Logo
image

পৌৰভোটৰ পাছতে পুনৰ উপনিৰ্বাচন

মুখ্যমন্ত্ৰীৰ ঘোষণা

আমাৰ অসম, ১৮ ডিচেম্বৰ ঃ পৌৰ ভোটৰ পাছতে ৰাজ্যত অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন৷ শুকুৰবাৰে এই কথা সদৰী কৰে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ ইতিমধ্যে পৌৰ ভোট মিত্ৰদল অগপৰ সৈতে খেলিব বুলিও স্পষ্ট কৰি দিছে মুখ্যমন্ত্ৰীজনে৷ যদিওবা বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা সমন্বিতে কেইবাজনো শীৰ্ষ নেতাই দাবী কৰি আছিল পৌৰ নিৰ্বাচন অকলে খেলাৰ কথা৷ এনে বিষয়ক লৈ ব্যাপক চৰ্চা অব্যাহত থকাৰ সময়তে মুখ্যমন্ত্ৰী শৰ্মাই পৌৰ ভোটৰ পাছতে ৰাজ্যত উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব বুলি স্পষ্ট কৰি দিয়ে৷ মুখ্যমন্ত্ৰী শৰ্মাই ৰাজ্যৰ একাধিক সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হোৱাৰ ইংগিত দিয়ে৷ তেওঁ দাবী কৰা মতে বিৰোধীৰ একাধিক বিধায়কে অচিৰেই বিজেপিত যোগদান কৰিব৷ মুখ্যমন্ত্ৰী শৰ্মাই শুকুৰবাৰে সংবাদ মাধ্যমৰ আগত কয়– বিৰোধী বিধায়ক বিজেপিলৈ আহিয়েই থাকিব৷ পৌৰ নিগম-পৌৰ সভাৰ নিৰ্বাচনত বিজেপিক কোনেও হৰুৱাব নোৱাৰে৷ বিজেপিক হৰুওৱাৰ কথা চিন্তা কৰি লাভ নাই৷ বিজেপি এতিয়া শ্ৰেষ্ঠ ৰাজনৈতিক দল৷ যিজনে বিজেপিৰ বিৰুদ্ধে বেছিকৈ কয় সেইজনেই আহি বিজেপিত যোগ দিয়ে৷ সন্মুখত গ’লকীপাৰ নাই৷ বিজেপিয়ে এতিয়া কেৱল গ’ল দিব৷ মাজুলীত উপ-নিৰ্বাচন আছে৷ তাত কিমান ভোটৰ হাৰিব তাৰ হিচাপ কৰি তত্‌ নাপাব৷ বিৰোধীৰ আৰু বহু বিধায়ক বিজেপিত যোগদান কৰিব৷ এতিয়া কথা হৈছে বাৰে বাৰে নিৰ্বাচন অনুষ্ঠিত কৰি থাকিলে মানুহে বেয়া পায়৷ উপ-নিৰ্বাচন মাজুলীত হ’ব৷ গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন, পৌৰ সভাসমূহৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পাছত পাতি থাকিব লাগিব উপ-নিৰ্বাচন৷ মুখ্যমন্ত্ৰী শৰ্মাৰ বক্তব্যত এই কথা স্পষ্ট হৈ পৰিছে যে বিৰোধী শিবিৰৰ একাধিক বিধায়কে বিজেপিত যোগ দিবলৈ সাজু হৈছে৷ এইখিনিতে প্ৰশ্নৰ উদ্ৰেক হৈছে কোন কোন বিৰোধী বিধায়কে বিজেপিত যোগ দিব পাৰে? ইতিমধ্যে তিতাবৰৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱাই বিজেপিৰে যোগাযোগ অব্যাহত ৰখা বুলি সংবাদ মাধ্যমত সবিস্তাৰে প্ৰকাশ পাইছে৷ বিজেপিৰ একাধিক দলীয় সভাতো উপস্থিত আছিল বিধায়কজন৷ একেদৰে কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলীৰো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে সুসম্পৰ্ক থকা বুলি কংগ্ৰেছৰ অভ্যন্তৰত ব্যাপকভাৱে চৰ্চিত হৈ আহিছে৷ বৰাকৰ এজন আৰু নামনিৰ এজন কংগ্ৰেছ বিধায়কেও বিজেপিত যোগ দিবলৈ সাজু হোৱাৰ কথা ৰাজনৈতিক মহলৰ সকলোৰে অৱগত৷ মুখ্যমন্ত্ৰী শৰ্মাই ইংগিত দিয়াৰ দৰে যদি কথাবোৰ সঁচা হয় তেনেহ’লে ৰাজ্যত আৰু ৩-চ্ছ্ৰটা সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব পাৰে৷ আজিৰ তাৰিখত কেৱল মাজুলী সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া হৈ আছে৷