Logo
image

কনভয়-ভাৰাক্ৰান্ত নেতা-মন্ত্ৰীৰ পিএছঅ’ প্ৰত্যাহাৰৰ প্ৰস্তুতি

আমাৰ অসম, ২৬ডিচেম্বৰঃ কনভয়-ভাৰাক্ৰান্ত বিজেপিৰ নেতা-কৰ্মকৰ্তাৰ পিএছঅ’ শীঘ্ৰে কৰ্তন হ’ব নেকি? শাসনাধিষ্ঠিত বিজেপি দলৰ বহু নেতা-কৰ্মীক ৰাজ্য চৰকাৰৰ গৃহ বিভাগে এজন-দুজন বা ততোধিক পিএছঅ’ দিছে৷ জীৱনৰ প্ৰতি ভাবুকি থাকক বা নাথাকক, শাসনাধিষ্ঠিত দলৰ নেতা হোৱাৰ সুবাদতে বহু বিজেপি নেতা-কৰ্মকৰ্তাই লাভ কৰি আছে পিএছঅ’৷ সাধাৰণতে এজন লোকৰ জীৱনৰ নিৰাপত্তাৰ দিশটো বিবেচনা কৰিহে ৰাজ্য চৰকাৰৰ উচ্ছ ক্ষমতাসম্পন্ন কমিটী এখনে কোনো লোক এজনৰ সৈতে পিএছঅ’ মোতায়েনৰ অনুমতি দিয়ে৷ কিন্তু শেহতীয়াভাৱে এনে বহু লোকে পিএছঅ’ৰ সুবিধা লাভ কৰি আছে, যিসকলৰ নিৰাপত্তাৰ প্ৰতি কোনোধৰণৰ ভাবুকিয়েই নাই৷ এনে লোকৰ বাবে ইতিমধ্যে ষ্টেটাছ ছীম্বলত পৰিণত হৈছে পিএছঅ’৷ সেয়ে গৃহ বিভাগৰো দায়িত্বত থকা মুখ্যমন্ত্ৰী ড॰ হিমন্তবিশ্ব শৰ্মাই শনিবাৰে এক অনুষ্ঠানত দলীয় কৰ্মীৰ পিএছঅ’ প্ৰত্যাহাৰৰ ইংগিত দি কয়– আমাক পিএছঅ’ কিয় লাগে? কোনে মাৰিব আমাক? এই কথাটো মই প্ৰায়েই চিন্তা কৰি থাকোঁ৷ পিএছঅ’ লোৱাটো কংগ্ৰেছী সংস্কৃতি, বিজেপিৰ সংস্কৃতি নহয়৷ ইয়াৰ পাছতো আমাৰ দলৰ মানুহে আহি কয়– দাদা, কংগ্ৰেছে পিএছঅ’ লৈছিল, আমাকো লাগে৷ বিজেপিৰ কোনো দলীয় নেতা-কৰ্মকৰ্তাৰ জীৱনৰ প্ৰতি কোনো ভাবুকি নাই৷ এইটো মই গেৰেণ্টী দি ক’ব পাৰোঁ৷ আমি বেয়া কাম কৰাই নাই, আমাক মাৰাৰ কথাটো ক’ৰ পৰা আহিব৷ আজি অসমত কোনটো সংগঠন আছে যিয়ে আমাক মাৰিব৷ কাৰোবাৰ ওপৰত যদি কোনো লোকৰ পুৰণি খং আছে সেইটো বেলেগ কথা৷ আমাৰ দলৰ মানুহক কিয় নিৰাপত্তা লাগে? আমাৰ গাড়ীৰ দুৱাৰখন কিয় পিএছঅ’ৱে খুলি দিব লাগে? আমাৰ গাড়ীখন পিএছঅ’ৱে খুলি দিব নালাগে৷ আমাৰ গাত লাচিতৰ শক্তি আছে, গাড়ীখন খোলাৰ শক্তি নাই নেকি? আমি যদি গাড়ীখনকে খুলিব নোৱাৰোঁ তেন্তে লাচিত বৰফুকনৰ কথা কৈ কি লাভ আছে? মই দলৰ নেতা-কৰ্মকৰ্তাৰ পিএছঅ’ আঁতৰাই দিব পাৰোঁ৷ দিয়া নাই, যাতে দলৰ সভাপতিয়ে প্ৰস্তাৱ লৈ মোক কয় যে বিজেপিৰ সদস্যৰ পৰা পি এছ অ’ গুচাই দিব লাগে৷ মই পি এছ অ’ আঁতৰাই দিলে ক’ব মুখ্যমন্ত্ৰীয়ে আঁতৰাই দিলে৷ মই বহুদিন কংগ্ৰেছত আছিলোঁ৷ কংগ্ৰেছৰ সংস্কৃতি কি সেয়া মোক সুধি ল’ব৷ আনহাতে, মুখ্যমন্ত্ৰীৰ এই ভাষ্যক সমৰ্থন জনাই বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই কয়– মই নিজে পিএছঅ’ নলওঁ৷ আমি যিমান পাৰোঁ সেই আৱৰ্তৰ পৰা আঁতৰি থাকিব লাগে৷ আমি জনতাৰ মানুহ, জনতাৰ মাজত থাকিব লাগে৷ আমাৰ কোনো শত্ৰু নাই৷ উল্লেখ্য, মুখ্যমন্ত্ৰীয়ে দলীয় কৰ্মীৰ পিএছঅ’ প্ৰসংগ উল্লেখ কৰিছে নিজৰ ভাষণত৷ ইয়াৰ দ্বাৰা তেওঁ দলৰ মন্ত্ৰী-বিধায়ক আৰু সাংসদসকলকো বুজাইছে নে কেৱল দলীয় কৰ্মীকহে বুজাইছে সেয়া সময়তহে স্পষ্ট হ’ব৷ কাৰণ দলৰ অধিকাংশ মন্ত্ৰী আৰু একাংশ বিধায়কেও লগত একাধিক পিএছঅ’ আৰু দীঘলীয়া কনভয় লৈ ঘূৰা-ফুৰা কৰে৷ এতিয়া বিজেপিৰ এইসকল মন্ত্ৰী-বিধায়ক-সাংসদৰ পিএছঅ’ কৰ্তন হ’বনে নাই সেয়া লক্ষণীয় বিষয় হ’ব৷ অৱশ্যে মুখ্যমন্ত্ৰীৰ এই ঘোষণা কেৱল দলীয় মঞ্চত দিয়া ভাষণ হিচাপে থাকি যাব নে বাস্তৱত কাৰ্যকৰী হ’ব সেয়া সময়তহে দেখা যাব৷