Logo
image

প্ৰেমহীন পৃথিৱী এৰি গ’ল জিঞ্জিৰিয়ে, শৱদেহ লৈ প্ৰতিবাদ, স্কুল ছীল

আমাৰ অসম, ২৭ ডিচেম্বৰঃ সপোন দেখাৰ বয়সত প্ৰেমহীন পৃথিৱীৰ মায়ামোহ এৰি চিৰ বিদায় মাগিলে ১৪ বছৰীয়া ছাত্ৰী  জিঞ্জিৰিয়ে৷ মৰমৰ পিতৃ-মাতৃ, বন্ধু আৰু অতিকৈ আপোন বিদ্যালয়খনৰ মায়ামোহ এৰি পৃথিৱী এৰাৰ চৰম সিদ্ধান্ত ল’লে ১৪ বছৰীয়া জিঞ্জিৰিয়ে৷ কোনেও হয়তো সপোনতো ভবা নাছিল যে তাই এনেকুৱা এটা পথ বাছি ল’ব৷ গুৱাহাটীৰ হায়াট হাস্পতালত চিকিৎসাধীন অৱস্থাত আজি পুৱা মেধাবী ছাত্ৰী  জিঞ্জিৰি দেউৰীয়ে শেষ নিশ্বাস ত্যাগ কৰে৷ ছাত্ৰীগৰাকীৰ মৃত্যুৰ পিছতেই এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ ছাত্ৰীগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষা কৰিবলৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে৷ ইপিনে, ছাত্ৰীগৰাকীৰ মৃত্যুৰ পিছতেই স্থানীয় ৰাইজে কাহিলীপাৰাস্থিত মৰ্ডাণ ইংলিছ স্কুলৰ মূলদ্বাৰৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ স্কুলৰ অধ্যক্ষা জোনলী দাসৰ দুৰ্ব্যৱহাৰৰ বাবেই ছাত্ৰী  জিঞ্জিৰি দেউৰীয়ে আত্মহত্যা কৰা বুলি প্ৰতিবাদী সকলে অভিযোগ উত্থাপন কৰে৷ অধ্যক্ষা জোনালী দাসক গ্ৰেপ্তাৰ কৰিবলৈ প্ৰতিবাদী সকলে আৰক্ষী প্ৰশাসনৰ ওচৰত দাবী জনায়৷ আনহাতে, জোনালী দাসৰ হেচাত আৰক্ষীয়ে  জিঞ্জিৰি দেউৰীৰ আত্মহত্যাৰ টোকা পৰিয়ালৰ লোকক দেখুওৱা নাই বুলি প্ৰতিবাদী সকলে অভিযোগ উত্থাপন কৰে৷ এটা সময়ত অধিক উত্তেজিত হৈ পৰা প্ৰতিবাদী সকলে স্কুলৰ মূলদ্বাৰত তলা মাৰি ছীল কৰি দিয়ে৷ ইপিনে, মৰণোত্তৰ পৰীক্ষা কৰি ছাত্ৰীগৰাকীৰ মৃতদেহ ঘৰলৈ অনাৰ পিছতেই স্থানীয় ৰাইজে কাহিলীপাৰাৰ ঘাইপথ অৱৰোধ কৰি মৃতদেহ লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ উত্তেজিত জনতাই কিছু সময় প্ৰতিবাদ সাব্যস্ত কৰি পথ অৱৰোধ কাৰ্যসূচী উঠাই লয়৷ মূলতঃ ছাত্ৰীগৰাকীৰ মৃত্যুৰ পিছত যুদ্ধদেহিং পৰিৱেশৰ সুচনা হয়৷ স্কুলৰ অধ্যক্ষা জোনালী দাসৰ দুব্যৱহাৰৰ বাবে জ্জ্ব বছৰ পূৰ্বে এজন ছাত্ৰই আত্মহত্যা কৰা বুলি অভিযোগ উঠিছে৷ উল্লেখ্য যে মহানগৰীৰ ভগদত্তপুৰৰ সোণাইঘুৰীৰ বাসিন্দা জিনজিৰি দেউৰীয়ে কাহিলীপাৰাৰ মৰ্ডাণ ইংলিছ স্কুলত অষ্টম শ্ৰেণীত অধ্যায়ন কৰি আছিল৷ স্কুলখনৰ অধ্যক্ষা জোনালী দাসৰ ভাতৃ তথা আৰক্ষী বিষয়াৰ পুত্ৰৰ লগত  জিঞ্জিৰি দেউৰীৰ প্ৰেমৰ সম্পৰ্ক আছিল৷ শুকুৰবাৰে স্কুল অধ্যক্ষা জোনালী দাসে নিজৰ কাৰ্যালয়ৰ কোঠালৈ ছাত্ৰী  জিঞ্জিৰি দেউৰীক মাতি আনি প্ৰেমৰ সম্পৰ্কৰ সন্দৰ্ভত সোধা পোছা কৰি দুব্যৱহাৰ কৰে৷ অধ্যক্ষাগৰাকীৰ দুব্যৱহাৰত মানসিকভাৱে ভূগি ছাত্ৰী জিঞ্জিৰি দেউৰীয়ে স্কুলৰ পঞ্চম মহলাৰ পৰা জপিয়াই আত্মহত্যাৰ চেষ্টা কৰে৷ গুৰুতৰভাৱে আহত হোৱা ছাত্ৰীগৰাকীক ততালিকে স্কুল কতৃৰ্পক্ষই হায়াত হাস্পতালত আই চি ইউত সংকটজনক অৱস্থাত ভৰ্তি কৰায়৷ ইপিনে, ঘটনাস্থলীৰ পৰা স্কুল কতৃৰ্পক্ষই ছাত্ৰীগৰাকীৰ এখন ছুইচাইড নোট উদ্ধাৰ কৰি আৰক্ষীক গতাই দিছিল৷ ছুইচাইড নোটত ছাত্ৰীগৰাকীয়ে বহু কথা উল্লেখ কৰাৰ পিছতো ভগদত্তপুৰ আৰক্ষীয়ে কোনো গোচৰ ৰুজু কৰা নাছিল৷ ছাত্ৰীগৰাকীৰ আত্মহত্যাৰ ঘটনাত গাফিলতি কৰাত ভগদত্তপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াক শাস্তিমূলকভাৱে বদলি কৰা হৈছে৷ ইপিনে, বিগত দুটা দিন ধৰি ছাত্ৰীগৰাকীয়ে হাস্পতালৰ আইচিইউত মৃত্যুৰ সৈতে যুঁজি আজি শেষ নিশ্বাস ত্যাগ কৰে৷ ঘটনা সন্দৰ্ভত ছাত্ৰীগৰাকীৰ পৰিয়ালে ভগদত্তপুৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে৷ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ১১৬/৩০৬ নং ধাৰাৰ অধীনত থানাত ৪৫৭৫/২১ এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷ স্কুলৰ অধ্যক্ষা জোনালী দাসৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে বুলি দিছপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মুকুট কাকতিয়ে জানিবলৈ দিয়ে৷ শীঘ্ৰেই অধ্যক্ষা জোনালী দাসক গ্ৰেপ্তাৰ কৰা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে৷

অধ্যক্ষা জোনালী দাস পলাতক

আমাৰ অসমঃ মৰ্ডান ইংলিছ স্কুলৰ ছাত্ৰী জিনজিৰি দেউৰীক মৃত্যুৰ মুখলৈ ঠেলি দিয়া বুলি গোচৰ ৰুজু হোৱা অধ্যক্ষা জোনালী দাস পলাতক হৈ আছে৷ মডাৰ্ণ ইংলিছ স্কুলৰ অধ্যক্ষা জোনালী দাসক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীয়ে তীব্ৰ অভিযান চলাই আছে যদিও পলাতক জোনালী দাসক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পৰা নাই৷ আৰক্ষীয়ে জোনালী দাসৰ মবাইল ফোনৰ টাৱাৰ লকেশ্বৰ পৰীক্ষা কৰিছে যদিও অধ্যক্ষা গৰাকীয়ে মবাইল ফোন বন্ধ কৰি আত্মগোপন কৰাত আৰক্ষীয়ে তেওঁৰ মবাইল ফোনৰ টাৱাৰ লকেশ্বন জানিব পৰা নাই বুলি পুৱা গুৱাহাটী জিলাৰ ডিচিপি সুব্ৰজিৎ বৰাই আমাৰ অসম’ক জানিবলৈ দিয়ে৷ পলাতক অধ্যক্ষা জোনালী দাসক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীয়ে তীব্ৰ অভিযান চলাই আছে বুলি ডিচিপি সুব্ৰজিৎ বৰাই জানিবলৈ দিয়ে৷ উল্লেখ্য যে, কাহিলীপাৰাৰ মৰ্ডাণ ইংলিছ স্কুলৰ অধ্যক্ষা জোনালী দাসে দুৰ্ব্যৱহাৰ কৰাৰ বাবেই অষ্টম শ্ৰেণীৰ ছাত্ৰী জিঞ্জিৰি দেউৰীয়ে স্কুলৰ পঞ্চম মহলাৰ পৰা জপিয়াই আত্মহত্যা কৰিছিল৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ভাৰতীয় দণ্ড বিধিৰ ১১৬/৩০৬ নং ধাৰাৰ অধীনত থানাত ৪৫৭৫/২১ নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত চলাই আছে৷

দোষীক শাস্তিৰ দাবী দেউৰী ছাত্ৰ সন্থাৰ

আমাৰ অসমঃ মহানগৰীৰ ওদালবাক্ৰাস্থিত ইংৰাজী মাধ্যমৰ অভিজ্ঞতা বিদ্যালয়ত মডাৰ্ণ ইংলিছ স্কুলৰ এগৰাকী কিশোৰী ছাত্ৰী বিদ্যালয় ভৱনৰ পঞ্চম মহলাৰ পৰা জপিয়াই আত্মহত্যা কৰা ঘটনাত গভীৰ শোক আৰু ক্ষোভ প্ৰকাশ কৰিছে সদৌ অসম দেউৰী ছাত্ৰ সন্থাই৷ এক বিবৃতিত সন্থাৰ গুৱাহাটী মহানগৰ জিলা সমিতিৰ সভাপতি ৰাজীৱ দেউৰী আৰু সাধাৰণ সম্পাদক জ্যোতি প্ৰসাদ দেউৰীয়ে ক্ষোভেৰে কয় যে তথা কথিত অভিজাত ইংৰাজী মাধ্যমৰ বিদ্যালয়খনৰ অধ্যক্ষগৰাকীৰ চৰম অবিচনা, নিৰ্লজ পক্ষপাতিত্ব আৰু নিৰ্দয় মানসিক নিৰ্যাতনৰ বাবেই এগৰাকী নিষ্ঠাবান নিৰীহ ছাত্ৰী জিঞ্জিৰি দেউৰীয়ে আকস্মিকভাৱে মৃত্যুক আকোঁৱালি ল’ব লগা হ’ল৷ বিদ্যালয়খনৰ অধ্যক্ষ জোনালী দাসে বিতৰ্কিত আৰক্ষী বিষয়া এগৰাকীৰ উচটনত তেওঁৰ সন্মুখতে বিদ্যালয়ত চলোৱা মানসিক নিৰ্যাতনৰ বাবেই কিশোৰী ছাত্ৰীগৰাকীয়ে আত্মহননৰ দৰে চৰম পন্থা গ্ৰহণ কৰিব লগা হ’ল বুলি উল্লেখ কৰি ছাত্ৰনেতাদ্বয়ে মৃত ছাত্ৰীগৰাকীৰ পৰিয়ালক অধ্যক্ষা জোনালী দাসে উচিত ক্ষতিপূৰণ দিব লাগে বুলি দাবী কৰে৷ আনহাতে কতৃৰ্পক্ষৰ ভুলৰ বাবেই যাতে এনে ঘটনাৰ পুনৰাবৃত্তি নহয় তাৰ বাবে ক্ষিপ্ৰ আৰু কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনাই এই কৰুণ ঘটনাৰ নিৰপেক্ষ তদন্তৰ ব্যৱস্থা কৰি দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈও দাবী জনোৱা হয়৷