বিদেশী পৰ্যটকৰ অসম প্ৰীতি
ভাৰতৰত্ন ড॰ ভূপেন হাজৰিকাই ৰচিছিল– অসম আমাৰ ৰূপহী গুণৰো নাই শেষ, ভাৰতৰে পূৰ্ব দিশত সূৰ্য উঠা দেশ৷ পৰ্যটনৰ পটভূমিত যদি আমি অসম মূলুকৰ কথা ক’বলৈ যাওঁ, তেন্তে ইয়াত থকা পৰ্যটনৰ সম্ভাৱনীয়তা যে অপৰিসীম তাত কোনো সন্দেহৰ অৱকাশ নাই৷ ক’ভিড অতিমাৰীৰ প্ৰভাৱত আমাৰ পৰ্যটন উদ্যোগটো স্তব্ধ হোৱাৰ পাছত এতিয়া পুনৰ মূৰ দাঙি উঠিছে, পৰ্যটকসকলে পুনৰ নিজৰ অৱসৰ বিনোদনৰ বাবে পৰিকল্পনা কৰিছে৷ বিদেশী পৰ্যটকসকলেও পুনৰ নিজৰ ভ্ৰমণৰ পৰিকল্পনাসমূহ অৱগত কৰা আৰম্ভ কৰিছে৷ অসমকে কেন্দ্ৰ কৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ এতিয়া পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু, বহু বিদেশী পৰ্যটকে একাধিকবাৰ অসম ভ্ৰমণ কৰি ইয়াৰ প্ৰাণ-প্ৰাচুৰ্যৰে ভৰা মনোমোহা সৌন্দৰ্য, বাৰেৰহণীয়া কৃষ্টি, সংস্কৃতি, লোকাচাৰ, চহকী ইতিহাস আদিৰ প্ৰেমত পৰিছে৷ আজি কিছুবছৰ ধৰি বিদেশী পৰ্যটকসকলৰ লগত পৰ্যটন সংক্ৰান্তীয় বিভিন্ন ভ্ৰমণ তথা আন আন আনুষংগিক কামত জড়িত থাকি এটা কথা উপলব্ধি কৰিছো যে তেওঁলোকে হাই-উৰুমি, কোলাহলৰ পৰা আঁতৰি থাকি নিজৰ অৱসৰ বিনোদনৰ সময়খিনি সুন্দৰভাৱে অতিবাহিত কৰিব খোজে৷ এনে ভালেমান বিদেশী পৰ্যটককো লগ পাইছোঁ যি আনকি নিজৰ অৱসৰ বিনোদনৰ দিনকেইটাত ম’বাইল, ইণ্টাৰনেট তথা আন আন গণ-মাধ্যম সংযোগ সমূহৰ পৰাও সম্পূৰ্ণৰূপে নিজক বিচ্চিন্ন কৰি ৰাখিব খোজে৷
বিদেশী পৰ্যটকসকলে অসম ভ্ৰমণ কৰি অনাবিল আনন্দ লভি এক মধুৰ স্মৃতি লৈ উভতি যোৱাৰ মূলতে আছে অসমবাসীৰ অকৃত্ৰিম অতিথি পৰায়ণতা৷ নিউজীলেণ্ডৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড॰ জন মুনিনে তেওঁৰ জন্মস্থান চাবুৱা ভ্ৰমণ কৰিবলৈ আহি মোক কৈছিল, ‘The way your part of the world thrills me, it is not the same in case of the other part of India I visitedজ্ব the green surroundings, the warm hospitality of the people, just invigorates me.’ [তোমালোক বসবাস কৰা ভাৰতবৰ্ষৰ এই ঠাইখনে মোক যেনেদৰে আপ্লুত কৰে, তেনেদৰে মই ভ্ৰমণ কৰা ভাৰতৰ আন আন ঠাইসমূহে মোক এনেকৈ মোহিত কৰা মনে নধৰে৷ সকলোফালে সেউজীয়া সুশোভিত সৌন্দৰ্য, মানুহৰ উদাৰতা, আতিথ্য আদিয়ে মন-প্ৰাণ পুলকিত কৰি তোলে৷]
মোক বহুতেই প্ৰশ্ন কৰে, বিদেশী পৰ্যটকসকলে অসমলৈ আহি প্ৰকৃততে কি বিচাৰে? ক’ত থাকি, কি চাই, খাই ভাল পায়? তেওঁলোকৰটো খাদ্যাভাস, সাজপাৰ আদি আমাৰ লগত নিমিলে, তেন্তে এই পৰ্যটকসকলে অসমৰ পৰিৱেশৰ লগত খাপ খাবলৈ অসুবিধা নাপাইনে? এনে বহু ধৰণৰ কৌতুহলসূচক বহু প্ৰশ্নৰে সন্মুখীন হৈছো আৰু বহুক্ষেত্ৰত আমোদজনকভাৱে উত্তৰ দিয়াৰো চেষ্টা কৰিছো৷
বিদেশী পৰ্যটকসকলে অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানাহ, শিৱসাগৰ, মাজুলী, গুৱাহাটীৰ বিভিন্ন ঐতিহ্যমণ্ডিত স্থান আদি পৰিদৰ্শন কৰি অতিশয় আনন্দিত হোৱাৰ লগতে কিছু নতুন স্থানো ভ্ৰমণ কৰাৰ ইচ্চা প্ৰকাশ কৰে৷ আজি কিছু মাহৰ ভিতৰতে পৰ্যটনৰ সম্ভাৱনীয়তা থকা গ্ৰাম্য আৰু সমূহীয়া পৰ্যটনৰ লগত জড়িত বহুকেইটা পৰ্যটনস্থলী অসমৰ বিভিন্ন স্থানত নিৰ্মাণ হৈছে৷ সেই স্থলীসমূহলৈও বিদেশী পৰ্যটকসকলক আনি অসমৰ পৰ্যটনৰ এক নতুন আমেজ দিয়াৰ প্ৰয়োজন আছে৷
বৰ্তমান অসমৰ পৰ্যটন উদ্যোগটোৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ সংযোজন হৈছে নদী পৰ্যটন [River Tourism]৷ মই ভালে কেইবছৰমান নদী পৰ্যটনৰ লগত জড়িত থাকি ব্ৰহ্মপুত্ৰ, হুগলী আৰু গংগাৰ বুকুত চলাচল কৰা কেইখনমান বিলাসী জাহাজত বিশ্বৰ বিভিন্ন প্ৰান্তৰ বিদেশী পৰ্যটকসকলৰ লগত কিছু সময় কটোৱাৰ সৌভাগ্য হৈছিল৷ মহাবাহু ব্ৰহ্মপুত্ৰত গুৱাহাটীৰ পৰা আৰম্ভ কৰি যোৰহাটৰ নিমাতীঘাট পৰ্যন্ত এই যাত্ৰাপথত পৰ্যটকসকলে নদীৰ দাঁতি কাষৰীয়া গাঁওবোৰ ভ্ৰমণ কৰি অসমৰ গ্ৰাম্য জীৱনৰ এক সুন্দৰ আভাস পাবলৈ সক্ষম হয়৷
বিদেশী পৰ্যটকৰ লগত থকা মোৰ এটা অতি বিৰল অভিজ্ঞতা হৈছে কলম্বিয়া বিশ্ববিদ্যালয়ৰ বাৰ্নাৰ্ড মহাবিদ্যালয়ৰ ‘এছিয়া আৰু মধ্যপ্ৰাচ্যৰ সংস্কৃতি’ বিভাগৰ মূৰব্বী অধ্যাপিকা ৰাছেল ফেল’ মেকডাৰমেটৰ লগত কটোৱা পাচঁটা দিন৷ বিগত ২৫ বছৰে বাৰ্নাৰ্ড মহাবিদ্যালয়ত অধ্যাপনা কৰি থকা অতিকৈ অধ্যয়নশীলা আৰু এছিয়া মহাদেশৰ বিভিন্ন দেশসমূহৰ সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক দিশবোৰৰ বিষয়ে যথেষ্ট জ্ঞান আৰু দখল থকা অধ্যাপিকা ৰাছেলে অসমৰ জনজীৱনৰ বিভিন্ন দিশ সামৰি বহুতো বিষয়ত গৱেষণাৰ থল থকাৰ কথা কৈ পৰৱত¹ ভ্ৰমণত তেখেতৰ কিছু গৱেষক ছাত্ৰ-ছাত্ৰীক লৈ অসম ভ্ৰমণ কৰি অসমৰ মাটি-পানীৰ লগত আৰু পৰিচিত হোৱাৰ ইচ্চা প্ৰকাশ কৰে৷ অসমপ্ৰেমী পৰ্যটক দম্পতি ইংলণ্ডৰ য়ৰ্কশ্বায়াৰৰ জেনিথ আৰু ব্ৰায়ান কোপলে যেতিয়া অসমৰ এশিঙীয়া গঁড় সমগ্ৰ বিশ্বৰ বাবেই এক সম্পদ বুলি কৈ গৌৰৱবোধ কৰে, তেতিয়া পৰ্যটন উদ্যোগৰ লগত জড়িত ব্যক্তি হিচাপে নিজেই আনন্দবোধ কৰো৷ ২০২০ চনৰ মাৰ্চত সুদূৰ নেদাৰলেণ্ডছৰ হাস্যৰসিক, খাদ্যৰসিক দম্পতি মাৰ্চেল আৰু ইলচাই সোণাপুৰ মহাবিদ্যালয়ৰ ভ্ৰমণ আৰু পৰ্যটন ব্যৱস্থাপনা বিভাগৰ [Travel and Tourism Management (B.Voc) শিক্ষক, ছাত্ৰ-ছাত্ৰীসকলৰ লগত অন্তৰংগ আলাপত মিলিত হৈ অসমৰ শিক্ষা ব্যৱস্থা, সমূহীয়া ভিত্তিক পৰ্যটনস্থলীসমূহৰ বিষয়ে জানি আপ্লুত হোৱাৰ লগতে তেওঁলোকক যঁচা অসমীয়া জা-জলপানৰ সোৱাদ লৈও অতিশয় সন্তোষ লাভ কৰে৷
বিদেশী পৰ্যটকসকলৰো স্বাভাৱিকতে অসমকেন্দ্ৰিক বিভিন্ন বিষয়বস্তুৰ ওপৰত কৌতুহল থাকে আৰু তাৰ ভিতৰত এটা বিষয় হৈছে অসমীয়া বিবাহ ব্যৱস্থা৷ ইটালীৰ তিনিজন পৰ্যটকে এবাৰ উজনি অসমৰ এখন গাঁৱৰ বিয়াৰ অভ্যৰ্থনাৰ সোৱাদ লৈ এনে ৰাজ-আতিথ্য পৃথিৱীৰ কোনো ঠাইতে পোৱা নাই বুলি আনন্দত আত্মহাৰা হৈ পৰা দৃশ্য দেখি তেওঁলোকে যে অসমৰ পৰা এক সুমধুৰ স্মৃতি লৈ উভতিব তাকেই অনুমান কৰিব পাৰি৷
বিদেশী পৰ্যটকসকলৰ অসম, উত্তৰ-পূৰ্বাঞ্চল তথা সমগ্ৰ ভাৰতবৰ্ষৰ ক্ষেত্ৰতে অসন্তুষ্ট হোৱা এটা বিষয় হৈছে য’তে-ত’তে অযথা জাৱৰ-জোথৰ পেলোৱা আমাৰ বহুতৰে স্বভাৱটো আৰু তদুপৰি পলিথিন বেগৰ বহুল ব্যৱহাৰ৷ বহুতো বিদেশী পৰ্যটকে মত পোষণ কৰে যে পৰিষ্কাৰ-পৰিচ্চন্নতা, সু-স্বাস্থ্য আদি বিষয় প্ৰাথমিক পৰ্যায়ৰ পৰাই বিদ্যালয়ৰ পাঠ্যপুথিত অন্তৰ্ভুক্ত হ’ব লাগে, যাতে ছাত্ৰ-ছাত্ৰীসকলে অতি কম বয়সৰ পৰাই এই বিষয়সমূহৰ গুৰুত্ব অনুধাৱণ কৰি নিজৰ জীৱনৰ পৰৱত¹ পৰ্যায়ত নিকা পৰিৱেশ গঢ়াত অৱদান আগবঢ়াব পাৰে৷
বিদেশী পৰ্যটকসকলৰ মুখত অসমৰ গাঁও-ভূঁই, পৰিৱেশ, বাৰেৰহনীয়া সংস্কৃতি, অসমীয়া মানুহৰ অকৃত্ৰিম অতিথি পৰায়ণতাৰ কথা শুনি আনন্দিত হোৱাৰ লগতে এজন অসমীয়া হিচাপে গৌৰৱবোধ কৰো৷ সাত সাগৰ তেৰ নদী পাৰ হৈ অহা ইংলেণ্ড, আমেৰিকা, জাৰ্মানী, ইটালী, ডেনমাৰ্ক, ফ্ৰান্স আদি দেশৰ পৰ্যটকসকলে অকপটে স্বীকাৰ কৰে যে তেওঁলোকে অসমলৈ অহাৰ আগতে বহুবাৰ ভাবিছিল, তেওঁলোকৰ মনত ভয়-শংকাও ওপজিছিল৷ কিন্তু অসমৰ মাটিত ভৰি দিয়াৰ পিছত তেওঁলোকৰ সেই ভয়-শংকাবোৰ নিমিষতে আঁতৰ হোৱাৰ লগতে অসমৰ ৰূপ-সৌন্দৰ্যত তেওঁলোক বিভোৰ হয়৷
স্কটলেণ্ডৰ সামৰিক বিষয়া, মোৰ অতি ঘনিষ্ঠ বন্ধু ইয়ান কেমেৰুণৰ ভাষ্যৰে মোৰ লিখনিতো সামৰিব খুজিছো, ইয়ানে মাজুলীৰ এখন গাঁৱত মিচিংসকলে যঁচা আপঙৰ সোৱাদ লৈ মোক ক’লে, ‘Udit, we have everything in our country, but after visiting this village, I feel we have nothing. The people of these villages have love, respect and sense of responsibility for each other, you guys are really rich in this sense, really rich.’ [উদিত, আমাৰ দেশত সকলো আছে, কিন্তু এই গাঁওখন ভ্ৰমণ কৰি মোৰ এনে লাগিছে যে আমাৰ একোৱেই নাই৷ এই গাঁৱত আছে মানুহৰ মানুহৰ প্ৰতি থাকিবলগীয়া মৰম আৰু দায়বদ্ধতা৷ এইক্ষেত্ৰত তোমালোক অসমবাসী আমাতকৈ বহুত চহকী, প্ৰকৃততে চহকী৷]
ফোন ঃ ৯৯৫৪১-৬৪৫৮৯