Logo
image

হত্যাস্থলীত উপস্থিত একাধিক আৰক্ষী এতিয়া সাক্ষী হোৱাত অসুবিধা ক’ত

 অনিমেষ হত্যাৰ ‘প্ৰত্যক্ষদৰ্শী’ পোৱা নাই যোৰহাট আৰক্ষীয়ে

আমাৰ অসম, ১৭ডিচেম্বৰঃ যোৰহাটত গণপ্ৰহাৰৰ বলি হৈ মৃত্যুবৰণ কৰা তেজাল ডেকা অনিমেষ ভূঞাৰ হত্যাকাণ্ডৰ ন্যায় বিচাৰ কোনে দিব? ভগৱানে নে আদালতে? ন্যায় বিচাৰৰ বাবে পথ প্ৰশস্ত কৰিব কোনে? তদন্তকাৰী আৰক্ষীয়ে নে বহু আকাংক্ষিত কেইজনমান চাক্ষুস সাক্ষীয়ে৷ অসম চৰকাৰৰ এজন মন্ত্ৰীৰ মতে অনিমেষৰ হত্যাৰ ন্যায় বিচাৰ দিব ভগৱানে আৰু সম্ভৱতঃ এতিয়া সেই আশাতে দিন কটাবলগীয়া হ’ব হত্যাৰ বলি হোৱা অনিমেষৰ দুৰ্ভগীয়া পৰিয়ালটোৱে৷ যোৰহাটৰ তদন্তকাৰী আৰক্ষীয়ে এই নিৰ্মম হত্যাকাণ্ডৰ এজনো চাক্ষুস সাক্ষী বিচাৰি উলিয়াব নোৱাৰাৰ সময়তে ভগৱানেই শেষ ভৰষা হ’ব পাৰে বুলিও একাংশ সংগঠনে অভিযোগ কৰিছে৷ এই নৃশংস ঘটনাৰ পাছত যেতিয়া অসম চৰকাৰৰ এজন মন্ত্ৰীয়ে শোকসন্তপ্ত পৰিয়ালটোক সমবেদনা জনাবলৈ গৈছিল, তেতিয়া তেওঁ পৰিয়ালৰ সদস্যক কৈছিল– ভগৱানে কেতিয়াও দোষীক ক্ষমা নকৰে৷ জীপাল কৃষক শ্ৰমিক সংঘ নামৰ এটা স্থানীয় সংগঠনে আজি স্পষ্ট ভাষাত এই অভিযোগ উত্থাপন কৰি কৈছে, চৰকাৰ-প্ৰশাসনে এতিয়া অনিমেষ ভূঞাৰ বিচাৰৰ ভাৰ ভগৱানৰ ওপৰতে এৰি দিছে৷ অন্ততঃ মন্ত্ৰীজনৰ সেই ভাষ্যই তাকে প্ৰমাণ কৰিছে বুলিও তেওঁলোকে অভিযোগ কৰিছে৷প্ৰকৃত আৰু ন্যায় বিচাৰৰ বাবে যি অপৰিহাৰ্য, সেই চাক্ষুস সাক্ষীৰ অভাৱত এতিয়া হাবাথুৰি খাইছে যোৰহাটৰ তদন্তকাৰী আৰক্ষীয়ে৷ তদন্তকাৰী আৰক্ষীৰ বক্তব্যত স্পষ্টভাৱে ব্যৰ্থতা আৰু হতাশা ফুটি উঠিছে৷ স্বতঃস্ফূৰ্তভাৱে সাক্ষী ওলাই নহাৰ বাবে তদন্তকাৰী অসহায় হৈ পৰিছে৷ কিয়নো ‘মব লিন্সি’ বা গণপ্ৰহাৰত হোৱা হত্যাকাণ্ডৰ ক্ষেত্ৰত নিৰ্দিষ্ট হত্যাকাৰী বিচাৰি উলিওৱা যিদৰে কঠিন, ঠিক সেইদৰে হত্যাকাৰীৰ বিৰুদ্ধে সুস্পষ্ট প্ৰমাণ থিয় কৰা তাতোধিক কঠিন৷ এজনে আন এজন ব্যক্তিক কৰা হত্যা কৰাৰ ঘটনা অথবা হত্যাকাণ্ডৰ পাছত বিচাৰি উলিওৱা অভিযুক্তৰ বিৰুদ্ধেও আদালতত তদন্তকাৰীয়ে স্পষ্ট প্ৰমাণ দাঙি ধৰিব পাৰে৷ পাৰিপাশ্বিৰ্ক, কাৰিকৰী আৰু ফৰেনচিক তথ্যৰ আধাৰত তেনে হত্যাত অভিযুক্তৰ ফাঁচী হোৱাৰ উদাহৰণ আছে৷ কোনো সময়ত পাৰিপাশ্বিৰ্ক প্ৰমাণো হত্যাৰ অভিযুক্তক দোষী সাব্যস্ত কৰাৰ বাবে যথোচিত বা পৰ্যাপ্ত হ’ব পাৰে৷ যিদৰে বহুবছৰ পূৰ্বে ধুবুৰীত সংঘটিত সম্পূৰ্ণ এটা পৰিয়ালৰ ৰাজ্য কঁপোৱা হত্যাকাণ্ডত কেৱল পাৰিপাশ্বিৰ্ক প্ৰমাণৰ ওপৰত ভিত্তি কৰি অভিযুক্ত উপেন ৰাজখোৱা দোষী সাব্যস্ত হৈছিল আৰু  আদালতৰ প্ৰাক্তন বিচাৰকজনক দোষী হিচাপে ফাঁচী দিয়া হৈছিল৷ এনেধৰণৰ হত্যাৰ বিপৰীতে গণপ্ৰহাৰত হোৱা হত্যাকাণ্ডত নিৰ্দিষ্ট এজনক, দুজনক বা কেইবাজনক হত্যাকাৰী হিচাপে দোষীসাব্যস্ত কৰা কঠিন বুলি ভাবে অভিজ্ঞ আৰক্ষী আৰু আনকি অধিবক্তায়ো৷ তেনে ক্ষেত্ৰত চাক্ষুস সাক্ষীৰ প্ৰয়োজনীয়তা আৰু বিচাৰত গ্ৰহণযোগ্যতা অতিশয় গুৰুত্বপূৰ্ণ৷ কিয়নো আৰক্ষীয়ে বলপূৰ্বকভাৱে কাকো সাক্ষী হিচাপে থিয় কৰিব নোৱাৰে, যদিহে কোনো ব্যক্তি স্বেচ্ছাই আগবাঢ়ি নাহে৷ আৰক্ষীয়ে থিয় কৰোৱা তেনে সাক্ষীয়ে আদালতত বিপৰীত ভাষ্য প্ৰদান কৰিলে বা তেওঁক জোৰকৈ সাক্ষ্য দিবলৈ বাধ্য কৰোৱা হৈছে বুলি ক’লে গোচৰৰ সিমানতে ইতি পৰিব পাৰে৷ অনিমেষ ভূঞাৰ হত্যাকাণ্ডৰ ঘটনাই ১৮ দিন অতিক্ৰম কৰাৰ পাছত সেয়ে সাক্ষীৰ অভাৱতে বিপদত পৰিছে তদন্তকাৰী৷ কিয়নো অনিমেষৰ হত্যাকাণ্ডৰ ঘটনাৰ সাক্ষ্য প্ৰদান কৰিবলৈ এতিয়াও স্বেচ্ছাই কোনো ওলাই অহা নাই৷ ঘটনাস্থলীৰ সমীপৰ যিসকল লোকক আৰক্ষীয়ে ইতিমধ্যে মাতি আনিছে, যোৰহাটবাসী সেই এজনেও পোনপটীয়াকৈ হত্যাকাণ্ডৰ ঘটনা দেখা বুলি কোৱা নাই৷ বৰং অসংলগ্ন কিছুমান বক্তব্যৰে গোচৰটোত জড়িত হোৱাৰ পৰা আঁতৰি পৰিবলৈ চেষ্টা চলাইছে৷সাহ থকা যোৰহাটবাসীৰ সাক্ষী হিচাপে অভাৱ স্পষ্ট হৈ পৰাৰ সময়ত প্ৰশ্ন উঠিছে, সেই সময়ত ঘটনাস্থলীত উপস্থিত কৰ্তব্যৰত ২-৩জন আৰক্ষীৰ লোকক অনিমেষ হত্যাকাণ্ডৰ বিশেষ তদন্তকাৰী গোটে কিয় সাক্ষী হিচাপে ব্যৱহাৰ কৰা নাই? এই ক্ষেত্ৰত অসুবিধা ক’ত? প্ৰকৃততে এই ক্ষেত্ৰত কোনো অসুবিধাই নাই৷ সেই স্থানত কৰ্তব্যৰত আৰক্ষীৰ লোক কেইজনে অনিমেষক গণপ্ৰহাৰৰ পৰা ৰক্ষা কৰিবলৈ চেষ্টা চলাইছিল৷ সেয়ে প্ৰকৃততে ঘটনাটো আৰম্ভণিৰ পৰা হত্যালৈকে সম্পূৰ্ণৰূপে তেওঁলোকৰ সন্মুখতে সংঘটিত হৈছিল৷ এনে পৰিপ্ৰেক্ষিতত সেই ট্ৰেফিক আৰক্ষী কেইজনতকৈ উপযুক্ত সাক্ষী আন কোনোৱেই হ’ব নোৱাৰে৷ অসমৰ মহাধিবক্তা দেৱজিৎ শইকীয়াক এই সন্দৰ্ভত প্ৰশ্ন কৰাত তেওঁ জনালে যে কৰ্তব্যৰত আৰু ঘটনাস্থলত উপস্থিত থকা আৰক্ষীক এনে ঘটনাৰ ক্ষেত্ৰত আদালতে উপযুক্ত সাক্ষী হিচাপেই বিবেচনা কৰে৷ তাত কোনো অসুবিধা নাই৷ আৰক্ষী হ’লেও যিহেতু তেওঁলোক ঘটনাটোৰ তদন্তকাৰী নহয়, সেয়ে সাক্ষী হিচাপে অনিমেষ ভূঞাৰ হত্যাত ঘটনাস্থলত উপস্থিত আৰক্ষীৰ লোককেইজন অতি প্ৰয়োজনীয় আৰু গুৰুত্বপূৰ্ণ সাক্ষী হৈ পৰিব পাৰে বুলি এজন শীৰ্ষ আৰক্ষী বিষয়াই মন্তব্য কৰিলে৷  এনে এক সুবৰ্ণ সুযোগ হাততে থকাত অনিমেষ ভূঞাৰ ন্যায় বিচাৰৰ বাবে তদন্তকাৰী আৰক্ষীয়ে ঘটনাস্থলত উপস্থিত আৰক্ষীক সাক্ষী হিচাপে আদালতত থিয় কৰিব বুলি অনেকেই আশা কৰিছে৷ অন্যথা, অনিমেষৰ হত্যাৰ বিচাৰৰ বাবে ভগৱানলৈ অপেক্ষা কৰাৰ গত্যন্তৰ নাথাকিব৷ বিশ্বাস কৰা হয়– ভগৱানে সকলো দেখি থাকে৷ দুৰ্ভাগ্য এটাই–  ভগৱানে সেয়া ক’বলৈ নাহে, অন্ততঃ আদালতলৈ সাক্ষীৰ ৰূপত যে নাহে, সেয়া ধুৰূপ৷

যোৰহাটৰ ট্ৰেফিক পুলিচ কেইজন কিয়

চৰকাৰী সাক্ষী নহ’ব ঃ জীপাল

আমাৰ অসম, অসম কঁপাই যোৱা অনিমেষ ভূঞা হত্যাকাণ্ডৰ প্ৰায় এমাহ কাল হ’বৰ হ’ল যদিও আজি পৰ্যন্ত ইয়াৰ সদুত্তৰ নোলাল৷ আজি ‘আমাৰ অসম’ত  প্ৰকাশিত ‘অনিমেষক কোনেও হত্যা কৰা নাই, চৰকাৰে পোৱা নাই সাক্ষী’ শীৰ্ষক বাতৰিয়ে ৰাইজৰ চকু কপালত তুলিছে৷ আৰক্ষীৰ কেচ ডায়েৰীত সাক্ষীৰ অভাৱ বুলি প্ৰকাশ পোৱাত  জীপাল কৃষক শ্ৰমিক সংঘই আজি ক্ষোভেৰে কয়– ‘আমি পূৰ্বতেই চৰকাৰী নেতা-মন্ত্ৰীক ঘঁৰিয়ালৰ চকুপানী টোকা বুলি সন্দেহ ৰাজহুৱাকৈ ব্যক্ত কৰিছিলোঁ৷ জীপাল কৃষক শ্ৰমিক সংঘই পোনপটীয়াকৈ কওঁ যে ন্যায্যতাৰ বাটত চৰকাৰেই হেঙাৰ৷ ঘটনাস্থলীত উপস্থিত থকা যোৰহাটৰ ট্ৰেফিক পুলিচ কেইজন কিয় অনিমেষ ভূঞা হত্যাকাণ্ডৰ চৰকাৰী সাক্ষী হ’ব নোৱাৰে৷ চৰকাৰৰ যে সদিচ্ছাৰ অভাৱ সেইদিনাই আমি বুজিছিলো৷ যিদিনাই তত্ত্বাৱধায়ক খোদ গৃহ জিলাৰ মন্ত্ৰী অতুল বৰাই সামন্তীয় ধাৰণা জাপি ‘ভগৱানে কেতিয়াও দোষীক ক্ষমা নকৰে’ বুলি আক্ৰান্ত পৰিয়ালক সান্তনা দিয়াৰ কৌশল প্ৰয়োগ কৰিছিল, তেতিয়াই চৰকাখনৰ দৃষ্টিভংগী স্পষ্ট হৈ গৈছিল যে চৰকাৰখনে অন্যফালে ঘটনাৰ গতি দিব আৰু ই আজি সত্য প্ৰমাণিত হ’ল৷ সাক্ষীৰ অভাৱত আমাৰ ন্যায্যতাৰ পথ বন্ধ কৰাৰ কু-চক্ৰান্তত খোদ চৰকাৰখনেই লিপ্ত হ’ল৷ চৰকাৰী ভুৱা সাক্ষী, ভুৱা গোচৰেৰে হাজাৰ হাজাৰ নিৰপৰাধীৰ জীৱন ধবংস কৰা চৰকাৰখনে দিন-দুপৰতে ৰাজআলিৰ মাজত নিজা ট্ৰেফিক পুলিচৰ চকুৰ সন্মুখত হোৱা হত্যাকাণ্ডৰ সাক্ষীৰ বাবে নিঃস্বৰ্তে অপৰাধীৰ বিধান দিব পৰা মসৃণ পথকো কণ্টকময় কৰা হ’ল৷ কাৰ স্বাৰ্থত এই ভয়ংকৰ হত্যাকাণ্ডৰ বিচাৰ সোপাঢিলা কৰিব খোজা হৈছে? এক্সিডেণ্টেল ডেথ ঘটোৱাই ৰোমাণ্টিক ৰায় দিয়া চৰকাৰ ইয়াতকৈ আগলৈ গৈ বিচাৰ যে নকৰিব তেতিয়াই বুজি উঠি ইয়াৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিলোঁ৷ জীপাল কৃষক শ্ৰমিক সংঘৰ স্পষ্ট দাবী– এই গোচৰ শ্ব’মট’ হোৱাৰ লগতে ঘটনাস্থলীত উপস্থিত থকা চৰকাৰী ট্ৰেফিক পুলিচ কেইজনেই যে বৈধ সাক্ষী, ইয়াক প্ৰতিষ্ঠা কৰি চৰকাৰে সদিচ্চা দেখুৱাওক৷ মৃত অনিমেষৰ  পৰিয়ালৰ যোগ্য এজনক অনতিবিলম্বে চৰকাৰী চাকৰিত মকৰল কৰক৷  চৰকাৰে দিয়া প্ৰতিশ্ৰুতি অনুসৰি প্ত লাখ টকা আদায় দিয়ক৷ আক্ৰান্ত আন দুটা পৰিয়াললৈও প্ত লাখকৈ টকাৰ সাহায্য প্ৰদান কৰক৷ চৰকাৰখনে স্ববিৰোধিতা নীতি বৰ্জন কৰক, ঘঁৰিয়ালৰ চকুলো টুকিয়েই সান্তনা দি দায়সৰা নীতিৰ পৰা বিৰত থাকক৷ জীপালৰ উপদেষ্টা সোণেশ্বৰ নৰহে কয়– চকুৰ আগত দেখিছোঁ ৰাষ্ট্ৰখন অসুস্থ আৰু অৰাজক হৈ পৰিছে৷ সেই অস্থিৰ ৰাষ্ট্ৰখনৰেই বলি হোৱা ব্ৰহ্মপুত্ৰৰ সুযোগ্য প্ৰতিভাধৰ সতীৰ্থ অনিমেষ ভূঞাৰ ন্যায় দিবলৈ চৰকাৰৰ নহ’ল নৈতিক সাহস৷ তথ্যৰ কাৰচাজিৰে অপৰাধীক ৰক্ষণাবেক্ষণৰ দিয়াৰহে গোন্ধ বিয়পি পৰাৰ ইংগিত পোৱা বুলি ব্যক্ত কৰে তেওঁ৷ লগতে জাতীয় সংগঠনসমূহৰ দৃঢ়মনা স্থিতিৰ অভাৱ আৰু ঐক্যবদ্ধ সংগ্ৰামৰ অভাৱৰ সুযোগ লৈ চৰকাৰখনে বিষয়টোৰ বিশেষ গুৰুত্ব দিয়া নাই বুলি জীপাল কৃষক শ্ৰমিক সংঘৰ হৈ পুতুল নৰহ, শ্ৰীমন্ত হাজৰিকা, বিজু চাওতাল আৰু জেহিৰুদ্দিন আহমেদে এটা বিবৃতিত প্ৰকাশ কৰিছে৷