Logo
image

নন্দিতা দেৱী, নগেন শৰ্মাক প্ৰকাশন পৰিষদৰ বঁটা

আমাৰ অসম, ২৮ ডিচেম্বৰঃ অসম প্ৰকাশন পৰিষদৰ সম্মানীয় বঁটা ‘প্ৰকাশন পৰিষদ সাহিত্য বঁটা’ প্ৰথমবাৰলৈ আগবঢ়োৱা হৈছে বিশিষ্ট সাহিত্যিক নন্দিতা দেৱীলৈ– তেওঁৰ ‘বঙল বহু দূৰ’ উপন্যাসৰ বাবে৷ গ্ৰন্থখনৰ প্ৰকাশক জ্যোতি প্ৰকাশনৰ স্বত্বাধিকাৰ  নগেন শৰ্মালৈও আগবঢ়োৱা হৈছে এই সন্মানীয় বঁটা৷ গুৱাহাটীৰ বামুণীমৈদামস্থিত অসম প্ৰকাশন পৰিষদৰ কাৰ্যালয়ত সোমবাৰে আয়োজিত এখন সংবাদমেলত পৰিষদৰ সচিব প্ৰমোদ কলিতাই এই কথা সদৰী কৰে৷ সচিব কলিতাই লগতে কয়– ‘এই সাহিত্য বঁটাত আছে দুই লাখ টকা, এখন মানপত্ৰ আৰু এটা মূল্যৱান গ্ৰন্থৰ টোপোলা৷ নিৰ্বাচিত সাহিত্যিকগৰাকী আৰু গ্ৰন্থখনৰ প্ৰকাশক উভয়কে সম মৰ্যাদাৰে এই বঁটা প্ৰদান কৰা হ’ব৷ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উদ্যোগত ২৯ ডিচেম্বৰৰ পৰা ৯ জানুৱাৰীলৈ আয়োজন কৰা অসম গ্ৰন্থমেলাৰ ২৯ ডিচেম্বৰৰ বিয়লি ৩ বজাত অনুষ্ঠিত হ’বলগীয়া উদ্বোধনী অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হ’ব৷ অসম প্ৰকাশন পৰিষদৰ তৰফৰ পৰা পূৰ্বে প্ৰদান কৰি অহা জীৱনজোঁৰা সাধনা বঁটাৰ পৰিৱৰ্তে এইবছৰৰ পৰা সাহিত্য বঁটা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে৷ ইতিমধ্যে পৰিষদৰ তৰফৰ পৰা গ্ৰন্থ সংগ্ৰহৰ বাবে লেখক তথা প্ৰকাশকৰ তৰফৰ পৰা ২০১৮ চনৰ পৰা ২০২০ চনৰ ভিতৰত প্ৰকাশিত উপন্যাস, গল্প আৰু কাব্য সংকলন বিচাৰি এখন প্ৰ-পত্ৰ পূৰণৰ বাবে আহ্বান জনোৱা হৈছিল৷ লেখক আৰু প্ৰকাশকসকলৰ ফালৰ পৰা প্ৰ-পত্ৰ পূৰণ কৰি প্ৰায় চাৰিশখন গ্ৰন্থ পৰিষদৰ কাৰ্যালয়ত জমা দিয়া হৈছিল৷ সেই গ্ৰন্থসমূহৰ মাজৰ পৰা গ্ৰন্থ বাছনিৰ বাবে গঠন কৰি দিয়া বাছনি কমিটীৰ চূড়ান্ত সিদ্ধান্তমৰ্মে এইবাৰ ‘বঙল বহু দূৰ’ উপন্যাসৰ বাবে সাহিত্যিক নন্দিতা দেৱী আৰু প্ৰকাশক নগেন শৰ্মাক এই বঁটা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে৷ প্ৰতিবছৰে ৰাজ্যখনৰ এগৰাকী সাহিত্যিক আৰু প্ৰকাশকক এই বঁটা প্ৰদান কৰা হ’ব৷’ সচিব কলিতাই বঁটাপ্ৰাপক ঔপন্যাসিক নন্দিতা দেৱী আৰু প্ৰকাশক নগেন শৰ্মাক পৰিষদৰ তৰফৰ পৰা অভিনন্দন জনায় আৰু উপস্থিত সকলক আগন্তুক নৱবৰ্ষৰ বাবে শুভেচ্ছা জ্ঞাপন কৰি ২৯ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ’বলগীয়া অসম গ্ৰন্থমেলাত সকলোৰে আন্তৰিক সহযোগিতা কামনা কৰে৷ আনহাতে সংবাদিকৰ প্ৰশ্নৰ উত্তৰত সচিব কলিতাই কয়– ‘এইবাৰ অসম গ্ৰন্থমেলাত ১১৫টা প্ৰতিষ্ঠানে যোগদান কৰিব৷ ইয়াৰ ভিতৰত দিল্লীৰ ১০ টা, কলকাতাৰ প্তটা আৰু ঢাকাৰ ১০টা প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰিব৷ এইবাৰ আমি নতুনকৈ ১৬খন গ্ৰন্থ প্ৰকাশ কৰিম আৰু ২৪খন গ্ৰন্থ পুনৰ মুদ্ৰণ কৰা হ’ব৷ আমাৰ ২০১৯-২০ চনত ৩৬ লাখ টকাৰ গ্ৰন্থ বিক্ৰী হৈছিল আৰু ২০২০-২১ চনত ৰ কোটি ৯২ লাখ টকাৰ গ্ৰন্থ বিক্ৰী হৈছে৷ এইবাৰো আমি গ্ৰন্থৰ বিক্ৰীয়ে অভিলেখ সৃষ্টি কৰিব বুলি আশাবাদী৷ তদুপৰি আমাৰ ইউনিকোডৰ লিপি নাছিল আমি ‘বাণীকান্ত’ লিপি উলিয়াইছোঁ৷ আমি ২০২২ চনৰ জানুৱাৰী মাহত ‘পাব্লিকেশ্বন বোৰ্ড আছাম’ নামৰ এটা ইউটিউব চেনেল এটা মুকলি কৰিম আৰু ইয়াত সাধুকথা আপলোড কৰা হ’ব লগতে ফটোও থাকিব৷ প্ৰথমে ‘ককাদেউতাৰ সাধু’ আপলোড কৰা হ’ব৷ গ্ৰন্থ মেলাত আমাৰ ইউটিউব চেনেলটো চাব¦াইব কৰিবলৈ দিয়া হ’ব লগতে উপহাৰৰো ব্যৱস্থা কৰা হৈছে৷’

উপেন্দ্ৰ বৰকটকীলৈ দুলাল চন্দ্ৰ শৰ্মা স্মাৰক ‘প্ৰজ্ঞা ৰত্ন বঁটা’ আৰু কমলেশ্বৰ কলিতালৈ ‘পণ্ডিত জীৱন ৰাম বৰ্মন বঁটা’

আমাৰ অসমঃ হোজাই জিলা সাহিত্য সভাৰ সৰ্বোচ্ছ সন্মান দুলাল চন্দ্ৰ শৰ্মা স্মাৰক ‘প্ৰজ্ঞা ৰত্ন বঁটা’ ২০২১ বৰ্ষৰ বাবে বৰেণ্য সাহিত্যিক, সমালোচক, সাংবাদিক উপেন্দ্ৰ বৰকটকীক প্ৰদান কৰা হ’ব৷ হোজাই জিলাৰ প্ৰথমখন অসমীয়া মাধ্যমৰ হাইস্কুল, আব্দুল হাছিব হাইস্কুলৰ প্ৰধান শিক্ষক, দুলাল চন্দ্ৰ শৰ্মাৰ সোঁৱৰণত তেওঁৰ গুণমুগ্ধ ৩০গৰাকী প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰে গঠিত দুলাল শৰ্মা স্মৃতিৰক্ষা সমিতিয়ে প্ৰতি দুবছৰৰ মূৰে মূৰে আগবঢ়াই অহা এই বঁটাটি ২০১৯ বৰ্ষত পদ্মশ্ৰী সন্মানপ্ৰাপক ৰংবং তেৰাঙক প্ৰদান কৰা হৈছিল৷ জিলা সাহিত্য সভাৰ আন এটি সন্মানীয় বঁটা ‘পণ্ডিত জীৱনৰাম বৰ্মন সোঁৱৰণী সাধনা বঁটা’ এইবাৰ নৱপ্ৰজন্মৰ এগৰাকী প্ৰসিদ্ধ কবি, সু-লেখক, লংকা মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ প্ৰবক্তা, কবি কমলেশ্বৰ কলিতালৈ আগবঢ়োৱা হৈছে৷ দুয়োটা বঁটা অহা ৩০ আৰু ৩১ জানুৱাৰীত লংকাত অনুষ্ঠিতব্য হোজাই জিলা সাহিত্য সভাৰ দ্বিতীয় পূৰ্ণাংগ অধিৱেশনৰ মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব লগা অসম সাহিত্য সভাৰ সভাপতি ড॰ কুলধৰ শইকীয়াই প্ৰদান কৰিব৷ দুদিনীয়া জিলা অধিৱেশনত অসম সাহিত্য সভাৰ উপ-সভাপতি মৃণালিনী দেৱী প্ৰমুখ্যে লোক-সংস্কৃতিৰ গৱেষক ড॰ অনিল শইকীয়া, ৰবীন্দ্ৰ নাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড॰ অমলেন্দু চক্ৰৱৰ্তীকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকিব বুলি জিলা সাহিত্য সভাৰ সভাপতি ড॰ গুণেশ্বৰ শইকীয়া আৰু সম্পাদক অনুপ কুমাৰ বৰঠাকুৰে জনাইছে৷

অভিনেত্ৰী দুলু দেৱীক গিয়াছউদ্দিন আহমেদ বঁটা প্ৰদান

আমাৰ অসমঃ ‘নটসূৰ্য’ সোঁৱৰণী উদ্‌যাপন সমিতিৰ উদ্যোগত আৰু সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত ৰবীন্দ্ৰ ভৱন প্ৰেক্ষাগৃহত আজি বৰ্ণাঢ্য কাৰ্যসূচীৰে ‘নটসূৰ্য’ৰ ২৫ সংখ্যক চাৰিদিনীয়া নাট সমাৰোহ অনুষ্ঠিত হয়৷ আজিৰ নাট সমাৰোহত এসময়ৰ ভ্ৰাম্যমানৰ মঞ্চৰ জনপ্ৰিয় অভিনেত্ৰী দুলু দেৱীক ‘নটসূৰ্য’ৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক গিয়াছ উদ্দিন আহমেদৰ স্মৃতিত তৃতীয় স্মাৰক বঁটা প্ৰদান কৰে৷ এই বঁটাত আছে পঁচিছ হাজাৰ টকাৰ চেকৰ লগতে অংগ বস্ত্ৰ, গামোচা, স্মাৰক, প্ৰশস্তি পত্ৰ৷ নাট সমাৰোহৰ আৰম্ভণিতে ৰবীন্দ্ৰ ভৱনৰ চৌহদত ‘নটসূৰ্য’ ফণী শৰ্মাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে বৰপুত্ৰ ৰঞ্জিত শৰ্মাই৷ তাৰ পাছতে মঞ্চত ফণী শৰ্মা আৰু গিয়াছ উদ্দিন আহমেদৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি প্ৰদান কৰে উপস্থিত বিশিষ্ট ব্যক্তিয়ে৷ বিশিষ্ট শিল্পী পুলক বেনাৰ্জীৰ পৰিচালনাৰে ‘নটসূৰ্য’ৰ সদস্যসকলে পৰিৱেশন কৰা দুটা সমবেত গীতেৰে সমাৰোহখনি শুভাৰম্ভ কৰা অনুষ্ঠানত ‘স্মৃতিগ্ৰন্থ’ উন্মোচন কৰে বিশিষ্ট সংগীত শিল্পী মণীষা হাজৰিকাই৷ অভিনেতা উপকুল বৰদলৈয়ে আঁত ধৰা অনুষ্ঠানত উদ্‌যাপন সমিতিৰ সাধাৰণ সম্পাদক ৰামকৃষ শৰ্মাই আদৰণি ভাষণৰ লগতে সাংস্কৃতিক মন্ত্ৰী বিমল বৰাৰ শুভেচ্ছামূলক ভাষণ পাঠ কৰে৷ উদ্‌যাপন সমিতিৰ সভাপতি স্বপ্নীল বৰুৱাকে আদি কৰি কেইবাজনো বিশিষ্ট ব্যক্তিৰ উপস্থিতিত নাট সমাৰোহ উদ্বোধন কৰে বিশিষ্ট শিল্পী পুলক বেনাৰ্জীয়ে৷ অনুষ্ঠানৰ লগত সংগতি ৰাখি তেজপুৰৰ ‘জংগম’ নাট্যগোষ্ঠীয়ে ‘নটসূৰ্য’ ফণী শৰ্মা ৰচিত আৰু অলক নাথ পৰিচালিত ‘কিয়’ নাটখন মঞ্চস্থ কৰে৷ নাটখনত অলক নাথ, কুণ্টলজ্যোতি গোস্বামী, অমৃত দাস, জিণ্টু বৰঠাকুৰ, বিজয় শংকৰ গোস্বামী, ৰবীন বৰুৱা, ৰঞ্জিত ডেকা, জিণ্টু দেৱচৌধুৰী, গোপাল ডেকা, আটিকুল আহমেদ, শান্তনু মহন্ত, কাজলজ্যোতি গোস্বামী, বলেন মালাকাৰ, ৰাজীৱ শৰ্মা, জিতুমনি কলিতা, দিব্যজ্যোতি নাথ, অভিনয়া বৰা, মুন ডেকা চৌধুৰী, জাহ্নৱী বড়োয়ে অভিনয় কৰে৷