Logo
image

ভাষাটো নেৰিবা! মুখ্যমন্ত্ৰীৰ হাতত খামুচি পুনৰ ক’লে কবি নীলমণিয়ে

আমাৰ অসম, ১৭ ডিচেম্বৰঃ ‘যিকোনো প্ৰকাৰে সৰ্বোচ্ছ ত্যাগ কৰি হ’লেও ভাষাটোক ধৰি ৰাখিব লাগিব৷ ভাষাটো নাথাকিলে মানুহ নাথাকে৷ মানুহ নাথাকিলে মাটি নাথাকে৷’ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাক হাতত খামুচি ধৰি এই কাতৰ আহ৩ান জনালে জ্ঞানপীঠ বঁটাপ্ৰাপক কাব্যঋষি নীলমণি ফুকনে৷ উল্লেখ্য, জ্ঞানপীঠ বঁটাপ্ৰাপক ফুকনৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে তেওঁক অভিনন্দন জনোৱাৰ বাবে বৃহস্পতিবাৰে দিনৰ প্ৰায়     ১১.৩০ বজাত কবিৰ মালিগাঁও নীলাচলপুৰস্থিত বাসগৃহত উপস্থিত হয় মুখ্যমন্ত্ৰী ড॰ শৰ্মা৷ অসমীয়া ভাষাৰ ভৱিষ্যতক লৈ যথেষ্ট শংকিত কবি ফুকনে মুখ্যমন্ত্ৰী ড॰ শৰ্মাৰে কথা-বতৰা পতাৰ সময়ত অসমীয়া ভাষা ৰক্ষাৰ বাবে কাতৰ আহ্বান জনায়৷ ইয়াৰ পূৰ্বে শিক্ষামন্ত্ৰী ৰণোজ পেগু কাব্যঋষিৰ বাসগৃহত উপস্থিত হোৱাৰ সময়তো অসমীয়া ভাষা ৰক্ষাৰ বাবে কাতৰ আহ৩ান জনাই তেওঁ ফেকুৰি উঠিছিল৷ মুখ্যমন্ত্ৰীক কাষতে পাই যেন যথেষ্ট সাহস পালে ফুকনে৷ মুখ্যমন্ত্ৰীৰ কথাত যেন বহু পৰিমাণে আশ্বস্ত হ’ল তেওঁ৷ দুয়োজনে দীৰ্ঘসময় ধৰি অতি আন্তৰিকভাৱে কথা পাতে৷ এই সাক্ষাতকাৰৰ পিছত মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত কয়– আজি পুৱা মই লক্ষ্ণৌৰ পৰা আহি পালো৷ আহি পাই পোনে পোনে নীলমণি ফুকনৰ ঘৰলৈ আহিলো৷ জ্ঞানপীঠ বঁটা বিজয়ৰ বাবে অসমৰ ৰাইজৰ হৈ তেওঁক অভিনন্দন জনালো৷ তেখেতৰ পৰিয়ালৰ সকলোৰে সৈতে ক্ষন্তেক সময় কটালো৷ এক বিৰল সন্মান তেওঁ জাতিটোৰ বাবে কঢ়িয়াই আনিছে৷ তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছো৷ তেখেতৰ বৌদ্ধিক চিন্তাৰে যাতে অসমৰ আকাশ সদায় উজ্বলি থাকে তাৰ কামনা কৰিছে৷ তেখেতে তিনিখন কিতাপো দিলে মোক৷ বহু পুৰণি কথাও ক’লে৷ নেঘেৰিটিঙৰ দৌল, কামাখ্যা মন্দিৰৰ কথা কৈ বহু পুৰণি স্মৃতি ৰোমন্থন কৰিলে৷ তেখেতৰ সাহিত্যৰ প্ৰকাশ বৰ্তমানো মূৰ্তমান৷ বৰ্তমান স্বাস্থ্য ও ঠিকে আছে তেওঁৰ৷