Logo
image

তেজৰ গ্ৰুপ ‘০’? মহৰ কামোৰৰ পৰা সাৱধান

মহৰ পৰাই ডেংগু, মেলেৰিয়া, আদিৰ দৰে মাৰাত্মক ৰোগৰ সৃষ্টি হয়৷ সাধাৰণতে গ্ৰীষ্মকালৰ সময়ছোৱাত মহৰ প্ৰকোপ বৃদ্ধি পায়৷ কিন্তু বাৰমাহেই মহৰ আক্ৰমণৰ বলি হ’ব লগা হয়৷ বিশেষকৈ দূষিত পৰিৱেশত, বন্ধ জলাশয় আদিত মহৰ বংশবৃদ্ধি ঘটে৷ আচৰিত যেন লাগিলেও সঁচা যে তেজৰ গ্ৰুপ যাৰ ‘০’, তেওঁ সহজেই মহৰ আক্ৰমণৰ লক্ষ্য হৈ পৰে৷ অৰ্থাৎ তেজৰ অন্য গ্ৰুপৰ তুলনাত ‘০’ গ্ৰুপৰ লোকক মহে সহজেই কামোৰে৷ মহে বিভিন্ন ধৰণৰ বেমাৰৰ বীজাণু বিয়পাই দিয়ে৷ যাৰ ফলত নানাধৰণৰ ৰোগৰ সৃষ্টি হয়৷ মহ খেদাৰ বাবে বিভিন্ন ধৰণৰ ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা হয় যদিও তাৰ মাজতো কিছুমান লোকক মহে বেছিকৈ কামোৰে৷ যুক্তৰাষ্ট্ৰৰ কেলিফ’ৰ্ণিয়াৰ ইউ চি ডেভিছ ইউনিৰ্ভাচিটীৰ এদল গৱেষকে কৰা গৱেষণাত পোহৰলৈ আহিছে যে মহৰ একধৰণৰ পছন্দৰ ৰাসায়নিক উপাদান আছে৷ কোনো লোকৰ শৰীৰত মহৰ প্ৰিয় এই ৰাসায়নিক উপাদান বেছি পৰিমাণে থাকে৷ যাৰ বাবে সেই ধৰণৰ লোকৰ প্ৰতি সহজেই আকৃষ্ট হয়৷ মানুহৰ শৰীৰৰ গোন্ধ আৰু নিশ্বাসত নিগ্ৰত কাৰ্বনডাই অক্সাইডৰ জৰিয়তে মহ আকৃষ্ট হয়৷ আনহাতে মানুহৰ ছালত থকা লেকটিক এচিদৰ পৰা গোন্ধ ওলায়৷ এই লেকটিক এচিদৰ গোন্ধ পাই মহ মানুহৰ কাষ চাপে৷ এক দীঘলীয়া গৱেষণাত পোহৰলৈ আহিছে যে যিসকলৰ তেজৰ গ্ৰুপ ‘০’ সেই সকলক মহে বেছিকৈ কামোৰে৷ আনহাতে যিসকল শৰীৰ অতিৰিক্ত মেদযুক্ত, যাৰ নিয়মীয়াকৈ মদ্যপানৰ অভ্যাস আছে বা গৰ্ভৱতী নাৰীকো মহে আনৰ তুলনাত সহজতে কামোৰে৷