Logo
image

‘সন্ধানহীন’ জোনালীৰ জামিন লাভ

আমাৰ অসম, ২৯ ডিচেম্বৰঃ গুৱাহাটীৰ কাহিলীপাৰাৰ মডাৰ্ণ ইংলিছ স্কুলৰ অষ্টম শ্ৰেণী ছাত্ৰী জিঞ্জিৰি দেউৰীয়ে আত্মহত্যাৰ পথ বাছি লোৱা ঘটনাক লৈ আজিও প্ৰতিবাদ অব্যাহত আছে৷ মেধাৱী সম্ভাৱনাময় ১৩ বছৰীয়া ছাত্ৰীগৰাকীক আত্মহননৰ পথ বাছি ল’বলৈ বাধ্য কৰোৱা বুলি অভিযোগ উঠা ব্যক্তিগত শিক্ষানুষ্ঠানখনৰ অধ্যক্ষা জোনালী দাসক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদানৰ দাবীত মঙলবাৰে সন্ধিয়া দেউৰী ছাত্ৰ সন্থাৰ লগতে বিভিন্ন দল-সংগঠনে গণেশগুৰিত প্ৰতিবাদী কাৰ্যসূচীও গ্ৰহণ কৰে৷ নিজৰ শিক্ষানুষ্ঠানখনৰ অধ্যক্ষাৰ মানসিক নিৰ্যাতন তথা অপমান সহ্য কৰিব নোৱাৰি অনাকাংক্ষিত চৰম পথ বাছি লোৱা ছাত্ৰীগৰাকীৰ ন্যায়ৰ দাবী উত্থাপন হোৱাৰ সময়তে অসম আৰক্ষীৰ ৰহস্যজনক ভূমিকাৰ বাবেই অগ্ৰিম জামিন লাভ কৰিবলৈ সক্ষম হ’ল মূল অভিযুক্ত ‘সন্ধানহীন’ অধ্যক্ষা জোনালী দাসে৷ এক কথাত প্ৰভাৱশালী জোনালী দাসক গ্ৰেপ্তাৰৰ পৰিৱৰ্তে গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ পৰা অগ্ৰিম জামিন লাভৰ সকলো বাট যেন মুকলি কৰি দিলে তদন্তকাৰী আৰক্ষীয়ে৷ অজ্ঞাত কাৰণত আৰক্ষীয়ে কিশোৰী ছাত্ৰী জিঞ্জিৰি দেউৰীৰ আত্মহত্যাৰ ঘটনাক সহপাঠী এজন জ্যেষ্ঠ ছাত্ৰৰ  সৈতে থকা প্ৰেমৰ সম্পৰ্কৰ বিচ্ছেদত আৱেগিকভাগে ভাগি পৰাই মূল কাৰণ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰাও দেখা গ’ল৷ যাৰ পৰিপ্ৰেক্ষিতত মঙলবাৰে গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ ন্যায়াধীশ অৰুণ দেৱ চৌধুৰীৰ বিচাৰপীঠে অভিযুক্ত মডাৰ্ণ ইংলিছ হাইস্কুলৰ অধ্যক্ষা জোনালী দাসৰ অগ্ৰিম জামিন মঞ্জুৰ কৰে৷ উল্লেখ্য, তদন্তকাৰী আৰক্ষীয়ে দাবী কৰা মতে অধ্যক্ষা জোনালী দাসৰ ভতিজাকৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল মৃত জিঞ্জিৰি দেউৰীৰ৷ অধ্যক্ষাৰ ভতিজাক একেখন বিদ্যালয়তে দশম শ্ৰেণীত অধ্যয়ন কৰি আছে৷ অধ্যক্ষা দাসে এই প্ৰেমৰ সম্পৰ্কক বাধা দিয়াৰ বাবেই ঘটনাৰ দিনা অৰ্থাৎ ২৪ ডিচেম্বৰত জিঞ্জিৰি দেউৰীক নিজৰ কাৰ্যালয় কোঠালৈ মাতি আনি বেয়াকৈ ককৰ্থনাৰ লগতে ভয় ভাবুকি প্ৰদান কৰিছিল৷ অধ্যক্ষা দাসে নিজৰ ভাতৃ অৰ্থাৎ জিঞ্জিৰিৰ প্ৰেমৰ সম্পৰ্ক থকা ছাত্ৰজনৰ পিতৃৰ সন্মুখতে মানসিকভাৱে নিৰ্যাতন চলাইছিল৷ এই ঘটনাৰ সময়ত প্ৰেমিক ছাত্ৰজনো উপস্থিত আছিল অধ্যক্ষাৰ কোঠাত৷ এনে অনাকাংক্ষিত পৰিস্থিতিৰ মুখামুখি হৈ মানসিকভাৱে ভাগি পৰি বিদ্যালয়খন নিৰ্মীয়মান পঞ্চম মহলাৰ পৰা জপিয়াই আত্মহত্যাৰ চেষ্টা চলাইছিল অষ্টম শ্ৰেণীৰ ছাত্ৰীগৰাকীয়ে৷ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা জিঞ্জিৰিক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল৷ কিন্তু হাস্পতালৰ আই চি ইউত দুদিন জীৱন মৃত্যুৱে যুঁজি অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিছিল দুৰ্ভগীয়া জিঞ্জিৰিয়ে৷ লক্ষণীয়ভাৱে চিচিটিভি ফুটেজত বিদ্যালয়ৰ পঞ্চম মহলাৰ পৰা জাপ দিয়াৰ পূৰ্বে চতুৰ্থ মহলাত বহু সময় ধৰি অন্তৰ্দণ্ডত ভুগি পাইচাৰি কৰি ফুৰা দেখা গৈছিল কিশোৰীগৰাকীক৷ গুৰত্বপূৰ্ণ কথাটো হৈছে, আত্মহত্যাৰ চেষ্টা চলোৱা ঘটনাৰ পাছতেই জিঞ্জিৰিৰ পৰিয়ালে ওদালবাক্ৰা আৰক্ষী চকীত ঘটনাৰ সন্দৰ্ভত এজাহাৰ দাখিল কৰাৰ লগতে অধ্যক্ষা জোনালী দাস আৰু জিঞ্জিৰিৰে প্ৰেমৰ সম্পৰ্ক থকা ছাত্ৰজনৰ পিতৃক গ্ৰেপ্তাৰৰো দাবী জনাইছিল৷ কিন্তু এই এজাহাৰৰ পাছতো আৰক্ষীয়ে তাৎক্ষণিকভাৱে প্ৰাথমিক সাক্ষ্য প্ৰমাণৰ ভিত্তিত অধ্যক্ষা জোনালী দাসক গ্ৰেপ্তাৰ কৰাটো দূৰৰে কথা এজাহাৰৰ বিপৰীতে গোচৰো পঞ্জীয়ন কৰা নাছিল৷ আৰক্ষীৰ এনে নিৰ্লিপ্ত ভূমিকাক লৈ সংবাদ মাধ্যমত প্ৰশ্ন উত্থাপন হোৱাৰ লগতে অভিভাৱক আৰু একাংশ সংগঠনে প্ৰতিবাদ কৰাৰ পাছতহে দিছপুৰ থানাত ভাৰতীয় দণ্ডবিধিৰ ৩১৫/৩০৫  ধাৰাৰ অধীনত ৪৫৭৫/২০২১ নম্বৰত গোচৰ পঞ্জীয়ন কৰিছিল৷ অৰ্থাৎ গোচৰ পঞ্জীয়ন আৰু তদন্তত লেহেমীয়া কৰি আৰক্ষীয়ে মূল অভিযুক্ত অধ্যক্ষা জোনালী দাসক আত্মগোপনৰ সুযোগ দিছিল৷ প্ৰভাৱশালী জোনালী দাসক পলায়নৰ সুযোগ দিয়াই নহয়, গ্ৰেপ্তাৰোৰ পৰিৱৰ্তে অগ্ৰিম জামিনৰ বাবেহে পথ মুকলি কৰি দিছিল৷ স্মাৰ্ট অসম আৰক্ষীৰ এনে গোপন বুজাবুজিৰ সুযোগ লৈ এগৰাকী কিশোৰী ছাত্ৰীক আত্মহননৰ পথ বাছি ল’বলৈ বাধ্য কৰোৱা বুলি অভিযোগ উঠা মূল অভিযুক্তজনেই জামিন লাভ কৰিবলৈ সক্ষম হ’ল৷ পলাতক জোনালী দাসৰ অগ্ৰিম জামিন আবেদনৰ ৪৪১৮/২০১৮ নম্বৰৰ গোচৰৰ শুনানি গ্ৰহণ কৰি মঙলবাৰে উচ্ছ ন্যায়ালয়ৰ বিচাৰপীঠে ২৫ হাজাৰ টকা বণ্ডত জামিন মঞ্জুৰ কৰে৷ আদালতে অভিযুক্ত দাসক ৭ দিনৰ ভিতৰত দিছপুৰ থানাত হাজিৰ হৈ জবানবন্দি লিপিবদ্ধ কৰাবলৈও নিৰ্দেশ দিয়ে৷ অৱশ্যে তদন্তকাৰী আৰক্ষীৰ অনুমতি অবিহনে জোনালী দাসে থানাৰ পৰিসীমা বাহিৰ হ’ব নোৱাৰিব বুলিও স্পষ্ট কৰি দিছে আদালতে৷ ইপিনে, বুধবাৰে মৃত জিঞ্জিৰি দেউৰী আৰু অভিযুক্ত অধ্যক্ষা জোনালী দাসৰ বাসগৃহত শিশু সুৰক্ষা আয়োগৰ এটা দল উপস্থিত হয়৷ শিশু সুৰক্ষা আয়োগৰ দলটোৱে দুয়োপক্ষৰ জবানবন্দি লিপিবদ্ধ কৰে বুলি জানিব পৰা গৈছে৷