Logo
image

উচ্ছেদৰ পথত ৪১টা প্ৰাচীন মন্দিৰ

আমাৰ অসম, ১৯ ডিচেম্বৰঃ ড॰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে বনাঞ্চল, চৰাঞ্চলৰ বেদখল ধাৰাবাহিকভাৱে উচ্ছেদ চলাই মুক্ত কৰি থকাৰ সময়তে চৰকাৰী ভূমিত স্থাপন কৰা উজনি অসমৰ তিনিচুকীয়া জিলাৰ ৪১টা মন্দিৰ উচ্ছেদ কৰিব বুলি প্ৰশাসনে জাননী জাৰি কৰাত  জিলাখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ নিৰ্দেশৰ ভিত্তিত তিনিচুকীয়া জিলা প্ৰশাসনে ইতিমধ্যে এই সন্দৰ্ভত জাননী প্ৰেৰণ কৰিছে৷ তিনিচুকীয়া চহৰৰ বৰবজাৰ চেম্বাৰ পথৰ সাৰ্বজনীন শিৱ-হনুমান মন্দিৰ, তিনিচুকীয়া চহৰৰ ন-পুখুৰী শিৱ মন্দিৰ, গেলাপুখুৰী পথৰ তিনিচুকীয়া পৌৰসভাৰ শিৱ মন্দিৰ, তিনিচুকীয়া চহৰৰ কালী মন্দিৰ, তিনিচুকীয়াৰ বগাপানীস্থিত ডাঙৰীয়া থান, বগাপানীৰ টিংৰাই মৌজাস্থিত কালীমন্দিৰ, মাকুম ডাঙৰীয়া বাবাৰ মন্দিৰ, শুকানগুৰিৰ হনুমান মন্দিৰ, বিচাকপিৰ শিৱ মন্দিৰ, মানখোৱাৰ মা-কালী মন্দিৰকে ধৰি জিলাখনৰ ৪০টাৰো অধিক মন্দিৰলৈ ইতিমধ্যে তিনিচুকীয়া ৰাজহ চক্ৰই জাননী জাৰি কৰিছে৷ আনফালে, মন্দিৰ উচ্ছেদৰ চৰকাৰী জাননীক কেন্দ্ৰ কৰি ইতিমধ্যে জিলাখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ হিন্দুত্ববাদৰ কথা কোৱা আৰু হিন্দুত্বক সুৰক্ষা দিয়াৰ পণ লোৱা চৰকাৰখনে হিন্দু ধৰ্মাৱলম্বী লোকৰ আবেগ অনুভূতিত আঘাত সানি এইদৰে বছৰ বছৰ পূৰ্বে স্থাপন হোৱা মন্দিৰ সমূহলৈ উচ্ছেদৰ জাননী প্ৰেৰণ কৰা কাৰ্যত ক্ষোভ প্ৰকাশ কৰিছে বিশ্ব হিন্দু পৰিষদে৷ বিশ্ব হিন্দু পৰিষদে ইতিমধ্যে চৰকাৰী এই জাননী মানি নোলোৱাৰ কথা ঘোষণা কৰাৰ লগতে চৰকাৰৰ এনে সিদ্ধান্ত অচিৰেই সলনি কৰিবলৈ দাবী জনাইছে৷ হিন্দুত্ববাদী সংগঠনসমূহৰ দাবী যে, উক্ত মঠ মন্দিৰসমূহৰ প্ৰত্যেকৰে সুকীয়া সুকীয়া তাৎপৰ্য আৰু মাহাত্ম্য আছে৷ বিভিন্ন ভাষা-ভাষী, সম্প্ৰদায়ৰ লোকৰ মাজত একতা স্থাপনত এই মন্দিৰ সমূহৰ বিশেষ গুৰুত্ব আছে৷ গতিকে মন্দিৰসমূহ ভঙাৰ পৰিৱৰ্তে বেদখলকাৰীৰ কৱলত থকা জিলাখনৰ গ্ৰেজিং, মাটিসমূহ উচ্ছেদ কৰিবলৈ দাবী জনাইছে বিশ্ব হিন্দু পৰিষদে৷