Logo
image

বৰছলাৰ চৰকাৰী ভূমি উচ্ছেদত স্থগিতাদেশ

আমাৰ অসম, ১৮ ডিচেম্বৰ ঃ বৰছলাৰ উচ্ছেদ অভিযানত স্থগিতাদেশ জাৰি কৰিছে গুৱাহাটী উচ্ছ ন্যায়ালয়ে৷ ৩৪৫টা পৰিয়ালে দাখিল কৰা লেখ আৱেদনৰ ভিত্তিত ৰুজু কৰা গোচৰৰ শুনানি গ্ৰহণ কৰি বুধবাৰে এই ৰায় দিয়ে উচ্ছ ন্যায়ালয়ে৷ ২০২২ চনৰ ২ ফেব্ৰুৱাৰীপৰ্যন্ত শোণিতপুৰৰ বৰছলাত উচ্ছেদ নকৰিবলৈ নিৰ্দেশ দিছে উচ্ছ ন্যায়ালয়ে৷ বৰছলা সমষ্টিৰ অন্তৰ্গত এক নং বছাশিমলু আৰু ৩নং চিতলমাৰী গাঁৱত উচ্ছেদ চলোৱাৰ নিৰ্দেশ দিছিল ৰাজ্য চৰকাৰে৷ ১৫ নৱেম্বৰত ঢেকীয়াজুলি চক্ৰ বিষয়াই উচ্ছেদৰ জাননী জাৰি কৰিছিল৷ এমাহৰ ভিতৰত আঁতৰি নগ’লে উচ্ছেদ চলোৱা হ’ব বুলি উল্লেখ কৰিছিল প্ৰশাসনে৷ এই জাননী লাভৰ পাছত হাহাকাৰ লাগিছিল বৰছলা সমষ্টিৰ অন্তৰ্গত ঢেকীয়াজুলি ৰাজহ চক্ৰৰ অন্তৰ্গত চৰ-চাপৰিত বাস কৰা লোকসকলৰ মাজত৷ ৩০ দিনৰ সময়সীমা বান্ধি ৩নং চিতলমাৰী আৰু ৰনং বছাশিমলু নামৰ গাঁও দুখনৰ বেদখলকাৰী মাটি এৰি দিবলৈ নিৰ্দেশ দিছিল৷ এনে নিৰ্দেশ পোৱাৰ পাছতে একাংশ বেদখলকাৰী গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল৷ বেদখলকাৰীসকলৰ আৱেদনৰ ভিত্তিত ৰুজু হোৱা গোচৰৰ শুনানি গ্ৰহণ কৰি মাটি এৰিবলৈ বান্ধি দিয়া সময়সীমা উকলি যাবলৈ কেইটামান ঘণ্টা বাকী থকাৰ সময়তে উচ্ছ ন্যায়ালয়ে বৰছলা সমষ্টিত বেদখল উচ্চেদত স্থগিতাদেশ জাৰি কৰে৷ উল্লেখ্য, কিছুদিন পূৰ্বে দৰঙৰ গৰুখুটিত চলিছিল উচ্ছেদ অভিযান৷ উচ্ছেদক লৈ একাংশ উচ্ছেদিতৰ সৈতে আৰক্ষী-প্ৰশাসনৰ খণ্ডযুদ্ধ লাগিছিল৷ আৰক্ষীৰ গুলীত নিহত হৈছিল এজন বেদখলকাৰী৷ উক্ত ঘটনাক লৈ দেশৰ বাহিৰে-ভিতৰে হৈছিল প্ৰতিক্ৰিয়া-প্ৰতিবাদ৷ উক্ত ঘটনাক লৈ মানৱ অধিকাৰ আয়োগে নিজববীয়াকৈ ৰুজু কৰিছিল গোচৰ৷