Logo
image

বেংক বন্ধ এটিএম অচল

আমাৰ অসম, ১৭ডিচেম্বৰঃ সমগ্ৰ দেশজুৰি আৰম্ভ হোৱা দুদিনীয়া বেংক ধৰ্মঘটৰ ফলত অসমতো ব্যাহত হৈ পৰিছে বেংকসেৱা৷ ৰাষ্ট্ৰীয়কৃত বেংক বেচৰকাৰীকৰণৰ প্ৰতিবাদত আজিৰে পৰা ইউনাইটেড ফ’ৰাম অব বেংক ইউনিয়নৰ আহ্বানমৰ্মে এই দুদিনীয়া বেংক ধৰ্মঘটৰ কাৰ্যসূচী আৰম্ভ হৈছে৷ মুখ্যতঃ বেংকিং আইন [সংশোধনী] বিল ২০১১ৰ বিৰোধিতা কৰি আৰু ৰাজহুৱা খণ্ডৰ বেংক শক্তিশালীকৰণৰ দাবীত দেশৰ ১০ লক্ষ বেংক বিষয়া-কৰ্মচাৰীয়ে আজি ব্যাপক ধৰ্ণা ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰে৷ গুৱাহাটীৰ দিছপুৰৰ ভাৰতীয় ষ্টেট বেংক অব ইণ্ডিয়াৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত জইণ্ট কাউন্সিল অব ট্ৰেড ইউনিয়ন [অসম] এ এই ধৰ্মঘটৰ   কাৰ্যসূচী ৰূপায়ণ কৰে৷ হাতে হাতে ‘ছেভ বেংক, ছেভ পিপুল্‌ছ মাণি’ ‘বেংক বচাও দেশ বচাও’, ইউ আপজ পাব্লিক বেংক প্ৰাইভেটাইজেশ্বন’ আদি শ্লোগান লিখা বেনাৰ, পোষ্টাৰ, প্লেকাৰ্ড লৈ বেংক বিষয়া-কৰ্মচাৰীসকলে ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰে৷ দেশজোৰা এই বেংক ধৰ্মঘটৰ প্ৰতি দেশৰ ১১টাকৈ, ট্ৰেড ইউনিয়নে সমৰ্থন জনাইছে৷ আনকি কৃষক সংঘৰ্ষ কমিটীৰ নেতা ৰাকেশ টিকেটেও এই বেংক ধৰ্মঘটৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে৷ কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে বিতৰ্কিত ‘বেংকিং আইন [সংশোধনী] বিল ২০২১’ বাতিল নকৰিলে ভৱিষ্যতে অনিৰ্দিষ্টকালীন ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণৰ হুংকাৰ দিছে বেংক ইউনিয়নসমূহে৷ চৰকাৰৰ সিদ্ধান্তৰ বিৰোধিতা কৰি আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰ বাবে ধৰ্মঘটৰ বেংক বিষয়া-কৰ্মচাৰীসকলৰ দুদিনৰ দৰমহা কৰ্তনৰ নিৰ্দেশ দিছে বেংক কতৃৰ্পক্ষই৷ লক্ষণীয় যে বৃহস্পতিবাৰ আৰু শুকুৰবাৰে বেংকৰ দুদিনীয়া ধৰ্মঘটৰ দিন হোৱাৰ লগতে শনিবাৰে দ্বিতীয় শনিবাৰ আৰু দেওবাৰেও বেংক বন্ধ থাকিব৷ ইয়াৰ ফলত একেৰাহে চাৰিদিনৰ বাবে বেংক সেৱা ব্যাহত হ’ব যদিও এ টি এম আৰু অনলাইন বেংকসেৱাসমূহ বাহাল থকা বুলি বেংক কতৃৰ্পক্ষই দাবী কৰিছে৷ কিন্তু গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত এ টি এমসমূহ প্ৰায় বন্ধ হৈ পৰিছে৷ কেৱল অসমতে নহয় চুবুৰীয়া পশ্চিমবংগ তথা দেশৰ আন প্ৰান্তৰ ৰাজ্যসমূহতো ব্যাহত হৈছে এ টি এম সেৱা৷ ইয়াৰ ফলত জনসাধাৰণে ব্যাপক দুৰ্ভোগ ভুগিব লগা হৈছে৷ এছ বি আইৰ কতৃৰ্পক্ষই জনোৱা মতে এ টি এমসমূহত বুধবাৰে ধন ভৰাই দিয়া হৈছে আৰু চাৰিদিনলৈ ধন ভৰোৱা নহয়৷ বেংক ধৰ্মঘটৰ কথা শুনি হকে বিহকে মোটা ধন উলিয়াই নিয়াত সাধাৰণ গ্ৰাহকসকল ব্যাপক অসুবিধাৰ সন্মুখীন হৈছে৷ প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে ৰাজহুৱা খণ্ডৰ বেংক শিল্পই দেশৰ অৰ্থনৈতিক বিকাশত অভূতপূৰ্ব অৰিহনা আগবঢ়াই আহিছে৷ বেংক সেৱা দেশৰ প্ৰত্যন্ত অঞ্চললৈ প্ৰসাৰিত কৰাৰ ৰাজহুৱা খণ্ডৰ বেংকৰ সাফল্য অতুলনীয়৷ ১৯৬৯ চন আৰু তাৰ পৰৱত্তী সময়ত ১৯৮০ চনত বেংক ৰাষ্ট্ৰীয়কৰণৰ পিছত বেংক সেৱা দেশৰ প্ৰতিটো অঞ্চললৈ সম্প্ৰসাৰিত হয়৷ ১৯৬৯ চনৰ মাত্ৰ ৮,০০০টা বেংক শাখাৰ পৰা আজি এই সংখ্যা হৈছে ৰ,১৮,০০০৷ বেংক ৰাষ্ট্ৰীয় কৰণৰ পিছতেই দেশত সেউজ বিপ্লৱৰ সূচনা হয় আৰু দেশ খাদ্যৰ ক্ষেত্ৰত স্বাৱলম্বী হয়৷ ১৯৬৯ চনত বেংকত জমা ধনৰাশিৰ পৰিমাণ আছিল ৫,০০০ কোটি আৰু আজি সেই পৰিমাণৰ বৃদ্ধি হৈ ১৫৭ লাখ কোটি টকা হৈছে৷ জইণ্ট কাউন্সিলঅৱ ট্ৰেড ইউনিয়নচ[অসম]এ আজি আৰু কাইলৈৰ দুদিনীয়া ধৰ্মঘটলৈ সমৰ্থন জনোৱাৰ লগতে অসমৰ সকলো শ্ৰমিক কৰ্মচাৰী তথা ৰাইজক ধৰ্মঘটৰ সমৰ্থনত থিয় দিবলৈ আবেদন জনাইছে৷ বুধবাৰে ষ্টেট বেংক কতৃৰ্পক্ষই টুইটযোগে সকলো কৰ্মচাৰীয়ে ধৰ্মঘটৰ দুয়োটা দিনত কাৰ্যালয়ত উপস্থিত থাকিবলৈ জনাইছিল৷ আন্দোলনৰত বেংক বিষয়া-কৰ্মচাৰীসকলৰ অভিযোগ– চৰকাৰে ৰাষ্ট্ৰীয়কৃত বেংকসমূহৰ ব্যক্তিগতকৰণ কৰি সৰ্বসাধাৰণ ৰাইজক মাধমাৰ শোধাব বিচাৰিছে৷ মোদী চৰকাৰৰ দিনত দেশৰ ১০শতাংশ মানুহে ৭৪ শতাংশ সম্পদ আহৰণ কৰিছে৷ চৰকাৰী হেঁচাত ৰাজহুৱা খণ্ডৰ বেংকসমূহে কৰ্পৰেটক ঋণ দি দেওলীয়া হৈছে৷ কৰ্পৰেট, পুঁজিপতি গোষ্ঠীসমূহে ধাৰ লৈ বেংকৰ ধাৰ নামাৰে৷ চৰকাৰেও পুঁজিপতিক ধাৰ ৰেহাই দিয়ে৷ অথচ সৰ্বসাধাৰণে এটা বেংক ঋণ বিচাৰি হামৰাও খাবলগীয়া হয়৷ দেশৰ ৰাজহুৱা খণ্ডৰ বেংকসমূহ চলে মধ্যবিত্ত, দুখীয়াৰ ধনেৰে৷ ৰাজহুৱা খণ্ডৰ বেংকসমূহ ব্যক্তিগতকৰণ কৰি মোদী চৰকাৰে দেশত পুনৰ মহাজনী ব্যৱস্থা প্ৰৱৰ্তন কৰিব বিচাৰিছে৷ ব্যক্তিগত খণ্ডৰ বেংকৰ ছত্ৰছায়াত জন্ম হোৱা মাইক্ৰ’ফাইনেন্স কোম্পানীসমূহে ১৮-২০ শতাংশ পৰ্যন্ত সুদ আৰোপ কৰি সৰ্বসাধাৰণক জুৰুলা কৰিছে৷