Logo
image

শ্বীনা জীৱিত, আছে কাশ্মীৰত! চিবিআইক জনালে ইন্দ্ৰাণীয়ে

আমাৰ অসম, ১৭ ডিচেম্বৰঃ পুনৰ শিৰোনামলৈ আহিছে শ্বীনা বৰা হত্যাকাণ্ড৷ ২০১২ চনত দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা  এই হত্যাকাণ্ডৰ মূল অভিযুক্ত শ্বীনাৰ মাতৃ ইন্দ্ৰাণী মুখাৰ্জী এতিয়া কাৰাবন্দী৷ ইয়াৰ মাজতে শেহতীয়াকৈ ইন্দ্ৰাণীয়ে শ্বীনা জীৱিত থকা বুলি দাবী কৰিছে৷ তেওঁৰ মতে জম্মু-কাশ্মীৰত আছে শ্বীনা৷ ইন্দ্ৰাণীয়ে চিবিআইক এক পত্ৰযোগে এই কথা জনায়৷ লগতে তেওঁ জম্মু-কাশ্মীৰত শ্বীনাৰ সন্ধান কৰিবলৈ তদন্তকাৰী সংস্থাটোক আহ্বান জনায়৷ উল্লেখ্য যে কন্যা শ্বীনা  হত্যাকাণ্ডত অভিযুক্ত প্ৰাক্তন  মিডিয়া এক্সজিকিউটিভ ইন্দ্ৰাণী মুখাৰ্জী ২০১৫ চনৰ অক্টোবৰ মাহত গ্ৰেপ্তাৰ হয়৷ তেতিয়াৰে পৰা তেওঁৰ ঠিকনা মুম্বাইৰ বাইকুল্লা কাৰাগাৰ৷ যোৱা মাহত বোম্বে উচ্ছ ন্যায়ালয়ে ইন্দ্ৰাণীৰ জামিন আবেদন খাৰিজ কৰে৷ চিবিআইলৈ লিখা পত্ৰত ইন্দ্ৰাণী মুখাৰ্জীয়ে জনায় যে কিছুদিন পূৰ্বে কাৰাগাৰত তেওঁৰ সৈতে এগৰাকী মহিলাই সাক্ষাৎ কৰিবলৈ আহে৷ উক্ত মহিলাগৰাকীয়ে শ্বীনা যে জীয়াই আছে সেই বিষয়ে তেওঁক অৱগত কৰে৷ পত্ৰখনত ইন্দ্ৰাণীয়ে লগতে জনায় মহিলাগৰাকীয়ে শ্বীনাক নিজ চকুৰে কাশ্মীৰত দেখিছে৷  পত্ৰৰ উপৰিও ইন্দ্ৰাণীয়ে এই সন্দৰ্ভত চিবিআইৰ বিশেষ আদালতত আবেদন জনাইছে৷ অচিৰেই এই আবেদনৰ শুনানি হ’ব বুলি জানিব পৰা গৈছে৷ স্মৰ্তব্য যে ২০১২ চনৰ মে’ মাহত মহাৰাষ্ট্ৰৰ ৰায়গড়ৰ জংঘলত উদ্ধাৰ হয় বাকচ বন্দী এটা অগ্নিদগ্ধ  মানৱদেহৰ অৱশিষ্ট৷ সেই সময়ত বিষয়টোৱে বিশেষ গুৰুত্ব নাপালেও পৰৱৰ্তী সময়ত সেয়া  ইন্দ্ৰাণী মুখাৰ্জীৰ কন্যা শ্বীনা বৰাৰ মৃতদেহৰ অৱশিষ্ট আছিল বুলি জানিব পৰা যায়৷ হত্যাৰ পাছত শ্বীনাৰ মৃতদেহ উক্ত জংঘলত জ্বলাই দিয়া হৈছিল৷ ইয়াৰ তিনি বছৰৰ পাছত ২০১৫ চনত অন্য এটা গোচৰৰ তদন্তকালত  চাঞ্চল্যকৰ এই হত্যাকাণ্ডটো পোহৰলৈ আহে৷ ইয়াৰ পাছতে শ্বীনা বৰা হত্যাকাণ্ডক লৈ দেশজুৰি সৃষ্টি হয় তুমুল আলোড়নৰ৷ পৰৱৰ্তী সময়ত তদন্তকাৰী আৰক্ষীয়ে জানিব পাৰে যে ইন্দ্ৰাণীৰ প্ৰথম পক্ষৰ সন্তান আছিল শ্বীনা৷ গুৱাাহাটীত নিজৰ পিতৃ-মাতৃৰ সৈতে কন্যা শ্বীনা বৰা  আৰু পুত্ৰ মিখাইলক ৰাখিছিল ইন্দ্ৰাণীয়ে৷ অৱশ্যে পুত্ৰ-কন্যাৰ সৈতে ইন্দ্ৰাণীয়ে কোনো সম্পৰ্ক ৰখা নাছিল৷ পাছত মিডিয়া বেৰণ পীটাৰ মুখাজ¹ৰ সৈতে ইন্দ্ৰাণীয়ে তৃতীয় বিয়াত বহা বুলি খবৰ পাই মাতৃৰ সন্ধানত মুম্বাইলৈ আহে শ্বীনা৷ আচৰিত যে নিজৰ অতীত জীৱনক গোপনে ৰাখিবলৈ বিচাৰিছিল ইন্দ্ৰাণীয়ে৷ সেয়ে কন্যা শ্বীনাক অইনৰ আগত তেওঁ ভগ্নী বুলি পৰিচয় কৰাই দিছিল৷ পৰৱৰ্তী সময়ত পীটাৰ মুখাৰ্জীৰ পুত্ৰ ৰাহুলৰ সৈতে সম্পৰ্ক হয় শ্বীনাৰ৷ তদন্তকাৰীৰ মতে হয়তো শ্বীনাই ইন্দ্ৰাণীক ব্লেকমেইল কৰিবলৈ আৰম্ভ কৰিছিল৷ সেয়ে ইন্দ্ৰাণীয়ে  পথৰ কাঁইট আঁতৰোৱাৰ প্ৰচেষ্টা আৰম্ভ কৰিছিল৷ ২০১২ চনত হঠাতে শ্বীনা নিৰুদ্দেশ হৈ পৰে৷ আৰক্ষীৰ মতে উক্ত বছৰৰে ২৪ এপ্ৰিলত শ্বীনাক শ্বাসৰুদ্ধ কৰি হত্যা কৰা হয়৷ এই হত্যাকাণ্ডত প্ৰত্যক্ষভাৱে জড়িত আছিল ইন্দ্ৰাণী মুখাৰ্জী, তেওঁৰ প্ৰাক্তন স্বামী সঞ্জীৱ খান্না আৰু গাড়ীচালক শ্যাম ৰাই৷ ২০১৫ চনৰ আগষ্টত আগ্নেয়াস্ত্ৰৰ এক গোচৰ সন্দৰ্ভত আৰক্ষীৰ জালত পৰে গাড়ীচালক শ্যাম ৰাই৷ আৰক্ষীয়ে গাড়ীচালক শ্যাম ৰাইক জেৰা চলাওতে পোহৰলৈ আহে শ্বীনা বৰা হত্যাকাণ্ডৰ সমস্ত ঘটনা৷ যেন কেঁচু খান্দোতে ওলাই পৰে সাপ৷  হত্যাকাণ্ডটোৰ মূল অভিযুক্তৰূপে নাম সাঙোৰ খাই পৰে শ্বীনাৰ মাতৃ ইন্দ্ৰাণী মুখাৰ্জী আৰু পীটাৰ মুখাৰ্জীৰ৷ তেওঁলোকক গ্ৰেপ্তাৰ কৰা হয়৷ ৪ বছৰ কাৰাগাৰত থকাৰ পাছত শাৰীৰিক অৱস্থাজনিত কাৰণত পৰৱৰ্তী সময়ত আদালতে পীটাৰ মুখাৰ্জীৰ জামিন মঞ্জৰ কৰে৷ উল্লেখ্য যে পূৰ্বেও ইন্দ্ৰাণী মুখাৰ্জীয়ে শ্বীনাৰ হত্যাকাণ্ড সংঘটিত হোৱা নাছিল  বুলি আদালতত দাবী কৰিছিল৷ এইবাৰ পুনৰ ইন্দ্ৰাণীয়ে চিবিআইক পত্ৰযোগে শ্বীনা জীৱিত অৱস্থাত জম্মু-কাশ্মীৰত লুকাই থকা বুলি দাবী কৰিছে৷ অৱশ্যে তদন্তকাৰীয়ে ইন্দ্ৰাণীৰ এই দাবীক বিশ্বাসত লোৱা নাই৷ কিয়নো পূৰ্বে একাধিকবাৰ দেশ কঁপোৱা হত্যাকাণ্ডটোৰ তদন্ত বিপথে পৰিচালিত কৰাৰ অপচেষ্টাত লিপ্ত হৈছিল শ্বীনা হত্যাৰ মূল অভিযুক্ত ইন্দ্ৰাণী মুখাৰ্জী৷