Logo
image

শেষ হাঁহি তেজপুৰৰ শিক্ষকৰ

ৰাষ্ট্ৰীয় পুৰস্কাৰৰ পৰা ৰঙাঘৰলৈ...

আমাৰ অসম, ১৮ ডিচেম্বৰঃ ৰাষ্ট্ৰীয় পুৰস্কাৰৰ পৰা ৰঙাঘৰৰ অন্ধকাৰ কুঠৰীলৈ৷ এক বিচিত্ৰ যাত্ৰা৷ ঘাত-প্ৰতিঘাত-সংঘাতেৰে পৰিপূৰ্ণ এই যাত্ৰাৰ এক বিশেষ পৰ্যায়ত অৱশেষত শেষ হাঁহি মাৰিবলৈ সক্ষম হ’ল তেজপুৰৰ এজন শিক্ষকে৷ কৃতী শিক্ষকৰ ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক এই শিক্ষকজনৰ নাম বকুল বৰা৷ শুকুৰবাৰে তেজপুৰত অনুষ্ঠিত এখন সংবাদমেলত নিজৰ জীৱনৰ দুখ-দুৰ্দশা বৰ্ণনা কৰি উচুপি উঠে শিক্ষকজনে৷ সমান্তৰালভাৱে ঘোষণা কৰে এক কোটি টকাৰ মানহানি গোচৰ তৰাৰ কথা– অসম চৰকাৰ আৰু এটা স্বেচ্ছাসেৱী সংগঠনৰ বিৰুদ্ধে৷ শুকুৰবাৰে দিনৰ ১১বজাত তেজপুৰৰ তৰুণ অসম সংঘত শিক্ষক বকুল বৰাই এই বিষয়ে এক সংবাদ মেল আয়োজন কৰি সবিশেষ জনোৱাৰ লগতে তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ কোনো উপযুক্ত তথ্য নথকা সত্ত্বেও তেওঁ কেনে এক পৰিস্থিতিৰ সন্মুখীন হৈছিল সেই বিষয়ে সবিশেষ প্ৰকাশ কৰে৷ এজন সমাজকৰ্মী হিচাপেও বিশেষভাৱে পৰিচিত শিক্ষকজনে সংবাদ মেলত প্ৰকাশ কৰা অনুসৰি– ২০১২ত গহপুৰৰ এগৰাকী যুৱতীৰ পৰিয়ালৰ অনুৰোধমৰ্মে শিক্ষক বৰাই যুৱতীগৰাকীক তেওঁৰ তেজপুৰৰ বাসভৱনত ৰাখি স্বাৱলম্বিতাৰ বাবে কাপোৰ চিলোৱাৰ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছিল৷ এনে সময়তে অবিৱাহিত যুৱতীগৰাকীয়ে অনাকাংক্ষিতভাৱে গৰ্ভধাৰণ কৰে৷ শিক্ষক বকুল বৰা সেই সময়ত শিশু কল্যাণ সমিতিৰ এজন সদস্য আছিল৷ সেইসূত্ৰে তেওঁ এই বিষয়ে শিশু কল্যাণ সমিতিক জনায় আৰু সমিতিৰ পৰামৰ্শ অনুসৰি, মাতৃ আৰু জন্ম হ’বলগীয়া শিশুৰ সুৰক্ষা আৰু ভৱিষ্যতৰ স্বাৰ্থত নগাঁৱৰ স্বেচ্ছাসেৱী সংগঠন ছ’চাইটী অৱ টোটেল ছ’চিয়েল এডুকেশ্বন এণ্ড ইক’নমিক্‌ছ চমুকৈ ‘ছফট্‌চিড’ কতৃৰ্পক্ষক সবিশেষ জনায়৷ আলোচনামৰ্মেই তেজপুৰৰ বাৰহলীয়াত থকা ছফট্‌চিডৰ আশ্ৰয়ত ৰখাৰ ব্যৱস্থা কৰা হয় যুৱতীগৰাকীক৷ স্বেচ্ছাসেৱী সংস্থাটোৱে কেন্দ্ৰীয় চৰকাৰৰ গৃহ আঁচনিৰ অধীনত মাতৃক ভৰণপোষণ দি তেওঁৰ সুৰক্ষিত প্ৰসৱৰ ব্যৱস্থা কৰি দিয়ে৷ এইক্ষেত্ৰত সংস্থাটোৰ সঞ্চালক সুৰেন্দ্ৰ কুমাৰ বৰঠাকুৰে সকলো সুবিধা প্ৰদানৰ আশ্বাস দিছিল৷ প্ৰথম অৱস্থাত ঠিকেই আছিল যদিও পাছত অন্তঃসত্ত্বা যুৱতীগৰাকীৰ ভৰণপোষণ আৰু চিকিৎসা ব্যয়ৰ বাবে বৰঠাকুৰে বকুল বৰাক পাঁচ লাখ টকা আদায় দিবলৈ কয়৷ ইয়াৰ মাজতে ২০১৩ৰ ২৭ জুলাইত যুৱতীগৰাকীক তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আৰু ৩১ জুলাইত যুৱতীগৰাকীয়ে এটি পুত্ৰ সন্তান জন্ম দিয়ে৷ ইয়াৰ পাছতে সৃষ্টি হয় এক অকল্পনীয় পৰিস্থিতিৰ৷ সেই নৱজাতকৰ পিতৃ বকুল বৰা বুলি অভিযোগ অনাৰ লগতে তেওঁৰ বিৰুদ্ধে ২০১৩ চনৰ ছয় আগষ্টত ছফট্‌চিডৰ তৰফৰ পৰা তেজপুৰ সদৰ থানাত এজাহাৰ দাখিল কৰা হয়৷ বকুল বৰাই দাবী কৰা মতে, ইয়াৰ পূৰ্বে তেওঁক বৰঠাকুৰে পুনৰ পাঁচলাখ টকা দাবী কৰাৰ উপৰি যুৱতীগৰাকীক পত্নী হিচাপে গ্ৰহণ কৰি সামাজিক স্বীকৃতি দিবলৈ হেঁচা দিছিল৷ বকুল বৰাক ছফট্‌চিডৰ সঞ্চালক বৰঠাকুৰে বিভিন্ন ভাবুকি দিয়া বুলিও দাবী কৰি বৰাই কয় যে তেজপুৰ সদৰ আৰক্ষী থানাত ৰুজু হোৱা ৯৮১/১৩নম্বৰ গোচৰ অনুসৰি তেজপুৰ আদালতত গোচৰ চলি থাকে আৰু অভিযুক্ত বকুল বৰাৰ আবেদনমৰ্মে আদালতৰ নিৰ্দেশত গুৱাহাটীৰ ফৰেনচিক লেবৰেটৰীৰ দ্বাৰা ডি এন এ পৰীক্ষা কৰোৱা হয়৷ বৰাৰ মতে, ২০১৪ ৰ ২৫জুলাইত ডি এন এ পৰীক্ষাৰ ফলাফল ওলায় আৰু এই পৰীক্ষাত বকুল বৰা যুৱতীগৰাকীৰ সন্তানৰ পিতৃ নহয় বুলি স্পষ্ট হৈ পৰে৷ কিন্তু ইয়াৰ পাছত বকুল বৰাৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ ৰুজু কৰা হয়– যিটো এজাহাৰত উল্লেখ নাছিল৷ তদুপৰি যুৱতীগৰাকীৰ স্বাস্থ্য পৰীক্ষাও কৰোৱা হোৱা নাছিল৷ বলাৎকাৰৰ কোনো প্ৰমাণ নাছিল৷ বকুল বৰাই বলাৎকাৰ কৰা বুলিও কোনো প্ৰমাণ সিদ্ধ হোৱা নাছিল৷ তৎসত্ত্বেও পাঁচ বছৰৰ অন্তত তেজপুৰৰ আদালতে বকুল বৰাক দোষী সাব্যস্ত কৰে আৰু তেওঁক ১২বছৰৰ সশ্ৰম কাৰাদণ্ডৰ লগতে তিনিলাখ টকা জৰিমনা বিহে৷ তেজপুৰৰ আদালতৰ এই ৰায়ৰ বিৰুদ্ধে বকুল বৰা গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ দ্বাৰস্থ হয়৷ বকুল বৰাৰ আৱেদনৰ ভিত্তিত ৰুজু কৰা গোচৰ [নম্বৰ চিআৰএলএয৩১৪/২০১৮] অনুসৰি গুৱাহাটী উচ্ছ ন্যায়ালয়ে ২০১৯ ৰ  ১৮জুলাইত বকুল বৰাক দোষমুক্ত ঘোষণা কৰাৰ লগতে যুৱতীগৰাকীৰ ক্ষেত্ৰত বকুল বৰাই গ্ৰহণ কৰা ব্যৱস্থাৰ প্ৰশংসাহে কৰে– বৰাৰ দাবী৷ ইতিমধ্যে বকুল বৰাই ১১ মাহ তেজপুৰস্থিত কাৰাগাৰত সশ্ৰম কাৰাদণ্ড ভোগ কৰিবলগীয়া হয়৷ উল্লেখ্য যে, যুৱতীগৰাকীয়ে আন এজন যুৱকৰ সৈতে তেওঁৰ সম্পৰ্ক গঢ়ি উঠাৰ বাবেই তেওঁ অন্তঃসত্ত্বা হোৱা বুলি লিখিতভাৱে প্ৰকাশ কৰিছিল৷ এই সমস্ত ঘটনাক্ৰমৰ বিষয়ে প্ৰকাশ কৰি সংবাদমেলত আৱেগিক হৈ পৰা বকুল বৰাই কয় যে, এনে ভয়ংকৰ অপবাদ আৰু তেওঁ সন্মুখীন হোৱা পৰিস্থিতিত তেওঁৰ সামাজিক জীৱন আৰু পৰিয়াল ধবংস হৈ গ’লহেঁতেন৷ অসীম ধৈৰ্য আৰু তেওঁৰ পৰিয়ালৰ তেওঁৰ প্ৰতি থকা বিশ্বাস আৰু ন্যায়পালিকাৰ সুবিচাৰৰ বাবেহে তেওঁ ৰক্ষা পৰিল বুলি প্ৰকাশ কৰি বৰাই আৰু কয় যে তেওঁ কিছুদিন ছফট্‌চিড নামৰ এনজিঅ’টোৰ সৈতে জড়িত হৈছিল আৰু সেইসূত্ৰে এনজিঅ’টোৰ সঞ্চালক সুৰেন্দ্ৰ কুমাৰ বৰঠাকুৰে বিশ্বনাথত এনজিঅ’টোৱে চলাই থকা ১০খন বিছনাযুক্ত চিকিৎসালয়খনৰ চোৱা-চিতাৰ দায়িত্ব ল’বলৈ বৰাক অনুৰোধ কৰিছিল আৰু কেন্দ্ৰীয় চৰকাৰৰ জনজাতি কল্যাণ মন্ত্ৰণালয়ৰ পৰা ৬২লাখ টকা আদায় কৰিব বিচাৰিছিল৷ এই বিষয়ে এনজিঅ’টোৰ বছৰেকীয়া বিত্তীয় প্ৰতিবেদনতো উল্লেখ আছিল যদিও প্ৰকৃততে চিকিৎসালয়খনৰ অস্তিত্বই নাছিল বুলি দাবী কৰি বকুল বৰাই লগতে কয় যে বৰ্তমানে সেই অবিৱাহিতা মাতৃগৰাকীক তেওঁৰ পিতৃ-মাতৃয়ে ঘৰলৈ ওভতাই নিব বিচাৰিছে যদিও শিশু কল্যাণ মন্ত্ৰণালয়ৰ আইন ভংগ কৰি তিনি বছৰৰ পৰিৱৰ্তে তেওঁক আঠ বছৰ কাল ছফট্‌চিডতে ৰখা হৈছে৷ তদুপৰি, সামাজিক মাধ্যম ফেচবুকতো শিশু সুৰক্ষা আইন ভংগ কৰি প্ৰচাৰ চলোৱাৰ অভিযোগ তুলি বকুল বৰাই সংবাদমেলত কয় যে তেওঁ ইতিমধ্যে ছফটচিড আৰু ৰাজ্য চৰকাৰৰ গৃহ বিভাগৰ বিৰুদ্ধে তেজপুৰৰ আদালতত এক কোটি টকাৰ মানহানি গোচৰ তৰিছে৷ ইপিনে এই সন্দৰ্ভত ছফটচিডৰ সঞ্চালক বৰঠাকুৰে কয় যে তেওঁ যদি বৰাক ধন দাবী কৰিছিলেই, তেনেহ’লে তেওঁ ইমানদিনে এই কথা প্ৰকাশ কৰা নাছিল কিয়? ২০০৮ ৰ পৰাই শোণিতপুৰত ছফটচিডে সুচাৰুৰূপে কাম কৰি থকা বুলি উল্লেখ কৰি বৰঠাকুৰে কয় যে এইপৰ্যন্ত ছফটচিডে আদালতৰ পৰা জাননী লাভ কৰা নাই৷ ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত শিক্ষকৰ কাৰাৰুদ্ধ জীৱনৰ আঁৰৰ কাহিনীয়ে স্বাভাৱিকতে তীব্ৰ চাঞ্চল্য আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে– যি কাহিনী শুকুৰবাৰে নিজমুখে সাংবাদিকক বৰ্ণনা কৰে বকুল বৰা নামৰ শিক্ষকজনে৷