Logo
image

জেকছন নিহত সংগঠনো শেষ

আমাৰ অসম, ১৮ ডিচেম্বৰঃ মাত্ৰ কেইজনমান লোকৰ এটা সংগঠন৷ সংগঠনটোৰ জন্মও হৈছিল কিছুদিন পূৰ্বেহে মাত্ৰ৷ নিজকে কাৰ্বি ডেম’ক্ৰেটিক লিবাৰেশ্বনফ্ৰণ্ট বুলি দাবী কৰা সংগঠনটোৰ স্বয়ম্ভূ সেনাধ্যক্ষজন শুকুৰবাৰে আৰক্ষীৰ গুলীত নিহত হোৱাৰ লগে লগে ইয়াৰ অস্তিত্বও নাইকিয়া হৈ পৰে৷ অভিযানৰ সময়ত আৰক্ষীয়ে সংগঠনটোৰ ওচৰত থকা একমাত্ৰ মাৰণাস্ত্ৰ পিষ্টল এটা জব্দ কৰে৷ ধনদাবী, গঁড় হত্যা, অপহৰণ আদিৰ সৈতে জড়িত আছিল নিজকে উগ্ৰপন্থী সংগঠন বুলি দাবী কৰা সংগঠনটোৰ লোককেইজন৷ উল্লেখ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ দিশে থকা কাৰ্বি আংলং জিলাত আজি পুৱতি নিশা আৰক্ষী আৰু কাৰ্বি উগ্ৰপন্থী সংগঠন কে ডি এল পিৰ মাজত লগা সংঘৰ্ষত অধ্যক্ষ জেকচন ৰংহাঙৰ মৃত্যু হয়৷ মৃত উগ্ৰপন্থীজনৰ পৰা আগ্নেয়াস্ত্ৰ আৰু গুলী উদ্ধাৰ হয় পুৱতি নিশা পাহাৰীয়া জিলাখনৰ ৰংবঙৱে আৰক্ষী থানাৰ অধীনত বিবিয়া ক্ৰ গাঁৱত আৰক্ষী আৰু উগ্ৰপন্থী সংগঠনটোৰ এটা দলৰ সৈতে সংঘৰ্ষ হয়৷ সংঘৰ্ষত কাৰ্বি উগ্ৰপন্থী সংগঠন কে ডি এল পিৰ অধ্যক্ষ জেকচন ৰংহাঙৰ মৃত্যু হয়৷ ইফালে ৰংবঙৱে আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জীৱন মাৰাকে জানিবলৈ দিয়া মতে যোৱা ১১ ডিচেম্বৰত ৰংবঙৱে আৰক্ষী থানাৰ এলেকা কাঠ তেৰণ আৰু বিবিয়া তেৰণ গাঁৱৰ মাজত এখন দলং নিৰ্মাণ কৰি থকা মিস্ত্ৰীক কোকৰাঝাৰ নিবাসী চন্দন কুমাৰ দে নামৰ এজন কৰ্মীক সন্দেহজনক উক্ত সংগঠনটোৰ সদস্যই অপহৰণ কৰি নিছিল যদিও ৰংবঙৱে আৰক্ষীয়ে ১৪ ডিচেম্বৰত আহত অৱস্থাত তেওঁক উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ অপহৰণ কৰা লোকজনক দুষ্কৃতিকাৰীয়ে চোকা অস্ত্ৰৰে দেহৰ কেইবাঠাইত আঘাত কৰাত বৰ্তমান আহত লোকজন গুৱাহাটীত চিকিৎসাধীন হৈ থাকিবলগা হৈছে৷ ইফালে এই অপহৰণ ঘটনাত উগ্ৰপন্থীৰ দলটো জড়িত থকাৰ সন্দেহ কৰি ৰংবঙৱেৰ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখে৷ আজি পুৱতি নিশাটো উগ্ৰপন্থীৰ দলটো বিবিয়া ক্ৰ গাঁৱত বাহৰ পাতি থকাৰ কথা জানিব পাৰি ৰংবঙৱে আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত এটা আৰক্ষীৰ দল উক্ত গাঁৱত উপস্থিত হৈ অভিযান চলাওতে দুয়ো পক্ষৰ মাজত সংঘৰ্ষ হোৱাত সন্দেহজনক সংগঠনঅধ্যক্ষ জেকচন ৰংহাঙৰ মৃত্যু হয়৷ আৰক্ষীয়ে সংঘৰ্ষ স্থলিৰ পৰা এটা পিস্তল, ৩ জাই সজীৱ আৰু ২টা খালী কাৰ্টিজ উদ্ধাৰ কৰে ৷ মৃত জেকচনৰ সৈতে আৰু তিনিজন সদস্য আছিল৷ আৰক্ষীয়ে পলাতক আন সদস্যৰ বিৰুদ্ধে অভিযান চলাই আছে৷ উল্লেখ্য পূৰ্বে পাহাৰীয়া জিলাখনৰ ভিতৰুৱা ৰংবঙৱে এলেকাত আৰক্ষী বা কোনো অৰ্ধ সামৰিক বাহিনীৰ লোক নথকাৰ সুযোগ লৈ উগ্ৰপন্থীয়ে হত্যা, অপহৰণ, ধন দাবী আদিৰে এক সন্ত্ৰাস সৃষ্টি কৰি আহিছিল যদিও বৰ্তমান ৰংবঙৱেত চৰকাৰে স্থায়ীভাৱে আৰক্ষী থানা স্থাপন কৰি আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনী নিয়োগ কৰাত পূৰ্বৰ তুলনাত পৰিস্থিতি উন্নত হৈছে আৰু শান্তিৰে ৰাইজে জীৱন অতিবাহিত কৰিবলৈ সক্ষম হৈছে৷ আজিৰ ঘটনাৰ পৰা স্পষ্ট হ’ল যে কাৰ্বি আংলং জিলাত যেন উগ্ৰপন্থী সংগঠনৰ অন্ত নপৰিব৷ নিত্য নতুন উগ্ৰপন্থী সংগঠনৰ জন্ম লৈ আছে পাৰ্বত্য জিলাখনত৷ বিগত নৱেম্বৰ মাহত কাৰ্বি আংলং জিলাৰ ছটাকৈ উগ্ৰপন্থী সংগঠনৰ সৈতে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে নতুন দিল্লীত শান্তি চুক্তি স্বাক্ষৰ কৰাৰ পাছত জিলাখনত উগ্ৰপন্থাৰ শেষ হোৱা বুলি ধাৰণা কৰা হৈছিল যদিও পুনৰ এটা অখ্যাত উগ্ৰপন্থী সংগঠনৰ জন্ম হয় জিলাখনত৷