Logo
image

আৰক্ষীৰ ‘ৰঙাচকু’ৰেই কয়লা সৰবৰাহ অব্যাহত

বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ...

আমাৰ অসম, ২৮ ডিচেম্বৰঃ চুবুৰীয়া ৰাজ্যকেইখনৰ পৰা ওলাই যোৱা কয়লা পৰিবাহী ট্ৰাক ধৰিলে সংশ্লিষ্ট ৰাজ্যসমূহে বেয়া পোৱাৰ যুক্তিৰে অভাৰলোডিং কয়লাভৰ্তি ট্ৰাকৰ চলাচলত সেউজ সংকেটেৰে গ্ৰীণ কৰিড’ৰ মুকলি কৰি দিয়াৰ কথা ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ আনকি চৰকাৰে কয়লা সৰবৰাহ ব্যৱস্থা সুচল কৰাৰ লক্ষ্যৰে কয়লাক খনিজ সম্পদ হিচাপে পৰিবহণত ৰাজপত্ৰিত জাননী জাৰি কৰি সৰবৰাহৰ প্ৰক্ৰিয়াটো  সহজ কৰি তুলিছে৷ ইপিনে অসমত সকলোধৰণৰ কয়লাৰ  খনন বন্ধ ৰখাৰ কথা ঘোষণা কৰি মজুত থকা বৈধ কয়লা সৰবৰাহত আৰক্ষী- প্ৰশাসনৰ কোনো বাধা নাথাকিব বুলিও মুখ্যমন্ত্ৰীয়ে সদম্ভ ঘোষণা কৰা দেখা গৈছিল৷ মুখ্যমন্ত্ৰী শৰ্মাই লগতে আৰক্ষীয়ে এতিয়াৰ পৰা ৰাজপথত কয়লা ট্ৰাক ধৰি ট্ৰেফিক জামৰ সৃষ্টি নকৰে আৰু অসমত নতুনকৈ কয়লাখনন কৰি সৰবৰাহৰ চেষ্টা চলালেহে ট্ৰাকৰ চেকিং চলিব বুলি খোদ বিধানসভাৰ মজিয়াতে ঘোষণা কৰিছিল৷ মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ পাছতো আৰক্ষীৰ ৰঙা চকুৰ সন্মুখেদি চেগা-চোৰোকাকৈহে  কয়লাভৰ্তি ট্ৰাক গুৱাহাটীৰ মাজেৰে ওলাই যাবলৈ সক্ষম হৈছে৷ অৱশ্যে ইয়াৰ মাজতে বিগত ৪৮ ঘণ্টাত ৰাজ্যৰ বিভিন্ন স্থানত আৰক্ষীয়ে চোৰাং কয়লাভৰ্তি ট্ৰাক জব্দ কৰা ঘটনাই সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ গুৱাহাটীৰ যোৰাবাটৰ লগতে শিলচৰ, ডিমা হাচাও, লংকা আদি কেইবাস্থানত বহুসংখ্যক কয়লা পৰিবাহী ট্ৰাক আৰক্ষীয়ে জব্দ কৰাৰ লগতে চালক-হেণ্ডিমেনক আটক কৰিছে৷ মুখ্যমন্ত্ৰীয়ে কয়লা পৰিবাহী ট্ৰাক আৰক্ষীয়ে নথি-পত্ৰ পৰীক্ষা কৰি জব্দ নকৰে বুলি ঘোষণা কৰাৰ সময়তে বিগত ৪৮ ঘণ্টাত কেইবা স্থানত কয়লা ভৰ্তি ট্ৰাক জব্দ হোৱা ঘটনাই স্বাভাৱিকতেই ৰাইজৰ মাজত প্ৰশ্নৰ উদয় হৈছে৷ অসমত পুনৰ কয়লাৰ চোৰাং খনন আৰম্ভ হ’ল নেকি বুলিও সন্দেহৰ সৃষ্টি হৈছে৷ ইয়াৰ অন্যথা কয়লা সৰবৰাহকাৰী ট্ৰাকৰ ওপৰত আৰক্ষীয়ে চকু দিয়াৰ প্ৰয়োজনীয়তা ক’ত বুলিও চৰ্চা লাভ কৰিছে৷ মুখ্যমন্ত্ৰীৰ ঘোষণা তথা নিৰ্দেশক ভ্ৰূক্ষেপ কৰি কোনো চক্ৰই মুকলিকৈ কয়লাৰ চোৰাং সৰবৰাহ আৰম্ভ কৰিছে নেকি বুলিও প্ৰশ্ন উত্থাপন হৈছে৷ উল্লেখ্য, অসম চৰকাৰে চুবুৰীয়া ৰাজ্য কেইখনৰ পৰা নিয়মীয়াকৈ সৰবৰাহ হোৱা চুণশিলৰ দৰেই কয়লাক খনি আৰু খনিজ বিভাগৰ অধীনলৈ আনি কয়লা সৰবৰাহত বৈধতা দিয়াৰ ইতিমধ্যে সকলো প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিলে৷ আনকি চুবুৰীয়া ৰাজ্যৰ পৰা ওলাই যোৱা কয়লা ট্ৰাক জব্দ কৰিলে সংশ্লিষ্ট ৰাজ্যসমূহ অসন্তুষ্ট হোৱাৰ লগতে দিল্লীত অভিযোগ দাখিল কৰে বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছিল৷ যাৰ বাবে চুবুৰীয়া ৰাজ্যৰ কয়লা সৰবৰাহত কোনো বাধা নাথাকিব বুলি মুখ্যমন্ত্ৰী ঘোষণা কৰিছিল যদিও দেওবাৰে নাগালেণ্ডৰ পৰা শিৱসাগৰ হৈ শিলচৰলৈ সৰবৰাহ হোৱা দুখন চোৰাং কয়লাভৰ্তি ট্ৰাক জব্দ কৰে ডিমা-হাচাও আৰক্ষীয়ে৷ ডিমা হাচাওৰ মান্দাৰডিচা আৰক্ষীয়ে নিয়মীয়া তালাচীৰ সময়তে এ এছ ০৩ বি চি ৯০০৭ আৰু এ এছ ০১ চি চি ৯৫৯১ নম্বৰৰ দুখন চোৰাং কয়লাভৰ্তি ট্ৰাক জব্দ কৰে৷ ইপিনে লংকাতো আৰক্ষীয়ে গোপন সূত্ৰৰ খবৰৰ ভিত্তিত চোৰাং কয়লাভৰ্তি এখন ট্ৰাক জব্দ কৰে৷ এ এছ ০১ জি চি ৫৭৬৬ নম্বৰৰ ট্ৰাকখনৰ চালক বিনোদ চৌৰাচিয়া আৰু হেণ্ডিমেন নিতাই মজুমদাৰক আটক কৰে৷ মহানগৰীৰ নিকটৱৰ্তী যোৰাবাটত দেওবাৰে  নিশা আৰক্ষীৰ তালাচীত জ্জখনকৈ অবৈধ কয়লাভৰ্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয়৷ জানিব পৰা মতে বি আৰ ০৬ জি ডি ১৩২৬, এ এছ ০১ ডি চি ৮৩৩০, এ এছ ০১ ডি ডি ৯৩২৭, এ এছ ০১ জে চি ৫০৮জ্জ, এম এল ১১-৫৮৮১, এ এছ ০১ এল চি ২৫৮৬, আৰু এম এল ১১ ৫৭৮১ নম্বৰৰ ট্ৰাকেৰে মেঘালয়ৰ পৰা গুৱাহাটীৰ বেলতলা অভিমুখে আহি থকা সময়তে ট্ৰাক কেইখন জব্দ কৰে যোৰাবাট আৰক্ষীয়ে৷ অৱশ্যে, ৰহস্যজনক কাৰণত যোৰাবাট আৰক্ষীয়ে ট্ৰাক কেইখন পুনৰ মেঘালয়লৈ উভতাই পঠায়৷ শিলচৰতো আৰক্ষীয়ে চোৰাং কয়লাভৰ্তি কেইবাখনো ট্ৰাক জব্দ কৰা বুলি জানিব পৰা গৈছে৷

লংকাত চোৰাং কয়লাভৰ্তি ট্ৰাকসহ গ্ৰেপ্তাৰ ২ 

আমাৰ অসমঃ আৰক্ষীৰ চকুত ধূলি দি ৰাজ্যত অব্যাহত আছে চোৰাং কয়লাৰ গোপন বেহা৷  লংকা আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছে দুজনকৈ চোৰাং কয়লা সৰবৰাহকাৰী৷ জব্দ হৈছে এখন কয়লাভৰ্তি ট্ৰাক৷ AS ০১GC ৫৭৬৬ নম্বৰৰ কয়লাভৰ্তি ট্ৰাকখন লংকাৰ ইছলামবস্তিত কালি পুৱতি নিশা লংকা আৰক্ষীয়ে জব্দ কৰাৰ লগতে ট্ৰাকখনত থকা দুজনকৈ ব্যক্তি ক্ৰমে বিনোদ চাওচৰিয়া আৰু নিতাই পদ মজুমদাৰক গ্ৰেপ্তাৰ কৰিছে৷ জব্দকৃত কয়লাভৰ্তি ট্ৰাকখনৰ কোনো নথি-পত্ৰ আজিপৰ্যন্ত আৰক্ষীৰ হাতত প্ৰদৰ্শন কৰিবলৈ সক্ষম নোহোৱাত আজি লংকা আৰক্ষী থানাত ৮১৪/২১ নম্বৰত এক গোচৰ ৰুজু কৰি ৩৭৯/৪১১ ধাৰাত দুয়োজনকে গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰাই জে’ললৈ প্ৰেৰণ কৰে আৰক্ষীয়ে৷ ধৃত নিতাইপদ মজুমদাৰৰ ঘৰ লংকাৰ এন এৰিয়াত হোৱাৰ বিপৰীতে বিনোদ চাওচৰিয়াৰ ঘৰ কাৰ্বি আংলং জিলাৰ খেৰণীত৷ অৱশ্যে জব্দ কৰা চোৰাং কয়লাভৰ্তি গাড়ীখন ক’ৰ পৰা আৰু গৰাকী কোন সেয়া আৰক্ষীয়ে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰাৰ পৰা বিৰত আছে৷ উল্লেখ্য যে, আৰক্ষী প্ৰশাসনৰ চকুত ধূলি দি একাংশ কয়লা ব্যৱসায়ীয়ে চুবৰীয়া ৰাজ্য ডিমাহাচাওৰ পৰা চোৰাংকৈ কয়লা সৰবৰাহ বিভিন্ন ঠাইলৈ অব্যাহত ৰখিছে৷  যাৰ পৰিণতিতে লংকা আৰক্ষীৰ হাতত জব্দ হ’ল এই কয়লাভৰ্তি ট্ৰাকসহ দুজনকৈ ব্যক্তি৷

কাছাৰত চুপাৰি ব্যৱসায়ীক অপহৰণ

আমাৰ অসমঃ কাছাৰ জিলাৰ উধাৰবন্দ সমষ্টিৰ মধুৰাৰ পৰা এজন চুপাৰি ব্যৱসায়ী অপহৰণৰ ঘটনাত চাঞ্চল্যৰ সৃষ্টি হৈছে৷ ছবিক উদ্দীন লস্কৰ নামৰ চুপাৰি ব্যৱসায়ীজনক মধুৰা জিপিৰ থাপা অঞ্চলৰ পৰা অপহৰণ কৰা হৈছে৷  কালি এই অপহৰণৰ ঘটনা সংঘটিত হয় যদিও কাছাৰৰ আৰক্ষীয়ে এতিয়ালৈকে শুংসূত্ৰ উলিয়াব পৰা নাই৷ জানিব পৰা মতে, উগ্ৰপন্থী সংগঠনে চুপাৰি ব্যৱসায়ীক অপহৰণ কৰিছে৷ কালি সন্ধিয়া ছয় মান বজাত এএছ- ০১ এএ ২১ চ্ছ নম্বৰৰ নিজৰ ছুমো বাহনখন লৈ মধুৰা থাপা বস্তিত অপহৃত ছফিক উদ্দিন লষ্কৰে চুপাৰি আনিবলৈ গৈছিল৷ লগতে আছিল তেওঁৰ চালক আবুল হুছেইন তালুকদাৰ৷ চালক আবুলৰ ভাষ্য মতে, থাপা বস্তীত গৈ থকাৰ সময়তে হঠাতে কেইজনমান লোকে তেওঁলোকক ৰাস্তাত আগভেটি ধৰে৷ লোককেইজনৰ হাতত পিষ্টল আছিল৷ দুজনে তেওঁৰ পিনে পিষ্টল দেখুৱাই হাতত ৰছিৰে বান্ধি চিঞৰ-বাখৰ নকৰিবলৈ ভাবুকি দিয়ে৷ আনপিনে, পিষ্টল দেখুৱাই ব্যৱসায়ীজনক জংগলৰ পিনে লৈ যায়৷ ইপিনে এই খবৰ লিখাপৰ্যন্ত উধাৰবন্দ আৰক্ষীয়ে অভিযান জাৰি ৰাখিছে৷