Logo
image

হিটলাৰী শাসন! মন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰিলে আছুৱে

আমাৰ অসম, ২৮ ডিচেম্বৰঃ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি সৃষ্টি হোৱা মাৰপিটৰ ঘটনাৰ পাছতে ডিব্ৰুগড়ৰ আছুকৰ্মীক আটক কৰাৰ নামত ডিব্ৰুগড় আৰক্ষী অধীক্ষকে শ্বহীদ বেদীক অৱমাননা কৰা কথা শ্বহীদক অপমান কৰাৰ প্ৰতিবাদত জ্বলিছে ৰাজ্য৷ সদৌ অসম ছাত্ৰ সন্থাই দেওবাৰে ২৪ ঘণ্টীয়া ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা বন্ধৰ আহ্বান জনোৱাৰ পাছতে সোমবাৰৰ পৰা ৰাজ্যজুৰি আঞ্চলিকে আঞ্চলিকে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰিলে আছুৱে৷ অসম আন্দোলনৰ ৮৫৫জন শ্বহীদক অৱমাননা কৰি ডিব্ৰুগড় জিলাৰ আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰই জোতা-চেণ্ডেল পিন্ধি শ্বহীদ বেদীলৈ উঠি যোৱাৰ উপৰি আছুৰ ১৫জনকৈ কৰ্মীক অভিভাৱক মন্ত্ৰী অতুল বৰাৰ নিৰ্দেশত আটক কৰাৰ অভিযোগ তুলি ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে ডিব্ৰুগড় সদৰতো প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ সন্থাই৷ অসমত হিটলাৰী শাসন চলি থকাৰ অভিযোগ তুলি, মন্ত্ৰীৰ নিৰ্দেশত আছুকৰ্মীক আৰক্ষীয়ে অকথ্য নিৰ্যাতন চলোৱাৰ অভিযোগ তুলি ইয়াৰ প্ৰতিবাদত ছাত্ৰ সন্থাৰ নেতা-কৰ্মীসকল ৰাজপথলৈ ওলাই আহে৷ সোমবাৰে ডিব্ৰুগড়ৰ উপায়ুক্তৰ বাসভৱনৰ সন্মুখৰ চৌকিডিঙিস্থিত মানকটা পথত ডিব্ৰুগড় ছাত্ৰ সন্থাই ডিব্ৰুগড় জিলাৰ অভিভাৱক মন্ত্ৰী অতুল বৰা আৰু ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰৰ প্ৰতিকৃতি দাহ কৰে৷ সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিবাহক অনিল গগৈ, জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৱনী কুমাৰ গগৈ, সহকাৰী সম্পাদক খগেন দত্তৰ নেতৃত্বত ৰূপায়ণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে আছুকৰ্মীসকলে৷ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৱনী কুমাৰ গগৈয়ে কয়– ‘ডিব্ৰুগড়ৰ শ্বহীদ ভৱনলৈ অৰ্ধসামৰিক বাহিনী আনি আৰক্ষী অধীক্ষজনে নিজৰ বীৰত্ব প্ৰদৰ্শন কৰিছে৷ কেৱল সেয়াই নহয় হিন্দী চিনেমাৰ হিৰোৰ দৰে নিজক প্ৰতিপন্ন কৰিব বিচাৰিছে৷ শ্বহীদ ভৱনত থকা আছুৰ এম্বুলেন্সৰ চাবি কাঢ়ি লৈ যোৱাৰ অভিযোগ তুলি আছুনেতাজনে আৰু কয় যে এইজন আৰক্ষী অধীক্ষকৰ ওচৰত সুৰক্ষিত নহয় ডিব্ৰুগড়ৰ সাধাৰণ জনতা৷ আৰক্ষী অধীক্ষকজেন এনেধৰণে মইমতালি কৰি থাকিলে আমি আমাৰ আৰু কোনোবা নিৰপৰাধী যুৱকক চিৰদিনলৈ হেৰুৱাব লাগিব৷ এইজন আৰক্ষী বিষয়াৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি দাবী জনাইছোঁ৷ অন্যথা ভৱিষ্যতে ভয়ংকৰ আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ আছু বাধ্য হ’ব৷’ ইফালে ডিব্ৰুগড় আৰক্ষী অধীক্ষকৰ নেতৃত্বত জোতা-চেণ্ডেল পৰিধান কৰি শ্বহীদ বেদীত উঠি অসম আন্দোলনৰ ৮৫৫জন শ্বহীদক অপমান কৰাৰ পাছতে সোমবাৰে আছুৱে শ্বহীদ বেদীত শুদ্ধিকৰণ কাৰ্যসূচী ৰূপায়ণ কৰে৷ অৰ্ধসামৰিক বাহিনীৰ লগতে অসম আৰক্ষীয়ে কোনো কাৰণ নোহোৱাকৈ ডিব্ৰুগড় জিলাৰ আছুৰ শ্বহীদ স্মাৰকত জোতা-চেণ্ডেল পৰিধান কৰি উঠি শ্বহীদক অপমান কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সভাপতি বুলবুল দত্তই৷ যাৰ বাবে সোমবাৰে ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই শুদ্ধিকৰণ কাৰ্যসূচী গ্ৰহণ কৰিবলগীয়া হয়৷ ধৰ্মীয় ৰীতি-নীতিৰে শ্বহীদ বেদীত গাখীৰ ঢালি শুদ্ধি কৰা হয়৷ উল্লেখ্য যে ডিব্ৰু মহাবিদ্যালয় ছাত্ৰ সন্থাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি আছু আৰু অসম গণ পৰিষদৰ ভ্ৰাতৃ সংগঠন অসম ছাত্ৰ পৰিষদৰ নেতা-কৰ্মী সংঘাতত লিপ্ত হোৱাৰ পাছতে আৰক্ষীয়ে প্তজন আছু সদস্যক গ্ৰেপ্তাৰ কৰে৷ আদালতে তেওঁলোকক কাৰাগাৰলৈ প্ৰেৰণ কৰে৷ অসম ছাত্ৰ পৰিষদৰ কেইজনমান সদস্যকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷ ইফালে ১৫জনকৈ আছু সদস্যক শ্বহীদ ভৱনৰ পৰা আটক কৰে ডিব্ৰুগড় আৰক্ষীয়ে৷ আছুৰ সদস্যক অমানৱীয়ভাৱে শ্বহীদ ভৱনৰ পৰা আটক কৰি আনি আৰক্ষী থানাত প্ৰহাৰ কৰাৰো অভিযোগ তুলিছে আছু নেতৃত্বই৷ ইয়াৰ পাছতে এলানি আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰে ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই৷ সোমবাৰে শ্বহীদ বেদী শুদ্ধিকৰণ কৰাৰ পাছতে মন্ত্ৰী অতুল বৰা আৰু আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰৰ পুত্তলিকা দাহ কৰে আছুৱে৷ এসময়ত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক আৰু সভাপতিৰ গুৰুদায়িত্ব বহন কৰা অতুল বৰাই আছুৰ পৰা অব্যাহতি লোৱাৰ কিছুদিন পাছত অসম গণ পৰিষদত যোগদান কৰিছিল৷ সম্প্ৰতি তেওঁ কৃষিৰ উপৰি অসম চুক্তি ৰূপায়ণকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্বত আছে৷ অসম চুক্তি ৰূপায়ণমন্ত্ৰীৰ দায়িত্ব লৈয়েই গুৱাহাটীৰ উজান বজাৰস্থিত আছুৰ কাৰ্যালয় শ্বহীদ ন্যাস ভৱনলৈ গৈছিল অতুল বৰা– অসম চুক্তি ৰূপায়ণ সন্দৰ্ভত আছুৰ নেতৃত্বৰে অনানুষ্ঠানিক আলোচনাত মিলিত হৈছিল, পৰৱৰ্তী কালত মুখ্যমন্ত্ৰীৰ উপস্থিতিত আনুষ্ঠানিক আলোচনাও হৈছিল৷ ‘কা’বিৰোধী আন্দোলনক কেন্দ্ৰ কৰি আছু আৰু বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট, বিশেষকৈ অগপৰ মাজত ব্যৱধান বৃদ্ধি পোৱাৰ পাছত মন্ত্ৰী অতুল বৰাৰ এই তৎপৰতাই আছু-অগপৰ মাজৰ ব্যৱধান কিছু হ’লেও হ্ৰাস কৰা বুলি ৰাইজে ধাৰণা কৰিছিল৷ কিন্তু শেহতীয়াভাৱে ডিব্ৰুগড়ৰ ঘটনাই গোটেই ছবিখন ওলোটা কৰি পেলোৱাৰ উপক্ৰম হৈছে৷ আছুৱে জন্ম দিয়া অগপৰ সভাপতি তথা অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী অতুল বৰাৰ নিৰ্দেশত ডিব্ৰুগড়ত আছুকৰ্মীক আৰক্ষীয়ে নিৰ্যাতন চলোৱা বুলি ডিব্ৰুগড় ছাত্ৰ সন্থাই তোলা অভিযোগে স্বাভাৱিকতে ৰাজ্যজুৰি তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ ছাত্ৰ সন্থাই ইতিমধ্যে ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু মন্ত্ৰী অতুল বৰাৰ নিৰ্দেশত আছু কৰ্মীসকলক বৰ্বৰভাৱে আক্ৰমণ কৰাৰ অভিযোগ তুলি ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰখাৰ কথা ঘোষণা কৰিছে ছাত্ৰ সন্থাই৷ লক্ষণীয়ভাৱে জানুৱাৰীৰ প্ৰথম ভাগত ডিব্ৰুগড়ত আৰক্ষী অধীক্ষকসকলৰ সন্মিলন অনুষ্ঠিত হোৱাৰ কথা৷ এই প্ৰেক্ষাপটত ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষকৰ বিৰুদ্ধে আছুৱে তোলা বিস্ফোৰক অভিযোগে প্ৰশাসনকো বিব্ৰত কৰিছে৷ আছুৰ সৈতে সংঘাত চলি থকাৰ মাজত ডিব্ৰুগড়ত আৰক্ষী অধীক্ষকৰ সন্মিলন সুকলমে অনুষ্ঠিত হ’বনে নাই সেই লৈ স্বাভাৱিকতে প্ৰশাসন উদ্বিগ্ন হৈ পৰিছে৷ ডিব্ৰুগড়ৰ উপায়ুক্তই এই বিষয়ে ডিব্ৰুগড় আছুৰ নেতাসকলৰ সৈতে অনানুষ্ঠানিকভাৱে আলোচনা কৰিছিল যদিও এই আলোচনাই সমস্যা সমাধানৰ পথ প্ৰশস্ত কৰা নাই– অন্ততঃ এতিয়ালৈকে৷ ইফালে, ডিব্ৰুগড়ৰ সাংবাদিকসকলৰ একাংশই দাবী কৰা মতে, মন্ত্ৰী অতুল বৰাৰ নিৰ্দেশতে আছুৰ সদস্যক গ্ৰেপ্তাৰ কৰা আৰু নিৰ্যাতন চলোৱাৰ বাবে আৰক্ষীক নিৰ্দেশ দিয়া বুলি ডিব্ৰুগড় আৰক্ষীৰ অধীক্ষকজনে অনানুষ্ঠানিকভাৱে স্বীকাৰ কৰিছে৷ সাতে সোতৰই মিলি গোটেই পৰিস্থিতি জটিল হৈ পৰিছে৷ এই প্ৰসংগত পৰৱৰ্তী ঘটনাপ্ৰৱাহ নিঃসন্দেহে লক্ষণীয় হ’ব৷

দুলীয়াজানত অতুল বৰা, শ্বেতাংক মিশ্ৰৰ প্ৰতিকৃতি দাহ আছুৰ

আমাৰ অসমঃ ডিব্ৰু মহাবিদ্যালয়ৰ নিৰ্বাচনকেন্দ্ৰিক সংঘাতৰ পাছত ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়ত আছুকৰ্মীক অত্যাচাৰ কৰা আৰু গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত সোমবাৰে বিয়লি দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাই ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ অভিভাৱক মন্ত্ৰী অতুল বৰা আৰু ডিব্ৰুগড় জিলা আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰৰ পুত্তলিকা দাহ কৰে আৰু ধৰ্ণা-বিক্ষোভেৰে প্ৰতিবাদ সাব্যস্ত কৰে৷ সোমবাৰে দুলীয়াজানৰ পিপলতল তিনিআলিত দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাই মন্ত্ৰী অতুল বৰা আৰু ডিব্ৰুগড় জিলা আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰৰ পুত্তলিকা দাহ কৰে আৰু অতুল বৰা গ’ বে’ক¸ অতুল বৰা মুৰ্দাবাদ, বিজেপি চৰকাৰ মুৰ্দাবাদ, এছ পি শ্বেতাংক মিশ্ৰ মুৰ্দাবাদ ধবনিৰে চৌপাশৰ পৰিৱেশ উত্তাল কৰি তোলে৷

ডিব্ৰুগড়ৰ এছপি দ্বিতীয় সুবোধ বিশ্বাস/

আমাৰ অসমঃ অভিভাৱক মন্ত্ৰী অতুল বৰাৰ নিৰ্দেশক্ৰমে ডিব্ৰুগড় জিলাৰ আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰৰ নেতৃত্বত আৰক্ষী বাহিনীয়ে ডিব্ৰুগড় শ্বহীদ ন্যাসত থকা শ্বহীদ বেদী গচকি আছুকৰ্মীক বৰ্বৰভাৱে গ্ৰেপ্তাৰ কৰা আৰু অসমীয়াৰ আবেগ জড়িত শ্বহীদ বেদী গছকি দ্বিতীয় সুবোধ বিশ্বাসৰূপে পৰিচয় দিয়াৰ প্ৰতিবাদত সোমবাৰে তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাই অতুল বৰা আৰু শ্বেতাংক মিশ্ৰৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷ তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক নয়নজ্যোতি বেজবৰুৱাৰ নেতৃত্বত ৰূপায়িত উক্ত প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে অনতিপলমে গ্ৰেপ্তাৰ হোৱা ছাত্ৰ সন্থাৰ সমূহ কৰ্মীক মুকলি কৰাৰ লগতে জাতিৰ স্বাভিমান গচকি বৰ্বৰতা প্ৰদৰ্শন কৰা আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায় আঞ্চলিক ছাত্ৰ সন্থাই৷