Logo
image

গহপুৰত আক্ৰান্ত যীশু

আমাৰ অসম, ২৬ ডিচেম্বৰঃ গহপুৰত আজি পৱিত্ৰ বৰদিনতে অঘটন৷ আজি বিশ্বজুৰি খ্ৰীষ্টমাছ উদ্‌যাপিত হৈ থকাৰ সময়তে গহপুৰৰ এটি গিৰ্জাগৃহৰ কাষতে নিৰ্মাণ কৰা চাৰণিত কোনো দুৰ্বৃত্তই ক্ষতি কৰে৷ জানিব পৰা মতে, গহপুৰ নগৰৰ সমীপৰ কণিবড়িস্থিত চেইণ্টজন কনভেণ্টৰ গিৰ্জাত বৰদিন উদ্‌যাপনৰ বাবে কাষতে নিৰ্মাণ কৰা চাৰণিত স্থাপন  কৰা ভগৱান যীশুখ্ৰীষ্টৰ মূৰ্তি প্ৰতিষ্ঠা কৰা স্থানৰ পৰা পৰি থকাৰ লগতে দুই-এটা বস্তু যেনি-তেনি পৰি থাকে৷ আজি পুৱা ৮ মান বজাত যীশুখ্ৰীষ্টৰ মূৰ্তি পৰি থকা দেখা পাই গহপুৰ আৰক্ষীক খবৰ দিয়ে৷ চেইণ্টজন কনভেণ্টৰ চিষ্টাৰ এগৰাকীয়ে জনোৱা মতে, ৰাতি চাৰণিত মাদাৰ মেৰি আৰু ভগৱান যীশুখ্ৰীষ্টৰ মূৰ্তি স্থাপন কৰি নিয়ম-নীতি কৰাৰ পাছত আজি পুৱা যীশুখ্ৰীষ্টৰ মূৰ্তিটো পৰি থকা দেখা পোৱাৰ লগতে দুই-এপদ সামগ্ৰী যেনি-তেনি পৰি আছে আৰু গিৰ্জাৰ বাহিৰৰ দুই-এটা সামগ্ৰী তাত পেলাই থৈ গৈছে৷ অন্যহাতে, স্থানীয় এজন লোকে কোনো দুৰ্বৃত্তই স্থানীয় মানুহৰ মাজত বিভেদ সৃষ্টিৰ বাবে এনে কাম কৰিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে৷ ইফালে এই সন্দৰ্ভত গহপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াজনক সোধাত তেওঁ পুৱাই কণিবড়িলৈ গৈ ঘটনাস্থলী পৰ্যৱেক্ষণ কৰা বুলি কয়৷ যীশুখ্ৰীষ্ট মূৰ্তি কোনো দুস্কৃতিকাৰীয়ে পেলাইছে নে নাই কিবা কাৰণবসত পৰিছে তাৰ তদন্ত কৰা হৈছে৷ বিয়লি ঘটনাস্থলীত চেইণ্ট যোছেফৰ ফাদাৰক লগ পাই এই বিষয়ে আলোচনা কৰা হয়৷ বৰ্তমানলৈকে গিৰ্জাৰ কতৃৰ্পক্ষই কাৰো ওপৰত সন্দেহ কৰা নাই বুলি আৰক্ষী বিষয়াজনে জনায় আৰু তদন্ত অব্যাহত ৰখা বুলি কয়৷

মাজুলীত ভাগৱত পাঠৰ জৰিয়তে আধ্যাত্মিক প্ৰতিবাদ

 আমাৰ অসমঃ কেৰলৰ ধবনিৰে আজি মুখৰ হৈ পৰিল সত্ৰপীঠ মাজুলীৰ বিভিন্ন স্থানত গঢ় লৈ উঠা গিৰ্জাসমূহ৷ আজি মাজুলীৰ বিভিন্ন স্থানৰ মুঠ ৬৬টা গিৰ্জাত বৰদিন উদ্‌যাপন কৰে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে৷  গিৰ্জাসমূহত অনুষ্ঠিত কৰা বৰদিনত যীশুক স্মৰণ কৰি কৰা প্ৰাৰ্থনাৰ লগতে বাইবেল পাঠেৰে শান্তিবাণী প্ৰচাৰ কৰে৷ বিভিন্ন কাৰ্যসূৰ্চীৰ লগতে সৰ্বধমীয় প্ৰাৰ্থনা সভা আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়৷ সৰু-বৰ, পুৰুষ-মহিলা সকলোৱে কেৰল গাই নৃত্য কৰে৷  ইফালে ক্ৰমা°«য়ে মাজুলীত খ্ৰীষ্টান ধৰ্মৰ আগ্ৰাসনক লৈ উদ্বিগ্ন হৈ পৰিছে মাজুলীৰ দক্ষিণপাত আশ্ৰমী সত্ৰৰ সত্ৰাধিকাৰ জনাদ্দৰ্নদেৱ গোস্বামী৷ খ্ৰীষ্টান ধৰ্মলৈ মাজুলীৰ বিভিন্ন অঞ্চলৰ লোকসকল ধৰ্মান্তৰিত হোৱা তথা মাজুলীত খ্ৰীষ্টানৰ আগ্ৰাসনৰ প্ৰতিবাদত মঙলবাৰে মাজুলী জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত বিশ্ব হিন্দু মহাসংঘই আধ্যাত্মিক প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছত আজিও মাজুলীৰ জেংৰাইমুখ শিৱ মন্দিৰত ভাগৱত পাঠ কৰি প্ৰতিবাদত বহে সত্ৰাধিকাৰ তথা বৈষ্ণৱবৃন্দ৷ দক্ষিণপাট গৃহশ্ৰামী সত্ৰৰ সত্ৰাধিকাৰ জনাদ্দৰ্নদেৱ গোস্বামীৰ লগতে বিশ্ব হিন্দু মহাসংঘৰ কৰ্মীসকলে ভাগৱত পাঠ কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷ এই আধ্যাত্মিক প্ৰতিবাদৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ জিলা স্মাৰক-পত্ৰ প্ৰেৰণ কৰে৷  মাজুলীক বৈষ্ণৱপীঠ হিচাপে সুৰক্ষিত কৰি ৰখাৰ লগতে খ্ৰীষ্টানৰ আগ্ৰাসন ৰোধৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক আহ্বান জনায়৷ মাজুলী সাংস্কৃতিক দৃশ্যপট আইন বলবৎ কৰি মাজুলীত সাংস্কৃতিক আৰু ধৰ্মীয়ভাৱে সুৰক্ষিত কৰিবলৈ আহ্বান জনায় সত্ৰাধিকাৰজনে৷

অসম-মেঘালয় সীমান্তত নিৰাপত্তা বেষ্টনীত পালন কৰিলে বৰদিন

আমাৰ অসম ঃ চৰকাৰী বঞ্চনা, প্ৰতাৰণা আৰু অৱহেলাৰ বলি হৈ সমস্যাজৰ্জৰ পৰিস্থিতিৰ মাজেৰে জীৱন নিৰ্বাহ কৰিও অসম আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম চলাই নিয়া অসম-মেঘালয় সীমান্তৰ খ্ৰীষ্টান ধৰ্মাৱলম্বী একাংশ অসমৰ লোকৰ মাজত এইবাৰ নাই পৱিত্ৰ বৰদিনৰ কোনো উছাহ৷ উল্লেখ্য, অসম- মেঘালয়ৰ দীৰ্ঘদিনীয়া সীমা সমস্যাৰ সমাধানৰ ক্ষেত্ৰত অসম চৰকাৰৰ চৰম ব্যৰ্থতাৰ যেন স্পষ্ট প্ৰভাৱ পৰিছে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকৰ আটাইতকৈ পৱিত্ৰ  বৰদিনৰ উৎসৱত৷ কামৰূপ জিলাৰ বকো আৰক্ষী থানাৰ অন্তৰ্গত অসম-মেঘালয় সীমান্তৱৰ্তী অঞ্চলসমূহত দীৰ্ঘদিন ধৰি চলা মেঘালয়ৰ কুটিল আগ্ৰাসন আৰু অসমভূমিৰ ওপৰত মেঘালয় সমৰ্থকৰ দখলদাৰিত্বই অসমৰ অস্তিত্ব বিপন্ন কৰি তোলাৰ সমান্তৰালকৈ এতিয়া ধৰ্মীয় ক্ষেত্ৰতো তাৰ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে৷ সীমা বিবাদে সৃষ্টি কৰি অহা উত্তেজনা আৰু সংঘৰ্ষময় পৰিস্থিতি অব্যাহত থকা অৱস্থাতে ধৰ্মীয় মেৰুকৰণেও আজি দুটা ভাগত বিভক্ত কৰি পেলাইছে সীমান্তৰ গাৰো জনগোষ্ঠীয় অসমৰ বাসিন্দাসকল৷ যাৰ বাবে আজি সীমান্তৰ মালাং শালবাৰীত ২৭পৰিয়ালে সুকীয়াকৈ পালন কৰিবলগীয়া হৈছে পৱিত্ৰ বৰদিন তথা খ্ৰীষ্টমাছ উৎসৱ৷ ইফালে, আজি সমগ্ৰ বিশ্বৰ লগতে যীশুখ্ৰীষ্টৰ জন্ম-তিথি ‘বৰদিন’ অসম-মেঘালয় সীমান্তৱৰ্তী বকোৰ গাৰো অধ্যুষিত গামেৰীমূৰাৰ মালাং - শালবাৰীতো ইয়াৰ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে পালন কৰে৷  পিছে এইবেলিৰ বৰদিনত সীমান্তৰ একাংশ অসমবাসীৰ মাজত নাই আনন্দ, ৰং-ৰহইচ তথা উৎসাহ - উদ্দীপনা৷ কিয়নো সীমা সমস্যাক কেন্দ্ৰ কৰি এইসকল অসমীয়াৰ জীৱনলৈ নামি আহিছে ভয়- শংকা আৰু জীৱনৰ নিৰাপত্তাৰ প্ৰতি চৰম ভাবুকি৷ লক্ষণীয়, বিগত বছৰ বছৰ ধৰি একত্ৰিতভাৱে বৃহত্তৰ বকোৰ গামেৰীমূৰা অঞ্চলৰ মালাং শালবাৰীত ইয়াৰ গাৰো জনজাতিৰ লোকসকলে বৰদিন পালন কৰি আহিছে যদিও এইবেলি অসম আৰু মেঘালয়ৰ সমৰ্থনকাৰী হিচাবে দুটা ভাগত বিভক্ত হৈ ইয়াত পালন কৰা হয় এইবেলিৰ বৰদিন৷ গাঁওখনৰ ২৭টা পৰিয়ালে আৰক্ষী আৰু চি আৰ পি এফৰ সম্পূৰ্ণ নিৰাপত্তা বেষ্টনীৰ মাজতে অসমীয়া হিচাবে অসম ভূমিত সুকীয়াকৈ বৰদিন পালন কৰাৰ বিপৰীতে একাংশই মেঘালয়ৰ বাসিন্দা হিচাবে অসমৰ ভূমিতেই পালন কৰিছে এই বৰদিন৷ ইপিনে, আজি মালাং শালবাৰীত নিৰাপত্তাৰ দায়িত্বত নিয়োজিত বকো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভদ্ৰেশ্বৰ পেগুৱে ইয়াৰ ২৭টা পৰিয়ালৰ লোকক বৰদিনৰ শুভেচ্ছাও জ্ঞাপন কৰে৷ স্মৰ্তব্য, অসমৰ সমৰ্থনত থকা ২৭টা গাৰো পৰিয়ালে চকুলো টুকি কেৱল হা-হুমুনিয়াহৰ মাজত নিজৰ ল’ৰা-ছোৱালীৰ মনত অশান্তিৰ সৃষ্টি নহ’বলৈকে পালন কৰিছে এই বৰদিন৷ মন কৰিবলগীয়া যে, অসমৰ একাংশ মেঘালয় সমৰ্থনকাৰীয়ে অসম সমৰ্থনকাৰী গাৰো জনগোষ্ঠীয় লোকক মেঘালয়ৰ প্ৰৰোচনা আৰু কু-চক্ৰান্তৰ বাবে এঘৰীয়া কৰাৰ নীচ কাৰ্যত লিপ্ত হৈছে৷ যাৰ প্ৰভাৱ আজি কেৱল পৱিত্ৰ বৰদিনৰ ওপৰতে পৰা পৰিলক্ষিত হোৱা নাই বৰঞ্চ মেঘালয় সমৰ্থনকাৰী অসমৰ লোকে এই ২৭টা অসমৰ পৰিয়ালক নিজাকৈ গীৰ্জা প্ৰতিষ্ঠা কৰিবলৈকো নিৰ্দেশনা জাৰি কৰিছে৷ তদুপৰি, কোনো কাৰণতে এইসকল অসমবিদ্বেষীলোকে অসমৰ সমৰ্থনত থকা গাৰো লোকক ধৰ্মীয়, সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক আদি দিশত সংগ নিদিয়াৰো হুংকাৰ দিছে৷

কেৰলৰে মুখৰ ৰাজ্যৰ গিৰ্জাঘৰ সমূহ

আমাৰ অসমঃ ৰাজ্যজুৰি শনিবাৰে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোক সকলৰ পৱিত্ৰ উৎসৱ বৰদিন পালন কৰা হয়৷ বৰদিন উপলক্ষে শুকুৰবাৰৰ পৰাই কেৰলৰে মুখৰ হৈ পৰে ৰাজ্যৰ গিৰ্জাঘৰ সমূহ৷ ক’ভিড সৃষ্ট পৰিৱেশৰ বাবে বিগত বৰ্ষতো অনুষ্ঠুপিয়াকৈ ৰাজ্যজুৰি বৰদিন পালন কৰা হৈছিল৷ যিশু খ্ৰীষ্টৰ জন্মদিন উপলক্ষে শনিবাৰে সুন্দৰকৈ সজাই পৰাই তোলা গিৰ্জাঘৰ সমূহত পুৱাৰ ভাগত প্ৰাৰ্থনা কৰা হয়৷ মাদাৰ মেৰী আৰু যীশু খ্ৰীষ্টৰ আশিষ বিচাৰি তথা দেশৰ দহৰ মংগলৰ বাবে আশিষ কামনা কৰি খ্ৰীষ্টান ধৰ্মাৱলম্বী লোক সকলে ৰাজ্যৰ গিৰ্জাঘৰসমূহত ভিৰ কৰে৷ অৱশ্যে এইবাৰো অমিক্ৰণত আক্ৰান্তৰ সংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি বিশ্বজুৰি তথা দেশত বৰদিন ক’ভিড বিধি মানি পালন কৰা হয়৷ সমগ্ৰ দেশ তথা ৰাজ্যৰ গুৱাহাটী মহানগৰীতো এইবাৰ বৰদিন উপলক্ষে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোক সকলৰ মাজত ব্যাপক উছাহ উদ্দীপনা দেখা যায়৷ মহানগৰীৰ ঠায়ে ঠায়েগহপুৰত আক্ৰান্ত যীশু