Logo
image

খাই কাৰ্শলা ডালত উঠিল...

 সাহিত্য সভাৰ বিৰুদ্ধে বিষোদগাৰ পৰমানন্দৰ

আমাৰ অসম, ২৮ডিচেম্বৰঃ খাই কাৰ্শলা ডালত উঠিল, কাঠী চেলেকাৰ মৰণ মিলিল৷ –অসমীয়া ভাষাত বহুচৰ্চিত এই প্ৰবচন এইবাৰ যেন প্ৰযোজ্য হ’ল পৰমানন্দ ৰাজবংশীৰ ক্ষেত্ৰত৷ অসম সাহিত্য সভাৰ দৰে জাতীয় অনুষ্ঠানৰ সভাপতিৰ দায়িত্ব বহন কৰাৰ পাছত নিশাটোৰ ভিতৰতে অগপৰ পৰা বিজেপিলৈ গৈ ছিপাঝাৰৰ বিধায়ক হোৱা পৰমানন্দ ৰাজবংশীয়ে এইবাৰ আক্ৰমণৰ লক্ষ্যৰূপে বাছি ল’লে অসম সাহিত্য সভাক৷ অসম সাহিত্য সভাৰ দ্বাৰা গঠন কৰা জাতীয় শিক্ষা সংসদৰ অধ্যক্ষৰ দায়িত্ব বহন কৰাৰ জৰিয়তে বিধায়ক হোৱাৰ পাছতে অসম সাহিত্যঞ্জ সভাৰ মজিয়াত দপ্‌দপাই থকা পৰমানন্দ ৰাজবংশীৰ আক্ৰমণৰ প্ৰধান লক্ষ্য সভাপতি  কুলধৰ শইকীয়া৷ সুদীৰ্ঘ সময় অসম সাহিত্য সভাক নেতৃত্ব দি অহা সভাৰ প্ৰাক্তন সভাপতি পৰমানন্দ ৰাজবংশী জাতীয় অনুষ্ঠানটোৰ কঠোৰ সমালোচকৰ ভূমিকাত অৱতীৰ্ণ হোৱা প্ৰসংগই ৰাজ্যজুৰি মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ সাহিত্য সভাৰ বৰ্তমানৰ নেতৃত্বৰ কাম-কাজক ৰাজবংশীয়ে সোমবাৰে গোলাঘাটত তীব্ৰ সমালোচনা কৰে৷ গোলাঘাটত অনুষ্ঠিত সাহিত্য সভাৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকি বিধায়ক ৰাজবংশীয়ে মুকলিভাৱে সাহিত্য সভাৰ বৰ্তমানৰ কাম-কাজক সমালোচনা কৰি কয়– সাহিত্য সভাৰ সভাপতি যাব এফালে, সম্পাদক যাব এফালে, এনেকৈ সাহিত্য সভা আগুৱাই নাযায়৷ অসম লোকসেৱা আয়োগৰ পৰীক্ষাত অসমীয়া ভাষা অন্তৰ্ভুক্ত নকৰাৰ বিষয়ত আদালতত গোচৰ দিয়া কাৰ্য ধিক্কাৰজনক৷ এই কথা তেওঁলোকে পৰিহাৰ কৰক৷ সাহিত্য সভাই ৰাজ্য চৰকাৰৰ বিৰুদ্ধে গোচৰ দিবলৈ যোৱা কথাটো পুনৰ বিবেচনা কৰক৷ চৰকাৰৰ বিৰুদ্ধে কেচ দি লাভ নাই৷ সাহিত্য সভাৰ কৰ্মচাৰীৰ বাবে দৰমহাৰ ফাণ্ড নৰখা সাহিত্য সভাই কৰ্মচাৰীক দৰমহা নিদিয়াৰ বাবে চৰকাৰক জগৰীয়া কৰে৷ অসমীয়া ভাষাৰ বিষয়টো সন্দৰ্ভত সাহিত্য সভাৰ বিষয়ববীয়া স্পষ্টকৈ অৱগত নহয়৷ ৰাষ্ট˜ীয় শিক্ষানীতিৰ জৰিয়তে এই বিষয় নিৰাময় কৰা হ’ব৷ অসমীয়া ভাষা ৰাজ্যৰ সকলোতে প্ৰধান ভাষা৷ বৰাকত অসমীয়া ভাষাক অপমান কৰাৰ কথা মুখ্যমন্ত্ৰীয়ে বিধায়িনী দলৰ সভাত কৈছে৷ অধিৱেশন পাতি কাৰ্যনিৰ্বাহক সভাৰ কথা শুনি সাহিত্যসভা আগুৱাই যাওক৷ অন্যথা চৰকাৰৰ স্থিতি সাহিত্য সভা বিপদত পৰাটো নিশ্চিত৷ কেৱল সাহিত্য সভা বা ইয়াৰ বৰ্তমানৰ নেতৃত্বক মুকলিভাৱে সমালোচনা কৰাই নহয়, সভাৰ বৰ্তমানৰ সভাপতি কুলধৰ শইকীয়াই ধুতী পৰিধান কৰি সাহিত্য সভাৰ পতাকা উত্তোলন নকৰাৰ বাবে তেওঁক কঠোৰভাৱে সকীয়াইও দিয়ে ড॰ ৰাজবংশীয়ে৷ সভাপতি শইকীয়াই ভৱিষ্যতে এনে কাম নকৰিবলৈ সতৰ্ক কৰি দিয়ে পূৰ্বৰ সভাপতি ৰাজবংশীয়ে৷ সাহিত্য সভাৰ উপ-সভাপতি মৃণালিনী দেৱীয়েও ড॰ ৰাজবংশীৰ সুৰতে সুৰ মিলাই তেখেতৰ ভাষণত সাহিত্য সভাৰ কাৰ্যসূচীত সভাৰ সভাপতিহে জাতীয় সাজ পৰিধান নকৰাৰ বাবে উদ্বেগ প্ৰকাশ কৰে৷ ইফালে, ধুতী পৰিধান নকৰা বিষয়ৰ হোৱা সমালোচনাৰ প্ৰত্যুত্তৰ দি সভাপতি শইকীয়াই কয়– সাহিত্য সভাত সাজ-পোচাক লৈ ব্যস্ত থাকিলে নতুন প্ৰজন্মৰ আগমণ নহ’ব৷ সাজ-পোচাকত লাগি থকাতকৈ সকলো জাতি-ধৰ্মৰ মানুহ কেনেকৈ সাহিত্য সভাৰ প্ৰতি আকৰ্ষিত হয় তাৰ প্ৰতি লক্ষ্য ৰাখক৷ উৰিষ্যাৰ শাসকীয় পক্ষৰ এজন সাংসদে ৰ লাখ মানুহৰ চহী লৈ উৰিষ্যাত উৰিয়া ভাষা বাধ্যতামূলক কৰালে৷ অসমত এনে ব্যৱস্থা নাই৷ সাহিত্য সভাৰ গুৱাহাটী-যোৰহাটৰ কাৰ্যালয়ৰ এটা বিবৃতিয়ে জাতি ৰক্ষা নকৰে৷ আনহাতে, নিজৰ ভাষণত সভাপতি শইকীয়াই কয়– কেইদিনমানৰ পূৰ্বে অসমীয়া ভাষাৰ বেনাৰত ক’লা ৰং সানিবলৈ ক’লে৷ অসমৰ ৰাইজে সাহিত্য সভাক প্ৰশ্ন কৰিছে, কিয় প্ৰতিক্ৰিয়া দিয়া নাই? অসম সাহিত্য সভাক মানুহে ভাল পায়, সেইবাবেহে মানুহে সামাজিক মাধ্যমত সমালোচনা কৰে৷ কিন্তু লক্ষ্মীনাথ বেজবৰুৱাৰ দিনত প্ৰতিষ্ঠা লাভ কৰা অসম সাহিত্য সভাই এজন সাধাৰণ লোকৰ মন্তব্যত প্ৰত্যুত্তৰ নিদিয়ে৷ ইমান ম্লান পৰি যোৱা নাই সাহিত্য সভাৰ মৰ্যাদা৷ অসম সাহিত্য সভাৰ কণ্ঠস্বৰ অসমীয়া জাতিৰ কণ্ঠস্বৰ৷ ভাৰতৰ আন আন ৰাজ্যৰ মানুহে সাহিত্যসভাৰ কথা কয়৷ আজিকালিৰ ল’ৰা ছোৱালীয়ে অসমীয়া ভাষা নকয়৷ অসমীয়া স্কুলৰ আন্তগাঁথনি ইয়াৰ বাবে জগৰীয়া৷ খিড়িকীত আৱৰণ নথকা স্কুলত ছাত্ৰ-ছাত্ৰীয়ে কিয় পঢ়িব? এজন শিক্ষকে তিনিটা শ্ৰেণী পঢ়োৱা স্কুলত ল’ৰা-ছোৱালী কিয় পঢ়িব? অসম সাহিত্য সভাৰ নহয়, এইয়া চৰকাৰৰ দ্বায়িত্ব৷ অসম সাহিত্য সভা এখন ৰভা বা এখন মঞ্চ নহয়, ই অসমীয়া জাতিৰ এক উমৈহতীয়া অনুষ্ঠান৷ ১৯২৫ চনত ৰজনীকান্ত বৰদলৈয়ে কৈ গৈছে– অসমীয়া ভাষা এনে এটা ভাষা, য’ত ৫০ টাতকৈ অধিক জনগোষ্ঠীয় শব্দ আছে৷ অসমীয়া ভাষা এক সুন্দৰ ভাষা৷ অন্য কোনো ভাষাত ইমান জনগোষ্ঠীয় ভাষা নাই৷ ১৯৬৪ চনৰ পৰা গোটেই বিশ্বতে এক বিষয়ে স্থান পাইছে, ভাষাৰ অৰ্থনীতি৷ ভাষাৰ অৰ্থনীতি অসমত নাই৷ তামিল নাজানিলে তামিলনাডুত চাকৰি কৰিব নোৱাৰে৷ উৰিয়া নাজানিলে উৰিষ্যাত কেন্দ্ৰীয় শিক্ষানুষ্ঠান নচলে৷ অসমত এনে ব্যৱস্থা নাই৷ অসম লোকসেৱা আয়োগৰ পৰীক্ষাত অসমীয়া প্ৰশ্নকাকত বাধ্যতামূলক হ’ব লাগে৷ মহাৰাষ্ট্ৰ, গুজৰাট, উৰিষ্যা, পাঞ্জাৱ কোন ৰাজ্যত মাতৃভাষা অসামৰিক পৰীক্ষাত নাই? বিশ্বত যদি কোনো ভাষা মৰি গৈছে, তেন্তে সেইয়া সেই ভাষাৰ অৰ্থনৈতিক সামঞ্জস্য নাই৷ অসমীয়াত কথা ক’লে চাকৰি যাব বুলি নলবাৰীৰ এজনী ছোৱালীয়ে কৈছে৷ কভিডৰ সময়চোৱাতো সাহিত্য সভাৰ প্ৰকাশৰ কাম বাদ পৰা নাই৷ ২৪খন কিতাপ যোৱা কেইদিনত মুকলি হৈছে৷ সেইয়া লোক-সংস্কৃতি, সাহিত্য ইত্যাদিৰ গ্ৰন্থ৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ৷ কেইবাখনো গৱেষণা পুথি নিজে বিচাৰি সাহিত্য সভাই মুকলি কৰিছে৷ অসমীয়া গ আখৰটো ২০০০ বছৰ আগতে ওলাইছিল৷ কিন্তু সেইয়া আজিলৈ ইউনিকোডতে তেই অন্তৰ্ভুক্ত হোৱা নাই৷ অসমীয়া ভাষা কেৱল এম আই এল কৰি নথ’ব৷ ভাৰতৰ লগতে বিশ্বৰ মানুহে অসমীয়া ক’ব পৰাকৈ অৱদান দিয়ক৷ যেতিয়ালৈকে অসমীয়া ভাষাৰ গুণগত মানদণ্ড জীয়াই থাকিব, তেতিয়ালৈ অসমীয়া ভাষা জীয়াই থাকিব৷ আৰু তাক জীয়াই ৰখাৰ দ্বায়িত্ব প্ৰতিজন অসমীয়াৰ৷ চচিয়েল মাধ্যমত সাহিত্য সভাই মুকলি কৰা কিতাপৰ ওপৰত প্ৰশ্ন তোলাতকৈ তাত থকা ভুল আঙুলিয়াই দিয়ক৷ অসমীয়া উইকিপিডিয়াৰ কোনে লিখিলে? গুগুল বা সাহিত্য সভাই নহয়৷ অসমীয়া ৬-জ্জ গৰাকী যুৱক-যুৱতীয়ে এই কাম কৰি আছে৷ অসমীয়া উইকিপিডিয়াৰ বাবে অসম সাহিত্য সভাই কৰ্মশালাৰ ব্যৱস্থা কৰিব৷ আধুনিক যুগৰ সৈতে আমাৰ ভাষাৰ ফেৰ মাৰিব লাগিব৷ অসমীয়া ভাষা শ্ৰীৰামপুৰ পাৰ হ’লেই মানুহে নাজানে৷ ১০৫ বছৰীয়া ভাষিক সংগঠন ক’তো নাই৷

উদুলি-মুদুলি গোলাঘাটৰ সমন্বয় ক্ষেত্ৰ

আমাৰ অসমঃ অসম সাহিত্য সভাৰ ১০৫সংখ্যক প্ৰতিষ্ঠা দিৱস সোমবাৰে উদুলি-মুদুলি পৰিৱেশত দিনজোৰা কাৰ্যসূচীৰে গোলাঘাট সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হয়৷ এই উপলক্ষে পুৱা অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই মূল পতাকা উত্তোলন কৰাৰ পাছতেই ১০৫খনকৈ সাহিত্য সভাৰ পতাকা উত্তোলন কৰে বিশিষ্ট ব্যক্তিসকলে৷ তাৰ পাছতেই অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা কালৰ পৰা জড়িত প্ৰয়াত চিৰনমস্য ব্যক্তিসকলক স্মৰণ কৰি স্মৃতি তৰ্পণ কাৰ্যসূচীত মুখ্য তৰ্পকৰূপে ভাগ লয় অসম সাহিত্য সভাৰ উপ-সভানেত্ৰী মৃণালিনী দেৱীয়ে৷ বন্তি প্ৰজ্বলন কৰে উদ্‌যাপন সমিতিৰ সভাপতি পূৰ্ণ ৰাজখোৱাই৷ ইয়াৰ পাছতে জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ আৰু মুকলি সভা অনুষ্ঠিত হয়৷ সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াৰ পৌৰাহিত্যত হোৱা মুকলি সভা উদ্বোধন কৰি অৰুণাচল প্ৰদেশৰ বিশিষ্ট সাহিত্যিক মহন্ত পাংগিঙে অসম আৰু অৰুণাচলৰ মাজত থকা সু-সম্পৰ্কৰ বিষয়ে উল্লেখ কৰে৷ সভাত সাহিত্য সভাৰ উপ-সভানেত্ৰী মৃণালিনী দেৱীয়ে সাহিত্য সভাক অধিক শক্তিশালী কৰি বিশ্বৰ বুকুত প্ৰতিষ্ঠা কৰাত গুৰুত্ব আৰোপ কৰে৷ মুখ্য অতিথিৰূপে ভাগ লোৱা নাগালেণ্ডৰ শীৰ্ষতম জাতীয় সংগঠন নগা হো হোৰ সভাপতি এইচ কে ঝিমমীয়ে সভাত অসম আৰু নাগালেণ্ডৰ জনসাধাৰণৰ মাজৰ সম্প্ৰীতি-সমন্বয়ৰ এনাজৰী বৰ্তাই ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷ সভাপতিৰ ভাষণত কুলধৰ শইকীয়াই অসমীয়া মাধ্যমৰ বিদ্যালয়ত অসমীয়া ভাষাৰ কাঠামো দুৰ্বল বুলি আক্ষেপ প্ৰকাশ কৰি ইংৰাজী মাধ্যমৰ বিদ্যালয়ত অসমীয়া ভাষাৰ বিষয় বাধ্যতামূলক হ’ব লাগিব বুলি মন্তব্য কৰে৷ সভাত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিধায়ক পৰমানন্দ ৰাজবংশী আৰু বিধায়ক বিশ্বজিৎ ফুকনকে ধৰি কেইবাটাও জাতীয়-জনগোষ্ঠীয় সংগঠনৰ নেতৃবৰ্গ উপস্থিত থাকি অসম সাহিত্য সভাৰ দীৰ্ঘায়ু কামনা কৰি জাতিৰ হকে কাম কৰি যোৱাৰ আহ৩ান জনায়৷ লক্ষণীয়ভাৱে পৰমানন্দ ৰাজবংশীয়ে অসম সাহিত্য সভাৰ বৰ্তমানৰ নেতৃত্বৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ-অসন্তুষ্টি ব্যক্ত কৰে ৰাজহুৱাভাৱে৷

সভাপতিৰ লংপেণ্ট বিতৰ্ক 

গোলাঘাটত সোমবাৰে দিনজোৰা কাৰ্যসূচীৰে উদ্‌যাপিত হোৱা অসম সাহিত্য সভাৰ ১০৫সংখ্যক প্ৰতিষ্ঠা দিৱসৰ পতাকা উত্তোলন কাৰ্যসূচীত সভাৰ সভাপতি কুলধৰ শইকীয়াই অসমীয়া জাতীয় সাজ ধুতিৰ পৰিৱৰ্তে লংপেণ্ট পিন্ধি পতাকা উত্তোলন কৰাক লৈ যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ উল্লেখ্য, অসম সাহিত্য সভাৰ ১০৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উদ্‌যাপনথলীত সোমবাৰে মুঠ ১০৫খন পতাকা উত্তোলনত ভাগ লোৱা আন উত্তোলকসকলৰ প্ৰত্যেকেই ধুতি পৰিধান কৰিছিল৷ মহিলাসকলো সমবেত হৈছিল জাতীয় সাজেৰে৷ সাহিত্য সভাৰ স্বয়ং সভাপতিজনে লংপেণ্ট পিন্ধি সভাৰ পতাকা উত্তোলন কৰা কাৰ্য স্বাভাবিকতেই হৈ পৰিছিল দৃষ্টিকটু৷ সামাজিক মাধ্যমতো এই লৈ বিতৰ্কৰ সৃষ্টি হয় আৰু সভাপতিৰ এনে কাৰ্যক কোনো কোনোৱে গৰিহণা দিয়ে৷ মুকলি সভাত আনকি অসম সাহিত্য সভাৰ উপ-সভানেত্ৰী মৃণালিনী দেৱীয়ে সভাপতিজনৰ এই কাৰ্যৰ মুকলিকৈ সমালোচনা কৰে৷