Logo
image

ছেবা ঘেৰাও ক্ষুব্ধ পৰীক্ষাৰ্থীৰ

টে’ট পৰীক্ষাত বিসংগতি

আমাৰ অসম, ২৮ডিচেম্বৰঃ টেটত ব্যাপক খেলিমেলিৰ অভিযোগ তুলি সোমবাৰে বামুণীমৈদামস্থিত ছেবাৰ সদৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰে ৰাজ্যৰ কেইবাশ টেট অৱতীৰ্ণ প্ৰাৰ্থীয়ে৷ ন্যায় বিচাৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ নিম্ন প্ৰাথমিক টেটত অৱতীৰ্ণ পৰীক্ষাৰ্থীয়ে ৰূপায়ণ কৰে উক্ত কাৰ্যসূচী৷ ভুল এনচাৰ কীৰে টেট অনুষ্ঠিত কৰা, পৰীক্ষাৰ বহী নিৰীক্ষণত ব্যাপক খেলিমেলি কৰাৰ অভিযোগ তুলি টেট অৱতীৰ্ণ প্ৰাৰ্থীয়ে ৰূপায়ণ কৰে উক্ত প্ৰতিবাদী কাৰ্যসূচী৷ নিম্ন প্ৰাথমিক আৰু মধ্য বিদ্যালয়ৰ ২০২১ টেটত অৱতীৰ্ণ হোৱা কেইবাশতাধিক টেট প্ৰাৰ্থীয়ে প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰতিবাদকাৰী সকলে বিভিন্ন শ্লোগান দি ছেৱাৰ কাৰ্যালয় উত্তাল কৰি তোলে৷ উল্লেখ্য, সদ্য অনুষ্ঠিত হৈ যোৱা টেটৰ প্ৰশ্ন কাকতত ব্যাপক বিসংগতি হোৱাৰ অভিযোগ কৰে প্ৰতিবাদকাৰীসকলে৷ বিসংগতিৰে অনুষ্ঠিত হোৱা পৰীক্ষা পুনৰ অনুষ্ঠিত কৰিবলৈ পৰীক্ষাৰ্থী সকলে ছেৱাৰ অধ্যক্ষৰ ওচৰত দাবী জনাইছিল৷ এই দাবীৰ প্ৰতি কতৃৰ্পক্ষই কোনো সঁহাৰি নজনোৱা বাবে আজি টেট পৰীক্ষাৰ্থীসকলে আজি ছেৱাৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰে৷ প্ৰতিবাদকাৰীসকলৰ দাবী– টেটৰ পৰীক্ষাবহী পুনৰীক্ষণ কৰি নতুনকৈ ফলাফল ঘোষণা কৰক, ভুল এনছাৰ কীৰে অনুষ্ঠিত কৰা প্ৰশ্নৰ বিপৰীতে প্ৰকৃত উত্তৰৰ ভিত্তিত নতুনকৈ পৰীক্ষা বহী মূল্যায়ন কৰাৰ ব্যৱস্থা কৰক৷ টেট অৱতীৰ্ণ প্ৰাৰ্থীৰ উত্তাল প্ৰতিবাদত ছেবাৰ কাম-কাজ অচল হৈ পৰাৰ পাছত ধৰ্ণাস্থলীত ছেবাৰ সচিব সুৰঞ্জনা সেনাপতি আহি প্ৰতিবাদ কাৰী সকলক প্ৰশ্ন কাকত পুনৰনিৰীক্ষণ কৰা হব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰা হব বুলি আশ্বাস প্ৰদান কৰাত প্ৰতিবাদী কাৰ্যসূচী উঠাই লয়৷