Logo
image

নগাই যি পাৰিলে অসমীয়াই নোৱাৰিলে

আফস্পা প্ৰত্যাহাৰক লৈ অমিত শ্বাহৰ কমিটী, থাকিব হিমন্ত

আমাৰ অসম, ২৭ ডিচেম্বৰঃ সমাজৰ সৰ্বস্তৰৰ লোক নামি পৰা সত্ত্বেও, দীৰ্ঘদিন ধৰি চৰকাৰবিৰোধী প্ৰৱল আন্দোলন অব্যাহত ৰাখিও অসমে বিতৰ্কিত ‘কা’ প্ৰতাহাৰ কৰাবলৈ সক্ষম নহ’ল৷ কেন্দ্ৰীয় চৰকাৰক অসমৰ বাবে অতিশয় ক্ষতিকাৰক এই আইনখন বাতিল কৰিবলৈ সৈমান কৰিব নোৱাৰিলে অসমীয়াই৷ কিন্তু ইয়াৰ বিপৰীতে নগালেণ্ডত হোৱা কেইদিনমানৰ আন্দোলনে ৰাজ্যখনত দীৰ্ঘদিন ধৰি বলৱৎ হৈ থকা অতি বিতৰ্কিত, কুখ্যাত সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন [আফস্পা] সমূলঞ্চে প্ৰত্যাহাৰ কৰাৰ উজ্জ্বল সম্ভাৱনা সৃষ্টি কৰিছে৷ নাগালেণ্ডৰ পৰা সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন [আফস্পা] প্ৰত্যাহাৰ কৰাৰ লক্ষ্য লৈ কেন্দ্ৰীয় চৰকাৰে এখন কমিটী গঠন কৰিবলৈ সিদ্ধান্ত লৈছে৷ কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ৰ অধীনত আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ প্ৰত্যক্ষ হস্তক্ষেপত যোৱা ২৩ ডিচেম্বৰত  নতুন দিল্লীত সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন [আফস্পা] প্ৰত্যাহাৰ কৰাৰ বিষয়ে সিদ্ধান্ত ল’বলৈ এখন  গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে এই বৈঠকত উপস্থিত আছিল নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’, উপ-মুখ্যমন্ত্ৰী ৱাই পেটন, অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা আৰু নাগালেণ্ড পিপ্‌লছ ফ্ৰণ্টৰ বিধায়িনী দলৰ নেতা টি আৰ জেলিয়াং৷ এই বৈঠকত নাগালেণ্ডৰ পৰা এই কুখ্যাত আইনখন প্ৰত্যাহাৰ কৰাৰ বিষয়ে একপ্ৰকাৰ সিদ্ধান্ত হৈছে৷ অৱশ্যে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰাৰ পূৰ্বে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে বিষয়টো সন্দৰ্ভত সবিশেষ পৰ্যালোচনা কৰাৰ বাবে এখন কমিটী গঠন কৰিব৷ গৃহমন্ত্ৰণালয়ৰ উত্তৰ-পূবৰ দায়িত্বত থকা অতিৰিক্ত সচিব এই কমিটীখনৰ মুৰব্বী হ’ব৷ কমিটীখনৰ অন্যতম শক্তিশালী সদস্য হ’ব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত  বিশ্ব শৰ্মা৷ কিয়নো উত্তৰ-পূবৰ বিজেপিৰ অধীনৰ প্ৰত্যেকটো পদক্ষেপৰ দায়িত্ব হিমন্ত বিশ্ব শৰ্মাৰ জৰিয়তে কেন্দ্ৰীয় কমিটীয়ে সম্পন্ন কৰে৷ আফস্পাৰ দৰে দীৰ্ঘদিন ধৰি বলৱৎ হৈ থকা এখন আইন প্ৰত্যাহাৰ কৰাৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাৰ মতামত অতিশয় জৰুৰী বুলি অনুভৱ কৰিছে কেন্দ্ৰীয় চৰকাৰে৷ স্বাভাৱিকভাৱেই এই কমিটীত নাগালেণ্ডৰ মুখ্যমন্ত্ৰী আৰু আন শীৰ্ষ মন্ত্ৰী থাকিব৷ কমিটীখনে নাগালেণ্ড ভ্ৰমণ কৰি ৰাজ্যখনৰ প্ৰকৃত পৰিস্থিতি সন্দৰ্ভত মতামত গ্ৰহণ কৰিব আৰু পৰ্যৱেক্ষণ কৰিব৷ ৪৫ দিনৰ ভিতৰত এই কমিটীখনে সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন [আফস্পা] প্ৰত্যাহাৰ সন্দৰ্ভত তেওঁলোকৰ মতামত জনাব৷ ইয়াৰ পাছতেই চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ে৷ কেন্দ্ৰীয় চৰকাৰৰ এক বিশ্বস্ত সূত্ৰই জনোৱা অনুসৰি উত্তৰ-পূবৰ অসমকে ধৰি আন আন ৰাজ্যত এই বিতৰ্কিত সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন [আফস্পা]খন বলৱৎ হৈ থাকিলেও কেৱল নাগালেণ্ডৰ পৰা এই আইন প্ৰত্যাহাৰ কৰা হ’ব৷  প্ৰসংগতঃ উল্লেখযোগ্য, অসমকে ধৰি মিজোৰাম, মণিপুৰ, মেঘালয় আৰু অৰুণাচল প্ৰদেশৰ কেইখনমান জিলাক অশান্ত অঞ্চল ঘোষণা কৰি কেন্দ্ৰীয় চৰকাৰে বছৰ বছৰ ধৰি এই বিতৰ্কিত সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন [আফস্পা]খন বলৱৎ কৰি ৰাখিছে৷ যোৱা ২৩ ডিচেম্বৰত নাগালেণ্ডৰ মন জিলাত সামৰিক বাহিনীয়ে উগ্ৰপন্থীৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈ ভুলবশতঃ  চৈধ্যজন গাঁওবাসীক গুলীয়াই হত্যা কৰিছিল৷ এই ঘটনাৰ পাছতে সমগ্ৰ নাগালেণ্ড উত্তপ্ত হৈ উঠে আৰু সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন [আফস্পা]খন প্ৰত্যাহাৰ কৰাৰ দাবীত তীব্ৰ আন্দোলন গঢ়ি উঠে৷ কেৱল ভুক্তভোগী আৰু সাধাৰণ বাসিন্দাই নহয়, নাগালেণ্ডৰ বিধানসভাত চৰকাৰী আৰু বিৰোধী পক্ষ একগোট হৈ সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন [আফস্পা]খন প্ৰত্যাহাৰ কৰিব লাগে বুলি কেন্দ্ৰীয় চৰকাৰলৈ দাবী জনাই কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰে৷  ইপিনে আইনখন প্ৰত্যাহাৰ নকৰিলে কেন্দ্ৰীয় চৰকাৰৰ সৈতে চলি থকা নাগালেণ্ডৰ শান্তি আলোচনাৰ পৰা নাগালেণ্ডৰ সকলো পক্ষই আঁতৰি থকাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ তদুপৰি এনএছচিএনে ১৪ জন নিৰ্দোষী গাঁওবাসীক হত্যাৰ প্ৰতিশোধ ল’ব বুলি মুকলিকৈ বিবৃতি প্ৰদান কৰি ঘোষণা কৰে৷ সম্প্ৰতি যুদ্ধবিৰতিত থকা উত্তৰ-পূবৰ শক্তিশালী উগ্ৰপন্থী সংগঠনটোৰ এই মুকলি ঘোষণা আৰু বিজেপিৰ সৈতে জোঁট বান্ধি শাসন চলাই থকা চৰকাৰে প্ৰদৰ্শন কৰা বিৰোধিতাত কেন্দ্ৰীয় চৰকাৰৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ ইয়াৰ ফলতে কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ে দৌৰাদৌৰিকৈ যোৱা ২৩ ডিচেম্বৰত বৈঠকখন অনুষ্ঠিত কৰি বিতৰ্কিত সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন [আফস্পা] নাগালেণ্ডৰ পৰা প্ৰত্যাহাৰ কৰা সন্দৰ্ভত একপ্ৰকাৰ চূড়ান্ত মীমাংসালৈ আহে৷ নাগালেণ্ডৰ মুখ্যমন্ত্ৰীসহ তিনিওজন প্ৰতিনিধিয়ে এই বিতৰ্কিত আইনখন প্ৰত্যাহাৰ নকৰিলে চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্ত মানি নল’ব বুলি স্পষ্টভাৱে মত প্ৰকাশ কৰে৷ নাগালেণ্ডৰ চৰকাৰ আৰু বিভিন্ন সংগঠনৰ সবল প্ৰতিক্ৰিয়াত নতশিৰ হৈ কেন্দ্ৰীয় চৰকাৰে কেৱল নাগালেণ্ডৰ পৰা এই আইনখন প্ৰত্যাহাৰ কৰিবলৈ আগবাঢ়িছে৷ তাৎপৰ্যপূৰ্ণভাৱে একেখন আইন অসমতো দীৰ্ঘদিন  ধৰি বলৱৎ হৈ আছে৷ এই আইনখনৰ বিৰুদ্ধে অসমত সময়ে সময়ে প্ৰতিবাদো হৈছে৷ এতিয়া অসমত পূৰ্বৰ দৰে কোনো শক্তিশালী সশস্ত্ৰ সংগঠন নাই৷ চৰকাৰে নিজেই অসমত শান্তিৰ পৰিৱেশ বিৰাজ কৰা বুলি মন্তব্য কৰে৷ তথাপি অসমত সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন [আফস্পা]খন অব্যাহত আছে৷ অসমৰ পৰা এই বিতৰ্কিত আইনখন প্ৰত্যাহাৰ কৰাৰ কোনো মানসিকতা নাই কেন্দ্ৰীয় চৰকাৰৰ৷ তদুপৰি অসমৰ সৰ্বস্তৰৰ জনগণে তীব্ৰ আন্দোলন গঢ়ি তোলা সত্ত্বেও কেন্দ্ৰীয় চৰকাৰে ‘কা’ প্ৰত্যাহাৰৰ ক্ষেত্ৰত অসমৰ জনসাধাৰণৰ মতামতক মুঠেই গুৰুত্ব নিদিলে৷ অসমৰ অধিকাংশ সংগঠন আৰু শিল্পী তথা আন আন লোকো ‘কা’ৰ বিৰুদ্ধে আন্দোলনত নামিছিল৷ পিছে কেন্দ্ৰীয় চৰকাৰৰ অদ্ধৰ্সামৰিক বাহিনীয়ে পাঁচজন আন্দোলনকাৰীক গুলীয়াই মাৰি এই আন্দোলন দমন কৰিলে৷ অসমীয়াই নোৱাৰিলেও নগাই পিছে তেওঁলোকে বিচৰাটো কেন্দ্ৰীয় চৰকাৰৰ পৰা কেনেদৰে আদায় কৰিব লাগে সেয়া দেখুৱাই দিছে৷ নগাক অসমৰ মানুহে একো নাজানে বুলি তুচ্ছ-তাচ্ছিল্য কৰে৷ পিছে নগাৰ কিমান দৃঢ়তা আছে সেয়া তেওঁলোকে সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন [আফস্পা]খন প্ৰত্যাহাৰ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰক গুৰুত্বপূৰ্ণ পদক্ষেপ ল’বলৈ বাধ্য কৰি বুজাই দিলে৷