সুৰাৰ নিচাতেই ভুল হ’ল নেকি চৰকাৰৰ
নৱবৰ্ষ পালনৰ বাবে কঠোৰ নৈশ কাৰ্ফিউ বাতিল
আমাৰ অসম, ২৮ডিচেম্বৰঃ চক্ৰবৎপৰিবৰ্তন্তে সুখানি চ, দুঃখানি চ– অৰ্থাৎ আনন্দ আৰু বেদনাৰ গতি চক্ৰৰ দৰে ঘূৰ্ণীয়মান৷ যদি এই আনন্দ আহিল, ঠিক পিছমুহূৰ্ততে দুখ৷ অসম চৰকাৰৰ ক’ভিডৰ এছ অ’ পি তথা আৰক্ষীৰ কঠোৰ অনুশাসনৰ ফলত এতিয়া ৰাজ্যৰ সুৰাপায়ীসকলৰ অৱস্থা ঠিক এনেকুৱাই৷ সুৰাপান কৰি লাউঞ্জ বাৰ কিম্বা বন্ধুৰ ঘৰৰ পৰা অনাবিল আনন্দ আহৰণ কৰি গাড়ী বা বাইকত উঠি ৰাস্তাত নামিল কি নানামিল, আৰক্ষীয়ে ধৰি লগাই দিলে সুৰাপান কৰি যান-বাহন চলোৱাৰ অপৰাধত ১০,০০০ টকাৰ ফাইন৷ ‘মাল্টিপল অফেণ্ডাৰ’ অৰ্থাৎ একাধিকবাৰ একে অপৰাধ কৰোতাৰ চালকৰ অনুজ্ঞাপত্ৰ বাতিল কৰি দিলে আৰক্ষীয়ে৷ সেই চক্ৰবৎপৰিবৰ্তন্তে সুখানি চ, দুঃখানি চ– সুখাস্বাদনৰ পাছতেই দুখ৷ চৰকাৰৰ এই ব্যৱস্থাত তীব্ৰ ক্ষোভ সুৰাপায়ীৰ৷ এনেদৰে চৰকাৰী নীতি-নিয়মৰ বলি হোৱা একাংশই কয়– আমিয়েই সুৰাপান কৰি চৰকাৰক ৰাজহ দি আছোঁ আৰু আমাৰ পৰাই জৰিমনা সংগ্ৰহ কৰি চৰকাৰে দুবাৰকৈ ৰাজহ গোটাইছে৷ আকৌ একেখন চৰকাৰেই নিশা ১১ বজাৰ পৰা সান্ধ্য আইন জাৰি কৰি ৩১ ডিচেম্বৰত ওৰেনিশা বাৰ, হোটেল, লাউঞ্জ বাৰ খুলি দিছে৷ সুৰাৰ নিচাতেই ভুল কৰিলে নেকি চৰকাৰে?
সুৰাপায়ী হ’লেও কোনো এটা দিশৰ পৰা তেওঁলোকৰ বক্তব্যত যুক্তি আছে৷ অন্ততঃ সুৰাৰ নিচাতেই ভুল হ’ল নেকি চৰকাৰৰ– বুলি কোৱা বাক্যষাৰ তেনেই অযুক্তিকৰ নহয়৷ চৰকাৰৰ সুৰাৰ নিচা লাগিছে, অৰ্থাৎ চৰকাৰে উপলব্ধি কৰিছে; সুৰাৰ পৰাই ৰাজ্যই বিশাল পৰিমাণত আবকাৰী ৰাজহ সংগ্ৰহ কৰে৷ সেয়ে ক’ভিডৰ এছ অ’ পি বলৱৎ কৰিও, নৈশ সান্ধ্য আইন জাৰি কৰিও ৩১ ডিচেম্বৰত সকলো শিথিল কৰি দিছে৷ চৰকাৰে ভালদৰেই জানে, ৩১ ডিচেম্বৰত ৰাজ্যজুৰি বিশাল পৰিমাণত সুৰা বিক্ৰী হ’ব৷ চৰকাৰে সেই সুৰাৰ পৰা কেইবাশ কোটি টকা ৰাজহ সংগ্ৰহ কৰিব৷ সেয়ে আন দিন বিলাকত ক’ভিডৰ এছ অ’ পি বলৱৎ হৈ থাকিলেও সুৰাৰ নিচাৰ আকৰ্ষণত ৩১ ডিচেম্বৰত সকলো মাফ, সকলো মুকলি৷ যেন সেই নিশা ক’ভিডৰ ভাইৰাছ কাৰো শৰীৰলৈ সংক্ৰমিত নহ’ব৷ ভিৰৰ মাজত, সামাজিক ব্যৱধানহীন অৱস্থাও কেৱল সুৰাৰ নিচাতেই মানি লৈছে নেকি চৰকাৰে– সেই প্ৰশ্নও উঠিছে৷
ড॰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখন জনপ্ৰিয়তা আহৰণত বিশ্বাসী৷ বিগত ৮ মাহৰ কাৰ্যকলাপত সেয়া বাৰে বাৰে প্ৰতীয়মান হৈছে৷ জনপ্ৰিয় ক্ৰিকেটাৰে যিদৰে ‘গেলাৰী ৰেছপন্স’ দেখুৱাই হকে বিহকে ছিক্সাৰ কোবাবলৈ যায়, ঠিক তেনেদৰেই মেলে মিটিঙে উপস্থিত ৰাইজক সঁহাৰি দি আনন্দ আহৰণ কৰে মুখ্যমন্ত্ৰীয়ে৷ ৩১ ডিচেম্বৰৰ এই মুকলি মুকলি ধাৰণাটো অনেকৰ মতে চৰকাৰখনৰ জনপ্ৰিয়তা অৰ্জনৰ কৌশল৷ ৰাজ্যৰ বাসিন্দাক তেওঁলোকৰ ইচ্ছাপূৰণৰ সুযোগ দি ৰাইজৰ পৰা জনপ্ৰিয়তা আহৰণৰ চেষ্টা চলাইছে চৰকাৰে৷ ক’ভিডৰ সংক্ৰমণ, সামাজিক ব্যৱধানহীনতা, জনসমাৱেশক লৈ অলপো উদ্বিগ্ন নহয় চৰকাৰ, ক’ভিডৰ এছ অ’ পিক লৈয়ো ‘ছিৰিয়াছ’ নহয়৷ জনপ্ৰিয়তা লাভেই যেন শেষ কথা৷
সুৰাপান কৰি গাড়ী-বাইক চলোৱা চালকৰ প্ৰতি চৰকাৰৰ অতি কঠোৰতাক লৈয়ো তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে৷ যদিহে সুৰাপান কৰাক লৈ ইমান সমস্যাই থাকে, তেন্তে চৰকাৰে সুৰাৰ দোকান, বাৰ বন্ধ কৰি নিদিয়ে কিয়? চৰকাৰে সুৰাৰ দোকান, বাৰ বন্ধ কৰিব নোৱাৰে, কাৰণ চৰকাৰৰো সুৰাৰ প্ৰতি নিচা আছে৷ কঠোৰভাৱে যান-বাহন আইন পালন কৰি বৃহৎ হাৰত সুৰাপায়ী চালকৰ পৰা জৰিমনা আদায় কৰি থকাৰ সময়ত, ক’ভিডৰ নৈশ সান্ধ্য আইনৰ মাজত সেয়ে ৩১ ডিচেম্বৰ চৰকাৰৰ বাবে পানীহীন মৰুভূমিৰ মাজত যেন এখন মৰুদ্যান৷ য’ত বেদুইনে তৃষ্ণা নিবাৰণ কৰাৰ দৰে চৰকাৰে বিশাল ৰাজহ সংগ্ৰহ কৰাৰ আশাত বন্দী হৈ আছে৷ সেয়াই সুৰাৰ নিচা৷ আৰু এই সুৰাৰ নিচাৰ বাবেই হয়তো ক’ভিডৰ সংক্ৰমণৰ মাজতো ভুল কৰি পেলাইছে চৰকাৰে৷