Logo
image

এদেও দুদেওকৈ আমবাৰীত সোমাব নেকি নন্দিতা-ৰেকিব

আমাৰ অসম, ২৯ ডিচেম্বৰঃ অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তই বিধানসভাৰ সদ্যসমাপ্ত অধিৱেশন চলি থকাৰ মাজতে দাবী কৰিছিল যে বিৰোধী পক্ষৰ চাৰিজন বিধায়ক অগপৰে যোগাযোগ চলাই আছে৷ ইয়াৰে দুজন বিধায়ক হয়তো শীঘ্ৰে অগপ দলত  যোগদান কৰিব৷ মন্ত্ৰী কেশৱ মহন্তৰ সুৰতে সুৰ মিলাই প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতায়ো দাবী কৰিছিল যে বিৰোধী পক্ষৰ দুই-চাৰিজন সংখ্যালঘু বিধায়ক বিজেপিত যোগদানৰ বাবে প্ৰবল ইচ্ছুক৷ বিজেপিৰে এই সকল বিধায়কৰ কথা-বাৰ্তা চলি আছে৷ দুয়োজন নেতাৰ এনে ভৱিষ্যদ্বাণীৰ সময়তে কংগ্ৰেছৰ ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতাক সাক্ষাৎ কৰি তেওঁলোকৰ চৰণ চুই সেৱা কৰাৰ লগতে চৰকাৰক সমৰ্থন দি যোৱাৰ কথা ঘোষণা কৰিছিল৷ ৰূপজ্যোতি কুৰ্মী, সুশান্ত বৰগোহাঁই আদিৰ পৰা আৰম্ভ হোৱা খহনীয়া কংগ্ৰেছত বৰ্তমানো যে অব্যাহত আছে সেই কথা শশীকান্ত দাসৰ কাম-কাজে স্পষ্ট কৰি দিয়ে৷ কিন্তু শেহতীয়াভাৱে ৰাজীৱ ভৱনত চৰ্চা কেন্দ্ৰবিন্দু হৈ পৰিছে দলৰ অন্য দুজন বিধায়ক৷ দলৰ এই বিধায়ক দুজন হ’ল ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ আৰু বকো সমষ্টিৰ বিধায়ক নন্দিতা দাস৷ দুয়োজনে শীঘ্ৰে দল ত্যাগ কৰিব বুলি ৰাজীৱ ভৱনত ব্যাপক চৰ্চা হৈ আছে৷ অৱশ্যে, দুয়োজন কংগ্ৰেছী দলত্যাগ কৰি বিজেপিত যোগদান কৰাৰ পৰিৱৰ্তে বিজেপিৰ অতি বিশ্বস্ত মিত্ৰদল অগপতহে যোগদানৰ প্ৰক্ৰিয়া চলি আছে৷ মূলতঃ ছয়গাঁও আৰু বকো সমষ্টিৰ জনগাঁথনি আৰু ভোটৰ বিন্যাসৰ বাবে দুয়োজন বিধায়কে পোনপটীয়াভাৱে বিজেপিত যোগদান কৰিব বিচৰা নাই৷ সেয়ে বিজেপিৰ পৰিৱৰ্তে তেওঁলোক দুজন অগপতহে যোগদান কৰাৰ কৌশল গ্ৰহণ কৰিছে৷ বিজেপিৰ ৰাজ্যিক নেতৃত্বৰ পৰামৰ্শৰ ভিত্তিতে তেওঁলোক দুজনে এই ৰণকৌশল গ্ৰহণ কৰা বুলি প্ৰকাশ৷ কিছুদিন পূৰ্বে বিধায়ক ৰেকিবুদ্দিন আহমেদে ৰাজীৱ ভৱনতে দলৰ একাংশ নেতাৰ কাম-কাজক লৈ সংবাদ মাধ্যমৰ আগত মুকলিভাৱে ক্ষোভ প্ৰকাশ কৰিছিল৷ দুয়োজন বিধায়কে অগপত যোগদান কৰি শাসনাধিষ্ঠিত চৰকাৰৰ অংশীদাৰ হ’ব বিচাৰিছে৷ বিজেপিৰ সূত্ৰৰ মতে দুয়োজনে ইতিমধ্যে এই সন্দৰ্ভত অগপ নেতৃত্বৰে কেইবালানি বৈঠকত মিলিত হৈছে৷ যদি সকলো সমীকৰণ মিলি যায় তেন্তে নন্দিতা দাস আৰু ৰেকিবুদ্দিন আহমেদ শীঘ্ৰে কংগ্ৰেছ ত্যাগ কৰি আঞ্চলিকতাবাদৰ গামোচা পিন্ধিব৷ অগপ নেতৃত্বই কংগ্ৰেছৰ দুই বিধায়কক আদৰিবলৈ ইতিমধ্যে মানসিকভাৱে প্ৰস্তুত হোৱা বুলি দলীয় সূত্ৰত প্ৰকাশ৷ মিত্ৰদল বিজেপিৰ স্বাৰ্থতে বিৰোধীৰ দুই বিধায়কক নিজৰ  দললৈ আদৰিবলৈ সাজু হৈছে অগপ নেতৃত্ব৷ অৱশ্যে কংগ্ৰেছ বিধায়ক ৰেকিবুদ্দিন আহমেদে আজি নিজৰ অগপত যোগদানৰ চৰ্চাক সম্পূৰ্ণৰূপে নস্যাৎ কৰাৰ লগতে অগপৰ একাংশ নেতাৰ প্ৰশংসাত পঞ্চমুখ হৈ কয়– বিধানসভাত অগপৰ নেতাসকলক লগ পাওঁ৷ ভাবৰ আদান-প্ৰদান হয় আমাৰ মাজত৷ ফণীভূষণ চৌধুৰীএজন ‘স্ক’লাৰ’৷ বিধানসভাৰ লগত এইসকল লোকৰ কিমান বছৰ সম্পৰ্ক আছে৷ অভিজ্ঞতাপুষ্ট শাসক-বিৰোধীৰ আলোচনা চলি থাকে৷ নিৰ্বাচনৰ পূৰ্বে মই বিজেপিত যাম বুলি তাৰিখপৰ্যন্ত ঘোষণা কৰিছিল৷ মোক পাকচক্ৰত পেলাবলৈ সদায় একাংশই বিচাৰে৷ মোক লৈ ৰাজনীতি কৰে৷ মুখৰোচক ঘটনা কিছুমানে প্ৰচাৰ কৰি থাকে৷