Logo
image

ফিৰিঙতিৰ পৰা খাণ্ডৱ দাহ

 আছু কৰ্মীক গ্ৰেপ্তাৰ, মাৰপিটৰ বিৰুদ্ধে ডিব্ৰুগড়-তিনিচুকীয়া বন্ধ  শংকৰজ্যোতিক আইনী জাননী প্ৰশাসনৰ

আমাৰ অসম, ২৭ ডিচেম্বৰঃ ডিব্ৰু মহাবিদ্যালয়ৰ ছাত্ৰ নিৰ্বাচনক কেন্দ্ৰ কৰি উত্তেজনাময় পৰিস্থিতি অব্যাহত আছে৷ ডিব্ৰুগড়ৰ আছুৰ শ্বহীদ ভৱনত আৰক্ষীয়ে আছুৰ কৰ্মীক অমানৱীয় অত্যাচাৰ আৰু আটক কৰাৰ প্ৰতিবাদত আজি ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা বন্ধৰ আহ্বান জনায় ছাত্ৰই৷ ডিব্ৰুগড় আৰক্ষীয়ে এই ঘটনাটোত পক্ষপাতমূলক ভূমিকা গ্ৰহণ কৰাৰ অভিযোগ তুলি ডিব্ৰুগড় জিলা ছাত্ৰ  সন্থাই জিলাখনৰ বিভিন্ন স্থানত এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি কৰে৷ ডিব্ৰুগড় জিলাৰ জিলা ছাত্ৰ সন্থাৰ ২৪ ঘণ্টীয়া বন্ধৰ আহ্বানৰ ফলত চহৰখনত সৰ্বাত্মক প্ৰভাৱ পৰা পৰিলক্ষিত হয়৷ ইফালে আজি পুৱাৰ ভাগৰ পৰা চহৰখনৰ আছুৰ শ্বহীদ ভৱনত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ লোকে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা মোতায়েন কৰে৷ অৱশ্যে আৰক্ষীৰ এই কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজতো জিলাখনৰ চাবুৱা, বৰবৰুৱা, মৰাণ, খোৱাং আদি অঞ্চলত টায়াৰ জ্বলাই আৰক্ষী প্ৰশাসনৰ স্বেচ্ছাচাৰী কৰ্মকাণ্ডক লৈ ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে৷ আনহাতে, আজি বন্ধৰ সময়ছোৱাত আৰক্ষীয়ে ঘেৰাও কৰিলে চহৰখনৰ চৌকিডিঙ্গিস্থিত শ্বহীদ ভৱন৷ যাতে এই বন্ধৰ সময়ছোৱাত কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি নকৰে তাৰ বাবে পূৰ্ণদৃষ্টি নিক্ষেপ কৰিলে ডিব্ৰুগড় জিলা আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰই৷ জিলা আৰক্ষী অধীক্ষজনে আজি নিজেই সমগ্ৰ পৰিৱেশ নিৰীক্ষণ কৰে৷  

মাৰপিটৰ ঘটনাত ১১জনক আটক, কাৰাগাৰলৈ প্ৰেৰণ ৫জনক

ছাত্ৰ নিৰ্বাচনক লৈ সৃষ্টি হোৱা মাৰপিটৰ ঘটনাৰ অভিযোগত অভিযুক্ত ১১জন লোকক আটক কৰিছে ডিব্ৰুগড় আৰক্ষীয়ে৷ সেইদৰে আৰক্ষীয়ে প্তজনক ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰিছে৷ জানিব পৰা মতে, ডিব্ৰু মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনক লৈ সদৌ অসম ছাত্ৰ সন্থা, অসম ছাত্ৰ পৰিষদ আৰু অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ কৰ্মীৰ মাজত সৃষ্টি হোৱা তুমুল সংঘৰ্ষৰ পৰিপ্ৰেক্ষিতত আহত হৈছিল কেইবাজনো আছু আৰু এবিভিপিৰ কৰ্মী৷ আনকি একাংশ উদণ্ড ছাত্ৰই চোকা অস্ত্ৰৰে আক্ৰমণ কৰাৰ ফলত আহত হৈছিল কেইবাজনো ছাত্ৰকৰ্মী৷ ইয়াৰ পাছতে নিশা তিনি ছাত্ৰকৰ্মীৰ নেতৃত্বই এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি কৰে৷ ডিব্ৰুগড় সদৰ থানাৰ চৌহদত সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতি৷ ডিব্ৰুগড় আৰক্ষীয়ে আজি ২৪ ঘণ্টীয়া জিলা বন্ধৰ সময়ছোৱাত লাহোৱালত লাহোৱাল আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক বিদু্যৎ সাগৰ দত্তকে ধৰি তিনিজনক আটক কৰাৰ বিপৰীতে ডিব্ৰুগড় আৰক্ষীয়ে ডিব্ৰুগড় আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰূপজ্যোতি বৰঠাকুৰ, সাধাৰণ সম্পাদক গুঞ্জন মেচক আটক কৰিছে৷ 

আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱালৈ ভাবুকি

বন্ধৰ সময়ছোৱাত ৰাজহুৱা সম্পত্তি তথা কোনো নাগৰিকৰ ক্ষতি হ’লে ৰাজহুৱা সম্পত্তি আইন ১৯৮৪১ অধীনত শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ সকীয়নি প্ৰদান কৰিছে ডিব্ৰুগড় জিলা আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰই৷ আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰই আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱালৈ প্ৰেৰণ কৰা পত্ৰত বন্ধৰ বিৰুদ্ধে উচ্ছতম ন্যায়ালয়, গুৱাহাটী উচ্ছ ন্যায়ালয় আৰু কেৰালা উচ্ছ ন্যায়ালয়ৰ ৰায়ক দোহাই দি এই বন্ধক আইনবিৰুদ্ধ আৰু সংবিধানবিৰোধী বুলি প্ৰকাশ কৰিছে৷ আনহাতে, এনে বন্ধই সাধাৰণ শ্ৰমিক আৰু দেওবৰীয়া বজাৰলৈ অহা ব্যৱসায়ীসকলক যথেষ্ট লোকচানৰ সন্মুখীন হ’বলগীয়া হোৱাৰ কথা প্ৰকাশ কৰি এই বন্ধ প্ৰত্যাহাৰ কৰিবলৈ আহ৩ান জনাইছে আৰক্ষী অধীক্ষকজনে৷ 

আৰক্ষী অধীক্ষকৰ বিৰুদ্ধে সৰৱ শংকৰজ্যোতি বৰুৱাৰ

ডিব্ৰুগড় জিলা আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰৰ বিৰুদ্ধে সৰৱ আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা৷ ২৪ ঘণ্টীয়া আছুৰ বন্ধৰ মাজতে ডিব্ৰুগড় চহৰৰ শ্বহীদ ভৱনত আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই আজি এক সংবাদ মেলযোগে ৰাজ্যজুৰি আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰে৷ ২৭ ডিচেম্বৰত ৰাজ্যজুৰি মন্ত্ৰী অতুল বৰা আৰু আৰক্ষী অধীক্ষক অতুল বৰাৰ পুত্তলিকা দাহ, ২৮ ডিচেম্বৰত মূৰত ক’লা কাপোৰ বান্ধি প্ৰতিবাদ, ৩১ ডিচেম্বৰত ডিব্ৰুগড় সদৰত ৩০ ঘণ্টীয়া অনশন, ৩ জানুৱাৰীত মন্ত্ৰী অতুল বৰা আৰু আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰৰ পুত্তলিকা ওলমোৱা, ৩ জানুৱাৰীত দুলীয়াজানত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ, ৫ জানুৱাৰীত আঞ্চলিক ছাত্ৰ সন্থাই ৰাজহুৱা স্থানত এশ ক’লা পতাকা উৰুৱাই প্ৰতিবাদ সাব্যস্ত কৰা, জ্জ জানুৱাৰীত মুখত ক’লা কাপোৰ মাৰি প্ৰতিবাদ কৰা, ৪ জানুৱাৰীত চাইকেল ৰেলীৰে প্ৰতিবাদ, ১১ জানুৱাৰীত সত্যাগ্ৰহ কাৰ্যসূচী আৰু ১৩ জানুৱাৰীত ৰূপায়ণ কৰা হ’ব জোঁৰ সমদল কাৰ্যসূচী৷ উল্লেখ্য যে, ১৫ জনকৈ আছু সদস্যক আটক কৰা শ্বহীদ ভৱনৰ সন্মুখত আজি পুৱাৰে পৰা বৃহৎসংখ্যক আৰক্ষী আৰু নিৰাপত্তা বাহিনী মোতায়েনৰ সময়তে সন্ধিয়া ২ শতাধিক আছু কৰ্মীসহিতে উপস্থিত হয় আছুৰ সাধাৰণ সম্পাদকজন৷ ইয়াৰ পাছতে আছু কাৰ্যালয়ৰ সন্মুখত দুগুণলৈ বৃদ্ধি হয় আৰক্ষী নিৰাপত্তাৰক্ষী৷  শেষ মুহূৰ্তত শংকৰজ্যোতিক গ্ৰেপ্তাৰ কৰাৰ সাহস গোটাব নোৱাৰিলে ডিব্ৰুগড় আৰক্ষীয়ে৷ সংবাদ মেলত শংকৰজ্যোতিয়ে আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰে৷ আৰক্ষী অধীক্ষকজনক সুবুধ বিশ্বাস আখ্যা দিয়ে৷ আনহাতে, ইয়াৰ পাছতে উপায়ুক্তজনৰ সৈতে ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই এক আলোচনাত মিলিত হয়৷  

আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যৰ গৰিহণা

এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে আছুৰ মুখ্য উপদেষ্টা ড॰  সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই৷ ৰাজ্য চৰকাৰৰ নিৰ্দেশত ডিব্ৰুগড়ত ছাত্ৰ সন্থাৰ কাৰ্যালয়ত প্ৰৱেশ কৰি আৰক্ষীয়ে সন্থাৰ সদস্যৰ ওপৰত কৰা বৰ্বৰ অত্যাচাৰ, গ্ৰেপ্তাৰক তীব্ৰ কঠোৰ ভাষাৰে গৰিহণা দি অতিশীঘ্ৰে গ্ৰেপ্তাৰ কৰা সদস্যসকলক মুক্তি দিবলৈ দাবী জনাইছে৷ আনহাতে, সন্থাৰ সদস্যৰ ওপৰত কৰা এনে বৰ্বৰ অত্যাচাৰ কোনো কাৰণতে সহ্য নকৰাৰ হুংকাৰ প্ৰদান কৰিছে৷  

চৰকাৰক সমালোচনা লুৰীণজ্যোতি গগৈৰ 

আনহাতে, ছাত্ৰ নিৰ্বাচনক কেন্দ্ৰ কৰি  ডিব্ৰুগড়ত ছাত্ৰ সংগঠনৰ মাজত সংঘৰ্ষৰ পাছত ডিব্ৰুগড় আৰক্ষীয়ে আছুকৰ্মীক আটক কৰাৰ ঘটনাক তীব্ৰ সমালোচনা কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে৷ ডিব্ৰুগড়ৰ অভিভাৱক মন্ত্ৰী অতুল বৰাৰ নিৰ্দেশত আছুকৰ্মীৰ ওপৰত আৰক্ষী প্ৰশাসনে জঁপিয়াই পৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি এখন মহাবিদ্যালয়ৰ নিৰ্বাচন প্ৰশাসনে নিয়ন্ত্ৰণ কৰিব নোৱৰাটো দুৰ্ভাগ্যজনক আখ্যা দিয়ে আঞ্চলিক দলটোৰ কেন্দ্ৰীয় সভাপতিজনে৷ 

ডিব্ৰুগড় অভিমুখী শতাধিক আছুকৰ্মীক শিৱসাগৰ

আৰক্ষীৰ বাধা প্ৰদান

আমাৰ অসমঃ ছাত্ৰ একতা সভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি কালি ডিব্ৰুগড়ৰ এখন মহাবিদ্যালয়ত সংঘটিত হিংসাত্মক ঘটনা আৰু তাৰ পৰৱৰ্তী সময়ত ১৫জনকৈ আছুকৰ্মীক ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাক লৈ আজি শিৱসাগৰতো সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ আছুকৰ্মীক বিনাচৰ্তে মুক্তিৰ দাবীত ডিব্ৰুগড়ত অনুষ্ঠিত এক প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ যোৱা শিৱসাগৰ জিলাৰ  শতাধিক আছুকৰ্মীক আজি পুৱা শিৱসাগৰ আৰক্ষীয়ে বাধা প্ৰদান কৰে ৷ পুৱা প্ৰায় চাৰে দহ মান বজাত ১৫ খন গাড়ীৰে শিৱসাগৰৰ পৰা ডিব্ৰুগড়লৈ যাত্ৰা কৰিব বিচৰা আছুৰ দলটোক নগৰৰ সমীপৰ দৰিকাপাৰত শিৱসাগৰ আৰক্ষীৰ এটা বিশাল দলে বাধা প্ৰদান কৰে ৷ সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমীৰণ ফুকনৰ নেতৃত্বত যোৱা দলটোক দৰিকাপাৰত কিছুসময় আৱদ্ধ ৰাখি পৰৱৰ্তী সময়ত ওভতাই পঠায়৷ আনহাতে, ডিব্ৰুগড়ৰ  প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ বাবে গোলাঘাট, যোৰহাটৰ পৰা  প্ৰায় ত্ৰিশ খনতকৈয়ো অধিক বাহনত উঠি অহা আছুৰ কৰ্মীসকলক নগৰৰ প্ৰগতি চাৰিআলিৰ সমীপত আৰক্ষীয়ে আগুচি ধৰি ডিব্ৰুগড় অভিমুখে যোৱাত বাধা প্ৰদান কৰি শিৱসাগৰৰ পৰা ঘূৰাই পঠায়৷ ইফালে গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ যোৱা আছুকৰ্মীক এনেদৰে শিৱসাগৰত আৰক্ষীয়ে বাধা প্ৰদান কৰা কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমীৰণ ফুকনে ৷ নিৰস্ত্ৰ গণতান্ত্ৰিক প্ৰতিবাদী আছুকৰ্মীক এনেদৰে গন্তব্য স্থানলৈ যোৱাত বাধা প্ৰদান কৰা কাৰ্যই অসম আৰক্ষীৰ  ব্যৰ্থতাকেই লাজ লগাকৈ উদঙাই দিছে বুলি মন্তব্য কৰে৷ বিশেষকৈ চৰকাৰ, প্ৰশাসনে গ্ৰহণ কৰা দমনমূলক নীতিৰ বিৰুদ্ধে আছুৱে সদায় প্ৰতিবাদ সাব্যস্ত কৰি যাব বুলি নেতাজনে মন্তব্য কৰাৰ লগতে এনে কাৰ্যই আৰক্ষীৰ খাকী পোচাকত কালিমা সানিলে বুলিও ফুকনে মন্তব্য কৰে৷