবলৈ যায়৷ আমচিং যোৰবাটৰ বজাৰৰ সমীপত গাড়ীখন আগচি ধৰি সঞ্জয় লালুঙে গাড়ীৰ চালকৰ আসনৰ পৰা মৰমী তাঁতীক টানি আনি ৰাজপথত মাছ কটা দাৰে ডিঙি ৰেপি মাতৃৰ সন্মুখতে নৃশংসভাৱে হত্যা কৰে৷ হত্যা কৰি মৃতদেহটো যুৱতীগৰাকীৰ গাড়ীখনৰ পিছফালে আসনত শুৱাই সঞ্জয় লালুঙে নিজে গাড়ী চলাই সোণাপুৰ অভিমুখে পলাই যোৱাৰ চেষ্টা কৰে৷ পিছে পিছে স্থানীয় ৰাইজ খেদি যায় যদিও গাড়ীখন কিছুদূৰ যোৱাৰ পাছত বাহনখনৰ পেট্ৰ’ল নোহোৱা হয় আৰু গাড়ীখন ঘাইপথত ৰৈ যায়৷ লগে লগে সঞ্জয় লালুঙে গাড়ী আৰু মৃতদেহ এৰি পাহাৰৰ গভীৰ অৰণ্যলৈ পলায়ন কৰে৷ পাছত আৰক্ষীয়ে স্থানীয় ৰাইজৰ সহযোগত মৃতদেহটো আৰু গাড়ীখন উদ্ধাৰ কৰি সাতগাঁও থানালৈ নিয়ে৷ ইপিনে আৰক্ষীয়ে ম’বাইল ফোনৰ টাৱাৰ লকেশ্বনৰ ভিত্তিত আমচিঙৰ পাহাৰৰ গভীৰ অৰণ্যৰ পৰা হত্যাকাৰী সঞ্জয় সিঙক গ্ৰেপ্তাৰ কৰে৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে থানাত এটা গোচৰ ৰুজ কৰি তদন্ত অব্যাহত ৰাখিছে৷