Logo
image

সেউজীয়া হৈ ৰ’ব ডবকা

আমাৰ অসম, ১৯ ডিচেম্বৰঃ আন্দোলনৰ ফল সদায় বিপৰীত নহ’বও পাৰে৷ বহু আন্দোলন কৰি অসমৰ জনতাই চৰকাৰৰ পৰা প্ৰাপ্য দাবী সদায় আদায় কৰিব পৰা নাই৷ কিন্তু এইবাৰ ৰাজহুৱা স্বাৰ্থজড়িত এটা আন্দোলনৰ ফল ইতিবাচক হৈছে৷ ভৱিষ্যতৰ প্ৰজন্মই যাতে মুকলিভাৱে উশাহ ল’ব পাৰে, নিৰ্মল বায়ু সেৱন কৰিব পাৰে– তেনে উদ্দেশ্য লৈ ডবকাত আৰম্ভ হৈছিল গছ কটাৰ বিৰুদ্ধে আন্দোলন৷ সেই আন্দোলনে জনমত গঠন কৰিবলৈ সক্ষমো হৈছিল৷ অৱশেষত হোজাই জিলাৰ ডবকাবাসীৰ আহিল ভাল খবৰ৷ কিয়নো ডবকা সংৰক্ষিত বনাঞ্চলৰ মাজেৰে ৬২০০ জোপা মূল্যৱান গছ কাটি ৩৬নং ৰাষ্ট্ৰীয় ঘাইপথটো চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথলৈ সম্প্ৰসাৰিত কৰাৰ যি সিদ্ধান্ত আছিল সেয়া  এতিয়া বাতিল কৰা হৈছে৷ এই পথছোৱা এতিয়া শালবাগানৰ পৰিৱৰ্তে বিকল্প স্থানেৰে নিয়াৰ পৰিকল্পনা কৰিছে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বন, পৰিৱেশ দপ্তৰ আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে৷ চৰকাৰৰ সিদ্ধান্তক লৈ আৰু আন্দোলনৰ ইতিবাচক ফল দেখি উৎফুল্লিত হৈছে ডবকাৰ বিভিন্ন দল-সংগঠন৷ যোৱা ১৫ অক্টোবৰৰ পৰা ডবকা সংৰক্ষিত বনাঞ্চলৰ ৬২০০ জোপা আপুৰুগীয়া মূল্যবান গছ কাটি ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণ কৰাৰ বিৰোধিতাৰে হোজাই জিলা আমছু, হোজাই জিলা আছু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ হোজাই জিলা সমিতিৰ লগতে প্ৰকৃতি প্ৰেমী সংগঠন পান্থতৰু অসম, হস্তীবন্ধু, ইলোৰা বিজ্ঞান মঞ্চ, সাপ্তাহিক কলংপাৰ, অসম কবি সন্মিলন, সদৌ অসম কবি চক্ৰ, ফাতিমা ৱেলফেৱাৰ ফাউণ্ডেচন, ঐক্য সেনা অসমৰ হোজাই জিলা সমিতিয়ে ধাৰাবাহিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰিছিল৷ ইয়াৰ মাজতে হোজাই জিলা আমছুৰ সভাপতি, সম্পাদকৰ নেতৃত্বত যোৱা ২৫ নৱেম্বৰত নতুন দিল্লীত গৈ কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী আৰু বন, পৰিৱেশ আৰু জলবায়ু পৰিবৰ্তন বিভাগৰ মন্ত্ৰীক সাক্ষাৎ কৰি গছ কাটি ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কাৰ্য বিৰোধিতা কৰি স্মাৰক-পত্ৰ প্ৰদান কৰিছিল৷ লগতে বিকল্প স্থানেৰে পথচোৱা নিৰ্মাণ কৰিবলৈ আমছু নেতৃত্বই দাবী জনাইছিল৷ কেন্দ্ৰীয় বন, পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ মন্ত্ৰীৰ নিৰ্দেশত অলপতে ডবকাত আহি উপস্থিত হয়হি এগৰাকী বন বিভাগৰ উপ মহাপৰিদৰ্শক৷ কেন্দ্ৰীয় চৰকাৰৰ বন বিভাগৰ উপ-মহাপৰিদৰ্শক উপস্থিত হৈ আমছুৰ হোজাই জিলা সমিতিৰ বিষয়ববীয়াৰ লগতে আছুৰ হোজাই জিলা সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ, হোজাই জিলা সমিতিৰ বিষয়ববীয়াৰ লগত আলোচনা কৰি সম্পূৰ্ণ বিষয়টোৰ বুজ লয়৷ পাছত তেওঁ বনাঞ্চলখনৰ কাটিবলগীয়া গছসমূহ পৰিদৰ্শন কৰাৰ লগতে বিকল্প স্থানেৰে নিব পৰা ঠাইখিনিও পৰিদৰ্শন কৰে৷ পাছত সাংবাদিকৰ লগত হোৱা বাৰ্তালাপত বিষয়াজনে কয় যে, পথ নিৰ্মাণৰ বাবে গছ কটা নহ’ব৷ কিয়নো এই বনাঞ্চল খনৰ ছটা স্থানত হস্তী কৰিডৰ আছে৷ লগতে এই বনাঞ্চলখনত বিভিন্ন প্ৰজাতিৰ বন্য জীৱ -জন্তুৱে বসবাস কৰে৷ সকলো দিশ চালি-জাৰি চোৱাৰ অন্তত গছসমূহ কটা নহয় বুলি কয় লগতে বিকল্প স্থানেৰে পথচোৱা সম্প্ৰসাৰিত কৰা হব বুলি জানিবলৈ দিয়ে৷ এই আলোচনাত উপস্থিত আছিল উত্তৰ অসম বন চক্ৰৰ, বন সংৰক্ষকৰ লগতে দক্ষিণ নগাওঁ বন সংমণ্ডল বিষয়া গুনদ্বীপ দাস৷ বিষয়াজনৰ মন্তব্যৰ পাছতে উৎফুল্লিত হৈ পৰে ডবকাৰ বিভিন্ন দল- সংগঠনৰ লগতে স্থানীয় ৰাইজ৷ এই ক্ষেত্ৰত আমছুৰ হোজাই জিলা সমিতিৰ উপদেষ্টা মনোৱাৰ হুছেইনে  গছসমূহ ৰক্ষা পৰাৰ বাবে প্ৰকৃতিপ্ৰেমী ৰাইজৰ লগতে বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদক শলাগ লয়৷ নতুনকৈ হোৱা পথচোৱাই যাতে কোনো স্থানীয় ৰাইজক ক্ষতি নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ চৰকাৰৰ দাবী জনায়৷ আনহাতে  হোজাই জিলা প্ৰশাসন, বন বিভাগ আৰু ৰাষ্টীয় ঘাইপথ কতৃৰ্পক্ষই হোজাই জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত বিভিন্ন দল সংগঠনৰ সৈতে এক আলোচনাত মিলিত হৈ গছ সমূহ ৰক্ষা কৰি বিকল্প স্থানৰে ফ’ৰলেন যুক্ত ৰাষ্টীয় ঘাইপথ লৈ যোৱাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে৷