Logo
image

২১ বছৰ হ’লেহে বিয়াত বহিব পাৰিব ছোৱালী

আমাৰ অসম, ১৭ডিচেম্বৰঃ ভাৰতত ছোৱালীৰ বিয়াৰ নূ্যনতম বয়স ১৮ বছৰৰ সলনি ২১ বছৰ হ’ব৷ কেন্দ্ৰীয় মন্ত্ৰীসভাই শেহতীয়াকৈ এই প্ৰস্তাৱত অনুমোদন জনাইছে৷ উল্লেখ্য, কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া এখন উচ্ছ পৰ্যায়ৰ সমিতিয়ে দাখিল কৰা প্ৰতিবেদনত ছোৱালীৰ বিয়াৰ নূ্ন্য়তম  বয়স ১৮ বছৰৰ সলনি ২১ বছৰ কৰাৰ প্ৰস্তাৱ আগবঢ়াইছিল৷ সমতা পাৰ্টীৰ প্ৰাক্তন সভানেত্ৰী জয়া জেটলীৰ নেতৃত্বত গঠন হোৱা সমিতিখনে চলিত মাহৰ আৰম্ভণিতে দাখিল কৰা প্ৰতিবেদনত ছোৱালীৰ বিয়াৰ নূ্যনতম বয়স ১৮১ সলনি ২১ বছৰ কৰাৰ প্ৰস্তাৱটো আগবঢ়াইছিল৷ ইয়াৰ পূৰ্বে যোৱা বছৰ স্বাধীনতা দিৱসৰ ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহিলাসকলক নিজৰ প্ৰতিভা প্ৰকাশৰ সুযোগ দিয়াৰ বাবে বিয়াৰ নূ্যনতম বয়স বৃদ্ধি কৰাৰ বিষয়ে উল্লেখ কৰিছিল৷ প্ৰধানমন্ত্ৰীয়ে কৈছিল– দেশৰ কন্যাসন্তানসকলৰ স্বাস্থ্যক লৈ কেন্দ্ৰীয় চৰকাৰৰ প্ৰায়েই উদ্বেগত থাকিব লগা হয়৷ সেয়ে অপুষ্টিৰ কৱলৰ পৰা ৰক্ষা কৰিবলৈ সঠিক বয়সত তেওঁলোকৰ বিয়া হোৱা উচিত৷’ভাৰতত সম্প্ৰতি ছোৱালীৰ বিয়াৰ নূ্যনতম বয়স ১৮ বছৰ যদিও ইয়াৰ বিপৰীতে ল’ৰাৰ বিয়াৰ নূ্যনতম বয়স কিন্তু ২১ বছৰ৷ কেন্দ্ৰীয় চৰকাৰে ছোৱালীৰ বিয়াৰ বয়স ২১ বছৰ কৰাৰ ক্ষেত্ৰত এখন নতুন আইন অনাৰো পোষকতা কৰিছে৷ তদুপৰি বাল্যবিৱাহ আইন, বিশেষ বিৱাহ আইন আৰু হিন্দু বিৱাহ আইনৰো সংশোধনী অনাৰ বাবে চিন্তা-চৰ্চা চলাইছে কেন্দ্ৰই৷