Logo
image

চিকিৎসা খণ্ডত অচলাৱস্থা

চিকিৎসকৰ দেশজোৰা প্ৰতিবাদ

আমাৰ অসম, ২৯ডিচেম্বৰঃ আজি অৰ্থাৎ বুধবাৰে দেশজুৰি কনিষ্ঠ চিকিৎসকে প্ৰতিবাদ সাব্যস্থ কৰিব৷ চিকিৎসা বিজ্ঞান স্নাতকোত্তৰ পাঠ্যক্ৰমৰ সৰ্বভাৰতীয় প্ৰৱেশ পৰীক্ষা নীট পিজিৰ কাউঞ্চেলিং শীঘ্ৰে অনুষ্ঠিত কৰাৰ দাবীৰ লগতে দিল্লীত বিক্ষোভ চিকিৎসকৰ ওপৰত আৰক্ষীয়ে চলোৱা নিৰ্যাতনৰ প্ৰতিবাদতে দেশজুৰি আন্দোলনত নামিব কনিষ্ঠ চিকিৎসকসকলে৷ দেশৰ লগতে অসমতো চিকিৎসা মহাবিদ্যালয় হাস্পতালসমূহত কনিষ্ঠ চিকিৎসকসকলে বহিঃবিভাগৰ সেৱাৰ পৰা বিৰত থাকি প্ৰতিবাদত চামিল হ’ব৷ কনিষ্ঠ চিকিৎসকৰ এই আন্দোলনৰ পৰিপ্ৰেক্ষিতত কাইলৈ ৰাজ্যৰ স্বাস্থ্যখণ্ড স্থবিৰ হৈ পৰাটো নিশ্চিত হৈ পৰিছে৷ উল্লেখ্য, ২০২০ বৰ্ষৰ নীট পি জিৰ পৰীক্ষা ক’ভিডৰ পৰিপ্ৰেক্ষিতত শেহতীয়াকৈ চলিত বৰ্ষৰ ছেপ্টেম্বৰত অনুষ্ঠিত হয় যদিও আজিলৈকে কাউঞ্চেলিং অনুষ্ঠিত কৰা নাই কেন্দ্ৰীয় চৰকাৰে৷ যাৰ বাবে কনিষ্ঠ চিকিৎসকসকলে ধাৰাবাহিকভাৱে প্ৰতিবাদ অব্যাহত ৰাখিছে৷ শীঘ্ৰে পি জি কাউঞ্চেলিং অনুষ্ঠিত কৰাৰ দাবী সোমবাৰৰে পৰা নতুন দিল্লীত বিভিন্ন চৰকাৰী হাস্পতালৰ কনিষ্ঠ চিকিৎসকসকলে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে৷ দিল্লীৰ এই প্ৰতিবাদত এইম্‌ছৰ চিকিৎসকেও অংশ লয়৷ দক্ষিণ দিল্লীৰ সোমবাৰে চফদৰজং হাস্পতালৰ আৱাসিক চিকিৎসকসকলে উচ্ছতম ন্যায়ালয় ঘেৰাও কৰাৰ লক্ষ্যৰে প্ৰতিবাদী ৰেলী বাহিৰ কৰে যদিও আৰক্ষীয়ে প্ৰতিবাদকাৰী চিকিৎসকসকলক বাধা প্ৰদান কৰে৷ আনকি দিল্লী আৰক্ষীৰ সৈতে প্ৰতিবাদকাৰী চিকিৎসকৰ সংঘাতৰ সৃষ্টি হয়৷ আৰক্ষীয়ে কেইবাজনো চিকিৎসকক গ্ৰেপ্তাৰ কৰাৰ লগতে দিল্লী আৰক্ষীৰ ফালৰ পৰা এজাহাৰ দাখিল কৰিছে৷ ইপিনে, সংঘাতৰ সময়ত দিল্লী আৰক্ষীৰ পুৰুষ জোৱানে মহিলা চিকিৎসকক ঠেলা-হেঁচা কৰাৰো অভিযোগ কৰিছে৷ আনকি দিল্লী আৰক্ষীয়ে এইম্‌ছ আৰু চফদৰজং হাস্পতালৰ প্ৰৱেশদ্বাৰ বন্ধ কৰি দিয়াত একাংশ প্ৰতিবাদকাৰী চিকিৎসকে সৰুজিনী নগৰ থানা ঘেৰাও কৰে৷ দিল্লীত চিকিৎসকৰ ওপৰত চলা আৰক্ষীৰ নিৰ্যাতনৰ প্ৰতিবাদতে কাইলৈ দেশজুৰি আৱাসিক চিকিৎসকসকলে অসহযোগ কাৰ্যসূচী গ্ৰহণ কৰিব৷