Logo
image

থাৰ্টী ফাষ্টৰ্ত সুৰাপায়ীয়ে চলোৱা গাড়ীতো নুঠিব!

মুখ্যমন্ত্ৰীৰ সকীয়নি

আমাৰ অসম, ১৭ডিচেম্বৰঃ এইবাৰ ৩১ ডিচেম্বৰৰ নিশা সুৰাপান কৰি কোনেও গাড়ী চলাব নোৱাৰিব৷ পুনৰবাৰ এই কথা সকীয়াই দিলে স্বয়ং ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত ৩১ ডিচেম্বৰ সন্দৰ্ভত কঠোৰ স্থিতি প্ৰদৰ্শন কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয়– এইবাৰ সুৰাপান কৰা লোকে ৩১ ডিচেম্বৰৰ নিশা গাড়ী চলাব নোৱাৰিব৷ ৩১ ডিচেম্বৰত কোনোবাই পাৰ্টী কৰক, অনুষ্ঠান কৰক তাত মোৰ কোনো আপত্তি নাই৷ কিন্তু গাড়ী চলোৱা মানুহজন মদ নোখোৱা হ’ব লাগিব৷ যদি মদ খোৱা ড্ৰাইভাৰৰ গাড়ীত কোনোবা উঠে তেন্তে গাড়ীখনত থকা গোটেইকেইজন সেই নিশাৰ বাবে আমাৰ অতিথি হ’ব লাগিব৷ লকআপত নহয়, আমাৰ অতিথি হিচাপে থাকিব লাগিব৷ ভাল ঠাইতে ৰাখিম তেওঁলোকক৷ পুৱা তেওঁলোকক যাবলৈ দিয়া হ’ব৷ ৩১ ডিচেম্বৰৰ নিশা প্ৰতিবাৰে বহু লোকৰ মৃত্যু হয় দুৰ্ঘটনাত৷ সেইকাৰণে এইবাৰ আৰক্ষীক স্পষ্টভাৱে কোৱা হৈছে যে গাড়ীৰ আৰোহী যি অৱস্থাত বা যেনেকৈ থাকে কথা নাই৷ কিন্তু ড্ৰাইভাৰজন মদ নোখোৱা হ’ব লাগিব৷ যদি মদ খোৱা ড্ৰাইভাৰক লৈ গাড়ীত যায় তেতিয়া গাড়ীত উঠা গোটেইকেইজন সেইনিশা আমাৰ লগত নিউ ইয়াৰ্ছ কটাব লাগিব৷ ৰঙা ঘৰত নহয়, অতিথিশালাত ৰখা হ’ব তেওঁলোকক৷ আমাৰ লগত একেলগে থাকিব লাগিব৷’উল্লেখ্য, ইয়াৰ পূৰ্বেও এই সন্দৰ্ভত কঠোৰ সকীয়নি বাৰ্তা দিছিল মুখ্যমন্ত্ৰীয়ে৷