Logo
image

‘শান্তিৰ অসম’ত সৰ্পিল কনভয়ৰ ভিৰ

আমাৰ অসম, ১৯ ডিচেম্বৰঃ প্ৰাচীন কালত, আনকি ইতিহাসে স্পৰ্শ কৰা দিনতো ৰজা ৰথত গৈছিল৷ ৰজাৰ ৰথৰ আগে-পিছে আৰু অনেক ৰথত তেওঁৰ নিৰাপত্তাৰক্ষীয়ে যাত্ৰা কৰিছিল৷ ৰজাৰ পিছে পিছে গৈছিল মন্ত্ৰী আৰু সেনাপতিৰ ৰথ৷ ৰজাৰ তেনে যাত্ৰাক কাৰাভান বুলি কোৱা হৈছিল৷ ৰথ ঘোঁৰাই চলাওঁক বা ৰজা হাতীত উঠিয়েই যাওঁক, সেই কাৰাভান আছিল দীঘলীয়া৷ স্বভাৱতে, যি ৰজাৰ শক্তি বেছি আছিল তেওঁ কাৰভানৰ জৰিয়তে নিজৰ শক্তি প্ৰদৰ্শন কৰিছিল৷ কাৰাভানৰ দৈৰ্ঘ্য আৰু ৰজাৰ সৈতে থকা নিৰাপত্তাৰক্ষীৰ সংখ্যা দেখি দূৰতে বিদূৰ হৈছিল শত্ৰু৷ পিছে এতিয়া সেই ৰজাও নাই, তেনে ইতিহাসো নাই৷ কিন্তু দেশৰ মন্ত্ৰী-বিধায়কৰ কাৰাভান অথবা আধুনিক শব্দত কনভয় এতিয়াও সহজলভ্য৷ অসমতো তাৰ ব্যতিক্ৰম নাই৷ কনভয় কিম্বা মটৰকেড কিম্বা অট’কেড– যাৰ দৈৰ্ঘ্য যিমান বেছি হয়, যেন তেওঁৰ শক্তিও সিমান বেছি, ঠিক প্ৰাচীন কালৰ শক্তিশালী ৰজাৰ দৰে৷ ৰাজ্যত সম্পূৰ্ণ শান্তিৰ বাতাবৰণ, তথাপি সকলোৰে চকুত পৰে সৰ্পিল গতিৰে আগবাঢ়ি যোৱা মন্ত্ৰী-বিধায়কৰ দীঘলীয়া কনভয়৷ ১৫-২০ বছৰৰ পূৰ্বে হঠাতে অসমত এটা বোমা বিস্ফোৰণ হোৱাটো সহজ কথা আছিল৷ আঠ-দহ বছৰ আগলৈকে গণেশগুৰিৰ অভাৰব্ৰীজৰ আশে-পাশে কেইদিনমান গ্ৰেণেড নুফুটিলেহে মহানগৰবাসী আচৰিত হৈছিল৷ এতিয়া পিছে এই পৰিৱেশ ৰাজ্যৰ আন ঠাইতো নাই, গুৱাহাটী মহানগৰীতো নাই৷ কিন্তু নিৰাপত্তাৰ অজুহাতেই হওক অথবা ‘ষ্টেটাছ ছিম্বল’, ৰাজ্যৰ ৰাজনীতিকৰ কনভয়ৰ দৈৰ্ঘ্য মুঠেই হ্ৰাস হোৱা নাই৷ আগে-পিছে অসংখ্য গাড়ী, নিৰাপত্তাৰক্ষীৰ পাইলট কাৰ, এছক’ৰ্ট গাড়ী, তাৰো পিছে পিছে বহুকেইখন এছ ইউ ভি তীব্ৰ গতিত ধাৱমান হোৱাৰ দৃশ্য এতিয়া গুৱাহাটী মহানগৰী আৰু আনকি মফচলীয় চহৰতো তেনেই সুলভ৷ শান্তিৰ কপৌ উৰা বুলি দাবী কৰা ৰাজ্যত এনে বৃহৎ কনভয়ৰ প্ৰয়োজন কি? সেই প্ৰশ্নই এতিয়া ৰাজ্যৰ নাগৰিকক আমনি কৰিছে৷ 

চৰকাৰী বক্তব্যতে সকলোৱে জনা হৈছে, এতিয়া অসম চৰকাৰৰ ৰাজকোষ প্ৰায় খালী৷ নিত্য প্ৰয়োজনীয় খৰচৰ জোৰা মাৰিবলৈ বিগত ছমাহত চৰকাৰে ইবাৰৰ পাছত সিবাৰকৈ ঋণ লৈছে৷ মন্ত্ৰী-বিধায়কৰ পাছত নতুন গাড়ী দৌৰাই সেই গাড়ীত তেল ভৰাবলৈ টকা নোহোৱা হৈছে অসম আৰক্ষীৰ৷ পেট্ৰ’ল ডিপোত ১১ কোটি টকা বাকী হোৱাৰ বাবে আৰক্ষীক তেল নিদিয়া হৈছে ডিপোৱে৷ তথাপি এনে দীঘলীয়া কনভয় কিয়?

জেদ প্লাছ ছিকিউৰিটী লাভ কৰা ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ কনভয়ত চৰকাৰী হিচাপত মুঠ গাড়ী আছে ১১খন৷ কিন্তু সময়ে সময়ে তেওঁৰ কনভয় ইমান দীঘলীয়া হয় যে কেতিয়াবা সেই মটৰকেডে ১৬-১৮খনো স্পৰ্শ কৰেগৈ৷ মুখ্যমন্ত্ৰীৰ জেদ প্লাছ কনভয়ত দুখন চিআৰপিএফৰ কব্ৰা কমাণ্ডোৰ গাড়ীৰ লগতে এজন আৰক্ষী অধীক্ষক, এজন অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু এজন উপ-আৰক্ষী অধীক্ষকৰো গাড়ী থাকে৷ গুৱাহাটীৰ বাহিৰলৈ গ’লে মুখ্যমন্ত্ৰীৰ কনভয়ত এখন জামাৰ কাৰো থাকে৷ আনহাতে প্ৰতিজন কেবিনেট মন্ত্ৰীৰ লগত আগফালে দুখন পাইলট কাৰ, পাছফালে এখন এছকৰ্ট কাৰ , এছ পিৰ এখন ৰিং কাৰ, পি এছ-অ’এছডিৰ এখন গাড়ীৰ লগতে একোখনকৈ বিভাগীয় গাড়ীৰো কনভয় থাকে৷ মন্ত্ৰীৰ বিভাগৰ সংখ্যা যিমানেই বেছি হ’ব, সিমানেই তেওঁৰ কনভয়ৰ গাড়ীৰ সংখ্যাও সাধাৰণতে অধিক হয়৷ সেই হিচাপত ৰাজ্যৰ একো একোজন মন্ত্ৰীৰ লগত ৬-জ্জ্বখন গাড়ী থাকে৷ সকলোৱে দেখাত আৰু চৰকাৰী তথ্যমতেও ৰাজ্যৰ মন্ত্ৰীসকলৰ ভিতৰত কেশৱ মহন্ত আৰু পীয়ূষ হাজৰিকাৰ গাড়ীৰ সংখ্যাই অধিক৷ প্ৰট’কল মতে মন্ত্ৰীয়ে দুখনকৈ পাইলট আৰু এখন এছকৰ্ট লাভ কৰে যদিও সেয়া লোৱা নোলোৱাটো মন্ত্ৰীজনৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰ কৰে৷ উদাহৰণ স্বৰূপে মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ কনভয়তে সকলোতকৈ কম গাড়ী দেখা যায়৷ অসমত এতিয়া কেবিনেট মন্ত্ৰীতকৈও এখোপ চৰা বিধায়ক হৈ আন কেবিনেট পদমৰ্যাদাৰে নিযুক্ত কেইজনমান ৰাজনীতিক৷ তেওঁলোকৰ ভিতৰত মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব হিচাপে নিযুক্ত জয়ন্তমল্ল বৰুৱা, গৰুখুঁটি কৃষিপ্ৰকল্পৰ মুৰব্বী পদ্ম হাজৰিকাৰ লগত থাকে বিশাল দীঘলীয়া গাড়ীৰ কনভয়৷ কেৱল শাসকীয় দলৰ নেতাৰে যে বৃহৎ কনভয় থাকে এনে নহয়৷ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই, যি মুখ্যমন্ত্ৰী ড॰ হিমন্তবিশ্ব শৰ্মাৰ দৰেই জেদ প্লাছ নিৰাপত্তা ব্যৱস্থা লাভ কৰি আছে তেওঁৰ আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰো কনভয় দীঘলীয়া আৰু তাত দেখা যায় বহুকেইখন গাড়ী৷ ৰাজনৈতিক নেতাৰ দৰেই অসম আৰক্ষীৰ অভিযান শাখাৰ বিশেষ সঞ্চালকপ্ৰধান জি পি সিং, গুৱাহাটীৰ আৰক্ষী আয়ুক্ত হৰমিত সিঙৰো আছে ৬-৮খন গাড়ীৰ বৃহৎ কনভয়৷ গুৱাহাটীৰ ডিআইজি পদমৰ্যাদাৰ যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্ত, ৰাজ্য চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শইকীয়াৰো আছে আগে পাছে যায় এছকৰ্ট, পাইলটৰ দীঘলীয়া কনভয়৷ অসম চৰকাৰৰ শিক্ষা উপদেষ্টা অধ্যাপক ননীগোপাল মহন্তৰো আছে এছকৰ্ট কাৰ৷ 

এতিয়া অসমত পূৰ্বৰ দৰে অৰাজক অৱস্থা নাই আৰু উগ্ৰপন্থীৰো দপদপনি নাই৷ বিগত কেইবছৰত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ প্ৰচেষ্টাত বড়োভূমিত এনডিএফবিৰ ৰঞ্জন দৈমাৰী, প্ৰগেছিভ আৰু সংবিজিত গোটৰ প্ৰায় ১৬১৫জন বিদ্ৰোহীৰ লগতে প্ৰায় সকলো সশস্ত্ৰ সংগঠনে অস্ত্ৰ সম্বৰণ কৰি শান্তিচুক্তি সম্পন্ন কৰিছে৷  পাহাৰীয়া জিলা দুখন অৰ্থাৎ কাৰ্বি আংলং আৰু ডিমা হাছাওত পিপল্‌ছ ডেমক্ৰেটিক কাউন্সিল অৱ কাৰ্বি লংৰি চমুকৈ পিডিচিকে, কাৰ্বি লংৰি নৰ্থ কাছাৰ হিলছ লিবাৰেশ্বন ফণ্ট চমুকৈ কে এল এন এলফ, কাৰ্বি পিপলছ লিবাৰেশ্বন টাইগাৰছ চমুকৈ কে পি এল টি, কুকি লিবাৰেশ্বন ফণ্ট চমুকৈ কে এল এফ, ইউনাইটেড পিপলছ লিবাৰেশ্বন আৰ্মি চমুকৈ ইউ পি এল একে ধৰি পাঁচটা বিদ্ৰোহী সংগঠনৰ নেতৃত্বয়ো শেহতীয়া অস্ত্ৰ আৰু হিংসাৰ মাৰ্গ পৰিহাৰ কৰি শান্তিৰ চুক্তি স্বাক্ষৰ কৰিছে৷ অৰ্থাৎ অসমত এতিয়া শান্তিৰ পৰিৱেশেই বিৰাজ কৰিছে৷ কেন্দ্ৰই হওক বা ৰাজ্য চৰকাৰ, সকলোৰে মুখত অসমলৈ শান্তি ঘূৰি অহাৰ কথা আখৈ ফুটাদি ফুটে৷ চৰকাৰীভাৱে বাৰম্বাৰ ৰাজ্যলৈ শান্তি ঘূৰি অহাৰ কথা কোৱাৰ সময়তো   অস্বাভাৱিকভাৱে মন্ত্ৰী, মুখ্যমন্ত্ৰী, আৰক্ষী বিষয়া, বিভিন্ন ৰাজনৈতিক হাইপ্ৰফাইল ব্যক্তিসকলৰ কনভয়ৰ দৈৰ্ঘ্য ক্ৰমাৎ বৃদ্ধিহে পাইছে৷ ৰাজ্যত এতিয়া একোজন মধ্যম পৰ্যায়ৰ আৰক্ষী বিষয়ায়ো ৬-৮খন গাড়ীৰ কনভয় লৈ ফুৰে৷ যদিহে ৰাজ্যত শান্তিৰ পৰিৱেশ তেওঁলোকে দাবী কৰাৰ দৰে থকাটো সঁচা, তেন্তে ৰাজকোষৰ বৃহৎ ধন খৰচ কৰি মন্ত্ৰী-বিধায়ক- বিষয়াই এনেদৰে কনভয়ৰ দৈৰ্ঘ্য দীঘলীয়া কৰি আছে কিয়? সেই প্ৰশ্নৰ উত্তৰ নাই৷