Logo
image

নৈশ কাৰ্ফিউ ভাঙি আদৰা হ’ব নৱবৰ্ষক

আমাৰ অসম , ২৬ ডিচেম্বৰঃ দেশজুৰি দ্ৰুত সংক্ৰমন ঘটিছে কৰ’না ভাইৰাছৰ নতুন ভেৰিয়েণ্ট অমিক্ৰন৷ দেশৰ ১৭খন ৰাজ্যৰ চাৰি শতাধিক লোক অমিক্ৰনত আক্ৰান্ত হোৱাৰ তথ্য নিশ্চিত কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে৷ কেন্দ্ৰীয় চৰকাৰে অমিক্ৰনক লৈ সতৰ্কতা জাৰি কৰাৰ সময়তে অসম মূলুকত নৈশ কাৰ্ফি ভাঙি নৱবৰ্ষক আদৰাৰ প্ৰস্তুতি চলাইছে ৰাজ্য চৰকাৰে৷ অৱশ্যে অতিমাৰি অমিক্ৰনৰ আতংকৰ পৰিপ্ৰেক্ষিততে শনিবাৰে অসম চৰকাৰে ক’ভিডৰ নতুন এছ অ’পি জাৰি কৰিছে৷ কাইলৈ অৰ্থাৎ দেওবাৰৰ পৰা নিশা ১১.৩০ বজাৰ পৰা পুৱা ৬ বজালৈ সমগ্ৰ ৰাজ্যতে কঠোৰভাৱে বলৱৎ হ’ব নৈশ কাৰ্ফিউ৷ নতুন এছ অ’ পি অনুসৰি এতিয়াৰে পৰা নিশা ১০.৩০ বজাতে দোকান-বজাৰ বন্ধ কৰিব লাগিব৷ আনকি ৰাজহুৱা স্থানত মাস্ক নিপিন্ধা ব্যক্তিয়ে ভৰিব লাগিব ১,০০০ টকাকৈ জৰিমনা৷ শনিবাৰে ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অধ্যক্ষ তথা মুখ্য সচিব জিষ্ণু বৰুৱাই জাৰি কৰা এছ অ’ পি অনুসৰি দেওবাৰৰে পৰা কাৰ্ফিউ বলৱৎ হ’লেও ৩১ ডিচেম্বৰৰ নিশা নৱবৰ্ষ উদ্‌যাপনৰ বাবে কাৰ্ফিউ শিথিল থাকিব৷ অৰ্থাৎ উক্ত দিনা নাগৰিকে পুৱতি নিশালৈ নৱবৰ্ষ উদ্‌যাপনৰ ৰং-আনন্দ কৰিব পাৰিব৷ যি সময়ত দেশৰ  ৭ খন ৰাজ্যই অমিক্ৰনক প্ৰতিৰোধৰ বাবে কঠোৰভাৱে নৈশ সান্ধ্য আইন জাৰি কৰিছে, ঠিক তেনে সময়তে নৱবৰ্ষ উদ্‌যাপনৰ স্বাৰ্থতে অসম চৰকাৰে ৩১ ডিচেম্বৰত সকলো ক’ভিড বাধা-নিষেধাজ্ঞা শিথিল কৰা কাৰ্যই চিকিৎসক-বিশেষজ্ঞ সকলকো আ(ৰ্যাম্বিত কৰি তুলিছে৷ অথচ অসমত নৱবৰ্ষ অনুষ্ঠান আয়োজনত ক’ভিড নিষেধাজ্ঞা শিথিলত কৰাৰ বিপৰীতে দিল্লী-মুম্বাইৰ দৰে চহৰত নৱবৰ্ষৰ সকলো ধৰণৰ অনুষ্ঠান নিষিদ্ধ ঘোষণা কৰিছে৷ অমিক্ৰনৰ সতৰ্কতা স্বৰূপেই যদিহে অসমত নাইট কাৰ্ফিউ জাৰি কৰা হৈছে, তেনেস্থলত ৩১ডিচেম্বৰৰ বাবে কাৰ্ফিউ শিথিল কৰাৰ প্ৰয়োজনীয়তা ক’ত বুলিও প্ৰশ্ন উত্থাপন হৈছে৷ স্বাভাৱিকতেই অসমত বৰ্তমানলৈ কোনো লোক অমিক্ৰমনত আক্ৰান্ত নোহোৱাত কাইলৈৰ পৰাই কঠোৰভাৱে নৈশ সান্ধ্য আইন বলৱৎ কৰাৰ যুক্তি যুক্ততাক লৈ প্ৰশ্নৰ উদয় হৈছে৷ শনিবাৰে পুৱা ভাগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নতুন এছ অ’ পি প্ৰকাশ কৰাৰ কথা ঘোষণা কৰি ৩১ ডিচেম্বৰ আৰু পহিলা জানুৱাৰীৰ দিনটোৰ বাবে ক’ভিড বাধা নিষেধাজ্ঞা শিথিল হ’ব বুলি ঘোষণা কৰাৰ পৰিপ্ৰেক্ষিততে বাধ্যত পৰি ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগে মুখ্যমন্ত্ৰীৰ শ্ৰুতলিপি মতে এছ অ’ পি প্ৰকাশ কৰিলে নেকি বুলিও সন্দেহৰ সৃষ্টি হৈছে৷ কিয়নো ৰাজ্য চৰকাৰে সম্ভাৱ্য পৰিস্থিতি পৰ্যালোচনা তথা বিশেষজ্ঞৰ মতামতৰ ভিত্তিতহে নাইট কাৰ্ফিউ বলৱৎকৰণৰ সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিছে৷ নৱবৰ্ষ আদৰণি অনুষ্ঠানৰ সময়ত নাগৰিকে ক’ভিড বিধি ভংগ কৰি ভাইৰাছৰ সংক্ৰমণ বৃদ্ধিত অৰিহণা যোগোৱাৰ পূৰ্ণ আশংকা আছে৷ কিন্তু নৱবৰ্ষৰ উক্ত দিনটোতে সান্ধ্য আইনৰ দৰে ক’ভিড বিধি শিথিল কৰাৰ যুক্তি-যুক্ততা ক’ত বুলিও প্ৰশ্ন উঠাতো স্বাভাৱিক৷ অৱশ্যে নতুন এছ অ’ পি অনুসৰি ৫০ শতাংশ দৰ্শকৰ উপস্থিতিৰে চিনেমা হল খোলা, নিশা ১০-৩০ বজালৈ ৫০ শতাংশ উপস্থিতিৰে হোটেল-ৰেস্তোৰাঁ আদি খুলি ৰখা, ধৰ্মীয় উপাসনাস্থলীত প্ৰতিঘণ্টাত ৬০জন লোকৰ উপস্থিতি, মৃতদেহ সৎকাৰ কাৰ্যসূচীত ১০০ লোকৰ উপস্থিতি আৰু বিবাহ-সবাহত ২০০জন লোকৰ উপস্থিতিৰে কাৰ্য সমাপনৰ অনুমতি প্ৰদান কৰিছে৷

অমিক্ৰন সন্দৰ্ভত নতুন নীতি-নিৰ্দেশনা ঘোষণা স্বাস্থ্যমন্ত্ৰীৰ

আমাৰ অসমঃ অতিমাৰী অমিক্ৰন সন্দৰ্ভত কলিয়াবৰত আজি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই এখন সংবাদ মেল সম্বোধন কৰি ৰাজ্য চৰকাৰে প্ৰকাশ কৰা নতুন নীতি-নিৰ্দেশনা ঘোষণা কৰে৷ কলিয়াবৰৰ মহকুমাধিপতি কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত সংবাদ মেলত ৰাজ্যত অমিক্ৰনৰ সংক্ৰমণ ৰুধিবলৈ নতুন নীতি-নিৰ্দেশনা জাৰি কৰাৰ কথা স্বাস্থ্যমন্ত্ৰীজনে ঘোষণা কৰে৷ এই সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰীজনে কয়— অহা  ২৬ ডিচেম্বৰৰ পুৱা ৬ বজাৰ পৰা বলবৎ হ’ব নতুন নিয়ম৷ মাস্ক নিপিন্ধিলে কাইলৈৰ পৰা জৰিমনা বিহা হ’ব৷ নিশা ১১.০০ বজাৰ পৰা পুৱা ৬  বজালৈ সান্ধ্য আইন বলবৎ থাকিব৷ অৱশ্যে ৩১ ডিচেম্বৰৰ নিশা সান্ধ্য আইন নাথাকে৷ হোটেল-ধাবাসমূহ নিশা দহ বজাৰ পাছত বন্ধ কৰিব লাগিব৷ ৫০শতাংশ দৰ্শকেৰে চিনেমা হল চলাব পাৰিব৷ সভা-সমিতিৰ ক্ষেত্ৰত ৫০ শতাংশ আসনৰ লগতে দুই পালি ভেক্‌চিন লোৱা লোকেহে ভাগ ল’ব পাৰিব৷ ধৰ্মীয় স্থানত ঘণ্টাত ৬০জন ভেক্‌চিন লোৱা লোকৰহে সমাগম হ’ব পাৰিব৷ শিক্ষানুষ্ঠানৰ ক্ষেত্ৰত পূৰ্বৰ নিয়মেই বাহাল থাকিব৷ বিমান তথা ৰে’লৰ সকলো যাত্ৰীৰ পৰীক্ষা বাধ্যতামূলক আৰু ৭ দিনৰ কোৱাৰেণ্টাইনত থাকিব লাগিব বুলি মন্ত্ৰীজনে উল্লেখ কৰে৷ অসমত অমিক্ৰনৰ সংক্ৰমণ এতিয়ালৈকে হোৱা নাই বুলি উল্লেখ কৰি স্বাস্থ্যমন্ত্ৰীজনে লগতে কয় যোৱা ২৪ নৱেম্বৰত আফ্ৰিকা মহাদেশৰ পাছোৱান নামৰ এখন দেশত ধৰা পৰে অমিক্ৰন নামৰ ভাইৰাছ বিধ৷ ইয়াৰ পাছতে পৃথিৱীৰ ১০৮খন ৰাষ্ট্ৰত সংক্ৰমিত হৈছে৷ ভাৰততো এতিয়ালৈকে ১৭খন ৰাজ্যত সংক্ৰমণ হোৱা পৰিলক্ষিত হৈছে৷ এই ৰোগত ভাৰতত আক্ৰান্তৰ সংখ্যা ৪১৫জন৷ মহাৰাষ্ট্ৰত সৰ্বাধিক ১০৮জন আক্ৰান্ত হৈছে৷ আৰোগ্যৰ সংখ্যা হৈছে ১১৫ জন৷  ৰাজ্যত এতিয়াও ৫০ লাখ ভেক্‌চিন মজুত আছে বুলিও কয় মন্ত্ৰীজনে৷