Logo
image

ফোনৰ পাছৱৰ্ড বা পেটাৰ্ন পাহৰিলে এইকেইটা কাম কৰিব

স্মাৰ্টফোনৰ স্ক্ৰীণ ল’ক কৰি ৰখাটো অত্যন্ত জৰুৰী৷ কিয়নো সকলোৰে ফোনত গুৰুত্বপূৰ্ণ তথ্য থাকে৷ সেই তথ্য যাতে আনে পাব নোৱাৰে তাৰ বাবেই স্ক্ৰীণ ল’ক কৰাটো জৰুৰী৷ ফোনটোৰ স্ক্ৰীণ ল’ক কৰিবলৈ বহুতে পাছৱৰ্ড ব্যৱহাৰ কৰে৷ আন বহুতে পেটাৰ্ন ব্যৱহাৰ কৰি নিজৰ ফোনটো ল’ক কৰি ৰাখে৷ পাছৱৰ্ড বা পেটাৰ্ন কিবা কাৰণত পাহৰিলে ফোনৰ গৰাকীজন সমস্যাত পৰে৷ এনে অৱস্থাত ল’ক খুলিবলৈ ফোনটো ছাৰ্ভিচ চেণ্টাৰলৈ নিয়ে৷ কিন্তু ছাৰ্ভিচ চেণ্টাৰলৈ নোযোৱাকৈও আপুনি ঘৰতেই ফোনটোত নতুনকৈ পেটাৰ্ন বা পাছৱৰ্ড ছেটিং কৰিব পাৰিব৷ ইয়াৰ বাবে তলত উল্লেখ কৰা কামসমূহ ক্ৰম অনুসৰি কৰিব লাগিব–

[১] যিটো ফোনৰ পেটাৰ্ণ ল’ক বা পাছৱৰ্ড পাহৰিছে সেই ফোনটোৰ ছুইট্‌ছ অফ কৰক৷

[২] কমেও এক মিনিট সময় অপেক্ষা কৰক৷

[৩] পাৱাৰ বুটাম আৰু ডাউন ভলিউম কী একেলগে হেঁচি ধৰক৷ যেতিয়ালৈকে ফোনটোৰ স্ক্ৰীণত একো উল্লেখ নহয় তেতিয়ালৈকে ডাউন ভলিউম কী আৰু পাৱাৰ বুটাম হেঁচি থাকক৷

[৪] যদি স্ক্ৰীণত কোনো লিখনি ভাঁহি উঠে তেনেহ’লে বুজিব যে ফোনটো ৰিক’ভাৰী মুডলৈ আহিছে৷

[৫] এইবাৰ ফেক্টৰী ৰি-ছেট বুটামত ক্লিক কৰক৷

[৬] দেখিব, স্ক্ৰীণৰ ওপৰত wipe Cache অপছন ওলাব৷ তাত ক্লিক কৰাৰ উপৰি ডাটা ক্লীন কৰিব লাগিব৷ 

[৭] এইবাৰ ফোনটো পুনৰ বন্ধ কৰি আকৌ অন কৰক৷ দেখিব পাছৱৰ্ড বা পেটাৰ্ন অবিহনেই আপুনি ফোনটো ব্যৱহাৰ কৰিব পৰা হৈছে৷