Logo
image

অসমৰ ‘স্বাস্থ্য’ বৰ ভাল নহয়

কেৰালা শ্ৰেষ্ঠ, উঃপ্ৰদেশ শোচনীয়

আমাৰ অসম, ২৮ ডিচেম্বৰঃ অসমৰ স্বাস্থ্য ভাল নহয়৷ নৰেন্দ্ৰ মোদী চৰকাৰৰ ‘থিংক টেংক’নীতি আয়োগে সোমবাৰে প্ৰকাশ কৰা দেশৰ ৰাজ্যসমূহৰ স্বাস্থ্য সূচকত [হেল্‌থ ইনডেক্স] ২০ খন বৃহৎ ৰাজ্যৰ মাজত অসমে ১৪ নম্বৰ স্থান লাভ কৰি নিজৰ স্বাস্থ্য যে ভাল নহয় সেয়া প্ৰমাণ কৰিছে৷ নীতি আয়োগে সোমবাৰে প্ৰকাশ কৰা স্বাস্থ্য সূচকৰ সামগ্ৰিক শিতানত একেবাৰে তলত স্থান লাভ কৰিছে দেশৰ বৃহত্তম আৰু উন্নত ৰাজ্য উত্তৰ প্ৰদেশে৷ কেন্দ্ৰত যি চৰকাৰেই নাথাকক, প্ৰত্যেকেই নিজৰ ৰাজনৈতিক অভিলাষ চৰিতাৰ্থ কৰাৰ বাবে উত্তৰ প্ৰদেশক কেন্দ্ৰ কৰিয়েই সকলো পৰিকল্পনা ৰচে৷ নৰেন্দ্ৰ মোদী চৰকাৰো এই ক্ষেত্ৰত ব্যতিক্ৰম নহয়৷ স্বয়ং প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উত্তৰ প্ৰদেশৰ বাৰাণসী সমষ্টিৰ সাংসদ৷ স্বৰাজোত্তৰ ভাৰতত আটাইতকৈ উন্নত ৰাজ্য হিচাপে উত্তৰ প্ৰদেশকে গণ্য কৰা হয়৷ শেহতীয়াকৈ ২০১৪ চনৰ পৰা বিজেপি চৰকাৰৰ সকলো ৰাজনৈতিক পৰিকল্পনা আৰু আনকি বিৰোধী দল কংগ্ৰেছৰো ৰাজনৈতিক উত্তৰণৰ জখলা উত্তৰ প্ৰদেশকেন্দ্ৰিক৷ এনে পৰিস্থিতি সত্ত্বেও আৰু ৰাজ্যখনক কেন্দ্ৰীয় চৰকাৰে সদায় সমানে গুৰুত্ব দি থকা অৱস্থাতো স্বাস্থ্যৰ ক্ষেত্ৰত উত্তৰ প্ৰদেশৰ এই অধোন্নতি অতি তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে৷ শেহতীয়াকৈ ক’ভিডৰ দ্বিতীয় ঢৌৰ সময়ত উত্তৰ প্ৰদেশত বৃহৎ হাৰত ক’ভিড আক্ৰান্তই প্ৰাণ হেৰুৱাইছিল আৰু ক’ভিডত মৃত্যু হোৱা বৃহৎসংখ্যক লোকক গংগা নদীত উটুৱাই দিয়া হৈছিল৷ উত্তৰ প্ৰদেশৰ গংগাৰ বালিত পুতি থোৱা অসংখ্য মৃতদেহ ওলাইছিল৷ তেতিয়াও উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথ নেতৃত্বাধীন বিজেপি চৰকাৰে আৰু আনকি কেন্দ্ৰীয় চৰকাৰেও উত্তৰ প্ৰদেশৰ স্বাস্থ্য ক্ষেত্ৰত এনে দুৰ্দশা স্বীকাৰ কৰি লোৱা নাছিল৷ কিন্তু এতিয়া কেন্দ্ৰীয় চৰকাৰৰ থিংক টেংক নীতি আয়োগে প্ৰকাশ কৰা স্বাস্থ্য সূচকৰ তালিকাত দেশৰ ২০ খন বৃহৎ ৰাজ্যৰ ভিতৰত উত্তৰ প্ৰদেশে সৰ্বনিম্ন স্থান লাভ কৰাৰ লগে লগে বিজেপি শাসিত ৰাজ্যখনৰ স্বাস্থ্য ব্যৱস্থাৰ প্ৰকৃত স্বৰূপ উন্মোচিত হৈ পৰিছে৷ একেদৰে বিগত কেইবাবছৰো ধৰি অসমৰ  ৰাজ্য চৰকাৰে স্বাস্থ্য ব্যৱস্থাৰ অভাৱনীয় উন্নতি সাধন কৰা বুলি দাবী কৰি আহিছে৷ কংগ্ৰেছৰ ১৫ বছৰীয়া শাসনকালত আৰু শেহতীয়াকৈ বিজেপিৰ এটা কাৰ্যকালত অসমৰ স্বাস্থ্যখণ্ডৰ ৰূপ অভাৱনীয়ভাৱে পৰিৱৰ্তন ঘটোৱা বুলি দুয়োখন চৰকাৰে দাবী কৰি আহিছে৷ ৰাজ্যত ইখনৰ পাছত সিখন মেডিকেল কলেজৰ সূচনা ঘটোৱা হৈছে৷ পিছে আক্ষৰিক অৰ্থতে অসমৰ স্বাস্থ্যখণ্ড যে পিছপৰি আছে সেয়া নীতি আয়োগৰ সোমবাৰে প্ৰকাশিত স্বাস্থ্য সূচকত মুকলি হৈ পৰিছে৷ ২০ খন ডাঙৰ ৰাজ্যৰ ভিতৰত অসমৰ স্থান ১৪ নম্বৰ৷  সামগ্ৰিকভাৱে স্বাস্থ্য সূচকৰ ক্ষেত্ৰত শীৰ্ষ স্থান লাভ কৰিছে কেৰালাই৷ দ্বিতীয় আৰু তৃতীয় স্থানত আছে ক্ৰমে– অন্ধ্ৰপ্ৰদেশ আৰু মহাৰাষ্ট˜৷ ইপিনে ক্ষুদ্ৰ ৰাজ্যৰ ক্ষেত্ৰত শীৰ্ষস্থান লাভ কৰিছে অসমৰ চুবুৰীয়া মিজোৰামে৷ ক্ষুদ্ৰ ৰাজ্যৰ স্বাস্থ্য সূচকৰ ক্ষেত্ৰত পৰৱৰ্তী স্থান অৰ্জন কৰিছে ক্ৰমে– মণিপুৰ, মেঘালয়, গোৱা, ছিকিম, ত্ৰিপুৰা, অৰুণাচল প্ৰদেশ, নাগালেণ্ডে৷ আনহাতে কেন্দ্ৰীয় শাসিত প্ৰদেশৰ শীৰ্ষত আছে চণ্ডীগড়৷ পৰৱৰ্তী স্থান লাভ কৰিছে দাদৰা নগৰ হাভেলী, দিল্লী, দমন আৰু ডিউ, লাক্ষাদ্বীপ, আন্দামান নিকোবৰ দ্বীপপুঞ্জ আৰু পুডুচেৰীয়ে৷

স্বাস্থ্যখণ্ডৰ সাৰ্বিক বিকাশৰ শীৰ্ষত কেৰালা

আমাৰ অসমঃ সামগ্ৰিক ক্ষেত্ৰত ১৪নম্বৰ স্থানত থকা অসমে এবছৰৰ ‘ইনক্ৰিমেণ্টেল গেইন’ৰ ক্ষেত্ৰত ক্ৰমাৎ উন্নতি সাধন কৰিছে৷ কিয়নো, ২০১৮-১৯ আৰু ২০১৯-২০ বিত্তীয় বৰ্ষৰ তুলনামূলক বিশ্লেষণত ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ এই ইতিবাচক দিশ পোহৰলৈ আহিছে৷ ৰাজ্যভিত্তিক স্বাস্থ্য সূচকৰ চতুৰ্থ সংস্কৰণত দেখা গৈছে ২০১৮-১৯ বিত্তীয় বৰ্যতকৈ ২০১৯-২০ বিত্তীয় বৰ্ষত অৰ্থাৎ বিগত এবছৰত অসমৰ স্বাস্থ্য খণ্ডত ৪.৩৪ শতাংশ উন্নতি ঘটিছে৷ স্বাস্থ্যখণ্ডৰ এবছৰৰ আনুপাতিক উন্নয়নৰ হাৰত উত্তৰ প্ৰদেশৰ [৫.৫২] পাছত দেশৰ ভিতৰত দ্বিতীয় স্থান লাভ কৰিছে অসমে৷ মন কৰিবলগীয়া যে, ‘ইনক্ৰিমেণ্টেল গেইন’ৰ তালিকাত ৩টা উৰ্ধমুখী স্থান দখল কৰা দেশৰ একমাত্ৰ ৰাজ্যখন হৈছে অসম৷ উল্লেখ্য যে, নীতি আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি, বৰ্তমানে [২০১৯-২০] স্বাস্থ্য খণ্ডত অসমৰ সূচক হৈছে ৪৭.৭৪৷ ২০১৮-১৯ত আছিল ৪৩.৪০৷