Logo
image

মিছ ৱল্ডৰ্ বাতিল

এগৰাকীৰ পাছত আনগৰাকী সুন্দৰী আক্ৰান্ত

আমাৰ অসম, ১৮ ডিচেম্বৰঃ কৰ’নাৰ বাবে ‘মিছ ৱল্ডৰ্ ২০২১’ প্ৰতিযোগিতা স্থগিত ৰখা হৈছে৷ প্ৰতিযোগী আৰু আয়োজক মণ্ডলীৰ এটা বৃহৎ অংশ কৰ’নাত আক্ৰান্ত হোৱাৰ বাবেই সম্প্ৰতি এই বিশ্বসুন্দৰী প্ৰতিযোগিতাখন স্থগিত ৰখা বুলি জানিব পৰা গৈছে৷ উল্লেখ্য যে, ‘মিছ ৱল্ডৰ্ ২০২১’ত ভাৰতক প্ৰতিনিধিত্ব কৰা মানসা বাৰাণসীও আক্ৰান্ত হৈছে কৰ’নাত৷ ভাৰতৰ হৈ তেলেংগানাৰ পৰা যোৱা মানসাৰ লগতে প্ৰতিযোগিতাখনিত ভাগ লোৱা আন ১৭গৰাকী সুন্দৰী প্ৰতিযোগীৰ দেহতো ধৰা পৰিছে কৰ’নাৰ অৱস্থিতি৷ যাৰ পৰিপ্ৰেক্ষিতত বিশ্বসুন্দৰী প্ৰতিযোগিতাখনিৰ আয়োজক মণ্ডলীয়ে তাৎক্ষণিকভাৱে এই প্ৰতিযোগিতা স্থগিত ৰখাৰ কথা ঘোষণা কৰে৷ জানিব পৰামতে অহা ৯০দিনৰ ভিতৰত প্ৰতিযোগিতাখনি পুনৰ আৰম্ভ হ’ব৷ উল্লেখ্য যে, ২০২০ চনত মিছ ইণ্ডিয়াৰ মুকুট অৰ্জন কৰিছিল মানসাই৷ প্ৰতিযোগিতাখনিত বিশ্বৰ বিভিন্ন দেশৰ পৰা ভাগ লোৱা ১৭ গৰাকী প্ৰতিযোগীৰ উপৰিও আয়োজক মণ্ডলীৰ কেইবাজনো কৰ্মকৰ্তা কৰ’নাত আক্ৰান্ত হোৱাত প্ৰতিযোগী, অন্যান্য কৰ্মকৰ্তাসকল আৰু বিশেষকৈ সমবেত হ’ব লগা দৰ্শকৰ স্বাস্থ্যৰ স্বাৰ্থতে ‘মিছ ইণ্ডিয়া ২০২১’ স্থগিত ৰখাৰ কথা ঘোষণা কৰা হয়৷ উল্লেখ্য যে শেহতীয়াকৈ ‘ব্ৰহ্মাণ্ড সুন্দৰী’ অৰ্থাৎ ‘মিছ ইউনিভাৰ্ছ’ প্ৰতিযোগিতাৰ মুকুট জয় কৰিবলৈ সক্ষম হৈছিল ভাৰত কন্যা হাৰনাজ সান্ধুৱে৷ সুদীৰ্ঘ ২১ বছৰৰ পাছত হাৰনাজে ভাৰতলৈ এই খিতাপ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷ ইয়াৰ পূৰ্বে ১৯৯৪ত সুস্মিতা সেন আৰু ২০০০ চনত লাৰা দত্তই ‘ব্ৰহ্মাণ্ড সুন্দৰী’ৰ খিতাপ অৰ্জন কৰিছিল৷ ‘মিছ ৱল্ডৰ্ ২০২১’তো মানসা বাৰাণসীক লৈ আশাবাদী হৈ আছিল দেশবাসী৷ কিন্তু কৰ’নাৰ বাবে শুকুৰবাৰে হঠাৎ আয়োজক মণ্ডলীয়ে প্ৰতিযোগিতাখনি স্থগিত ৰাখে৷