Logo
image

নিউছাউথ ৱেলছৰ মনোমোহা পৰ্যটন ক্ষেত্ৰ

বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি ‘ব্লু মাউণ্টেইন’ [Bule Mountain] হ’ল অষ্ট্ৰেলিয়াৰ নিউ ছাউথ ৱেলছ ৰাজ্যখনৰ এখন ৰোমাঞ্চকৰ পৰ্যটন ক্ষেত্ৰ৷ ছিডনী চহৰৰ পৰা এই পৰ্যটন ক্ষেত্ৰখনৰ দূৰত্ব হ’ল প্ৰায় ১০০ কিলোমিটাৰ আৰু ৰে’ল নাইবা গাড়ীত সময় লাগে দুঘণ্টা৷ এই পৰ্যটন ক্ষেত্ৰখন হ’ল ৩০০ মিলিয়ন বছৰৰ পূৰণি  ক্ষয়প্ৰাপ্ত বালিয় শিলেৰে গঠিত এখন বিশাল বনাঞ্চল৷ এই ৰাষ্ট্ৰীয় উদ্যানখন বিশেষভাৱে এই কাৰণেই চৰ্চিত যে ইয়াত আছে গভীৰ বৰ্ষাৰণ্য, থিয় ক্ষয়প্ৰাপ্ত শিলৰ পাহাৰ, গৰ্গ [Gorge] অৰ্থাৎ থিয় পাহাৰৰ মাজে মাজে ব্যপি থকা সুৰুকীয়া বাট, খৰস্ৰোতা জলপ্ৰপাত, গুহা আদিৰ লগতে বিভিন্ন ধৰণৰ জীৱ-জন্তু, চৰাই-চিৰিকটি, সৰীসৃপ, পোক-পৰুৱা আদি৷ উল্লেখযোগ্য যে অষ্ট্ৰেলিয়াত উপলব্ধ হোৱা বন্য-্‌প্ৰাণীবোৰ আনবোৰ মহাদেশৰ পৰা কিছু পৃথক৷ আমাৰ ইয়াত নথকা  কেংগেৰু, প্লেটিপাছ, মিৰকেৰ্ট, পেংগুইন, ৱমবেটছ আদি জন্তুবোৰ অষ্ট্ৰেলিয়াৰ প্ৰধান বন্যপ্ৰাণী৷ এই বনাঞ্চলখন প্ৰসিদ্ধ হোৱাৰ আন এটা কাৰণ হ’ল বনাঞ্চলখন সকলো সময়তে ডাঠ নীলা ৰঙৰ বোল দি অংকন কৰা চিত্ৰ এখনৰ দৰে দেখা পোৱা যায়৷ এই মোহনীয় ডাঠ নীলা ৰংটোৰ বাবেই এক সুকীয়া কৃতিত্ব লাভ কৰি বনাঞ্চলখনে ‘ব্লু মাউণ্টেইন’ নামেৰে প্ৰসিদ্ধ হৈ পৰিছে৷ ছিডনী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞানৰ অধ্যাপক হেৰি মেছেলে [Harre Missel] আগবঢ়োৱা সূত্ৰ মতে ৰে’লাই স্কেটাৰিং নামৰ পৰিঘটনা এটাৰ বাবেই বনাঞ্চলখনক ডাঠ  নীলা ৰঙেৰে বোল দি থোৱা যেন দেখা পোৱা যায়৷ এই পৰিঘটনাটো হ’ল বায়ুমণ্ডলত থকা ধূলি আৰু জলীয় বাষ্পৰ কণাবোৰত সূৰ্যৰ ৰশ্মি পৰিলে বাকি ৰঙবোৰ শুহি থৈ কেৱল নীলা ৰংটো প্ৰতিফলিত কৰে বাবেই আমাৰ চকুৱে বনাঞ্চলখনক নীলা দেখা পায়৷ এই বনাঞ্চলখনত আছে অসংখ্য ইউকেলিপটাছ গছ৷ ইয়াত প্ৰায় ৬০০ বিধমান প্ৰজাতিৰ ইউকেলিপটাছ গছ আছে৷ এই ইউকেলিপটাছ গছবোৰে বতাহত এৰি দিয়া ক্ষুদ্ৰ ক্ষুদ্ৰ তেলৰ কণিকাবোৰত সূৰ্যৰ ৰশ্মি পৰিলে বাকী ৰঙবোৰ শুহি  লৈ কেৱল নীলা ৰঙটো বিচ্ছুৰিত কৰে বাবেই বনাঞ্চলখনক নীলা দেখা যায়৷ ভূতত্ববিদসকলৰ মতে ইয়াৰ পাহাৰবোৰ, ১৭০ মিলিয়ন বছৰৰ পূৰ্বে পৃথিৱীৰ অভ্যন্তৰত হোৱা প্ৰচণ্ড তাপ আৰু চাপত সৃষ্টি হোৱা৷ বতাহ, বৰষুণত এই শিলৰ পাহাৰবোৰ ক্ষয়প্ৰাপ্ত হৈ বৰ্তমানৰ ৰূপ পাইছে আৰু পাহাৰবোৰক এক সুকীয়া বৈশিষ্ট্য প্ৰদান কৰিছে৷ বনাঞ্চলখনৰ কটাম্বু নামৰ ঠাইখনত থকা  সুন্দৰ নিৰীক্ষণ কেন্দ্ৰটোৰ পৰা জেনিছন ভেলি নামৰ এই সমগ্ৰ উপত্যকাটো .ডাঠ নীলা ৰঙৰ প্ৰলেপ দি অংকন কৰা এখন দৃষ্টিনন্দন চিত্ৰ যেন অনুভৱ হয়৷ এই নিৰীক্ষণ কেন্দ্ৰটোৰ পৰা কাটম্বু নামৰ খৰস্ৰোতা মনোৰম জলপ্ৰপাতটোৰ লগতে তিনিটা গছ-বন নথকা টকলা শিলৰ পাহাৰ ওচৰা-ওচৰিকৈ থিয় হৈ থকা দেখা পোৱা যায়৷ স্থানীয় এবৰিজিনেল লোকসকলে এই পাহাৰ তিনিটাক মেহনী [Mehni] উইমলাহ [Wimlah] আৰু গুন্নেদু [Gunnendo] নামেৰে উল্লেখ কৰে৷ তেওঁলোকৰ মাজত প্ৰচলিত জনশ্ৰুতি মতে পূৰ্বতে এই পাহাৰ তিনিটা গুণদুনগুৰা নামৰ গাঁওখনৰ তিনিগৰাকী দীপলিপ গাভৰু আছিল৷ ওচৰৰে দাৰোগ নামৰ গাঁও এখনৰ যুৱক এজনে ছোৱালীকেইজনীৰ সৌন্দৰ্যত মুগ্ধ হৈ বিয়া কৰাবৰ বাবে গুণদুনগুৰা নামৰ গাঁওখন আক্ৰমণ কৰাত সাম্ভাব্য বিপদৰ পৰা ছোৱালীকিজনীক ৰক্ষা কৰাৰ উদ্দেশ্যৰে গাঁওখনৰ কুৰাদজুৰ অৰ্থাৎ পুৰোহিতজনে ছোৱালীজনীক সাময়িকভাৱে মন্ত্ৰৰ বলেৰে তিনিটা পাহাৰলৈ ৰূপান্তৰ কৰি থয়৷ দুৰ্ভাগ্যক্ৰমে পুৰোহিতজনে যুদ্ধত প্ৰাণ হেৰুৱাত ছোৱালীকেইজনী পাহাৰ হৈয়ে থাকি যাবলগীয়া হ’ল৷ এই গোটেই অঞ্চলটো পূৰ্বতে এবৰিজিনেল লোকসকলৰ বাসস্থান আছিল৷ বৰ্তমান কাটম্বুত ‘ৱাৰদাহ’ নামৰ এবৰিজিনেল লোকসকলৰ এটা সাংস্কৃতিক কেন্দ্ৰ আছে৷ এই সাংস্কৃতিক কেন্দ্ৰটোত পৰ্যটকসকলে এবৰিজিনেল লোকসকলৰ কলা-কৃষ্টি, নৃত্য-গীত আদি উপভোগ কৰিব পৰাৰ ব্যৱস্থা কৰা হৈছে৷ কাটম্বু নিৰীক্ষণ কেন্দ্ৰটোৰ পৰাই পৰ্যটকসকলে ৰ’প-ৱে, ৰে’লপথ নাইবা পদপথেৰে বনাঞ্চলখনত প্ৰৱেশ কৰি ইয়াৰ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্য আৰু অপৰূপ জৈৱ-বৈচিত্ৰ্যৰ অভিজ্ঞতা ল’ব পাৰে৷ ইয়াৰ ৰ’প-ৱেৰ বাহনসমূহৰ তলিখন স্বচ্ছ আইনা দি নিৰ্মাণ কৰা হৈছে, যাতে ৰ’পৱেদি ভ্ৰমণ কৰোতে ভ্ৰমকাৰীসকলে তলৰ আইনাৰ মাজেদি জীৱ-জন্তুবোৰক অসুবিধা নিদিয়াকৈ প্ৰাকৃতিক পৰিৱেশত বিচৰণ কৰি থকা চাই তৃপ্তি ল’ব পাৰে৷ বনাঞ্চলৰ মাজত চলাচল কৰা ৰে’ল পথবোৰ পৃথিৱীৰ ভিতৰতে থিয়-চাপৰ৷ এই ৰে’লপথেৰে বনাঞ্চলখনৰ মাজত কৰা ভ্ৰমণ অতিশয় শিহৰণকাৰী, দেহ-মন উদ্বেলিত কৰা৷ বননীখনৰ মাজে মাজে আছে সুুৰুকীয়া পদপথ৷ এই পদপথবোৰৰ থায়ে থায়ে আছে ওলমা দলং৷ দেশ-বিদেশৰ প্ৰকৃতিপ্ৰেমী পৰ্যটকসকলে এই সুৰুকীয়া পদ পথবোৰেদি বনাঞ্চলখনৰ অভ্যন্তৰত  প্ৰৱেশ কৰি বিচিত্ৰ জীৱ-জন্তু, চৰাই-চিৰিকটী, সৰীসৃপ আদি চাই বিমুগ্ধ হোৱাৰ উপৰি এইবোৰৰ ওপৰত গৱেষণাও চলায়৷ 

নিৰীক্ষণ কেন্দ্ৰটোৰ গাতে লাগি আছে এখন পৰিষ্কাৰ-পৰিচ্ছন্ন উপবন৷ এই উপবনখনৰ ঠায়ে ঠায়ে নিৰ্মাণ কৰি থোৱা আছে গুহাৰ দৰে পকাৰ কিছুমান ঘৰ৷ এই ঘৰবোৰৰ ভিতৰত নিৰ্মাণ কৰা আছে পকাৰ চকী-মেজ আৰু বস্তু গৰম কৰাৰ ব্যৱস্থা৷    পৰ্যটকসকলে এই গুহাৰ ঘৰবোৰত জিৰণী লোৱাৰ উপৰি লগত কঢ়িয়াই নিয়া বস্তু গৰম কৰি খাব পাৰে৷ কাটুম্বু নামৰ নিৰীক্ষণ কেন্দ্ৰটোৰ পৰা ৪০ কিলোমিটাৰ মান সুন্দৰ মসৃণ পথেৰে আগুৱাই গ’লে বনাঞ্চলখনৰ আন এটা অংশত থকা জেনলেন নামৰ মনোৰম ঠাইখনত আছে কিছুমান প্ৰকাণ্ড গুহা৷ এই গুহাবোৰৰ কিছুমানৰ ভিতৰত দোকান-পোহাৰো আছে৷ চূণ-শিলৰ পাহাৰবোৰত পৰা বৰষুণৰ পানী ভূগৰ্ভত সোমাই চূনশিলবোৰ দ্ৰবীভূত কৰাৰ ফলত এই গুহাবোৰৰ সৃষ্টি হৈছে৷ কাটুম্বৰ পৰা জেনেলেনলৈ যোৱাৰ পথচোৱা অতিশয় সুন্দৰ, নিৰ্জন আৰু জনবসতি একেবাৰে পাতল৷ পথচোৱাৰ মাজে মাজে পোৱা যায় বৃহৎ বৃহৎ ডায়েৰী ফাৰ্ম আৰু ৱাইনেৰি৷

ছিডনীৰ ওচৰৰ আন এখন মনোৰম পৰ্যটন ক্ষেত্ৰ হ’ল নিউকেষ্টল নামৰ সৰু চহৰখনৰ ওচৰৰ নেলছন বে নামৰ উপসাগৰখন৷ এই উপসাগৰখনৰ এঠাইত আছে প২১্ট ষ্টিফেন্স নামৰ অনিন্দ্য সুন্দৰ অত্যাধুনিক জাহাজ বন্দৰটো৷ এই উপসাগৰখন বটল ব্লু’জ প্ৰজাতিৰ ডলফিনৰ বাসভূমি৷ ইয়াত আছে বহু সংখ্যক এই প্ৰজাতিৰ ডলফিন৷ ইহঁতৰ প্ৰাপ্তবয়ষ্ক একোটাৰ দৈঘ্যৰ্ ২-প্ত মিটাৰ মান আৰু ওজন হয় ২০০ কিলোগ্ৰামৰ ওচৰা ওচৰি৷ ইহঁতৰ আয়ুস কাল প্ৰায় ৪০ বছৰ৷ ডলফিনে মানুহৰ সংগত থাকি ভাল পায়৷ প’ৰ্ট ষ্টিফেন্স নামৰ জাহাজ বন্দৰটোৰ পৰা সৰু সৰু জাহাজত উঠি সাগৰৰ মাজত ডলফিনৰ খেল উপভোগ কৰাৰ আনন্দই সুকীয়া৷ এই উপসাগৰখন কিছু শান্ত৷ সাগৰৰ উত্তাল তৰংগ নাই৷ ইয়াৰ সৰু সৰু জাহাজবোৰ পাছৰফালে জালেৰে একোটা সৰু পুখুৰী নিৰ্মাণ কৰি থোৱা থাকে, যিবোৰত পৰ্যটকসকলে সাগৰৰ মাজত গৈ সাদুৰি আনন্দ ল’ব পাৰে৷ এই সাগৰখনৰ পাৰত থকা বিলাসী ৰিজৰ্টসমূহত নিশা যাপন কৰি ৰাতি জোনৰ পোহৰে টোৱাই জলমলাই ৰখা সাগৰখনৰ মন মতলীয়া কৰা মায়াবী দৃশ্য উপভোগ কৰিব পৰা যায়৷ পৰ্ট ষ্টিফেন্সৰ ওচৰতে আছে ফিংগল স্প’ট ৰ্নামৰ নিৰীক্ষণ কেন্দ্ৰ এটা৷ এই কেন্দ্ৰটোৰ পৰা সাগৰত তিমি মাছৰ জলকেলি উপভোগ কৰিব পৰা যায়৷ তিমি মাছবোৰ মাজে মাজে সাগৰৰ পৃষ্ঠ ভাগলৈ উঠি আহি ফোঁৱাৰৰ দৰে পানী এৰি দিয়ে৷ একো একোটা পূৰ্ণবয়ষ্ক তিমি মাছৰ ওজন ৪০০ টন পৰ্যন্ত হয় আৰু দীঘলে হয় প্ৰায় ১৭  মিটাৰ৷ ফিংগল স্প’ৰ্টৰ কাষতে আছে ‘টমাৰি নেশ্বনেল পাৰ্ক’ নামৰ বৃহৎ ৰাষ্ট্ৰীয় উদ্যানখন ৷ ইয়াত বিভিন্ন প্ৰজাতিৰ জীৱ-জন্তু, চৰাই-চিৰিকটি আৰু সৰীসৃপ আছে৷ এই ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰা চৰাই-চিৰিকটিৰ লগতে সৰু-বৰ কেংগেৰুবোৰে ওচৰতে থকা ‘ড্ৰেডিড গ্ৰাহাম গ’লফ কমপ্লেক্স’খন চৰিবলৈ ওলাই আহে৷ নিমজ ঘাঁহনিৰে আগুৰি থকা পৰিষ্কাৰ-পৰিচ্ছন্ন মনোৰম গ’লফ ফিল্ডখনত সোণত সুৱগা চৰোৱাদি চৰি থকা বনৰীয়া কেংগেৰুবোৰক গ’Œফফিল্ডখনৰ বেটাৰিযুক্ত গাড়ীৰে ভ্ৰমণ কৰি নিচেই কাষৰ পৰা চাব পৰা যায়৷ কেংগেৰুবোৰৰ পেটত থকা মোনাটোৰ পৰা অকন অকন পোৱালীবোৰে মূৰ উলিয়াই চাই থকাৰ দৃশ্য অতিশয় মোহনীয়৷ 

ক্ৰিকেট  অনুৰাগীসকলৰ বাবে ছিডনী চহৰৰ পৰা প্ৰায় ১৬০ কিঃমিঃ দূৰত্বত আছে ব’ৰাল নামৰ এখন সুন্দৰ পৰ্যটন ক্ষেত্ৰ৷ এই ঠাইখনতে আছে বিশ্ব বন্দিত ক্ৰিকেট খেলৱৈ ডন ব্ৰেডমেনৰ ঘৰ৷ ক্ৰিকেট হ’ল অষ্ট্ৰেলিয়াৰ অতি প্ৰিয় খেল আৰু ডন ব্ৰেডমেন আছিল তেওঁলোকৰ নয়নৰ মণি৷ মৰমতে তেওঁক সকলোৱে ‘ডন’ বুলি মাতিছিল৷ ক্ৰিকেটৰ এই মহানায়কজনৰ নামত ব’ৰালত আছে ‘ইণ্টাৰনেশ্বনেল ক্ৰিকেট হ’ল অব ফ্ৰেম’ নামৰ এটা সুন্দৰ মিউজিয়াম আৰু মিউজিয়ামটোৰ গাতে লাগি আছে এখন চালে চকুৰোৱা অত্যাধুনিক ক্ৰিকেট ষ্টেডিয়াম৷ এই মিউজিয়ামটোত দেখিবলৈ পোৱা যায় ব্ৰেডমেনৰ ক্ৰিকেট জীৱনৰ সকলোবোৰ সামগ্ৰী, কাপ-বঁটা, সন্মানপত্ৰ, মেডেল আদি৷ তাৰোপৰি আছে ব্ৰেডমেনেৰ ওপৰত প্ৰকাশিত দেশ-বিদেশৰ বিভিন্ন গ্ৰন্থ, আলোচনী আদি৷ মিউজিয়ামটোত পৰ্যটকসকলে স্মাৰক হিচাপে কিনি নিব পৰাকৈ ব্ৰেডমেনৰ স্বাক্ষৰ কৰা নাইবা ফটো সম্বলিত বিভিন্ন সামগ্ৰী পোৱা যায়৷ ষ্টেডিয়ামখনৰ পথটোৰ সিপাৰেই আছে ব্ৰেডমেৰ পূৰ্বৰ বাসস্থানটো৷ অসম আৰ্হিৰ এই ঘৰটো কোনোধৰণৰ সালসলনি নঘটোৱাকৈ পূৰ্বৰ দৰেই আটোমটোকাৰিকৈ সংৰক্ষণ কৰা আছে৷ 

ছিডনী চহৰৰ কাষতে থকা ইতিহাস  প্ৰসিদ্ধ আন এটা পৰ্যটন ক্ষেত্ৰ হ’ল সাগৰৰ মাজত শতদলৰ দৰে থকা ক’কাটু নামৰ শিলাময় মনোৰম দ্বীপটো৷ ভাৰতৰ আন্দামান নিকোবৰ দ্বীপপুঞ্জ আন্দামানত থকাৰ দৰে নিউ ছাউথ ৱেলছ ৰাজ্যখন ব্ৰিটিছৰ উপনিৱেশ হৈ থাকোতে এই দ্বীপটোতো নিৰ্মাণ কৰিছিল এখন কুখ্যাত কাৰাগাৰ৷ এই কাৰাগাৰখনৰ সৰু সৰু শিলৰ কুঠৰিবোৰত হাত-ভৰি লোহাৰ শিকলিৰে বান্ধি ৰখা হৈছিল কুখ্যাত অপৰাধীসকলক৷ ছিডনী হাৰ্বাৰৰ সমীপতে আছিল যদিও দ্বীপটোৰ কেউকাষে থকা  পানীভাগৰ বাবে তালৈ যোৱাতো সহজসাধ্য নাছিল৷ এই পানী ভাগত আছিল হাংগৰ, অক্টোপাছৰ দৰে হিংস্ৰ সাগৰৰ প্ৰাণী৷ এই দ্বীপটোত থকা ক’কাটু নামৰ ভাটৌ জাতীয় চৰাইবিধৰ বাবেই দ্বীপটোৰ নাম ক’কাটু হয়৷ ইয়াত বন্দী কৰি ৰখা কুখ্যাত অপৰাধীসকলৰ ওপৰত কৰা হৈছিল অৱৰ্ণনীয় অত্যাচাৰ৷ কাৰাগাৰখনৰ ঠৈক শিলৰ কুঠৰিবোৰত বিলীন হৈ আছে কাৰাবন্দীসকলৰ হৃদয় পৰশা কাহিনী আৰু হা হুমনিয়াহ৷ কাৰাগাৰখনৰ উপৰি ইংৰাজীসকলে ইয়াত প্ৰতিষ্ঠা কৰিছিল এটা জাহাজ নিৰ্মাণৰ কাৰখানা৷ বৰ্তমান এই সকলোবোৰ সংৰক্ষণ কৰি ৰখা হৈছে আৰু দ্বীপটো  সজাই-পৰাই এখন আকৰ্ষণীয় পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তুলিছে৷ ইয়াত সৰু সৰু শিলৰ কুঠৰিবোৰৰ উপৰি আছে কাৰাবন্দীসকলৰ হতুৱাই শিল কাটি নিৰ্মাণ কৰোৱা সুৰংগৰ দৰে শস্যৰ ভঁড়াল৷ বিষয়া-কৰ্মচাৰীৰ বাসগৃহ আদি৷ এই সকলোবোৰ সামৰি বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছে সুন্দৰ সুন্দৰ টেণ্ট হাউচ৷ 

এনেদৰে অষ্ট্ৰেলিয়াত আছে অসংখ্য সুন্দৰ সুন্দৰ পৰ্যটন ক্ষেত্ৰ, যিবোৰ সজাই-পৰাই সকলোবোৰ সু-সুবিধাৰে সমৃদ্ধ কৰি ৰখা হৈছে৷ 

ফোন ঃ ৯৪৩৫৭-৩৩৮৪০