Logo
image

ভায়োলেট প্ৰথম মহিলা আইজিপি, চিএম ভিজিলেঞ্চৰ দায়িত্বত নাথ

আমাৰ অসম, ২৮ ডিচেম্বৰ ঃ ৰাজ্যৰ প্ৰথম মহিলা আৰক্ষী মহাপৰিদৰ্শক হ’ল ভায়োলেট বৰুৱা৷ অসমৰ প্ৰথম মহিলা আৰক্ষী মহাপৰিদৰ্শক হিচাপে পদোন্নতি দিয়া হৈছে আইপিএছ বিষয়াগৰাকীক৷ বৰ্তমান বিটিএডিৰ উপ-মহাপৰিদৰ্শক কৰ্মৰত হৈ আছে ভায়োলেট বৰুৱা৷ উল্লেখ্য, ২০২১ৰ গণৰাজ্য দিৱসত ভায়োলেট বৰুৱাক ৰাষ্ট্ৰপতি পদকেৰে সন্মানিত কৰা হৈছিল৷ ভায়’লেট বৰুৱাৰ লগতে আইপিএছ আনন্দ প্ৰকাশ তিৱাৰী, নিতুল গগৈ, দিগন্ত বৰা, লাচিত বৰুৱা, মৃদুলানন্দ শৰ্মা, দেৱৰাজ উপাধ্যায়, দিলীপ কুমাৰ দে আৰু প্ৰশান্ত কুমাৰ ভূঞাক আই জি পি’লৈ পদোন্নতি দিয়া হৈছে৷ অসম আৰক্ষীৰ মুঠ  ৯ জন বিষয়াক আই জি পি’লৈ পদোন্নতি কৰি  গৃহ বিভাগে জাননী জাৰি কৰিছে৷ ইপিনে আইপিএছ বিষয়া ভায়োলেট বৰুৱাই টুইটাৰ যোগে  এই সাফল্যৰ কথা ৰাজহুৱা কৰাৰ লগতে ৰাজ্যৰ প্ৰথম গৰাকী মহিলা আৰক্ষী মহাপৰিদৰ্শক হিচাপে নিযুক্তি পোৱাৰ বাবে গৌৰৱবোধ কৰা বুলি উল্লেখ কৰিছে৷ ইপিনে অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান হীৰেন নাথক চিএম ভিজিলেন্সৰ তদন্ত নিৰীক্ষণৰ অতিৰিক্ত দায়িত্ব প্ৰদান কৰা হৈছে৷ গৃহ বিভাগৰ প্ৰধান সচিবে এটা নিৰ্দেশনাযোগে নাথক মুখ্যমন্ত্ৰী তদাৰকী কোষৰ বিশেষ দায়িত্ব প্ৰদান কৰিছে৷ সম্প্ৰতি কেইবাটাও হাই-প্ৰফাইল গোচৰৰ তদন্ত অব্যাহত ৰাখিছে চিএম ভিজিলেন্সে৷